অংগনা
ভট্টাচাৰ্য্য

ছাঁ-পোহৰৰ সমান ভিৰ লগা অংশটোত মই থিয় হলোঁ৷
ইয়াৰ পৰা পোহৰত উজলি থকা মুখকেইখন ভালকৈয়ে দেখা পায়৷ মই সেইফালে চালোঁ৷ কিন্তু কথন
আৰু পৰ্যালোচনাৰ সেই ক্ষুদ্ৰ বৃত্তটোত সোমাব নুখুজিলোঁ৷ মই মুখখন ঘূৰাই দিলোঁ৷ ইটো
ফালে ঘনঘোৰ আন্ধাৰ৷ চকুৰে
মনি‍ব নোৱৰা ছায়াঘন তীব্ৰতাত এয়া যেন
মোৰেই মুখ৷ মোৰেই প্ৰতিবিম্ব
!

এৰা, আন্ধাৰেই ভাল৷ যত মুখা পিন্ধাৰ কোনো দৰকাৰ নাই৷ যত চকুপানীৰ অংক
নহয়৷ অংক নহয় মৌনতাৰ৷ ভালেই পালোঁ মই৷ নিৰ্জনতাক
আঁকোৱালি
কিছু পৰ ৰ
লোঁ৷ হৃদয়ৰ নৈঃশব্দ্য
প্ৰতিপাল
কৰাৰ বাদে মোৰ হাতত আছেনো কি কাম?

‘‘তুমি থাকিয়েই যাবা নেকি ইয়াত?’’— অৰণ্যৰ
বিৰক্তিভৰা প্ৰশ্নত মই সাৰ পাই উঠিলোঁ যেন৷

‘‘তোমাক কোনে  ৰখিবলৈ
কৈছে
?’’—
 মোৰ নিৰুদ্বেগ উত্তৰ শুনি সি মোক
হাতত ধৰি লৈ আহিল৷

‘‘কি হল তোমাৰ অৰণ্য?
এনেকুৱা আচৰণ কিয় কৰিছা?’’

‘‘ইয়াৰ পৰা বলা৷ পাছত উত্তৰ দিম তোমাক৷’’

সি মোক অচিনাকি গলিটোৰ পৰা উলিয়াই আনিলে৷ কিছু পৰ
পাছত আমি মহানগৰীৰ মূল পথ পালোঁ৷ পোহৰৰ চিক্‌মিকনিত মই তালৈ চালোঁ৷ অসম্ভৱ স্থিৰ এখনি মুখ৷ তেতিয়ালৈ সি মোৰ হাতখনত
ধৰিয়েই আছিল৷ আমি আহি সুবিধাজনক ঠাই এখিনিত ৰৈ দিয়াৰ লগে লগেই মই হাতখন তাৰ
বান্ধোনৰ পৰা আঁজুৰি আনিলোঁ৷ সি মোলৈ চালে
, ‘‘পাগল হৈছিলা তুমি?’’

মোৰ হাতখন মুক্ত হল৷ কিন্তু একে সময়তে
অতি অসহায়ভাৱে হাতখনে এক নামহীন ৰিক্ততাহে অনুভৱ কৰিলে যেন৷

‘‘চোৱা অৰুন্ধতী৷ তুমি যি ভাবি আছা, সেয়া সঁচা নহবও পাৰে৷ তোমাৰ অনুমান শুদ্ধ নহবও পাৰে৷’’
‘‘সেয়াই সত্য অৰণ্য৷ অহিৰণ এই গলিলৈ আহে৷ ক্ষণিকৰ সুখ বিচাৰি অজস্ৰ
টকা হাতত লৈ সি আহে ইয়ালৈ৷ মই বিশ্বস্ত সূত্ৰৰ পৰাই পাইছোঁ এই খবৰ৷
’’

‘‘সঁচা হলেই যেনিবা,
মই নাহিলে তুমি অকলে আহিলাহেঁতেন জানো ইয়ালৈ?’’

‘‘অফ কৰ্চ৷’’

‘‘হোৱাট দি হেল ইজ গয়িং
অন
?’’

‘‘অৰণ্য? মই তোমাক
ইয়ালৈ আহিবলৈ জোৰ কৰা নাছিলোঁ৷ নাহিলে নাহিব পাৰা৷ মইতো
  আহি
থাকিবই লাগিব৷
’’

‘‘জানানে কি কথা কৈছা তুমি?’’

‘‘যুদ্ধ আৰু প্ৰেমত সকলো সম্ভৱ৷’’

‘‘প্ৰেম? সাত বছৰ আগতে
যি প্ৰেম আৰু বিশ্বাস চিগাৰেটৰ ধোঁৱা হৈ উৰি গৈছিল
?’’

মই থমকি ৰব লাগিছিল৷ এৰা, অৰণ্যৰ শব্দৰ মুহুৰ্মুহু আঘাতত মই স্থৱি‍ৰ হৈ পৰিব লাগিছিল৷ কিন্তু এনে অসহায় মুহূৰ্ততো কি মায়াপাশে মোক মেৰিয়াই
ধৰে
, মই নাজানো৷ অহিৰণৰ প্ৰতি মোৰ যি মোহ, তাৰ মুক্তি ক?

মৃত্যুৰ পাছত?

তেন্তে, মই জীৱনটোৰ পৰা পালোঁ কি?

উপেক্ষা আৰু বিশ্বাসঘাতকতা?

‘‘লা, চাট্ খাওঁ৷’’— অৰণ্যই কলে৷

‘‘তোমাৰ কোঠালৈয়ে যাওঁ বলা৷ মাংস অলপ লোৱাঁ৷ মই ভাত ৰান্ধিম৷’’

‘‘কিন্তু ৰুমত অভীকো
আছে৷
’’

‘‘কোনো কথা নাই৷ অভীকৰ প্ৰেয়সীজনীয়েতো তোমাৰ
উপস্থিতিতেই ৰাতি কটায়৷
’’

‘‘কিন্তু তুমিতো মোৰ…’’

‘‘আৰে প্ৰেয়সী বুলি কৈ দিবানা আজি ৰাতিটোৰ
বাবে৷ তোমাৰ সৈতে মোৰ কি বিপদ হ
ব পাৰে? কাষত পৰি থাকিলেও একো কৰিব নোৱাৰা তুমি৷ যোৱানা অকণমান মাংস লৈ আহাগৈ৷’’

মোৰ শব্দই চাবুকতকৈও তীব্ৰ জোৰে হয়তো অৰণ্যক
কোবাইছিল৷ অতি নিৰ্মমভাৱে৷ নিৰ্দয়ভাৱে৷ ক্ষণিকৰ বাবে তাৰ চকুলৈ চাবলৈ মোৰ ভয়
লাগিছিল৷ তাৰ পৰা কোনো প্ৰতিক্ৰিয়া নাপাই মই তালৈ ভয়ে ভয়ে চালোঁ৷ কিন্তু এয়া কি
আচৰিত! স্মিত হাঁহিৰে তাৰ মুখখন দেখি মই অবাক হৈ
ৰ’লোঁ

‘‘তুমি যিমান ককৰ্থনা কৰিলেও মই তোমাক নেৰোঁ
অৰুন্ধতী৷ সম্ভাৱনাৰ এই অমূল্য ফুলপাহক মই মিথ্যা অনুভৱৰ নামত হেৰাই যাবলৈ নিদিওঁ৷
’’

মই অপলক নেত্ৰে তালৈ চাই থাকিলোঁ৷

সি মোক এৰি মাংসৰ বজাৰখনলৈ গল৷
মই তালৈ চাই
ৰ’লোঁ৷ কলেজত পঢ়াৰে পৰাই তাৰ মোৰ প্ৰতি এক সজল
ভাবনা আছে বুলি মই জানো৷ অথচ জীৱনত হয়তো এনেকুৱা এটা মুহূৰ্ত নোলাব
, যিটো মুহূৰ্তত মই তাৰ প্ৰতি শুভবোধৰ বাৰ্তা বিয়পাইছোঁ৷ আস্৷ মোৰ বাবে সি
মাত্ৰ এক বিৰক্তি৷ অসহ্যকৰ উপস্থিতি এটা৷ কিছুমানে তাক লেডিজ্ বুলি জোকায়৷ অহিৰণ
আৰু মই মুখ টিপি হাঁহো৷ তাৰ সমুখতেই অহিৰণে মোৰ কঁকালত মেৰিয়াই ধৰে৷ গালত চুমা
খায়৷ হাত দুখন চুই থাকে৷ সি সেইবোৰলৈ মন নিদিয়ে৷ আমাৰ অন্তৰংগতা বেছি হোৱা যেন
পালেই কামৰ
অজুহাতত সি আমাৰ পৰা আঁতৰি যায়৷ অহিৰণে মোক কয়,
‘‘ইয়াৰ যিজনী ঘৈণীয়েক হ, তাইলৈ মোৰ দুখেই লাগে জানা৷ বেচেৰীয়ে হিমচেঁচা জীৱন এটা পাব৷ লেডিজ্‌তো’’

অৰণ্যৰ ভাড়াঘৰ পাওঁ মানে সন্ধিয়া আঠ বাজি যায়৷ নিশাটো
মই অৰণ্যৰ সৈতে একেখন বিছনাতেই শুবলৈ বিচাৰিছিলোঁ৷ কিন্তু ভাত-পানী খাই উঠাৰ
পাছত সি এটা আজৱ কাৰবাৰ কৰিলে৷ অভীকৰ সৈতে একেখন বিছনাতে শুই সি তাৰ বিছনাখন
মোলৈ আগ বঢ়াই দিলে৷ অজানিতে কিয় জানো এক অপমানবোধে মোক আৱৰি ধৰিলে৷

‘‘তুমি মোক অলপো ভাল নোপোৱা অৰুন্ধতী৷
তেন্তে কি সম্পৰ্কৰ দোহাই দি তুমি মোৰ সৈতে শুবলৈ বিচাৰিছা
? তোমাৰ
মুখলৈ অহা যিকোনো শব্দ মই গ্ৰহণ কৰিম৷ সেইখিনি সামৰ্থ্য মোৰ আছে৷ কিন্তু মই ইমান
সস্তীয়া নহয়৷ আৰু সেয়া মোৰ দুৰ্বলতা বুলি ভুল নকৰিবা৷
’’

নিশা মোৰ টোপনি নাহিল৷ কাৰো পৰা মই কেতিয়াও বিমুখ
হোৱা নাই৷ দুখীয়া পিতাই হ
ষ্টেলত ৰাখি পঢ়ুৱাব পৰা নাছিল৷ সঁচা কথা,
অৰ্থৰ তাড়নাত মই অহিৰণৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিলোঁ৷ যথেষ্ট
সকাহ
পাইছিলোঁ মই৷ কিন্তু সময়ৰ সোঁতত মই সঁচাকৈয়ে অহিৰণৰ
প্ৰেমত পৰি
ছিলোঁ৷ সম্ভৱ এগৰাকী নাৰীয়ে বিচৰা সকলো মই তাৰ
মাজতেই বিচাৰি পাই
ছিলোঁ৷ শৰীৰ আৰু মন দুয়োটাই তৃপ্ত হৈছিল
মোৰ অহিৰণৰ সংগত৷

কিন্তু এটা সময়ৰ পৰা অহিৰণে মোক মাথোঁ এটা শৰীৰ বুলি
গণ্য কৰিবলৈ ধৰিলে৷ অথচ অনেক উ
চ্‌পিচনি আৰু মানসিক সংঘাতৰ মাজতো মই প্ৰতিবাৰেই তালৈ আগ বঢ়াই দিলোঁ মোৰ শৰীৰ৷
এয়া যেন সৌ সিদিনাৰ কথাহে৷ সাতটাকৈ বছৰ পাৰ হৈ যোৱাৰ পাছতো সেই ক্ষণবোৰ মোৰ বাবে আলফুল ৰতন যেন৷

ক্লাছ শেষ হোৱাৰ লগে লগেই অহিৰণৰ বাইকত
গা লগাই তাৰ ফ্লেট পাওঁহি৷ ভোক আৰু মূৰৰ বিষত আতুৰ হৈ মই
ছ’ফাখনতেই
আউজি বহোঁ৷ আৰু মোক আচৰিত কৰি তেনে অৱস্থাতেই সি মোৰ কাপোৰ খুলিবলৈ ধৰে…৷

‘‘মোৰ খুব ভোক লাগিছে৷ কি আছে খাবলৈ দিয়া৷
আগতে খাই লওঁ৷
’’

‘‘মোৰো বৰ ভোক লাগিছে৷’’

এঘণ্টামান পাছত
ধোঁৱা বলি থকা মেগী লৈ দুয়ো মুখামুখিকৈ
বহোঁ৷ ইতিমধ্যে মোৰ
ভোক আৰু ভাগৰত দেহা লেবেজান হৈ পৰে৷ খোৱা শেষ হয় নে নহয়
, সি
পুনৰ মোৰ দেহাটো জপটিয়াই ধৰে৷
  মই
কেনেবাকৈ উশাহ ল
বলৈ চেষ্টা কৰোঁ৷

কেনেবাকৈ অহিৰণক মোৰ প্ৰেম বুলি মনতে সামৰি ৰাখোঁ৷

মোৰ শৰীৰৰ পৰা মোৰ চাৰিমহীয়া সন্তানটোক কাঢ়ি নিওঁতেও
মই তাক ভাল পাই থাকোঁ৷ সি মোক কোনোপধ্যেই বিয়া কৰাব নোৱাৰোঁ বুলি কওঁতেও মই তাক
ভাল পাই
থাকোঁ৷ মুঠতে তাক মই ভাল পাবলৈ নেৰোঁ৷

সি মোৰ জীৱনৰ পৰা গুচি যাওঁতে  মই
বিশেষ আপত্তি কৰিব নোৱাৰিলোঁ৷ কাৰণ তাৰ হাতত মোক বিয়া নকৰোৱাৰ হাজাৰটা অজুহাত
আছিল৷

‘‘কথাটো সঁচা৷ তাৰ সংসাৰখন সুখৰ নহয়৷ তাৰ
অতি উচ্চাকাংক্ষী পত্নীয়ে বিয়াৰ অত বছৰৰ পাছতো সন্তান নিবিচাৰে৷ ভুলবশতঃ গৰ্ভধাৰণ
কৰা সন্তানটোও অহিৰণৰ অজানিতেই তাই শেষ কৰি পেলায়৷
’’
অৰণ্যই কৈছিল তাইক এদিন অহিৰণ আৰু এৰিকাৰ সংসাৰৰ কথা৷

‘‘অহিৰণে সন্তানটো হেৰাই যাওঁতে দুখ কৰা
নাছিল নে
?’’

‘‘সি পাগল হৈ গৈছিল অ
নিজৰ সন্তান এটাৰ মৃত্যু অমানুহ এজনেহে সহ্য কৰিব পাৰে অৰুন্ধতী৷
’’
‘‘মোৰ সন্তানটোও তাৰে আছিল অৰণ্য৷ অথচ সি সিদিনা সকাহ পাইছিল৷’’

অৰণ্যই কি ভাবিছিল নাজানো, কিন্তু থাউকতে মই অংক এটা পাতি লৈছিলোঁ৷
সিদিনাৰ পৰাই মই অহিৰণক লগ পাবলৈ বিচাৰি আছোঁ৷ কিন্তু সি মোক
কোনোপধ্যেই লগ নিদিয়ে৷ মোৰ ফ
ন নুঠায়৷ কথাৰ ঘন ঘন টুকুৰাবোৰে
মোৰ কৰ্ণকুহৰ স্পৰ্শ কৰে৷ মই অশেষ যত্নৰে স্থিৰ হৈ ৰওঁ৷ অৰণ্যৰ অৱশ-আকুল চকুযোৰ
মোৰ সহচৰ হৈ থাকে৷ তথাপি সি নুবুজে মোৰ হৃদয়ৰ আৰ্তৰাও৷ হয়তো বুজিও নুবুজে৷

‘‘অপত্য স্নেহ সৃষ্টিৰো কাৰক নতুবা
ধ্বংসমুখী বাটৰো৷
’’

ঈশ্বৰলৈ যোৱা বাট কিমান দূৰ?

যেতিয়ালৈকে জীৱনলৈ নাহে কোনো পয়গম্বৰ অথবা ঈশ্বৰপুত্ৰ?

হয় চাগে৷ হয়েই চাগে৷

গণিকালয়বোৰ মোৰ চিনাকি হৈ পৰে৷ সমাজবিবৰ্জিত
প্ৰায়বোৰ কাৰ্যই মোৰ প্ৰিয়৷ মোৰ মনত সিহঁতলৈ কোনো ঘৃণা নজন্মে৷ জীৱিকাহে সেয়া
সিহঁতৰ৷ ব্যভিচাৰ নহয়৷ কিন্তু পত্নীক ফাঁকি দি জীৱন উপভোগ কৰিবলৈ যোৱা মুখাধাৰী
পুৰুষসকলহে ঘৃণাৰ যোগ্য৷ পুতৌৰ পাত্ৰ৷

‘‘এৰিকাই মডেলিঙৰ ভাল অফাৰ এটা পাই
মুম্বাইলৈ গুচি গৈছে৷ মাকৰ সৈতে অহিৰণ ঘৰতে ৰৈ গৈছে৷ অৱশ্যে সি ঘৰত থাকেনো কিমান
সময়
? তাৰ আচল ঠিকনা…’’

‘‘মই এটা কথা বুজি পোৱা নাই, হাই প্ৰফাইল হটেলৰ সুবিধা
এৰি তাৰ দৰে পুৰুষ এজনে সাধাৰণ গণিকালয়ত খোজ থৈছে কিয়
?’’

‘‘কাৰণটো তই শুনিলে আচৰিত হবি৷’’

‘‘কি কাৰণ?’’

‘‘সি সন্তানৰ পিতৃত্ব বিচাৰে৷ সেই কাম মাত্ৰ
গণিকালয়ৰ নিয়মীয়া গণিকা এগৰাকীয়েহে কৰিব পাৰে৷ পেটৰ ক্ষুধা নিৰ্বাপণৰ বাবে
গণিকালয়ত থকা নাৰীবোৰহে গণিকা৷ লাহ-বিলাহ পূৰাবলৈ নামী-দামী হ
টেলত ৰাত্ৰি যাপন কৰা বিলাসী গণিকাবোৰ গণিকা জানো?’’

মই এটা হুমুনিয়াহ কাঢ়োঁ৷ আৰু অহিৰণক
লগ কৰাৰ মোৰ বাসনাটো তীব্ৰৰ পৰা তীব্ৰতৰ হয়৷

‘‘তই এতিয়াও ভাল পাৱ বিশ্বাসঘাতকটোক?’’

মোৰ চূড়ান্ত সিদ্ধান্তটো শুনি অৰণ্যই এক প্ৰকাৰে‍ চিঞৰিছিল৷ আৰু মোৰ চকুত জিলিকি উঠিছিল চাৰিমহীয়া সামান্য স্ফীত মোৰ
উদৰটো৷

কথাবোৰ সহজ নাছিল৷ যিদৰে সহজ নহয় জীৱন৷ মৃত্যুৰ দৰে
সহজ হয়তো একোৱেই নাই৷

জীৱনৰ দম্ভ!

উত্ৰাৱল আকাংক্ষা!

মই মিচিকিয়াই হাঁহো৷ মোৰ কোঠাত তলাটো মাৰি মই
কৰ্মস্থলীলৈ ওলাওঁ৷ অফিচ ছুটীৰ
পাছত মোৰ এটা বিশেষ কাম আছে আজি৷ পিতাৰ
অসুখ বেছি হৈছে৷ বয়সো বাঢ়িছে৷ মোৰ জীৱনটোৰ গতি নলগা দেখি তেওঁলোকে চকুলো টোকে৷
অহিৰণৰ নামটোকেই ঘৃণা কৰে তেওঁলোকে৷ মই জনকল্যাণ বিভাগৰ চাকৰিটো পাওঁতেই যি এবাৰ
হাঁহিছিল তেওঁলোকে! এৰা
, মোৰ কৰণীয়খিনি সোনকালেই কৰিব লাগিব৷
অনেক প্ৰতীক্ষাৰ অন্তত একমাত্ৰ অৰণ্যৰ সহায়ত
  অহিৰণে
মোক লগ ধৰিবলৈ মান্তি হ
ল৷ ৰেষ্ট্যুৰে‍ণ্টখনত
মই তাৰ সৈতে মুখামুখিকৈ বহিলোঁ৷

‘‘অৰণ্যৰ প্ৰস্তাৱটো কেনে পালা?’’

‘‘মই তোমাৰ অপৰাধী অৰুন্ধতী৷ জীৱনৰ চৰম সত্য
উপলব্ধি কৰাৰ
পাছত মই জীৱনৰ প্ৰতি মোহ হেৰুৱাই পেলাইছোঁ৷’’

‘‘জীৱনৰ প্ৰতি মোহ হেৰুৱালে তুমি সমাজৰ
নিষিদ্ধ অঞ্চল এটাত এডোখৰ ৰত্ন বিচাৰি কেতিয়াও নগ
লাহেঁতেন৷
তুমি মোহ হেৰুৱাইছা সম্পৰ্কৰ প্ৰতি৷
’’

‘‘হয়তো তোমাৰ কথাই শুদ্ধ৷ তুমি মোক কিয়
বিচাৰি আছিলা নাজানিছিলোঁ৷ কিন্তু তোমাৰ সমুখত থিয় হোৱাৰ সাহস মোৰ নাছিল৷ পলাই
আছিলোঁ তোমাৰ পৰা৷ ৰেৱতীয়ে কৈছিল মোক
, কিদৰে মোক বিচাৰি
হাবাথুৰি খাইছিলা তুমি৷
’’

‘‘ৰেৱতী?’’

‘‘তাইৰ সৈতেই মই বেছিভাগ সময় কটাওঁ৷ তাইক
নাপালেহে নূপুৰৰ ওচৰলৈ যাওঁ৷ দুয়োজনী খুব ভাল। আচৰিত হওঁ সেইখন জগতত থাকিও কিদৰে
সিহঁতে ঈশ্বৰৰ আৰাধনা কৰে৷ প্ৰেমক পূজা কৰে৷ নিজৰ জীৱনলৈ প্ৰেম আহিব বুলি
অন্তঃকৰণেৰে হেঁপাহ পুহি ৰাখে৷
’’

‘‘সেয়াই আশা৷ আশা নোহোৱাকৈ কোন মানুহ সুস্থভাৱে
জীয়াই থাকিব পাৰে কোৱা৷
’’
‘‘হয় অৰুন্ধতী৷ আচলতে জীৱনটোৱেই আমাক বিভিন্ন শিক্ষা দিয়ে৷ জীৱনৰ
প্ৰকৃত অৰ্থ বুজায়৷ এতিয়াৰ জীৱনটো মোৰ বাবে বৰ অৰ্থপূৰ্ণ আৰু সহজ হৈ পৰিছে৷ এৰিকাই
মোৰ পৰা শুহি নিয়া জীৱনৰ ৰংবোৰ নূপুৰ
, ৰেৱতীহঁতে ওভতাই দিছে৷
মই সুখী অৰুন্ধতী৷ সমাজ বিবৰ্জিত মানুহবোৰেই মোক আটাইতকৈ বেছি সুখী কৰি তুলিছে৷
’’

‘‘আৰু মই? দেখা নাই
তুমি মোক
? ইমানটা বছৰ বাগৰি গল৷ অথচ
মই অন্য এজনক জীৱনটো নিদিলোঁ৷
’’

‘‘কিয় নিদিলা? কিয়
নিজৰ প্ৰতি ইমান অন্যায় কৰিলা
?’’

‘‘এইখিনি মনোকষ্ট পোৱাটো মোৰ বাবে দৰকাৰ
আছিল অহিৰণ৷ কিয় তুমি নুবুজিবা৷ মোৰ প্ৰস্তাৱটো মানি লোৱা৷ তাৰ ওপৰত সম্পূৰ্ণ
অধিকাৰ তোমাৰ থাকিব৷ মাত্ৰ মোৰ সৈতেও এটা দূৰ সম্পৰ্ক বজাই ৰাখিবলৈ দিবা৷ মোৰ
পৰিচয় অজ্ঞাতে ৰাখিও মই তাৰ খবৰ ৰাখিম৷ মাত্ৰ মোক সেই সৌভাগ্যৰ অধিকাৰী হ
বলৈ দিয়া৷’’

‘‘তুমি কোৱাৰ দৰে এইবোৰ ইমান সহজ নহয়৷ ভুল
এটাৰ শুধৰণি কৰিবলৈ নতুনকৈ মই এটা ভুল কৰিব নোৱাৰোঁ৷
’’

নাৰী হেনো নদীৰ দৰে৷ নিৰলস৷ যাত্ৰামুখী৷ তেন্তে মই হ
নোৱাৰিম কিয়
?
শুধৰণিৰ এটাই জানো বাট? উপেক্ষাৰ অজুহাত?

অহিৰণৰ স্পষ্ট মত সলনি কৰাৰ শক্তি মোৰ আছিল৷ অথচ মই
দুখোজ পিছুৱাই আহিলোঁ৷ ইয়াৰ
পাছত অহিৰণে যি কলে, সেয়া মোৰ বাবে এক পৰম আশ্চৰ্য৷

‘‘প্ৰতিশোধৰ সলনি প্ৰতিশোধ নলবা অৰুন্ধতী৷ নহলে দ্ৰৌপদীৰ নিচিনাকৈ বিশাল
সাম্ৰাজ্যৰ সম্ৰাজ্ঞী হৈও সন্তানৰ মৃত্যুশোক বুকুত সামৰি প্ৰতিপল জ্বলি জ্বলি
  মৰিব
লাগিব৷
’’

‘‘মই হেৰুওৱা সন্তানটোক ওভতাই বিচাৰিছোঁ অহিৰণ৷ এয়া কোনো ধ্বংসযজ্ঞৰ আখৰা নহয়৷’’

‘‘যদি প্ৰতিশোধেই নহয়, তেন্তে মোক বিচাৰি হাবাথুৰি খাইছা কিয়? তাকো মাতৃ
পৰিচয় লুকুৱাই ৰাখি সন্তানক পালন কৰাৰ দায়িত্ব দিছা মোক
? যদি
সঁচাকৈয়ে তুমি সন্তানটো ওভতাই বি
চাৰা, তেন্তে
আমন্ত্ৰণ কৰা তোমাৰ পয়গম্বৰক
, যিয়ে তোমাক ঈশ্বৰমুখী বাটেৰে
লৈ গৈ সন্ধান দিব ঐশ্বৰিকতাৰ৷ কাৰণ য
ত ঈশ্বৰ নাই, তাত শিশুও নাই৷ দুটাকৈ সন্তান হেৰুৱালোঁ মই৷ এটা সন্তান হেৰুৱাই নিজক
হেৰুৱাই পেলালোঁ যেন৷ আৰু আনটো সন্তান হেৰুৱাই ময়েই জানো কি
ৰীলি পৰা নাছিলোঁ? জীৱনে শিকাইছে মোক৷ যন্ত্ৰণাই
জনাইছে মোক সন্তান কি
? ত ব্যভিচাৰ
থাকে
, তাত অনুভূতি অথবা যাতনা নাথাকে৷ নাথাকে হৃদয় আৰু শৰীৰৰ
স্বৰ্গীয় শ্বাস-প্ৰশ্বাস৷
’’

এৰা, সময় বহু আগুৱাই গল৷ সময়ৰ মন্ত্ৰণাক মুঠি মাৰি ধৰি মই প্ৰাপ্তি অথবা প্ৰতিশোধৰ ৰং চাব
বিচাৰিছিলোঁ৷ অথচ কি সৰলভাৱে অহিৰণে কৈ গ
ল মোক জীৱনৰ
অচিনাকি অথচ সুমধুৰ সত্য সেই চিৰন্তন ৰঙৰ
  কথা…

‘‘ৰেৱতীৰ লগত মোৰ খুব ভাল বুজা-পৰা আছে৷
প্ৰেম বুলি নকওঁ৷ কিন্তু শৰীৰ আৰু পইচাৰ মাজতেই আমাৰ সম্পৰ্কটো বান্ধ খাই থকা নাই৷
কাচিৎহে তাই আজিকালি অন্য গ্ৰাহক উঠায়
,
  যদিও
মই তাইৰ ওচৰলৈ দৈনিক নাযাওঁ৷ মোৰ সমস্যা আৰু জীৱনৰ বিষয়ে তাই বিতংকৈ জানে৷ বুজে
মোক৷ সিহঁত বৰ ভাল অ
অৰুন্ধতী৷ পইচাৰ লগতে অকণমান বিশ্বাস
আৰু মৰম ঢালি দিয়া৷ সৰ্বোচ্চ দি দিব তোমাক৷ চিকিৎসকৰ পৰামৰ্শ লৈছিলোঁ আমি৷ তাইৰ
শৰীৰ নিৰোগী৷ কোনো ইনফে
ক্‌শ্বন বা অন্য শাৰীৰিক সমস্যা নাই৷
দুদিনমান শৰীৰটোৰ যত্ন ল
বলৈ কৈছোঁ মই৷
ঈশ্বৰে বিচাৰিলে তায়েই মোৰ সন্তানৰ মাতৃ হ
ব৷’’
হাউলি পৰি যাব খোজা মোক অহিৰণে সাবটি ধৰিলে৷

‘‘জীৱনৰ ওপৰত কেৱল নিজৰ নিয়ন্ত্ৰণ থকা উচিত
অৰুন্ধতী৷
’’

মই দীঘলকৈ উশাহ ল’লোঁ৷ তালৈ চালোঁ মই৷
মোক সাবটি ধৰিয়েই সি ক
লে,
‘‘অকণমান পানী খোৱা৷ পানীয়েহে জুই নুমুৱাব পাৰে৷ জন্ম দিব পাৰে নতুন
সম্ভাৱনাৰ৷
’’

‘‘আৰু কি সম্ভাৱনা থাকিল মোৰ জীৱনটোৰ?
কিঞ্চিত আশাৰ চাকিগছো তুমিয়েই নুমুৱাই দিলা?’’

‘‘সম্ভাৱনাত সচেতনতা থাকে অৰুন্ধতী৷ অৰণ্যক আঁকোৱালি লোৱা৷ আমন্ত্ৰণ কৰা তাক তোমাৰ জীৱনলৈ৷ সিয়েই সিঁচি দিব তোমাৰ জীৱনত
সম্ভাৱনাৰ বাট৷ নক্ষত্ৰৰ ফুল সিঁচৰ
তি‍ব সেই বাটত৷’’

‘‘সেই লেডিজটোক?’’

‘‘লেডিজ বুলিলেই লেডিজ হৈ যায়নে এগৰাকী
পুৰুষ৷ যি প্ৰাজ্ঞ৷ যি স্থিৰ৷ যি পোহৰ৷ যি সত্য৷
’’
আৰু তাৰ পাছত অহিৰণে যি কলে, তাৰ পাছৰ অনুভৱ মাথোঁ এক সোণোৱালী সুপথ৷ ককৰ্থনা,
অৱহেলা আৰু উপেক্ষাৰে যাক মই প্ৰতিটো পল হানি-খুঁচি নেফানেফ কৰি থাকিলোঁ, সিয়েইতো আৱৰি থাকিল মোৰ
চৌপাশ৷ প্ৰতিনিয়ত৷ প্ৰতিপল৷ জীৱনৰ গভীৰ ঔদাহ্য বুকুত ওলোমাই সিয়েইতো শুনাই গ
ল মোক যীশুৰ বাণী৷

‘‘যিটো ভুল মই তোমাৰ সৈতে কৰিলোঁ, সেই ভুল তুমি অৰণ্যৰ লগত নকৰিবা অৰুন্ধতী৷ মই তোমাৰ হৃদয়ৰ লগত সহবাস কৰা
না
ছিলোঁ হয়তো৷ শৰীৰৰ টানহে আছিল চাগে সেয়া৷ নহলে পৰিয়ালৰ আপত্তি নেওচি তোমাক নিজৰ কৰি লোৱাৰ সাহস মোৰ বুকুত
থাকিলহেঁতেন৷ আমাৰ সন্তানক স্বীকাৰ কৰাৰ সাহস মোৰ থাকিলেহেঁতেন৷ কিন্তু অৰণ্য
অহিৰণ নহয়৷ সহস্ৰবাৰ সি তোমাৰ শব্দত অপদ
স্ত হৈছে৷ তথাপি
তোমাকেই মাত্ৰ বুকুত ভৰাই ৰাখিছে সি৷ আজি সমাজত তাৰ যিটো প্ৰতিষ্ঠিত স্থান
,
সেই স্থানত থাকিও সি প্ৰেমৰ আৰাধনা কৰিছে৷ প্ৰতিটো নিঃসংগ সময়ত
নিঃসংকোচে তোমাক সংগ দিছে৷ আচলতে ঈশ্বৰমুখী বাটটোৱেই নিৰ্জন
, নিসংগ৷ একমাত্ৰ৷ প্ৰতিটো ভুলৰ বাবে শুধৰণিৰ বাট এটা নিশ্চিত নাথাকে
অৰুন্ধতী৷ মই ভুল কৰিছিলোঁ৷ তোমাৰ লগতে অৰণ্যৰ সৈতেও অন্যায় কৰিছিলোঁ৷ কিন্তু
জীৱনৰ সত্যই শিকাইছে মোক পুৰুষত্বৰ সংজ্ঞা৷ পুৰুষ মানেই নাৰীক শাৰীৰিকভাৱে
সন্তুষ্ট কৰিব পৰা এটা শৰীৰ মাত্ৰ নহয়৷ প্ৰতিটো শব্দৰ সত্যতা বিশাল৷ উদাৰ৷ অৰণ্যৰ
দৰে৷ তোমাৰ জীৱনলৈ কেতিয়াবাই তোমাৰ পয়গম্বৰৰ
প্ৰৱে‍‍শ ঘটিছে
অৰুন্ধতী৷ তুমি মাথোঁ তেওঁক চিনা৷ আৱাহন কৰা তেওঁক৷ প্ৰেম সৱাতোকৈ সুন্দৰ৷ সৱাতোকৈ
সত্য৷ উপলব্ধি কৰা জীৱনৰ শ্ৰেষ্ঠতম সত্যক৷
’’

এইবাৰ মই হুক্‌হুকাই কান্দিলোঁ৷ মোৰ
গৰ্ভত হাতখন থৈ মৰম কৰি থাকিলোঁ৷ বহু পৰ৷ যেন কোনোবাই মোক ভিতৰৰ পৰা ৰিঙিয়াইহে
মাতিব৷ মোৰ আকুলতাই
, মোৰ বিৱশতাই জীৱনৰ অন্য এটা বিন্দু স্পৰ্শ
কৰিলে যেন৷ সুখ-দুখৰ অচিনাকি কেঁকুৰিটোত ৰৈ থাকিলোঁ মই কিছু পৰ৷ একান্ত হৈ৷ মৌন
হৈ৷

অৰণ্য!

মোৰ তীক্ষ্ণ বাক্যবাণে থকাসৰকা
কৰা ল
ৰাটো!

এৰা, ক্ষমাৰো থাকে এক সুৰীয়া বাট৷

প্ৰতিশোধবিহীন জীৱন এটাৰো থাকিব পাৰে প্ৰাপ্তিৰ মহৎ
লক্ষ্য৷ নতুন সম্ভাৱনাৰ সঁজাল মুকুতা৷

অন্তহীন শুভ ইচ্ছাৰে মই জীৱনটোক জীৱনৰ সেই পংকিল যন্ত্ৰণাৰ পৰা
মুক্তি দিব লাগিব৷ নব্যচেতনাৰে নতুন হেঁপাহ এটা বুকুত সাঁচিব পাৰিব লাগিব৷

এইবাৰ মই স্থিৰ হ’লোঁ৷ নিজক চম্ভালি ল’লোঁ৷ নিজতকৈ উত্তম সংগী আছেনো কোন? মানুহ নিজেই নিজৰ
অন্তিম সাহস৷ এই সত্যৰ গত্যন্তৰ নাই৷

দুজন পুৰুষ বন্ধুৰে আবৃত মোৰ চৌত্ৰিশ বছৰীয়া নাৰী
জীৱন৷ এজনৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক৷ আনজনৰ সৈতে বন্ধুত্বৰ লগতে আছিল অসহজ
সম্পৰ্ক এটা৷ বন্ধু হৈও মই যেন তাৰ বন্ধু নাছিলোঁ৷ দুয়োজনৰ মাজত আজি মই আৰু এটা
সম্পৰ্ক গঢ়ি তুলিবলৈ উ
দ্‌গ্ৰীৱ হৈ পৰিলোঁ৷ দুয়োজনেই বন্ধু হৈ থাকক
মোৰ৷ মাত্ৰ প্ৰেমিক-বন্ধুক মাত্ৰ বন্ধু হিচাপে ৰাখি আনজন বন্ধুৰ সৈতে থকা অসহজ
  সম্পৰ্কটোক
সহজ কৰা যাওক৷ সৰলতা আৰু বিশ্বাসৰ সেই বাটত থাকিব মাত্ৰ সততাৰ সুগন্ধ৷

জীৱনটো প্ৰেমৰ বাবে৷ মোৰ হৃদয়তো প্ৰেমৰ বিপুল বৈভৱ৷
ভালপোৱাৰ সজল-সুমেঘ প্ৰাপ্তি৷ প্ৰেমতকৈ স্নিগ্ধ সুবাস আছেনো ক
?
তৰা-জিল্‌মিল্‌ আকাশৰ
অভিনৱ জ্যোৎস্নাই মোৰ সুকোমল মনটোক এখন সাতোৰঙী আলোৱানৰ নিচিনাকৈ আলফুলকৈ মেৰিয়াই ল
লে৷

মৌন সময়ক জয় কৰিবলৈ ইয়াতকৈ উৎকৃষ্ট উপায় মই বিচাৰি
নাপালোঁ৷ বিচাৰি নাপালোঁ ইয়াৰ অন্য কোনো সৰল সমাধান৷

শ্ৰব্য ৰূপ