ডা: নীলাক্ষী চলিহা গগৈ‍

এনিশাৰ আজোআইতাৰ
সেই ধুনীয়া জোতাযোৰ। তেওঁৰ মেম বান্ধ
ৱীয়ে‍ উপহাৰ স্বৰূপে
দিয়া জোতাযোৰ। যেতিয়া তেওঁৰ স্বামী বিদেশৰ পৰা অহা চাহাবৰ নতুনকৈ খোলা চাহবাগিচাত মেনে
জাৰ হিচাপে নিয়োজিত আছিল, হাবি-জংঘলেৰে ভৰা,
ভাল আলিবাট এটাও নোহোৱা ঠাইবোৰত
চাহাব ঘোঁৰাত উঠি ঘূৰি ফুৰিছিল
,
অনেক কষ্টৰে চাহাবৰ বাগানৰ
সমস্যাবোৰ চম্ভালি আছিল
, তেতিয়াই আইতাকক তেওঁৰ নতুন মেম বান্ধৱীয়ে‍ জোতাযোৰ উপহাৰ দিছিল।

খুব সুন্দৰ আছিল জোতাযোৰ। জোতাযোৰ আছিল সাপৰ
ছালেৰে প্ৰস্তুত কৰা। লণ্ডনলৈ যাওঁতে মেম
বান্ধৱীয়ে এনিশাৰ আইতাকলৈ
জোতাযোৰ আথে-বেথে কিনি কঢ়িয়াই আনিছিল আৰু নিজ হাতেৰে উপহাৰ দিছিল। মেম
বান্ধৱীৰ হাতৰ পৰা জোতাযোৰ গ্ৰহণ কৰোঁতে‍ এনিশাৰ আইতাকে থেংকিউ 
বুলিও কৈছিল।

সাপৰ ছালেৰে তৈয়াৰ কৰা জোতাযোৰক কেন্দ্ৰ
কৰি এনিশাহঁতৰ পৰিয়ালত অনেক সাধুকথা চলি আহিছিল। জোতাযোৰনো কিয় দিছিল
, বন্ধুত্বৰ খাতিৰত নে বাণিজ্যপ্ৰিয় চাহাব-মেমৰ কিবা বৈষয়িক
স্বাৰ্থত
সেয়া কোনেও বুজি নাপালেও, সহজ-সৰল মগজুৱে ঢুকি নাপালেও, ‘মেম বান্ধৱীয়ে
দিয়া বিদেশৰ জোতাসেইটোৱেই আছিল সকলোৰে বাবে আলোচ্য বিষয়। এনিশাৰ আইতাকৰ
বুকুখন ফুলি উঠিছিল। মাতষাৰো গহীন হৈছিল।

এটা সময়ত এনিশাৰ আইতাকৰ একমাত্ৰ জোতাযোৰৰ
আগটোৰ পিনে এটা জোং ওলাই আহিছিল। তেনেই সামান্য
, সৰু। পিছে সেইটোৱেও কম অসুবিধা কৰা নাছিল। জোতাযোৰ পিন্ধি খোজ কাঢ়িলে আইতাকৰ
সোঁ ভৰিৰ বুঢ়া আঙুলিৰ তলত অলপ বিষ হৈছিল আৰু ক্ৰমে বিষটো বাঢ়ি যাবলৈ ধৰিছিল। তথাপি
জোতাযোৰ পিন্ধিবলৈ এৰা নাছিল তেওঁ। সেই একেযোৰ জোতাকে পিন্ধি পিন্ধি ভৰিৰ তলত ঘা লগাই
পেলাইছিল মানুহজনীয়ে।

ককাকক বাৰম্বাৰ অনুৰোধ কৰিছিল আইতাকে, জোতাযোৰ ঠিক কৰাই দিব লাগে। তেওঁ সেইযোৰ জোতা আকৌ পিন্ধিব
খোজে। মেম
বান্ধৱীয়ে জোতাযোৰ মুচীক দিবলৈ কৈছে, গতিকে মুচীক দি জোতাযোৰ মেৰামতি কৰাই দিলেই হল। ককাকে সেইটো কাম কৰি দিব পৰা নাছিল। ভালেমান দিন
টোপোলা এটাত ঘৰৰ এটা চুকত জোতাযোৰ পৰি আছিল। আইতাকৰ অভিমান বাঢ়িছিল। খঙো উঠিছিল তেওঁৰ।
কেইটামান টকা খৰচ হ
ব বুলিয়ে কি এই হেন ধুনীয়া জোতাযোৰ বাংলোৰ
এচুকত পেলাই থোৱা হৈছে
? আইতাকে নিজকে নিজে বাৰম্বাৰ প্ৰশ্ন কৰিছিল।
সেই প্ৰশ্নৰ উত্তৰ নাপাওঁতেই তেওঁৰ ভৰিৰ তলৰ ঘাডোখৰে মাৰাত্মক ৰূপ লৈছিল আৰু এদিন সেই  ঘা যেন সৰ্বশৰীৰলৈ বিয়পি পৰিছিল। শিপাইছিল বুকুৰ
তলিলৈকে। লাহে লাহে কষ্ট তীব্ৰতৰ হৈ আইতাকৰ মৃত্যু হৈছিল। মৃত্যুলৈকে অভিমানী আইতাকে
জনা নাছিল যে সেই সময়ত আচলতে অসমীয়া সমাজত মুচী নাছিলেই। সেই আইতাকেই হেনো প্ৰায়ে কৈছিল
— ‘‘জোতাযোৰেই মানুহৰ আচল পৰিচয়। মানুহ জানিবলৈ হলে তেওঁ পিন্ধি থকা জোতাযোৰলৈ চালেই হল।’’

এনিশাৰ বুকু চুই গৈছিল এই কৰুণ কাহিনীটোৱে। তেনেই সৰুৰে
পৰা শুনা সোণালী জোতাযোৰৰ সোণসেৰীয়া সাধুটোৱে তাইৰ মনত কোনোবা এটা কোণ চ
ক্‌চকীয়া সোণালী কৰি পেলাইছিল। তেনেই কেঁচুৱা কালৰে পৰা
ঘৰৰ নোমাল কুকুৰটো
, গঁৰালৰ খাকী কেম্বেল হাঁহ বা চোতালত আহি
পৰা ঘনচিৰিকা
, শালিকাবোৰক ভাল পোৱা ছোৱালীজনীয়ে যেতিয়া
নিজৰ জোতাযোৰকেই সকলোতকৈ বেছি ভাল পাবলৈ লৈছিল
, কোনেও লকিবই পৰা নাছিল। আইতাকৰ কথাবোৰকে বাৰে বাৰে
দোহাৰি থকা দেউতাকে যিদিনা মৰমৰ জীয়েকৰ বাবে এযোৰ সোণালী জোতা চহৰৰ আটাইতকৈ ডাঙৰ আৰু
দামী দোকানখনৰ পৰা কিনি আনিছিল
,
কিমান যে স্ফূৰ্তি লাগিছিল
তাইৰ। তাই দেউতাকক টপ
ক্‌কৈ‍
চুমা এটা খাইছিল আৰু খুব আব্‌দাৰ কৰি প্ৰশ্ন কৰিছিল

 ‘‘দেতা, কিমান দাম?”

দেউতাকে কোৱা নাছিল। কিয়নো কব লাগে!

দাম দি কিনিব খোজা জোতা এযোৰ তেওঁ দাম দি
কিনি আনিবলৈ যে বিচাৰি পাইছে সেয়ে বহুত। ভালৰো ভাল জোতা। মুগ্ধ হৈ পৰিছিল তাই
, এক ছেকেণ্ডো সময় নষ্ট
নকৰি তাই জোতাযোৰ পিন্ধিছিল আৰু দেউতাকৰ সমুখত বুকু ফিন্দাই
থি‍য় হৈছিল। তাই এযোৰ সোণালী জোতাৰ গৰাকী হৈ খুব সুখী হৈছিল।
তাৰ পাছতে তাই সাধু পঢ়িবলৈ লৈছিল সোণালী জোতাৰ। পৃথিৱীত অনেক সাধু আছে এই সোণালী জোতাক
লৈ। দেউতাকেও সাধু জানিছিল। আৰু বহুত সাধু তাইকো কৈছিল।

সেই সাধুটো বাৰু কোন দেশৰ আছিল, যিটো সাধুৱে তাইৰ মনত গভীৰ ৰেখা পাত কৰিছিল। ফেশ্বন জগতৰ অগ্ৰণী বুলি গৌৰৱ অনুভৱ কৰা ফৰাচী মানুহৰেই সাধু
নাছিল জানো সেইটো
? সেই যে, দেশৰ অপৰূপা, সুন্দৰী ৰাণীগৰাকীৰ হঠাতে মন গৈছিল সাগৰৰ
পাৰৰ মুকলিত মুকলি মনেৰে খেলা কৰিবলৈ
? হীৰা মুকুতাখচিত
ৰাজভৱনৰ সকলো সুখ
, লৌকিকতাৰ পৰা অকণমান আঁতৰি সেই ৰূপহী নাৰীৰ
মন গৈছিল সাগৰৰ পাৰৰ শামুকৰ খোলা বুটলি ল
বলৈ, সমুদ্ৰ বক্ষৰ কোবাল ঢৌবোৰ স্পৰ্শ কৰিবলৈ! ৰাণী ৰাজকাৰেঙৰ
উশাহ বন্ধ হ
ব খোজা বান্ধোনৰ পৰা মুকলি হবলৈ সাগৰৰ পাৰলৈ গৈছিল। নিকটতম বান্ধৱী আৰু লিগিৰীহঁতৰ সৈতে সমুদ্ৰতীৰলৈ পঠিওৱা হৈছিল ৰাণীক।

সমুদ্ৰৰ পাৰৰ প্ৰশস্ত বালিচৰত আলফুলে খোজ দিছিল ৰাণীয়ে।
ৰাণীয়ে পিন্ধিছিল এজোৰ সোণৰ জোতা। সোণালী নহয়
, বিশুদ্ধ সোণৰ! বালিত খোজ কাঢ়োঁতে‍ জোতাযোৰৰ
ল দুটা বাৰে বাৰে পানীৰে সেমেকা বালিত লাগি
ধৰিছিল। মাজে মাজে আঁঠু বেঁকা হৈ গৈছিল
, মাজে মাজে গোৰোহা।
বান্ধৱীয়ে পৰামৰ্শ দিছিল অন্ততঃ এদিনৰ বাবে কিবা এটা সলনি কৰা হওক
, খুলি পেলোৱা হওক সোণৰ জোতাযোৰ। আকাংক্ষিত আনন্দবোৰ শান্তিৰে
মুঠি মাৰি ধৰক
, প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপত বিলীন হৈ যাওক
সুন্দৰী ৰাণী।

ৰাণীয়ে কিন্তু নুশুনিলে সেইবোৰ কথা। ৰাণীয়ে
কোনোপধ্যেই নুখুলিলে সোণৰ জোতাযোৰ। মাৰ্বলৰ দৰে চি
ক্‌চিকাই থকা ভৰি দুটাত সুৱগা চৰোৱা অমূল্য জোতাযোৰ কিয়বা খুলিব তেওঁ! তাতে
জোতাযোৰ যে বিশুদ্ধ সোণৰ। ৰাণীয়ে সমুদ্ৰৰ পানীও স্পৰ্শ নকৰিলে
, বুটলি নললে শামুকৰ খোলা
এটাও। তেওঁ সোণৰ জোতা পিন্ধি ৰাজকাৰেঙলৈ উভতি আহিল।

‘‘হোঁ!’’

সাধুটো পঢ়ি তাইৰ মুখেৰে ওলাইছিল সেইদিনা। তাৰ পাছতো
অৱশ্যে কিমান যে জোতা কিনিছিল তাই। চহৰৰ আটাইতকৈ ভাল ভাল জোতাৰ দোকানীবোৰে তাইক চিনি
পোৱা হৈছিল। দেউতাকে বা কোনো লোকৰ লগত তাই দোকানবোৰলৈ সোমাই গ
লেই জোতা দোকানীৰ ব্যস্ততাৰ সীমা নোহোৱা হৈছিল। ৰঙীকাগজৰ বাকচত ভৰাই থোৱা আটাইতকৈ দামী জোতাবোৰকে তাইৰ
সন্মুখত দ
মাই পেলোৱা হৈছিল। সেইখিনি সময়ত অন্য গ্ৰাহকবোৰে
আঁৰচকুৰে তাইলৈ চাইছিল। তাইৰ ভাল লাগিছিল। কিমান যে দামী জোতা কিনিছিল তাই! সুন্দৰ
দামী জোতাবোৰ থ
বলৈ দেউতাকে আকৗ এডাল কাঠৰ ৰেক্ সজাই দিছিল
নতুনকৈ। আনহাতে লগৰীহঁতেও জানিছিল তাইৰ জোতাপ্ৰীতিৰ কথা। সিহঁতে অৱশ্যে জোতাবোৰৰ আচল
নিৰ্মাণ সামগ্ৰী
, জোতাৰ দাম-ধাম সম্পৰ্কে একো ধাৰণা কৰিব পৰা
নাছিল। সেই কথাটোতো এনিশাই ৰং পাইছিল।

বিয়াৰ পাছত অনলেও তাইৰ চখ পূৰাইছে। ইযোৰৰ পাছত সিযোৰকৈ কিমান যে জোতা কিনি দিছে
তাইক। জোতাৰ ৰে
ক্‌ডাল তাইৰ জোতাৰেই ভৰি থাকে। পেৰ্বাচ, ফিনিক্স্, মেট্ৰকিমান যে ভাল ভাল ক’ম্পে‍নি‍ৰ জোতা আছে তাইৰ। দেশী-বিদেশী জোতাবোৰ খুবেই দামী। তাতে
আকৌ বাহিৰলৈ গ
লে বিভিন্ন ঠাইৰ এয়াৰপৰ্টৰ জোতাৰ দোকানলৈ গৈ জোতা সংগ্ৰহ কৰাৰ চখ লাহে লাহে
গঢ় লৈছে অনলৰো। তাই জোতাযোৰ নিজে চাফ-চিকুণ কৰে আৰু বিমুগ্ধ নয়নৰে জোতাযোৰকে চাই থাকে।
অৱশ্যে এযোৰ সোণৰ জোতাৰো সপোন দেখে তাই। সোণৰ নহ
লেও
সোণালী ৰঙৰ জোতা এযোৰ কিনি আনি সেইদিনা অনলে তাইৰ হাতত তুলি দিছিল
, আৰু কৈছিল— ‘‘চোৱা, ৰংটো সোণালী।’’

তাই কৈছিল— ‘‘ব জোতাযোৰ দামী। দেখিলেই গম পায়।’’ ঘূৰাই-পকাই চাই তাইৰ বেচ পছন্দ হৈছিল জোতাযোৰ। সোণালী
ফিটাৰ জোতাযোৰৰ ছ
লটো ওখ। দুই ইঞ্চিমানেই হব। তাই বেয়া পোৱা নাছিল। তাই হাই হিল্ শ্বু ভাল পায়। তাতে এই জোতাযোৰ সোণালী। তাহানিতে আইতাকে পিন্ধা
সাপৰ ছালৰ জোতাযোৰৰ দৰেই চাগে। তাই ভাবিছিল।

সেই জোতাযোৰেই বিচাৰি পোৱা নাই। কত আছে জোতাযোৰ? ইমান ধুনীয়া, দামী জোতাযোৰ কেনেকৈ ইমান সহজে কোনোবাই লৈ
যাব পাৰে
? তৎক্ষণাতে তাই মাতি আনিছিল অনৰতে তাইৰ গাতে লাগি থকা বনকৰা মহিলাজনীক, মহুৱাক।

তাই মহুৱাক নিজৰ কোঠালিলৈ মাতি নিছিল। ঘৰ
মচি থকাৰ পৰা আহি তাইৰ সমুখত
থি‍য় হোৱা মহুৱাই এনিশাৰ চকুত জুই দেখিছিল, অথচ তাইৰ বুকুখন ধপ্‌ধপোৱা নাছিল। খুব সাদৰী এনিশা, তাইৰ প্ৰিয় নিশা মেম। ইমান প্ৰতিষ্ঠিত, বিত্তৱান এটা পৰিয়ালৰ সদস্যা নিশা মেম, অথচ কোনো গপ-ভেম নাই। তাইৰ বাবে মেমৰ মুখত সদায় আকালৰ
মাত! মানুহে কয় এনিশা বৰুৱা মানে তাইৰ নিশা মেম
, খুবেই অহংকাৰী,
দাম্ভিক। তাই কিন্তু সেইবোৰ
কথা আজিলৈকে অকণো মানি ল
ব পৰা নাই। সেই বাবেই আজি তাই ভয় খোৱা নাই।

জোতাযোৰ হেৰাল! মহুৱাৰ মনত পৰিলমাত্ৰ কেইদিনমানআগতে এইজনী নিশা মেমেই তাইক পৃথিৱীৰ খুব চুটি, কৰুণ গল্প এটা শুনাইছিল। গল্পটো মাত্ৰ ইমানেই— ‘‘কেতিয়াও নিপিন্ধা শিশুৰ জোতা এযোৰ ৰেহাই মূল্যত বিক্ৰী কৰা হব।’’ গল্পটো শুনাই
নিশা মেমে তাইক প্ৰশ্ন কৰিছিল

‘‘
কচোন, গল্পটোত দুখ বিক্ৰী কৰি সুখ কিনা হৈছে নে সুখ বিকি দুখ?’’

তাই ভাবিছিল এইবোৰ আকৌ কি! তাইতো সকলো ফালে
কে
ল দুখেই দেখে।

‘‘হোঁ!”— তাইৰ মুখেৰে
মাত্ৰ সেইবুলিয়েই ওলাইছিল আৰু কামত লাগিছিলগৈ তাই।

কথাখিনি সুঁৱৰি তাই মিচিকিয়াব খোজোঁতে‍ই জিকাৰ খাই উঠিল! নিশা মেমে কৈছে কি?

‘‘ভৰিৰ ডিজাইন মতেহে জোতাৰ ডিজাইন পিন্ধিবি, বুজিছ?’’

ভৰিৰ ডিজাইন? তাইৰ ভৰিৰ ডিজাইন?
মহুৱাৰ ভৰি খালী! তিতি থকা মাগুৰ বৰণীয়া ভৰি। পানী গাঁঠিত টঁ টঁকৈ ওলাই
আছে হাড়। সেয়াও পানীৰে তিতা। চামুচৰ দৰে আগলৈ বহল
হৈ‍ যোৱা ভৰিৰ আঙুলিবোৰ। আঙুলিবোৰৰ ফাঁকে ফাঁকে নিশা মেমহঁতে পাউৰুটীত লগাই খোৱা মাখনৰ দৰে বগা পদাৰ্থ কিছুমান জিলিকি থাকে।
সোৱাদ লগা খাদ্যৰ দৰে ভৰিৰ আঙুলিৰ সেই পদাৰ্থবোৰে মহুৱাক বৰ কষ্ট দিয়ে। বৰ খজুৱায়
, কেতিয়াবা বিষায়। ডাক্তৰক দেখুৱাওঁতে ডাক্তৰে কৈছিল সেইবোৰ
হেনো কিবা ফাংগাছ। বহুত ঔষধ খোৱাৰ পাছতো সেইবোৰ আৰু নুগুচিল। ডাক্তৰে কোৱাৰ দৰে তাইতো
আৰু পানী এৰি চলি নোৱাৰে। সেয়েহে তাই নিজকে বুজালে
, দুখীয়া মানুহে ফাংগাছৰ চিকিৎসা কৰি লাভ নাই।

সেই ফাংগাছেই তাইৰ ভৰিৰ নক্সা আঁকিছে। তাইৰ
ভৰিত এটা ডিজাইন তুলি ধৰিছে।

তাইৰ মূৰটো ঘূৰোৱা যেন লাগিল। কাষতে থকা ৰেক্‌ডালত ধৰি তাই কথমপি থিয় হৈ থাকিল। ধূঁৱলি-কুঁৱলিৰ মাজেৰে তাই অনুভৱ কৰিলে সোণালী ফিটাৰ জোতা
এজোৰৰ পৰা সাপ এডালে আহি যেন তাইৰ ভৰিতে খোঁট মাৰিছেহি।

সেই ধূঁৱলি-কুঁৱলিৰ মাজেৰেই নিশা মেম তাইৰ
সমুখৰ পৰা অন্তৰ্ধান হ
ল। লাহে লাহে তায়ো সেইখিনি ঠাইৰ পৰা আঁতৰিল। আঁতৰিল মানে তাই আৰু কেতিয়াও নাহিল নিশা মেমহঁতৰ
ঘৰলৈ। তাই নিজৰ ঘৰতে সোমাই থকা হ
ল।

এনিশাই বহুত দিনলৈ গুঁজৰি-গুমৰি থাকিল। কোন হ
পাৰে তেওঁ
, যি এনিশাৰ মন-মগজুৰ সোণালী ঠাইকণ স্পৰ্শ
কৰিবলৈ সাহস কৰিছে
? এনিশা খঙত ফাটি পৰিছিল। নিজৰ ধাৰণাকে শুদ্ধ
বুলি প্ৰতীয়মান কৰিবলৈ তাই অন
ৰতে চেষ্টা কৰিছিল।

গভীৰ হাহাকাৰ, অতিপাত যন্ত্ৰণাত এনিশাই এদিন কান্দি উঠিছিল। বহুত বুজাইছিল অনলে। এজনী
অভাৱী মহিলাই জোতাযোৰ নিছে বুলি তুমি ভাবিলা। কিছুমান ধাৰণা সমাজেই গঢ়ি তোলে
, তুলি অবাবতে কষ্ট দিয়ে। এনিশাই সেইবোৰ শুনি আৰু কান্দিছিল।
আৰু কান্দি কান্দি এদিন মৌন হৈ গৈছিল। অৱশেষত এনিশাই এটা সাংঘাতিক সিদ্ধান্ত লৈছিল
 
তাই আৰু কাহানিও জোতা
নিপিন্ধে।

গংগাৰামমহুৱাৰ নিৰীহ
গিৰিয়েকটো আচৰিত হৈ গৈছিল। চাহাব-মেমৰ ঘৰৰ প্ৰকাণ্ড বাৰান্দাখনতে প্লাষ্টিকৰ চকী এখনত
কোনোবা এটাই বহুৱাই থৈছিল তাক। এঘণ্টামানৰ পাছত এখন বিলাসী গাড়ীত উঠি তাৰ চাহাব-মেম
ভিতৰলৈ সোমাই আহছিল। গংগাৰামে সুশোভিত ঘাঁহনিডৰাত নিশা মেমৰ মাখন বৰণীয়া সোঁ ভৰিটোৰ
সচেতন স্পৰ্শ দেখিছিল। তাৰ পাছতে তেওঁৰ শাৰীৰ তলেৰে আধা ফুটমান ওলাই অহা ভৰি দুটা দৃশ্যায়িত
হৈছিল আৰু বগা ভৰিত জিলিকি উঠিছিল নীলা ফিটাৰ হাৱাই
ছেন্দেল এযোৰ। গংগাৰামে চকুৰ পলক নেপেলোৱাকৈ চাই আছিল। নিশা মেমে ছেন্দেলেৰে‍ চটপ্ টচপ্ শব্দ কৰি গংগাৰামক মাত এষাৰো নিদিয়াকৈ গুচি গল। পিছে‍ পিছে‍ চাহাবো।

খুব আচৰিত হৈছিল গংগাৰাম। নিশা মেমে তেওঁক
মাত নিদিয়াৰ বাবে নহয়
, তেওঁ কোনো দামী ক’ম্পেনিৰ চকুত লগা, দামী জোতা এযোৰ
পিন্ধি নথকা বাবেহে। নিশা মেমৰ পুৰণি চেহেৰাটোকে মনৰ ভিতৰত আঁকি-বাকি থাকোঁতে কেতিয়া
যে চাহাব আহি তাৰ সন্মুখৰ
ছ’ফাখনত বহি পৰিছিল সি লকিবই নোৱাৰিলে।

চাহাবক কথাষাৰ কওঁতে গংগাৰামৰ বৰ কষ্ট হৈছিল।
আগেয়ে ইমানবাৰ লগ পোৱা মানুহজনক নিজৰ কথাবোৰ কওঁতে কোনোবা অচিনা
কি‍ মানুহক কোৱাৰ দৰে লাগিছিল গংগাৰামৰ। গংগাৰামে নকওঁ নকওঁ
বুলিও কৈ গৈছিল নিজৰ কথা
, মহুৱাৰ কথা। মহুৱাৰ গা-মন বেয়া। বেয়া মানে
ভালকৈয়ে বেয়া।
ভাগি‍ পৰিছে মহুৱা। এনেয়েও ঘৰখনত পানীত হাঁহ নচৰা
অৱস্থা। তথাপি চহৰলৈ আহিছে বুলি চাহাব
মেমক এবাৰ মাত্ৰ
চাই যাবলৈ বুলি সোমালহি গংগাৰাম। চাহাবহঁতৰ পৰা একো বিচৰা নাই গংগাৰামে। নাই
, একো নালাগে গংগাৰামক।

‘‘তুমি মেমৰ ভৰিকেইটালৈ বৰকৈ চাই আছিলা।’’— চাহাবে হঠাতে কৈ উঠিছিল। ‘‘মই বুজিছো।’’ —
চাহাবে কৈ গৈছিল। গংগাৰামেহে
একো বুজা নাছিল।

‘‘আচলতে মেম এখন সকামলৈ গৈছিল। সেই বাবেহে হাৱাই ছেন্দেল পিন্ধি গৈছিল।’’ — গংগাৰামে মুখ মেলি চাহাবলৈকে চাই আছিল।

‘‘মেমে সোণালী ফিটাৰ জোতাযোৰ পালে নহয়। ডাষ্ট্‌বিনৰ কাষৰ আন্ধাৰ চুকটোতে পৰি আছিল জোতাযোৰ।’’

যেন মাত্ৰ দুদিনৰ আগৰ কথা। ভিতৰত এনিশাই
শিকাই পঠিওৱামতেই গংগাৰামক কথাখিনি কোৱা হৈছিল। গংগাৰামে খুউব মন দি শুনিছিল চাহাবৰ
কথা। প্ৰত্যুত্তৰত একোৱেই কোৱা নাছিল সি। একো নোকোৱাকৈয়ে সেইদিনা ঘৰলৈ উভতি আহিছিল
গংগাৰাম।

কথাখিনি সহজে ল
পৰা নাছিল মহুৱাই। এখন হাতৰে অসুস্থ মহুৱাক আৱৰি ধৰি ৰাতিৰ পা
টীত পৰি যেতিয়া গংগাৰামে খুব মৰমেৰে চাহাবে কোৱা কথাখিনি
কৈছিল
, সাপে খোঁটা মানুহৰ দৰে নহয়, কোব খোৱা সাপৰ দৰে তাই ফণা মেলি ধৰিছিল। অসহ্য খং উঠিছিল
তাইৰ। শেঁতা পৰা মুখখনলৈকে যেন তেজ এসোপা বৈ আহিছিল। বহু দিনলৈকে খংটো মাৰ যোৱা নাছিল
মহুৱাৰ। মহুৱা দিনক দিনে যেন আৰু খিংখিঙীয়া হৈ উঠিছে
গংগাৰামে উপলব্ধি কৰিছিল।

বুকুৰ বিষটো বাঢ়িছিল মহুৱাৰ। কমি অহা খংটোৰ
লগে লগে মাত-কথাৰ জোৰো যেন কমি আহিছিল। গংগাৰামে তাইৰ মনটো পোহৰাবলৈকে কথাবোৰ ক
বলৈ এৰা নাছিল। গংগাৰামে তাইক বাৰে বাৰে বুজাবলৈ চেষ্টা
কৰিছিল সঁচাকৈয়ে নিশা মেমে জোতাযোৰ পালে। পালে ঘৰৰে আন্ধাৰ চুক এটাত। তেনেকৈয়ে বুজাই
থাকোঁতেই হঠাতে বিছনাত বহি মহুৱাই গংগাৰামৰ মুখত তাইৰ দুৰ্বল হাতেৰে সোপা দি দিছিল।

চিনি পায়।

তাই চিনি পায়।

নিশা মেমৰ ঘৰৰ সেই আন্ধাৰ চুকটো, ডাষ্ট্‌বিনৰ কাষৰ সেই আন্ধাৰ চুকটো বৰ ভালকৈ চিনি পায় তাই। যত সেই জোতাযোৰ আছিল বুলি কোৱা হৈছিল। তাত সোপাসোপে দুখ
আছিল নিশা মেমহঁতৰ কাম কৰা মানুহবোৰৰ! টোপোলা বন্ধা দুখবোৰ কেতিয়াবা তাই চুয়ো চাইছিল।
কিয়নো তাইৰ তেনে দুখ নাছিল
;
নিশা মেমহঁতৰ পাকঘৰ, খোৱাঘৰ, বহাঘৰ, সকলোতে সোমাই তাই সুখ বুটলি লব জানিছিল।

বুকুৰ বিষটো¸ উৎকট হৈ উঠিছিল মহুৱাৰ। তাই ক্ষীণ মাতেৰে গংগাৰামক কাকূতি কৰিছিল— ‘‘, ব। আৰু নক
সেইবোৰ কথা।
’’ — মহুৱাই কান্দিছিল।

খুব আচৰিত আৰু অসহায় হৈ পৰিছিল গংগাৰাম। ইমান কম দিনৰ
ভিতৰতে কিয় তাক এৰি গুচি গ
ল মহুৱা, গুচি যোৱাৰ আগেয়ে নিশা মেমক গৈ কবলৈ, এইবোৰ কি শিকাই থৈ গ
মহুৱাই
? এইবোৰ কথানো গংগাৰামে কব পাৰিবগৈ নে?

তথাপি মহুৱা নোহোৱা হোৱা খবৰটো যে নিশা মেমহঁতক
দিবগৈয়ে লাগিব। কিমান গল্প
,
কিমান কাহিনী আছিল সেই নিশা
মেমহঁতক লৈ। কামৰ পৰা আহি ইমান ভাগৰি-জুগৰিও মহুৱাই নিশা মেমহঁতৰ কথা কৈ কৈ তৎ নাপাইছিল।
নিশা মেমে কি কৰিলে
, কি নকৰিলে, কি কথা কলে, কি নকলে তাইক এটা সাধু শুনালেকত যে কথা! গংগাৰামে ভালকৈয়ে বুজিছিল নিশা মেমে তাৰ
মানুহজনীক তিল তিলকৈ গঢ়ি তুলিছিল।

সন্ধিয়া নামিছিল। নিমাওমাও পৰিৱেশত, ডীম লাইটৰ পোহৰত প্লাষ্টিকৰ চকীখনত থম্‌ম্‌কৈ‍
বহি আছিল গংগাৰাম। সন্মুখৰ ঝুলনাখনত চাহাব-মেম বহি আছিল। মৃদু মৃদুকৈ লৰি আছিল ঝুলনাখন। গংগাৰামৰ
ৰ লগা দেহাটোৰ ভিতৰত কলিজাটোৱে ঢপ্ ঢপ্ কৰি আছিল।

কিমান সময় যে তেনেকৈয়ে পাৰ হৈছিল! দেৱালত
লগাই থোৱা ঘড়ীটোৱে টিক্ টি
ক্‌কৈ‍
কৈ আছিল যদিও কোনেও তালৈ মন-কাণ
দিয়া নাছিল। কোনোবা এটা সময়ত
,
পুৰণা ঘড়ীটোৰ ভিতৰৰ পৰা ওলোৱা
কুলি চৰাইৰ মাত এটাত তিনিওজন চমকি উঠিছিল। এই ঘড়ীটো মহুৱাই প্ৰায়ে পৰিষ্কাৰ কৰিছিল
, ঘড়ীটোৰ কথা, কুলি চৰাইৰ শুৱলা মাতটোৰ কথা মহুৱাই প্ৰায়ে কৈছিল। গংগাৰামৰ মনত পৰিল। 

নীৰৱতা ভাঙি নিশা মেমে সুধিছিল— ‘‘মহুৱাৰ শেষলৈ কৈ হৈছিল গংগাৰাম? কেনেকৈ মৰিল তাই?’’

গংগাৰামে কেনেকৈ ক
মহুৱা কেনেকৈ মৰিল। গংগাৰামে ৰৈ ৰৈ সেপ ঢুকিলে। মহুৱা কেনেকৈ মৰিল… মহুৱা কেনেকৈ
মৰিল… সেয়া যে মহুৱাই তাক তাইৰ মৃত্যুৰ আগে আগে শিকাই থৈ যোৱাৰ মতেই ক
ব লাগিব। তাৰ চকুৰ আগত কঁপি থকা তাৰ মানুহজনীৰ শুকান
শেঁতা মুখখন ভাহি উঠিল। বাজি উঠিল তাইৰ দুৰ্বল মাত
— ‘‘সঁচাকেয়ে এনেকৈয়ে কব নে? মই শিকাই দিয়া
মতে
?’’

মনে মনে আছিল গংগাৰাম। বুকুৰ তলৰ কান্দোনটো
লুকুৱাই থৈছিল সি। দুৰ্বল মহুৱাই চি
ৰি উঠিছিল— ‘‘কওক, বনে এনেকৈ? মই মোৰ জীৱনৰ শপত দিছোঁ। আপুনি যেনেতেনে
নিশা মেমক মই শিকাই দিয়া কথাখিনি ক
ব নে?’’

নিজৰ জীৱনৰ শপত দিছিল মহুৱাই। হয়। হয়। সিতো
শপত খাইছিল। সি কথাখিনি ক
বই লাগিব। গংগাৰামে ধীৰে ধীৰে কৈ উঠিছিল— ‘‘সোণালী ৰঙৰ দুই ইঞ্চি ওখ জোতা এযোৰ পিন্ধিছিল তাই। পিছে
খোজ কাঢ়িব নোৱাৰি বাগৰি পৰিছিল মাটিত। মাটিৰ মানুহ মাটিতে মিলি গৈছিল।
’’

কোনেও একো কোৱা নাছিল। নিশা মেমে কোৱা নাছিল যে নিজৰ
উচ্চতা চাইহে ওখ জোতা পিন্ধিব লাগে। এষাৰো মাত নলগোৱাকৈ
, হাৱাই ছেন্দেলযোৰ চোঁচৰাই নিশা মেম ডাষ্ট্‌বিনৰ কাষৰ আন্ধাৰ চুকটোৰ পিনে গৈ আছিল।

ভ্ৰাম্যভাষ: ৯৪৩৫১৩৬৩২৭