চ্যালুইনৰ পৰা লুইতলৈ

   চন্দ্ৰধৰ চমুৱা

(যোৱা সংখ্যাৰ পাছৰ পৰা)

এতিয়া সি তাই মানুহে চাম-লুঙ-ফাৰ
দিনত গৰকি অহা সেইখন ৱাইছালি
দেশলে যাব, যিখন দেশৰ নাম তাৰ
খিলঞ্জীয়া লোকৰ মুখত বেলেগ বেলেগ
, যিখন বহুতো
নামৰ বহু ৰাজ্যৰ সমষ্টি।
কথাবোৰ ভাবি ভাবি সি ঘৰৰ বাহিৰলৈ ওলাই আহিল।

থেপাথেপিকৈ সজা দীঘল দীঘল ঘৰবোৰত
প্ৰজাসকল বাস কৰিছে। মানুহৰ সংখ্যা এবাৰ গণি নাচালে নহ
ব। গোটেই বস্তি
অঞ্চলটো এপাক মাৰি আহিবলৈ বেলাটোৰ আধা ভাগতকৈ বেছি সময়েই লাগে
; মানুহ এইদৰে গণিব নোৱাৰি। এঠাইত গোট খুৱাব লাগিব, নাইবা
বিষয়াসকলৰ যোগে কামটো কৰাব লাগিব। নিজৰ নিজৰ দায়িত্বত অহা আৰু থকা মানুহখিনিৰ
হিচাপ বিষয়াসকলে নিশ্চয় দিব পাৰিব। কিন্তু
, সি কথাটো আকৌ
ভাবি চালে
, তাতকৈ এটা কাম কৰিলে কেনে হয়? যাত্ৰাৰ সময়ত এঠাইত মানুহবোৰ গোট খাবই; যাবলগীয়াবোৰো
গোট খাব
, নাযাবলগীয়াবোৰো চাবলৈ বা বিদায় দিবলৈ আহিব,
তেতিয়াই দেখোন হিচাপটো ঠিক মতে লব পৰা যাব।
সেইটোহে সুবিধাজনক হ
; এবাৰ সকলোৰে
মুখবোৰ দেখাও হ
ব। মঙ্‌-মিত পৰা দীঘলীয়া যাত্ৰাৰ পাছত খেতি-খোলা কৰি এই দুই-তিনি বছৰে কিমান
পৰিৱৰ্তন হৈছে লক্ষ্য কৰাও যাব।

ছ্যুৱে‍ তথাপি ধলপুৱাৰ আগতে উঠি
অঞ্চলটো পৰিদৰ্শন কৰি আহিল। বিষয়াসকলক মাতি জনাই দিলে
, যাত্ৰাৰ আগতে মানুহ
গণি চোৱা হ
ব। থাকিবলগীয়াবোৰ থাকিব, যাবলগীয়াবোৰ
যাব
, কিন্তু সঠিক হিচাপ আমাক লাগিবই।

মৌৰ বাহত ৰাণী থাকে, সেই ৰাণী
অবিহনে মৌ-গুটিৰ জীৱন অসাৰ
; ঠিক তেনেকৈ ৰজা অবিহনে প্রজাৰ
জীৱনৰ নিৰাপত্তা নাই। ৰাণীৰ পি‍ছে পি‍ছে জিৰণীয়া মৌ-মাখি উৰাৰ দৰে
,
তুবা ৰাণী-মৌৰ সংখ্যা বাঢ়িলে
কাজিয়া কৰি
মৰাতকৈ কোনো ৰাণী উৰি আহোঁতে লগত একোবাহ মৌ ফাটি অহাৰ দৰে, অথবা
একেটা চোঙতে দুটা বাঘ নথকাৰ প্রত্যয়েৰে আঁতৰি অহা ৰজা
ছ্যুকাফাৰ লগতে থুপ খাই আহিছে হাজাৰ হাজাৰ
প্ৰজা। ৰজা অবিহনে প্রজাৰ স্থিতি
? প্ৰজাই মৌ-মাখিৰ দৰে ৰজাক আৱৰি ৰাখিছে আৰু ৰজাই ব্যক্তিত্ব আৰু ক্ষমতাৰ এনাজৰীৰে বান্ধি ৰাখিছে প্রজাক।
সভাখনৰ আগমুহূর্তত মানুহবোৰ দেখি
ছ্যুৰ মনত
পৰিছে ম
লুং পণ্ডিতে তাই-বেত পেঞকাকাৰ পৰা কোৱা কথাষাৰ।
লেংডনে হে
নো খুন্‌-লুঙ্‌ আৰু খুন্‌-লাইক উপদেশ দি কৈছিল :

পখীয়ে যিদৰে ৰাখে পাখিৰে আৱৰি

বাতবৃষ্টি-ধুমুহাত নিজৰ পোৱালি‍,

বাহত ডাঙৰ কৰি যতনে খুৱাই,

সিদৰেই ৰাখিবা প্রজা দুয়ো তোমালোকে

বন্ধু বান্ধৱ আৰু দৰদীৰ সতে

দ্বন্দ্ব খৰিয়ালবোৰ চলিবা এৰাই।

শৰৎ কাল। নির্মল আকাশ। পুৰত সোণালী-ৰূপালী হৈ বেলিটো ওলাই
আহিছে। গছৰ ছাঁবোৰ লাহে লাহে পশ্চিমৰ ফালে স্পষ্ট হৈ পৰিছে। বস্তিৰ বহল বাকৰিতে
ৰজা-প্রজা সকলো গোট খাইছে। নির্ধা
ৰিত আসনত ৰজা, থাও-মুঙ্‌ ডাঙৰীয়াসকল, বিষয়াবৰ্গ
আৰু পু
ৰোহিত-পণ্ডিতবৰ্গ বহিছে। বাকী
সৈনিক-প্রজাসকলে ধানখেৰ
, কাঠৰ টুকুৰা, বাঁহৰ
টুকুৰা আদিত যিয়ে যিহকে পাইছে তাত
, আৰু কোনো কোনোৱে
ঘাঁহনিতে বা টটা মাটিতে লেপেটি কাঢ়ি বহিছে। নতুনকৈ দলত যোগ দিয়া খা
ম্‌-য়ঙীয়া তাই মানুহবোৰ কিছু পৃথকাই ৰখা হৈছে যাতে
গণনাৰ মাজত নোসোমায়। তাৰ পাছত দুজন বিষয়াক এফালৰ পৰা ল
ৰা-তিৰোতাৰে
সৈতে মানুহবোৰ গণি যাবলৈ কোৱা হ
ল। তেওঁলোকে গণি গল। প্রথম বাৰত দুয়োজনৰ সংখ্যাত এঅঁৰা অমিল হল। পুনৰ গণনা কৰিলে। এইবাৰ মিলিল। কিন্তু ছ্যু
হিচাপৰ লগতহে মিলা নাই। ম
ঙ্‌-মিতৰ পৰা আহোঁতে বাটত হিচাপ কৰা
হৈছিল। সেই মতে তিনি কুৰি সাতজন কম ওলাইছে। তেতিয়া সি মানুহবোৰৰ মুখৰ পৰা মানুহৰ
লেখ ল
লে। তেওঁলোকে বাটত আৰু খাম্‌-য়াঙত
মৰা মানুহৰ নামবোৰ এটাৰ পাছত এটাকৈ কৈ গ
ল। মলুঙ পণ্ডিতেও আগতে হিচাপ ৰাখি থৈছিল। দুয়োটা হিচাপ মতে তিনি কুৰি মানুহ মৰিছে।
তেন্তে বাকী সাতজন ক
লৈ গ? সিহঁত হেৰাইছে, নাইবা পলাইছে, হয়তো
ৰবাত গৃহবাস কৰি মনে মনে ৰৈ গৈছে। ছ্যুৱে‍ এটা হুমুনিয়াহ
কাঢ়িলে। তাৰ পাছত ম
লু পণ্ডিতক কৈ গলঃ গুৰিতে আমাৰ মানুহ আছিল লৰা-তিৰোতাৰে
সৈতে ন হেজাৰ। তাৰে জানিবা তিনিকুৰি মৰিল
, সাতজন হেৰাল। বাটত
আৰু নতুন মানুহে আমাৰ লগ ল
ব পাৰে। ইয়াত থকা ৰুগীয়া,
লেৰেলা-চেপেটা লোক আৰু বহুতো লৰাতিৰোতা নোযোৱাটোৱে ঠিক হৈছে। গতিকে যি মৰে যাক পাওঁ, যি কাম কৰা হয় পণ্ডিতে তাৰ বিৱৰণ লিখি থব।
মাই পণ্ডিতক কামটোৰ দায়িত্ব দিয়া হল।

সমদল যাত্রা ক্ষণ মতে আৰম্ভ হল। ৰণুৱা পাইকে পিন্ধিছে
আঁঠুৰ সামান্য তললৈ পৰা প
ট্‌নয়, হাতখঁৰা চাপ্কন, কঁকালত টঙালি,
মূৰত গামোচাৰ পাগ। হাতত তৰোৱাল, দা-যাঠি আৰু
ঢাল
; কোনো কোনোৰ হাতত ধনু-কাঁড়ো আছে। বিষয়াসকলৰ কলাফুলৰ
তললৈকে পৰা প
ট্‌লুঙ, হাতদীঘল চাপ্‌কন, কঁকালত বচোৱাল টঙালি, মূৰত
ফুলাম গামোচাৰ প
খ্‌ৰৌ, ভৰিত খিপ্‌-তিন্‌। তিৰোতাবোৰৰ মেখেলা, চাপ্‌কন ব্লাউজ, গাত আঁটি আঁটি ৰিহা
মেৰিয়াই লৈছে। চা
প্‌কন নথকাবোৰে ৰিহাকে
দুয়ো কাষলতিৰ তলেদি পিঠিৰে সৈতে আঁটি পিন্ধিছে। বিবাহিত তিৰোতাবোৰৰ গাত
ৰিহাৰ ওপৰত একোখন চাদৰ, মূৰত ফচৌ কাপোৰ; মুঠতে চাৰিডোখৰ বস্ত্ৰ। তেওঁলোকৰ হাতত দা, কটাৰী বা
কিবা নহয় কিবা এটা আছেই। পিঠিত প্রত্যেকৰে একোটা মোনা
বা টোপোলা। হাতী, ঘোঁৰা আৰু হাঙি ভাৰত বয়বস্তুৰ ডাঙৰ ডাঙ টোপোলা যোৱাৰ উপৰি কোনো কোনো সৈনিক বনুৱাই কান্ধ-পাতি
দুফালে ওলোমাই একোখন ভাৰ নিছে।

দলটো দুপৰীয়া জিৰণিৰ বাবে পাহাৰৰ
দাঁতিৰ এডোখৰ সমান ঠাইত আহি ৰ
লহি। ছ্যুৱে‍ ইয়াতে দুপৰীয়াৰসাঁজ খাই হাতীৰ গাদীৰ
ওপৰৰ পৰা কাপোৰখন অনাই অলপ কাতি হ
ব খুজিছে, এনেতে দেখিলে
কেইজনমান মানুহে এজন বিষয়াৰ নেতৃত্বত দহ
বাৰজনীয়া অচিনাকি
মানুহৰ দল এটা তাৰ ওচৰলৈ লৈ আহিছে। কি
ছু অস্ত্র-শস্ত্ৰৰে প্রত্যেকৰ কান্ধত টোপোলা আৰু কাষলতিৰ তলত বস্তুভৰা মোনা। সি মানুহকেইজনৰ মুখলৈ চালে, তেওঁলোকক বাৰু ধৰি-মেলি অনা হৈছে নেকি?
মানুহকেইজনৰ মুখমণ্ডলত অৱশ্যে কিছু ভয়ৰ চিন
পৰিস্ফুট
; সেয়া হয়তো ৰজাৰ ওচৰলৈ আহিবলগীয়া হোৱাৰ বাবেও হব পাৰে। যিকেইজন মানুহে তেওঁলোকক লৈ আহিছে সেইকেইজনৰ মুখত কঠিনতা বা
খং-আৱেগৰ লেখ নাই। বিষয়াজনে ছ্যুক
খ্ৰুপতাং জনালে। জুৰিটোৰ
কাষৰ মুকলি ঠাইখনতে তেওঁলোকক বহিবলৈ কোৱা হ
ল। আঁঠু লৈ সকলো
বহিল। তাৰ পাছত বিষয়াজনে আৰম্ভ কৰিলে
চাওফাই জানি সুখী হব যে পাহাৰৰ সিপাৰৰ ৱাইছালি দেশৰ পৰা এওঁলোক আহিছে। আমাৰ ওচৰতে নগা মানুহ
আছে
, এওঁলোক লোণ বিচাৰি আহিছে, আমাৰ
মানুহে খা
ম্‌-য়াঙত লোণ কমোৱাৰ কথাও এওঁলোকে কিবা প্ৰকাৰে
জানিছে
; কিনিবলৈ কড়ি, মুদ্ৰা আৰু
বিনিময়ৰ বাবে সৌবোৰ টোপোলাত মণি-মুকুতা
, কাপোৰ কানি আদি
আনিছে বুলি কৈছে। লোণ নি এওঁলোকে পাহাৰৰ সিপাৰৰ ঠাইত বেচেগৈ।
ছ্যুৱে‍ বেপাৰী মানুহকেইজনৰ মুখলৈ চালে। খাপত মিত দা আৰু হাতত যাঠি-জোং
থাকিলেও এওঁলোক যে বেপাৰী মানুহ তাত কোনো সন্দেহ নাই। ছ্যুৱে‍ তেওঁলোকৰ পৰা
বেহা-বেপাৰৰ দুই-এটা বিৱৰণ ল
লে। পাহাৰ-ভৈয়ামৰ এই ঠাইবোৰত লোণ,
জলকীয়া, আদা, চু,
কাপোৰ-কানি, মণি-মুকুতা, হাতী-দাঁত, দৰব-পাতি, ধান-মাহ
আদিৰ বিনিময় যোগে বেপাৰ চলে। ভাটিৰ ফালে সোণ আৰু ৰূপৰ মুদ্ৰাৰ প্ৰচলন আছে যদিও
সেইবোৰৰ ব্যৱহাৰ কম। বস্তুৰ বিনিময়হে বেছিকৈ হয়। এইফালে লোণৰ লগত ধান-চাউল
,
কাপোৰ-কানি, জীৱ-জন্তুৰ বিনিময়ো কোনো কোনোৱে কৰে৷ “এতিয়া চাওফাই আচল কথাটো শুনক”, বিষয়াজনে কৈ গ, “এওঁলোকে
ৱাইছলি দেশৰ বৰ্তমান অৱস্থাৰ বিষয়ে জানে। অৱশ্যে এওঁলোকে ৱাইছালি বুলি নহয়
,
ৱাইছালি হেনো বহুত ভাটিত আছে, এমাহৰ বাট।
এইফালে গোটেই দেশখনৰ বেলেগ বেলেগ ৰাজ্যৰ বেলেগ বেলেগ নাম। গতিকে আমি সুধি-পুছি
আমাৰ তথ্যৰ
ভঁড়াল চহকী কৰিব পাৰোঁ।ছ্যুৱে‍ ভাল পালে। নিজে মনৰ মাজত আঁকি অনা ছবিখনৰ লগত, অন্য
ভ্ৰমণকাৰী আৰু চাম-লু
ঙ্‌-ফাৰ দলৰ সামৰিক বিষয়াৰ পৰা সংগৃহী
মানচিত্ৰৰ লগত এওঁলোকৰ
বিৱৰণৰ এটা তুলনামুলক অধ্যয়ন হ
ব। দলটোৰ মানুহবোৰে তাই ভাষাতে কথা কলেও মাত-কথাত অনেক অমিল আছে, কিন্তু সকলো কথা বুজিব
পাৰি। তেওঁলোকে এই পাহাৰলানিৰ পশ্চিমত থকা সাতখন ৰাজ্যৰ কথা ক
লে। ঘাই নদী হৈছে লাও-তি বা বৰ্‌হমপুতুৰ। উত্তৰৰ
পৰ্বতৰ পৰা দক্ষিণৰ এখন সৰু নদীলৈকে (বুঢ়ীদিহিং) আৰু পূবত ব
ৰ্‌হমপুতুৰৰ কুণ্ডৰ পৰা পশ্চিমে চিচি নামৰ আন এখন সৰু নৈলৈকে এখন ডাঙৰ ৰাজ্য
আছে। তাত টিউৰা (চুতীয়া) ৰজা আছে। মাও-ছান্ দেশৰ চা
ম্‌-লুঙ্‌-ফা নামৰ বীৰ এজনে ৰাজ্যখন জয় কৰি কচি নামৰ এজনক ৰজা পাতি থৈ গৈছে। সেই
ৰাজ্যৰ দক্ষিণ সীমাৰ পৰা দক্ষিণলৈ দিচাং নামৰ নদীলৈকে আৰু পূবে চাফ্রাই নদীৰ পৰা
পশ্চিমে ব
ৰ্‌হমপুতুৰলৈকে এই খণ্ডত ফু-খাও (মৰাণ) ৰজা আছে। এই
ৰাজ্যও চা
ম্‌-লুঙ্‌-ফাই জয় কৰি গৈছে।
তাৰ ৰজাজনৰ নাম বদৌচা। তেওঁ মাও-ছান দেশলৈ কৰকাটল পঠিয়াই থাকে। এইখন ৰাজ্যৰ
দক্ষিণ সীমাৰ পৰা দক্ষিণলৈ দিখৌ নৈ
, পূবত নগা পাহাৰৰ পৰা
পশ্চিমত ব
হিফিকা নামৰ ঠাইলৈকে এখন ৰাজ্য আছে; সেইখন খান্‌-ৰাং-য়ু (বৰাহী) সকলৰ ৰাজ্য। ৰজাজনৰ নাম
থা
কুম্‌-থা। চালুফাই এই ৰাজ্যও জয়
কৰি গৈছে। এই ৰাজ্যৰ দক্ষিণৰ পৰা আৰু দক্ষিণলৈ এটা ডাঙৰ পাহাৰ
, পূবৰ ফালেও নগাৰ পাহাৰেৰে সৈতে ভাটিলৈ ধনশিৰী নামৰ নদীৰে এই খণ্ডত এখন
ৰাজ্য আছে। এইখন টিমাচা (কছাৰী) ৰাজ্য। এই ৰাজ্যও চা
ম্‌-লুঙ্‌-ফাই আগতেই অধিকাৰ কৰি গৈছে। টিউৰাৰ সীমা চিচি নৈৰ পৰা বৰ্‌ম্‌পুতুৰৰ উত্তৰ পাৰে
পৰ্বতলৈকে এখন সৰু ৰাজ্য আছে
; সেইখনক বৰভূঞাৰ ৰাজ্য বুলি
কয়। বৰভূঞাৰ সীমাৰ পৰা পশ্চিমে ভৈৰবী নামৰ নৈলৈকে আৰু উত্তৰে পৰ্বতৰ পৰা দক্ষিণে ব
ৰ্‌ম্‌পুতুৰলৈকে আন এখন সৰু ৰাজ্য। এইখন চেঙ্গি
(ডফলা)ৰ ৰাজ্য। চেঙ্গিৰ সীমাৰ পৰা পশ্চিমে মানাহ নদীলৈকে আৰু উত্তৰে পৰ্বতৰ পৰা
দক্ষিণে ব
ৰ্‌হম্‌পুতুৰলৈকে এই খণ্ড হৈছে দৰঙী ৰজাৰ ৰাজ্য। …ওচৰৰ দেশৰ বিষয়ে বেপাৰী মানুহকেইজনৰ এই জ্ঞান দেখি ছ্যুৱে‍ কিছু সময় বিস্ময়াভিভূত হৈ ৰল। সি
ৰাজ্য পাতিবলৈ আহিছে অথচ তাৰ হাততেই ইমানবোৰ তথ্য নাই। অৱশ্যে বেপাৰীসকলৰো
প্রত্যেকে এই ৰাজ্যবোৰৰ সীমা-মূৰালি
, ৰজা আৰু ৰাজবংশ তথা
প্রজাসাধাৰণৰ বিষয়ে সকলো কথা নাজানে
; কিন্তু ইজনে নজনাটো
সিজনে জানে আৰু এইদৰে পাৰস্পৰিক পৰিপূৰণেৰে তে
ওঁলোকে তথ্যৰ
একোটা ভঁড়াল লৈ বেপাৰ-বাণিজ্য কৰি ঘূৰি ফুৰে
— সি কথাটো ভাবি
উলিয়ালে। ব
ৰ্‌হম্‌পুতুৰ আৰু তাৰ কিছু উপনৈ, কিছু পর্বত-পাহাৰ,
সমতল, অৰণ্য আৰু জানজুৰিৰে
পূব খণ্ডত থকা ৰাজ্যবোৰৰ এখনি ছবি তাৰ হাতত আছে। মানুহকেইজনৰ বিৱৰণৰ লগত হুবহু মিল
নাথাকিলেও যথেষ্ট মিল পোৱা গ
ল।

ছ্যুকাফাৰ দলে
দুপৰীয়াৰ আহাৰৰ পাছত জিৰাই-
শঁতাই পুনৰ যাত্ৰা আৰম্ভ কৰিলে৷
ওচৰৰ গাঁওবোৰৰ মানুহে চাংঘৰৰ পৰা
, গছৰ আঁৰৰ পৰা চাই থাকিল।

(আগলৈ)