সিদ্ধাৰ্থ গোস্বামী


নিশা প্ৰায় দহ
বজাত চুবুৰিটোৰ এঘৰৰ পৰা ল
ৰা এটা হেৰাইছিল। স্বাভাৱিক কথা সেই
কাৰণেই
  হুৱা-দুৱা লাগিছিল ঘৰখনত,  চুবুৰিটোত।
ঘৰত অবাইচ মাত মতা এটা ল
ৰা,
 পাব্‌জি
খেলিবলৈ শিকা এটা ল
ৰা, পঢ়া-শুনাত
মন
কাণ নিদিয়া লৰা আদি আটাইবোৰ কথা তেতিয়া তল পৰিছিল।
মাথোন এই কথাহে উচ্চাৰিত হৈছিল
 ‘‘আমাৰ লৰাটো হেৰাল’’ অথবা ‘‘সনাতনৰ পুতেকটো হেৰাল’’। সনাতনে বুল বুলি
আৰু মাক প্ৰতিভাই
 ধুনু বুলি
কেউফালে চিঞৰিছিল। চিঞৰবোৰে সংবেদনশীল মানুহবোৰক আমনি কৰিছিল আৰু চবুৰিটোৰ লগতে
আঁতৰৰো দুজন
এজনকৈ মানুহ আহি গোট খাইছিল। মানুহবোৰে যেন আন্ধাৰকহে
ফেপেৰি পাতি ধৰিছিল। আন্ধাৰেই যেন লুকুৱাই
  ৰাখিছিল
কণমানি ল
ৰাটো। শব্দবোৰ বাঢ়ি গৈছিল,
  চুবুৰিটো
হঠাৎ ধুনুময় হৈ পৰিছিল। অসংখ্য টৰ্চৰ পোহৰে আন্ধাৰবোৰ ফালি-চিৰি চাইছিল। এনেদৰেই
নিশাৰ নীৰৱতাকো যেন প্ৰত্যাহ্বান জনাইছিল কণমানিটোৱে। এইটোৱেই
  কিজানি
সি লোৱা আৰু সকলোৰে অপ্ৰত্যাশিত
,
 সকলোকে ভবাই
তোলা প্ৰথমটো সিদ্ধান্ত।

চুবুৰিটোত
অৱশ্যে চাৰি-পাঁচঘৰমান উচ্চমধ্যবিত্ত মানুহ আছিল আৰু ঘটনাটো তেওঁলোকক লৰচৰ কৰিব
পৰা বিধৰ নাছিল। ধৰা হওক সনাতন ডেকাৰ ঘৰৰ বিপৰীতেই আছে সমাজ বিজ্ঞানৰ অধ্যাপক
মুক্তিমোহন প্ৰসাদৰ ঘৰ।
  ছাত্ৰ-ছাত্ৰীয়ে জানে দুখীয়া
ৰাইজৰ প্ৰতি এইজনৰ কিমান দৰদ! শ্ৰেণীকক্ষত তেওঁ মানৱতাবাদৰ পূজাৰী। নিয়মৰ হেৰফেৰ
নাই। নিশা দহ
  বজাত যদি তেওঁৰ নৈশ আহাৰ
খাই দাঁত মজাৰ সময় তেন্তে হাজাৰ দবা
, শংখ বাজি থাকিলেও
মুক্তিমোহন প্ৰসাদৰ গা নলৰে। দুটামান অট্টালিকা আছে যে ভূমিকম্প আহি তল-ওপৰ নকৰিলে
চুবুৰিটোত কি ঘটি আছে ভিতৰৰ গৰাকীয়ে একো ভূকে নাপায়গৈ
,
 প্ৰকাণ্ড
লোহাৰ গেইট
, ৱালতে সাধাৰণ মানুহৰ এনে শব্দবোৰ ঠেকা খাই উভতি আহে। মূল
পথটোৰ পৰা সনাতনৰ ঘৰলৈ সোমাই যোৱা তিনিআলিটোতে চুবুৰিটোৰ প্ৰথম মানুহঘৰ
,  কোনোবা
এজন ডাঙৰ বিষয়া
, বিলাসী গাড়ীয়েই আছে গাইপতি কমেও এখনকৈ। সেইখিনিতে আকৌ
চিঞৰ-বাখৰো বেছি হৈছে
, মানুহবোৰো আহি গোট খাইছে
সেইখিনিতে। কিছু সময়ৰ আগলৈকে ঘৰটোৰ পৰা সৰু ল
ৰা এটাৰ মাত শুনা গৈছিল, এতিয়া
চাগৈ তাক আনদিনাৰ দৰেই ভয় খুৱাই
  নিচুকাই থৈছে — ‘‘বাহিৰত ভূত ওলাইছে, মনে মনে শুই
থাকা।
’’ বেলকনিৰ
বাৰাণ্ডাৰ লাইট জ্বলাই চোৱাৰো প্ৰয়োজন উপলব্ধি কৰা নাছিল তেওঁলোকে। এই কথাটোকে গোট
খোৱা মানুহবোৰৰ কোনো কোনোৱে নিজৰ মাজতে টিপা মাৰি মাৰি পাতিছিল। কিন্তু
  তাৰ
বাবে বৰ বিশেষ দোষ ধৰিব লগা আছে বুলিও ভাবিব নোৱাৰি। অভিজাত হ
লে এনেকুৱা ঘটনাত ওলাই আহিব লাগে নে নালাগে সেয়া তেওঁলোকে নিৰ্ণয়েই কৰিব
পৰা নাই
,
 গতিকে ওপৰঞ্চি ৰিস্ক্ এটা
লোৱা নাই
, তাতে কৰনাৰ
দিন।

সনাতনো কম নহয়।
তাৰ উচ্চ শিক্ষাও নাই
, বহুত ধন সম্পত্তিও নাই, থাকে
কিন্তু ৰজাৰ দৰে। সিতো কৈয়েই দিয়ে গজং গজংকৈ
,  ‘‘এই ডাঙৰ মানুহবোৰৰ লগত কথা পতাৰ টিক্‌ছ মই
একেবাৰে নাজানো ভাই।
’’ হয়ো হয়, তাকে
জনা হ
লে কিজানি তিনিআলিৰ মূৰৰ ঘৰটোৰ পৰাই বা মুক্তিমোহনৰ ঘৰৰ পৰা ‘‘সনাতন কি হল ঔ’’ বুলি
মাত এষাৰ ভাহি আহিলহেঁতেন। অৱশ্যে এনেকুৱা দিনো আহিছে যে এওঁলোকে সনাতনক বাঃ বাঃ
নিদিয়াকৈ থকা নাই। খহুৱে খোৱা পথটো ঠিক কৰাবলৈ কমখন খাটনি কৰিছিলনে
— ‘‘সনাতন, তুমি কিবা এটা কৰিলেহে কৰা, ধৰিবা
আকৌ ওপৰৱালাক।
’’ সনাতন পঞ্চায়তৰ সদস্য। কিন্তু আনবোৰ সদস্যতকৈ তাৰ কামো
বেছি
, সি কাম
হাচিল কৰিবও পাৰে। পঞ্চায়তখনৰ কেইবাগৰাকী মহিলা সদস্যাৰ কাম সনাতনেই মূৰ পাতি ল
বলগীয়া হৈছে। 

হয়ো হয়, ওচৰৰ
কেইবাটাও পথতকৈ আগতেই সনাতনহঁতৰ পথটো পকীকৰণ কৰাৰ অৰ্ডাৰ আহিল। উচ্চ মধ্যবিত্ত
  মানুহকেইঘৰৰ
যে বহুদিনীয়া হেঁপাহ এটাও
পূৰ হল।
পথটো ভাল হোৱাত প্ৰত্যেকেই দুই-তিনিখনকৈ গাড়ীও ক্ৰয় কৰিলে। সনাতনৰ গাড়ী নাথাকিলে
কি হ
,
 সদায়ে পথটো দীঘল
ঝাড়ু এটা লৈ সি চাফা কৰে
, তাত খোজ দি নিজৰ পথত খোজ দিছোঁ
বুলি গৌৰৱত ওফন্দি উঠে।
  সনাতনৰ ভংভঙীয়া স্বভাৱটো
যদি কাৰোবাৰ বাবে সুচল নহয়ো
,
 একেটা স্বভাৱৰ
বাবেই
  কিন্তু সি পঞ্চায়তৰ সদস্যও নিৰ্বাচিত হৈছে
আৰু এতিয়া লক্‌ডাউ‌নৰ নিশা তাৰ বিপদৰ সময় বুলি এটি
দুটিকৈ
মানুহবোৰো ওলাই আহিছে।

ঘটনাটো কেনেকৈ
ঘটিল
, কিয়
ঘটিল আদি অনেক কথা মানুহবোৰৰ মাজত আলোচনা হৈ থাকিল। কাণে কাণে বাগৰা কথাটো হ

যে বাপেক সনাতনে আন দিনাৰ দৰেই পুতেকক নিশা ঘৰলৈ অহাৰ পাছতে ধমকি সোধালে। সিদিনা
ধমকৰ চোকটো অলপ বেছিয়েই হ
ল। নিশা আহোঁতে আকৌ তেওঁ নিচাপানী
অকণমানো খাই আহে। পুতেকে ভাত খাই উঠিছিলহে
,
 বাইলটো
পিটিকি থকা দেখিলে। কাণ মলা এটা দি বাপেকে আৰম্ভ কৰি দিলে। দেউতাকৰ মতে পঢ়া
শুনা নকৰি সি অকল মবাইলটো পিটিকি থাকে,
 লক্‌ডাউনত
হেনো অন্‌লাইন ক্লাছ কৰিম বুলি কৈ পাব্‌জি খেলি থাকে। পাব্‌জি বুলি ক
লে
চুবু
ৰিটোৰ আটাইৰে মুখ শুকাই যায়। কিয়নো ওচৰৰে ডেকা গজ্‌গজীয়া লৰা এটাই হেনো পাব্‌জি খেলি খেলি মানসিক
ভাৰসাম্য হেৰুৱাইছে
,
 এতিয়া ঘৰৰ
ভিতৰতে তাক সুমুৱাই থৈ দিয়ে। মাজে মাজে সি গগন ফলা চিঞৰ একোটা মাৰে। সনাতনক ইয়ে
সিয়ে সকীয়াই থাকে
— ‘‘চাবি দেই সনাতন, ৰাক
সেইবোৰ বৰকৈ চুবলৈ নিদিবি।
’’
 কেনেকৈ পঢ়াব
লাগে
, কি পঢ়াব
লাগে সনাতনে নাজানে
; কিন্তু নাই পঢ়া যে সেইটো বুজি পায়, বুজি
পায় যে ম
বাইলত পুতেকে কিবা খেলিছে, গতিকে সি টিঙিৰি‍-তুলা হৈ উঠে। বোলে মবাইলটো যেতিয়া পায় বাহিৰত বজ্ৰপাত পৰিলেও কব নোৱাৰে। বাপেকে কয় বোলে ‘‘সি যি মগন হৈ পাব্‌জি খেলে, বাইলটো
লৈ তাৰ বহাৰ যি ভংগিমা
,
 এনে লাগে যেন
বৈজ্ঞানিক হোৱা হ
লে নতুন গ্ৰহ এটাকে সি আৱিষ্কাৰ
কৰিলেহেঁতেন। কোন ক
ত আহিছে,
 কোনে
কাক মাতিছে ভূ-ভাৰস্তৰ একো খবৰ নাথাকে তাৰ।
’’ কেতিয়াবা নিজে
কিয় নপঢ়িলোঁ বুলি আক্ষেপো কৰে সি। ল
ৰাটো ভাল হবৰ বাবে গালিটোকে শেষ আশ্ৰয় বুলি সনাতনে ধৰি লয়। মাকে তাৰ হৈ মাত মাতিলে
সনাতনৰ খঙৰ ভমক আৰু চৰে। পুতেকো কম নহয়
,
 বাপেকৰ
আগত টু এটাও উচ্চাৰণ নকৰে
, ওলাই যোৱাৰ পাছত মাকৰ আগত তাৰ
আয়ত্তাধীন সকলো অবাইচ মাত মাতি বাপেকৰ নামত গালি বৰষে। মাকক প্ৰায়েই কয়
— ‘‘কাটিম তাক’’। মাকলৈ তাৰ বৰ হেঁপাহ, মাকৰ
লগত সি ফুৰিবলৈও যায়। মাকৰ হোটেলৰ কামত সহায়ো কৰি দিয়ে। ৰাংঢালী মাকে তাক একোকে
নকয়। মাকেই কুটুৰি কুটুৰি দেউতাকৰ হতুৱাই ফ
ন এটা শেহতীয়াকৈ অনোৱায়ো
দিছে
— ‘‘আজিৰ যুগত কাৰ হাতত ফন নাই…
নহ
লে লোকৰ লৰা আগ বাঢ়ি যাব,
 আমাৰ
ফালে বেল্টি খাব।
’’

মাকে বুলক
বিচাৰি আৰু এগৰাকীৰে সৈতে বহু দূৰ আগবাঢ়ি গৈছিল।
খচ্‌কৈ‍ ব্ৰেক মাৰি
পুলিচৰ জীপ এখন তেওঁলোকৰ কাষতে ৰৈ গ
ল। খোজৰ গতি,
 মুখৰ
অভিব্যক্তি দেখি গম পাইছে যে এই
লক্‌ডাউনৰ নিশা, কৰনা-পুলিচাতঙ্কত
ভয়-ভীত অৱস্থাত এনেয়ে মাইকী মানুহ দুজনী ওলাই অহা নাই।
 ‘‘আপোনালোকৰ কি হৈছে বাইদেউ?’’ প্ৰশ্নটোৰ
উত্তৰত বুলৰ মাকে খৰধৰকৈ কথাখিনি কৈ তেওঁলোকক কিবা এটা কৰি দিবলৈ খাটনি ধৰিলে।
পুলিচৰ স্বাভাৱিক উত্তৰ
: ‘‘এইটো আমাৰ এলেকাত নপৰে, মেচেকাপাৰা
থানাত এজাহাৰ দিয়ক।
’’ ‘তথাপি’–মাকৰ লগত
যোৱাগৰাকীয়ে কথাটো শেষ কৰিবলৈ নাপাওঁতেই পুলিচ এজনে ক
লে,
‘‘অঁ ঠিক আছে,
 বাটত পালে খবৰ
দিম।
’’ এইবুলি
ন নাম্বাৰ, ৰাটোৰ সবিশে‍ষ বিৱৰণ (এই ধৰক কি পিন্ধি আছিল, কিমান
বয়স) আদি লৈ গাড়ীখন গুচি গ
ল।

চাওঁতে চাওঁতে
প্ৰায় দুঘণ্টা পাৰ হৈছিল। কোনো শুংসূত্ৰ নাই। সনাতনৰ মুখত শিশুসুলভ অসহায়তাৰ চিন
স্পষ্ট। থুলন্তৰ মানুহটোক অকণমানি যেন দেখা গৈছিল। এই প্ৰথমবাৰৰ বাবে ৰজাৰ দৰে থকা
মানুহটোক এই ৰূপত মানুহবোৰে দেখা পালে।
 ‘‘ত গুচি গল সি’’ — মুখৰ
ভিতৰতে সি ভোৰভোৰালে। কোনোবা দুজনে সাংঘা
তি‍ক কিবা আৱিষ্কাৰ কৰাৰ
দৰে চিৎকাৰ কৰি উঠিল। সেইদিনা শনিবাৰ আছিল। তেওঁলোকৰ মতে এই অমঙ্গলীয়া শনিবাৰতে
সনাতনে পুতেকৰ সৈতে ৰাতিপুৱা এটা সাংঘা
তি‍ক ঘটনা ঘটালে আৰু গধূলিলৈ হাতে হাতে ফল পালে।

চুবুৰিটোত এটা বুঢ়া মচোৱা আছিল। প্ৰবক্তাৰ বাৰীয়েই হওক, সনাতনৰ
বাৰীয়েই হওক বা উকীলৰ ঘৰেই হওক চুবু
ৰিটোৰ সকলোৰে বাৰীত তাৰ
অবাধ বিচৰণ। প্ৰায় প্ৰতিদিনেই তাৰ বিষয়ে আলোচনা হয়। স্বয়ং সনাতনক তাৰ বাবে
মুক্তিমোহন প্ৰসাদে দুদিন ঘৰলৈ মাতি নিছিল। বোলে
, ‘‘সনাতন
কিবা এটা কৰা ঔ
,
 এইডালক দেখিলে জীৱ যাওঁ যেন কৰে।’’ বুঢ়া
সাপডালৰ প্ৰতি কাৰোৰে ভাল ভাব নাছিল। পুৰণা ঠাইকণত সি নিশ্চয় কেতিয়াও
নিৰাপত্তাহীনতাত ভোগা নাছিল
, মানুহবোৰৰহে
তালৈ ভয়। সনাতনৰ পত্নী প্ৰতিভাক আকৌ বহু বছৰৰ আগতে আন্ধাৰত গছক দিওঁতে ঘৰৰ ভিতৰতে
দীঘলে খুঁটিছিল। তেতিয়াৰ পৰা সাপ বুলিলে
জক্‌জকাই আহে আটায়ে, বুলেও
দেখিলেই টোকোন লৈ আগ বাঢ়ি যায়।

সিদিনা পুৱা
বুঢ়া মচোৱাগোমটো একেবাৰে সনাতনৰ ঘৰৰ শিৱ মন্দিৰতে সোমালহি। প্ৰতিভা আকৌ শিৱভক্তা
, মৰ্নিংৱাকতো মবাইলত ভোলে বাবাৰ গানহে লগাই লয়। সোমবাৰে
সোমবাৰে শিৱলিংগত গাখীৰ ঢালিবলৈ যায়। পিছে বুঢ়া মচোৱাক সনাতনে
শুদাই নেৰিলে। বাপেক-পুতেক দুয়ো মিলি মন্দিৰৰ ভিতৰতে পছাৰে শালি পেলালে তাক।
যেতিয়া পছাডালত ওলমাই সিহঁতে বুঢ়া সাপডালক বাগানত পেলাবলৈ লৈ গৈছিল কথাটো গোটেই
চুবুৰিতে জনাজাত হৈ পৰিছিল। চুবুৰিৰ প্ৰফেছৰকে ধৰি গণ্য-মান্যসকলেও কুণ্ঠাবোধ
নকৰাকৈ বেলকনিৰ পৰা সেই দৃশ্য চাই আছিল আৰু মনে মনে সনাতনৰ সাহসৰ শলাগ লৈছিল
,
‘‘ভালেই কৰিলে সি,
 চিন্তা এটা
অন্ততঃ দূৰ হ
ল।’’ এই বিপদ কালত
পুৱাৰ ঘটনাটোৱেই আচল কাল বুলি দুজনে কিঞ্চিত ক
বলৈহে পালে উপস্থিত
প্ৰায়সকলে
 ‘‘হয় হয়’’ বুলি
শলাগ ল
লে। এগৰাকীয়েতো প্ৰতিভাক ঠেলিয়েই পঠিয়ালে। বোলে যা, চাকি
এগছ জ্বলাই শৰাই এখন আগ কৰি দেগৈ। এতিয়াই যা
, চব ঠিক হৈ যাব।’’ কিন্তু
এইবোৰত নিশ্চিতি ল
ব পৰা অৱস্থা সনাতন বা প্ৰতিভাৰ নাছিল, হয়তো
উপস্থিত বহুতৰেই নাছিল। এইবোৰ মানুহৰ অস্থিৰতাক প্ৰতিফলন ঘটোৱা আচৰণহে মাত্ৰ। পুৱা
পছাডাল তাৰ গাত বহুৱা
ওঁতে‍ সনাতনৰ মনটো  নিশ্চয়
বেয়া লাগিছিল
,
 তথাপি দিনটোৰ ব্যস্ততাৰ মাজত
কথাটো পাহৰি আছিল। ইমান কাক
তালীয়ভাৱে একেদিনাই এনে ঘটনা ঘটিব বুলি
ভাবিবকে পৰা নাছিল।

মানুহবোৰৰ মাজত
এজন অৱসৰপ্ৰাপ্ত শিক্ষকো আছে
, সকলোৱে সন্মান
কৰে
, কথা কম
কয়। তেওঁ এইবোৰ অন্ধবিশ্বাস বুলিয়েই ভাবে। কিন্তু এদিন চুবু
ৰিৰ পগলা হৈ যোৱা লৰাটোৰ প্ৰসঙ্গত তেওঁ কৈছিল, ‘‘পাব্‌জিতকৈ আমাৰ বুঢ়া ডাঙৰীয়াই ভাল। এটাৰ লগত লাগি আছে ধবংস আৰু এটাৰ লগত
ৰক্ষা। আমিতো ধবংস নিবিচাৰোঁ।
’’
 সেইবুলি এই
ৰাতিখন ল
ৰাটোক বিচৰাৰ কথা তল পেলাই চাকি জ্বলাবলৈ হুৰামূৰা কৰা কথাটো তেওঁ মুঠেই
পছন্দ কৰা নাই। সনাতনৰ ওচৰলৈ গৈ তেওঁ ক
লে, ‘‘এই কথাই কথা নহয়। পুলিচকহে খবৰ দিব লাগে,
 এতিয়া
তিনিঘণ্টা হ
বৰ হ, এজাহাৰ
এখন দি আহ।
’’

ইলেক্ট্ৰনিক
মিডিয়াৰ সাংবাদিক কিছুমানৰ টেঁটুফলা চিঞৰবোৰ সনাতনৰ কাণত বাজিব ধৰিলে। চাৰিওফালৰ
পৰা যেন তাক আগুৰি ধৰিছে। কি উত্তৰ দিব সেয়াও মনলৈ আহিছে তাৰ
: ‘‘ সি পাব্‌জি
খেলি আছিল…
’’ — ইচ্, ইচ্
কেনেকৈ ক
ব এইবোৰ। সনাতনে এজাহাৰ দিবলৈ যাবলৈও ভয় কৰিছে, পুলিচ
দেখি ল
ৰাটো ঘূৰি আহিম বুলি ভাবি আছে যদিও ভয়তে নহা হবওতো
পাৰে। মাষ্টৰে দিয়া পৰামৰ্শও যুক্তিসংগত
,
 না কৰাৰ
প্ৰশ্নই নাহে। তথাপি আকৌ এবাৰ ইফাল সিফাল কৰি সি মাতি চালে
, ‘‘  বোপাই, গুচি
আহ। আহ
, ৰাতিখন
হাবিত পৰি নাথাকিবি আহ্
, একো নকৰো আহ, অকণো ভয়
নকৰিবি আহ..।
’’ প্ৰতিভাই লগৰগৰাকীৰ আগত গৰজি কৈছে: ‘‘হোঁ, হাৰামজেদা, এতিয়া
বোপাই চেলাবলৈ আহে… মদ খাই ল
ৰাক সদায় গালি-গালাজ কৰিব…।’’ এনেদৰে
কৈ যেন প্ৰতিভাই অতিৰিক্ত মানসিক বোজা এটাৰ পৰা নিজকে পাতলহে কৰিবলৈ যত্ন কৰিলে।
ভোলানাথৰ দুজনমান ভক্তই ভোলা বাবাকে সম্বুধি ক
লে, ‘‘এৰি দিয়াঁ তাক, যি হ
ল আৰু,
 সৰু লৰাটোক
ধৰি নাৰাখিবা…।
’’

এনে চিঞৰ-বাখৰৰ
মাজতে নিয়মৰ খাতিৰতে সনাতন থানালৈ যাবলৈ ওলাল। পুলিচৰ আগৰখন গাড়ীয়ে খবৰ এটাও নল
লে।
পুলিচৰ বাবে এইবোৰ সাধাৰণ কথা। ফলাফলৰ আশা একেবাৰে সি কৰা নাই। প্ৰতিভাৰ মনলৈ আহিল
  অথনি
সিহঁতৰ দোকানখন যেন ভালকৈ চোৱা নহ
ল। লৰাটো নোপোৱালৈকে এক মুহূৰ্তও এনেয়ে ৰৈ থকাটো যেন অপৰাধ। পথৰ দাঁতিৰ
হোলাটোৰ ওপৰতে বাঁহৰ চাং দিয়া সিহঁতৰ দোকানখন। ধুনু ধুনুকৈ মাকে দোকানখনৰ ফালে
টৰ্চটো লৈ আগুৱাই গ
ল। কেৰেচ্‌কৈ‍ জাপ
দুৱাৰখন খুলিলে। তাতে টৰ্চটো নুমুৱাই অৱশ হৈ মানুহগৰাকী বেঞ্চখনতে কিছু সময় বহি
থাকিল। বাহিৰত দুজনমানে টৰ্চটো ইফালে
সিফালে টোঁৱাই
  কথা
পতাত ব্যস্ত
:

— ‘‘এই খেলটো বন্ধ হব বুলি শুনিছোঁ, কিবা
বোলে চাইনীজ খেল হেনো…
’’

— ‘‘এইবোৰ তুমিমই কি বুজি পাম ঐ বান্ধৈ, সিহঁতে
মন গ
লেই মুকলি কৰিব, মন গলেই
বন্ধ কৰিব… আমাৰ কথা কোনে ভাবে…
’’

— ‘‘তাকেহে, আমাক আৰু টিভিৰ  সাংবাদিকসোপাই
যি কয় তাকে জানো আৰু…
’’

— ‘‘সেইটো বন্ধ হলে কি হ, আকৌ এটা
ওলাব…
’’

— ‘‘তুমি নকৈছাহে, মোৰ সেই
পেন্দুকণা নাতিটোৱে কালি কৈছে বোলে ইণ্ডিয়ান এটাও ওলাইছে
, পাব্‌জি
নে ফাব্জি সেইটোৰ সৈতে একে হেনো… ল
আটোক কিহে পালে বাৰু, 
ল ৰাতিখন… কি হব এনেকৈ…’’

— ‘‘ৰা ইয়াৰ গাত শনিবিধ লম্ভি আছিলেই, আজি
পুৱাই আকৌ এই সনাতনে আচলজনাকে জোকাই ল
লে, শনি আৰু
শিৱ দুয়োটাই ধৰিছে বাপেকে টেপেচা মাৰি
, দিগদাৰ আছে।
আমাৰ হাতত নাই আৰু
, তেওঁ যি কৰে…।’’

*****

এঘণ্টাৰ পাছত
পুলিচ আহিল
, কোনোবাই চকী এখন তিনিআলিটোলৈ আনিলে। পেটুৱা, মোচাল
পুলিচজন তাতে বহিল
,  বোধহয় তেৱেঁই দলটোৰ
মুখীয়াল। কোনোবাই
 ছাৰ ছাৰ বুলি
পানীও যোগান ধৰিলেহি। তেওঁৰো ফোঁপাই-জোপাই অৱস্থা নাই
, দিনটো
কৰ
না কৰনা বুলি কমখন ঘূৰি ফুৰিব লাগেনে‍! অফিচাৰজনে বেচ্‌ চিন্তিত ভংগীৰে পানী এগিলা খাই নিয়মমাফিক কিবাকিবি লিখি থাকিল। দুজনমানে টৰ্চটো মাৰি ইফালে সিফালে
চালে। বিছ মিনিটমানৰ পাছত তেওঁলোক গুচি গ
,
 খুবেই
স্বাভাৱিকভাৱে। পুলিচ গুচি যোৱাৰ পাছত মানুহখিনিৰ বিশেষ কৰিবলগীয়া একো নাথাকিল।
অলস
, নিৰুৎসাহভাৱে
ইফালে
সিফালে বিচাৰি থকা, কোনোজনে
অব্যক্তজনৰ ওচৰত প্ৰাৰ্থনা কৰা
, সনাতনহঁতে চট্‌ফটাই ঘটনাটো বাৰে বাৰে নিজৰ মাজত পাগুলি থকাএইবোৰকে
চলি আছিল।

সামৰণিটো বাদ দি
কাহিনীটো ইমানেই
দৈনিক পাব্‌জি খেলা লৰা এটাক দেউতাকে আহি ধমক দিয়া,  সি
হেৰাই যোৱা
, একেদিনাই বাপেক-পুতেক মিলি মচোৱা গোম এটা হত্য কৰা, চুবুৰিটোত নিশা মানুহৰ সমাগম ঘটাৰ সমান্তৰালভাৱে কেইঘৰমান কাহিনীৰ বাহিৰত থকা, পুলিচৰ
আগমন ঘটা
, ভোলানাথৰ
নাম ধৰি কোনোবাই চিঞৰা আদি অনেক বাহ্যিক ঘটনা আৰু তাৰ লগে লগে মনৰ জগতত চলা ধুমুহা
এই অনেক ঘটনাৰে গেজেপনি মৰা ৰাতিটো ক্ৰমাৎ শেষ হোৱাৰ পথেদি গৈ আছিল।

এইবোৰ এতিয়া পঢ়ুৱৈ‍ৰ বাবে তেনেই স্বাভাৱিক হব পাৰে, দ-বৰষুণ-ধুমুহা-বতাহৰ
দৰেই স্বাভাৱিক।

এই গল্পৰ সামৰণি
কি হ
ব পাৰে? যি সময়ত এই গল্প লিখা হৈছে,
তাৰ নিশ্চিত সামৰণি এই কাহিনী কথকৰ বাবে সম্ভৱ নহয়। ওপৰৰ কাহিনীটো আচল কাহিনী নহয়
,
 আচল
কাহিনীলৈ যোৱাৰ এটা সুযোগহে ই দিছে। ওপৰৰ কথাবোৰৰ ভিত্তিতে আমাৰ ফালৰ পৰা কিছুমান
সামৰণিৰ ইংগিত নিশ্চয় দিব পাৰোঁ
 বুল হয়তো
লেবেজানৰ দৰে মানুহৰ সমাগম কমাৰ
পাছতে উভতি আহিছে। কোনোবা তাৰ ফালে
দৌৰি গৈছে আৰু সি লাজ লাজকৈ স্বীকাৰোক্তি দিছে যে কিবা এটাই তাক হেঁচা মাৰি ধৰিছিল
,
 সি আহিব
বিচাৰে
, তাক
আহিবলৈ নিদিয়ে। কোনোবাই বু
ঢ়া দেৱতাক কাতৰ প্ৰাৰ্থনা জনোৱাত তাক এৰি থৈ
ল। অত ঘটনা ঘটি যোৱাৰ পাছত বুল কেতিয়াও স্বাভাৱিকভাৱে উভতি
আহিব নোৱাৰে। তাৰ হয়তো এক অনন্য উপলব্ধিও হ
ব পাৰেঅতবোৰ মানুহ যে তাৰ বাবে এই নিশাখন গোট খালে
 কাৰ, কি
স্বাৰ্থ থাকিবনো
, মাথোঁ সকলোৱেই কেৱল তাক উভতি অহাটো বিচাৰিছে। সিও তাৰ লাজখিনিক পৰাভূত কৰি আত্মসন্মানেৰে উভতি আহিবলৈ সুযোগ
এটা বিচাৰি
ট্‌ফটাই আছিল। সি হয়তো সংকল্প লৈছে সি নিজক সলনি
কৰিব বুলি। কিন্তু তেনেকুৱা নহ
বও পাৰে,
 ওলোটাকৈও
সি ভাবিব পাৰে
হয়তো সি তাৰ সুযোগ লব আৰু
আগতকৈও বেছিহে দুৰ্দান্ত হৈ পৰিব। উভতি নাহি সি নিখোজো হ

পাৰে। পাব্‌জি খেলৰ
অদ্ভুত ফেণ্টাচি‍
জগতখনৰ সন্ধানতো সি কেনিবা গুচি যাব পাৰে। নাইবা তিনি দিনমানৰ ভিতৰত নিউজ
চেনেলত দেখা যাব পাৰে
 এটা কিশোৰৰ
মৃতদেহ উদ্ধাৰ… এনে মহা অনিশ্চয়তাৰ মাজতেই কাহিনীটো এৰা দিবলৈ কাহিনীকথক বাধ্য।
শেষত আকৌ কওঁ যে এই কাহিনী আচল নহয়
, ই আচল কাহিনীলৈ
যোৱাৰ এক সুযোগ মাথোন।