হৃদয় বাঙ্ময়

 ববিতা কলিতা 

বৰ্ণৰ জ্যামিতিক ভাঁজবোৰৰ পৰা সৰীসৃপ
এটাৰ দৰেই গা পিছলাই ওলাই আহে এলিজাবেথ৷  শব্দৰ
শতৰঙী ব্যঞ্জনাক উটুৱাই দিয়ে তাই
নৈঃশব্দৰ নদীত৷  বিশ্বব্যাপ্ত সাত সহস্ৰাধিক ভাষা আৰু সেইসমূহৰ
ঠাল-ঠেঙুলিয়ে সৃষ্টি কৰা বিভাজনৰ জালিকাখনৰ পৰা আজি-কালি সুৰুঙা পালেই ওলাই আহিব
বিচাৰে ভাষাবিজ্ঞানী এলিজাবেথ উইলিয়ামচে৷  ভাষা
বিষয়ক গৱেষণামূলক পুথিখন সম্পূৰ্ণ হ
বলৈ আৰু মাত্ৰ কেইটামান
পৃষ্ঠা বাকী থকাৰ সময়তেই বাস্তৱৰ এটি মাত্ৰ খুন্দাত স্তব্ধ হৈ পৰে এলিজাবেথ৷  গৌতম বুদ্ধৰ দৰে ভ্ৰমৰ প্ৰাসাদ এৰি যেন নিশাৰ
এন্ধাৰত ওলাই যাব তাই অন্য এক সত্যৰ সন্ধানত৷

পাব জানো বিচাৰি তাই বোধিদ্ৰুম বোলা
জ্ঞানবৃক্ষজোপা
? যি গছৰ ছাঁত বহি বুজাব পাৰিব তাই
বিশ্বমান
,   আমি কোনখিনিত ভুল৷  ভুলবোৰ যে আপেক্ষিক; যুক্তিৰ
জৰীৰে বন্ধা এক অদৃশ্য দলিল৷  জৰীৰ টান
যিফালে বেছি হয়
,   সেইপিনেই আগুৱাই যায় যুক্তিৰ বৰ্ম
পিন্ধা শব্দবোৰ৷  কিদৰে বুজাব তাই আনক
,   শব্দহীনতাৰ অৰ্থ ভাৱহীনতা নহয়৷  যি
কথা তাইক
নৈঃশব্দই বুজালে,   সেই কথা তাই কিদৰে বুজায় বাৰু পৃথিৱীক!

টোকাবহীখন লৈ নৈৰ পাৰত বহি থাকোঁতেই
দেখিছিল তাই তেজগো
ড়া বিষণ্ণ মুখ এখন৷  নৈৰ
পানীখিনিৰ দৰেই তাৰ ঘেলেটিয়া চকুহালৰ দৃষ্টি তেতিয়া শূন্যত নিবদ্ধ হৈ আছিল৷  সেই দৃষ্টিৰ নীৰৱ হাহাকাৰবোৰে বুকু চুইছিল সাত
সাগৰ তেৰ নদীৰ সিপাৰৰ এগৰাকী অচিনাকি যুৱতী এলিজাবেথৰ৷

গৱেষণাৰ স্বাৰ্থতেই তাই ভ্ৰমি ফুৰিছিল
পৃথিৱীৰ ইমূৰ-সিমূৰ৷  ভাৰতবৰ্ষৰ উত্তৰ-পূব
অঞ্চলটো যে ভাষিক
,   সাংস্কৃতিক,   নৃগোষ্ঠীয় বৈচিত্ৰ্যৰ ৰম্যভূমি! এলিজাবেথে তাইৰ কৌতূহলী ডেউকাহাল মেলি
ধপলিয়াই আহিছিল উপমহাদেশখনৰ ঈশান কোণলৈ৷  সেউজীয়াৰ
বুকুত সোণালী পখিলা এটি হৈ তাই উৰি ফুৰিছিল শব্দৰ সন্ধানত৷  মানুহৰ সন্ধানত৷  তাই যেনিয়েই উৰিছিল
,   তেনিয়েই পাইছিল একোটাহঁত নতুন কাহিনী৷  নতুন ভাষা৷  নতুন ব্যাকৰণ৷  নতুন সমীকৰণ৷  কিন্তু সকলো সমীকৰণক নকৈ চাবলৈ শিকালে তাইক
বিষণ্ণ মুখখনে৷

এলিজাবেথৰ কেমেৰাৰ লেন্সত ধৰা পৰিছিল
নৈৰ শূন্য পাৰটোত বহি থকা যুৱকজন৷  তাই ওচৰ
চাপি আহিছিল আৰু নিজৰ স্বভাৱসুলভ উচ্ছাসেৰে তালৈ হাত এখন বঢ়াই দিছিল৷  সি একো মতা নাছিল৷  কেৱল প্ৰসাৰিত হাতখনলৈ একেথিৰে চাই ৰৈছিল বহুপৰ৷
 যেন সি তাইৰ হাতখন পঢ়িবৰ চেষ্টা
  কৰিছিল৷

এলিজাবেথৰ অলপ অস্বস্তি লাগি আহিছিল৷  কোঁচাই আনিছিল তাইৰ উদ্যত হাতখন৷  সিও নৈৰ পাৰৰ পৰা গুজুং গুজুংকৈ উঠি আহি কেঁচা
বাটটোৰ কেঁকুৰি এটাত হেৰাই গৈছিল৷  এলিজাবেথে
চাই ৰৈছিল সি যোৱালৈ৷  কৌতূহলে অ
স্থিৰ কৰি তুলিছিল তাইক৷

পিছে তাই বেছিদিন ৰবলগীয়া নহল৷  নৈৰ পাৰলৈ আহিলেই তাই তাক
দেখিবলৈ ল
লে৷  একেডোখৰ
ঠাইত একেই দৃষ্টিৰে চাই ৰয় সি সদায়৷  যেন
আহিম বুলি কৈ কোনোবাই এতিয়াও অহা নাই৷

কি নাম তোমাৰ?  

এলিজাবেথে কম দিনতে শিকি পেলাইছে এই
মাটিৰ ভাষা৷  এনেয়েও পৃথিৱীৰ যিকোনো ভাষা
বুজি পাবলৈ তাইৰ বেছি দিন নালাগে৷

ডেকাজনে তাইক একো উত্তৰ দিয়া নাছিল৷  ওলোটাই সি এলিজাবেথক পিঠি দি নৈখনৰ সৈতে নীৰৱে
কিবা কথা পাতিছিল৷  তাই কাষতে বহি বাট
চাইছিল এটি প্ৰতিক্ৰিয়াৰ বাবে৷  নিউটনৰ
তৃতীয় সূত্ৰৰ ভুলতো হ
ব নালাগে!

নৈপৰীয়া ফিৰফিৰীয়া বতাহজাকে তেতিয়া
এলিজাবেথৰ সোণালী চুলিখিনি উৰুৱাই আছিল৷  হা
ফ্পেণ্ট আৰু শ্লিভলেচ
টপ এটাই ঢাকি ৰখা অংশখিনিৰ বাহিৰে বাকী অংশ অনাবৃত হৈ থকা এলিজাবেথক ৰৌদ্ৰস্নাতা
মেঘৰ শুভ্ৰ টুকুৰা এটাৰ দৰেই লাগিছিল৷  সাধাৰণতে
বগা ছালৰ মানুহ দেখিলে এই দেশৰ মানুহে এবাৰ হ
লেও ঘূৰি চায়৷  নিজৰ লগতে আপোনজনকো উৎসাহেৰে আঙুলিয়াই দেখুৱায়৷  দুই এক অত্যুৎসাহীয়ে আকৌ আগধৰি মাতিবলৈও আহে৷  ভঙা ভঙা ইংৰাজীৰে দুই এটা কথাও পাতে৷  এলিজাবেথেও তেওঁলোকৰ সৰল আগ্ৰহখিনিক সন্মান জনাব
জানে৷  মনৰ পৰা মনলৈ নিকপকপীয়াকৈ সাঁকো এখন
বান্ধিব জানে৷  কিন্তু বৰ আঁচৰিতভাৱে
নৈপৰীয়া
  মংগোলীয় চেহেৰাৰ
যুৱকজনে উপেক্ষা কৰিব পাৰিছে তাইক৷  এই যেন
তাৰ এইখন পৃথিৱীৰ কোনো বস্তুৰ প্ৰতিয়েই আগ্ৰহ নাই৷  তাৰ আগ্ৰহ নাই বিদেশিনীৰ সোণালী চুলিখিনিৰ
প্ৰতিও৷

যুৱকজনৰ নিৰ্লিপ্ততাই এলিজাবেথক বেছিহে তাৰ প্ৰতি আকৰ্ষিত কৰি তোলে৷  এলিজাবেথে নিজেই এদিন তাৰ পিছ ললে৷  বাটৰ মূৰৰ কেঁকুৰিটো পাৰ কৰি কেইখোজমান আগুৱাই
গৈ চালে৷  হয়তোবা এইখিনিতেই আছে তাৰ ঘৰ
এখন! তাত তাৰ বাহিৰে আছে হয়তো অন্য কোনোবা মানুহ৷  তাই সেই মানুহখিনিৰ পৰা নিশ্চয়
  জানিব পাৰিব তেজৰঙী যুৱকজনৰ মনৰ খবৰ!

নাই৷  কোনো নাই৷  একাকী ঘৰ এটা৷  চোতালৰ এচুকত এজোপা সিজু গছ৷  গছজোপাৰ তলত পৰিত্যক্ত বাথৌশালীখন৷  সৰু সৰু জুপুৰী তিনিটাৰ মাজত এখন ধপধপীয়া বহল চোতাল৷
 চোতালৰ এচুকত থকা জুহালত গাহৰিৰ দানা
সিজোৱা অপৰিচ্ছন্ন কেৰাহী এখন৷  আঁৰ বেৰ
নোহোৱা ঘৰটোৰ কেউপিনে ঘন জংঘল৷  জংঘলৰ মূৰত
থকা নৈখনৰ একাংশ ঘৰটোৰ পৰাই স্পষ্টকৈ দেখি৷

এলিজাবেথে সন্ধানী দৃষ্টিৰে
জুপুৰীকেইটালৈ জুমি জুমি চালে৷  ইয়াৰে
কোনোবা এটা জুপুৰীতেই আছে হয়তো কাৰো প্ৰতি আগ্ৰহ নেদেখুওৱা অঁকৰা যুৱকজন৷

তাইৰ অনুমান সঠিক আছিল৷  তাই সন্ধান কৰা যুৱকজন তাতেই আছিল৷  এলিজাবেথক নিজৰ ঘৰৰ চোতালত দেখি সি অলপ অপ্ৰস্তুত
হৈ পৰিছিল৷  কিন্তু তাৰ পৰা আঁতৰি পলোৱা
নাছিল৷  সি যেন সাজু হৈছিল নিজক ধৰা দিবলৈ৷

খুলুমবাই৷এলিজাবেথে এইবাৰ বড়ো ভাষাতেই পাতনি মেলিলে৷  কি ঠিক, 
 সি অসমীয়া ভাষা
নুবুজিবও পাৰে৷

এলিজাবেথৰ ওঁঠযুৰি পঢ়ি চাই যুৱকে
সামান্য মূৰ দুপিয়ালে৷

মা মুং নংনা?  

কি নাম তোমাৰ?  

এইবাৰ সি হাতেৰে অংগী-ভংগী কৰি
দেখুৱালে৷  সি কথা ক
ব নোৱাৰে৷  সি কথা নুশুনেও৷

আস!

এলিজাবেথ মুহূৰ্তৰ বাবে থমকি ৰল৷  তাইৰ মেটমৰা ভাষাৰ ভঁৰালটোৰ ইয়াত কোনো দাম নাছিল৷

কি ভাষাৰে পঢ়িব বাৰু তাই বিষণ্ণ মুখ
এখন
?  

এলিজাবেথে দীঘলকৈ হুমুনিয়াহ এটা এৰিলে৷
 তাক আৰু আমনি নিদিওঁ বুলি উভতিবলৈ লওঁতেই
সি হাত চাপৰি এটা মাৰি এলিজাবেথক তাৰ কাষলৈ মাতিলে৷  চোতালত পৰি থকা গছৰ কাটি থোৱা ডাল এটা
জাৰি-জোকাৰি বহিবলৈ দিলে সি এলিজাবেথক৷  কিছুপৰ
থমকি সি নিজক সাজু কৰি ল
লে৷  এলিজাবেথৰ
মুখা-মুখিকৈ বহি লৈ তাৰ দৃষ্টিৰ জৰীৰে প্ৰথমতে সি বান্ধি পেলালে তাইক৷  সন্মোহিত হৈ পৰিল এলিজাবেথ৷  মুহূৰ্ততে তাৰ হাতৰ আঙুলিবোৰ সাৰ পাই উঠিল৷

তাৰ আঙুলিৰ প্ৰতিটো ভাঁজৰ পৰা সৰকি
পৰিছিল তাৰ বুকুত লুকুৱাই ৰখা বেদনাৰ
  উল্কাবোৰ৷  আঙুলিৰ আঁক-বাঁকবোৰ পঢ়ি এলিজাবেথে মনতে আঁকি
গৈছিল কাহিনী এটা৷  তাইৰ নিজৰ ভাষাত৷

মোৰ ঘৰটো এসময়ত আমাৰ ঘৰআছিল৷ গাঁওখন আছিল আমাৰ আপোন গাঁও৷ মানুহবোৰ আমাৰ আপোন মানুহ আছিল৷ সৌ নদীখন আমাৰ আপোন নদী আছিল৷

আজন্ম মূক-বধিৰ মই৷ কিন্তু মোৰ বুকুখন
ভৰি থাকিছিল শব্দেৰে৷ মোৰ মাৰ ওঁঠৰ পাকবোৰ পঢ়ি বুজি পাইছিলোঁ মই
, 
তেওঁ মোক মৰমতে আংগো বুলিছিল৷ যদিও মোৰ প্ৰিয় নাম ওখৰাং৷ পিছে
মায়ে মতা নামটোত এজাপ মৰম সোমাই আছিল৷ কিন্তু তেওঁতকৈও বেছিকৈ মৰম কৰিছিল মোক চুবুৰীৰ
হিনজাও-হৗৱাসকলে৷ তেওঁলোকৰ ভাষা মায়ে কোৱা ভাষাটোতকৈ বেলেগ আছিল৷ তেওঁলোকৰ
পোছাকবোৰ আই আৰু আফাহঁতৰ পোছাকতকৈ বেলেগ আছিল৷ তেওঁলোকৰ খোৱা খাদ্যবোৰ আমাতকৈ
বেলেগ আছিল৷ তেওঁলোকৰ ধৰ্ম- সংস্কৃতিবোৰ আমাতকৈ আৰু বেলেগ আছিল৷ কিন্তু মৰমবোৰ একে
আছিল৷ আত্মীয়তাবোৰো একে আছিল৷ আমাৰ মাটিও একে আছিল আৰু সৌৱা…চম্পাৱতী নদীখনো
একেখনেই আছিল৷ মানুহবোৰৰ মুখৰ অভিব্যক্তিবোৰ নদীৰ পানীখিনিৰ দৰেই পৰিষ্কাৰ আছিল৷ মোৰ
দৰে শব্দহীন মানুহৰ বাবেও মানুহৰ মনবোৰ পঢ়িব পৰাকৈ সৰল আছিল৷

হঠাৎ কি জানো হল!

মানুহৰ মুখবোৰ পঢ়িব নোৱাৰাকৈ জটিল হৈ
আহিল৷ অনবৰতে কঠিন হৈ থকা হ
ল পুৰুষসকলৰ মুখবোৰ৷ নাৰীসকলৰ মুখবোৰ তুলনামূলকভাৱে কোমল
আছিল যদিও মুখবোৰত সুখৰ অভিব্যক্তিৰ সলনি ভয়ৰ কজলুৱা ৰং এছটা দেখা গৈছিল৷ মোৰ
সমনীয়াসকলে গোপনে কথা পাতিবলৈ লৈছিল৷ জংঘলত সোমাই হিংস্ৰ হোৱাৰ আখৰা কৰিবলৈ লৈছিল৷
মোৰ পৰা সকলোৱে আঁতৰি আঁতৰি থাকিবলৈ লৈছিল৷ সিহঁতে হয়তো ভাবিছিল
, মই নুবুজিম একোৱেই৷ কিন্তু মই বুজি গৈছিলোঁ৷ প্ৰলয় আহিলে নিৰ্বাক জন্তুবোৰেও
আগতে অনুমান কৰে হেনো বিপদৰ কথা৷ ময়ো কৰিছিলোঁ৷ মোৰ আনুভূতিক তীব্ৰতাৰে জুই জ্বলাৰ
আগতেই পোৰা মঙহৰ গোন্ধ পাইছিলোঁ৷

এদিন ৰাতি আকশখন জুই হৈ পৰিল৷ দাউ
দাউকৈ জ্বলি উঠিল খেৰৰ জুপুৰীবোৰ
,  গৰুৰ গোহালিবোৰ,
ধানৰ ভঁৰালবোৰ৷ নৈৰ দৰে সিদিনা জুই বাঢ়িছিল৷ নিমিখতে গাঁওবোৰ ছাই
হৈ গৈছিল৷ তেজেৰে ৰঙা হৈ উঠিছিল আমাৰ আপোন চম্পাৱতী৷

প্ৰতিবাদ কৰিবলৈ শব্দ নাছিল মোৰ৷ ওঁঠত
সকলোৱে বুজিব পৰাকৈ ভাষা এটা নাছিল মোৰ৷

থকাহেঁতেন!

ঘৃণাই জানো বুজিলেহেঁতেন প্ৰেমৰ ভাষা? দানবে জানো
বুজিলহেঁতেন মানবতাৰ কথা৷ মৃতকৰ দ
মত উৰুৱায় যি ক্ষমতাৰ
পতাকা
, বুজিলহেঁতেন জানো সি ধৰ্মনীতিৰ কথা৷ জাকৰ মাজত
থাকিলেই সংখ্যাগুৰু হৈ পৰা মানুহবোৰে বুজিলহেঁতেন জানো সংখ্যালঘুৰ শংকা৷

নুবুজিলহেঁতেন৷ সেয়ে মই সিদিনা হাতৰ আঙুলিবোৰ
বান্ধি ৰাখিছিলোঁ৷ চকুযুৰি জঁপাই মোৰ বধিৰতাৰ কাৰণে বাথৌৱৰাইক ধন্যবাদ জনাইছিলোঁ৷

কিন্তু কথা কব পৰা মানুহবোৰো দেখোন
সেই দিনবোৰত মূক হৈ পৰিছিল৷ হত্যা-হিংসাৰ বিৰুদ্ধে মাত মাতিবৰ শক্তি কাৰোৱেই দেখোন
নাছিল! মৰণকাতৰ মানুহৰ আৰ্তনাদ শুনিও শুনা নাছিল কোনেও৷ সকলো মোৰ দৰেই বধিৰ হৈ
পৰিছিল৷ খেৰাই
, বৈছাগুৰ দৰেইতো উপভোগ কৰিছিল সকলোৱে মৃত্যুৰ
উৎসৱক৷

এতিয়া মানুহবোৰৰ নকৈ মাত ফুটিছে৷ তেজেৰে
হাত ধুই বগা নিছান উৰুৱাইছে৷ জাতি-মাটিৰ শ্লোগান দিছে৷ কেউপিনে কেৱল কথা আৰু কথা৷ অথচ
মুখবোৰ পঢ়িব নোৱাৰাকৈ পিন্ধি থৈছেহি একোটা মনে বিচৰা মুখা৷ সকলোৰে মুখত মাত্ৰ
এটাই অভিব্যক্তি৷ টকা৷ ক্ষমতা৷ আৰু টকা৷ মুখা সলাই সলাই ন্যস্ত স্বাৰ্থ পূৰোৱাত
লাগিছে সকলো৷ টকাই হৈ পৰিছে মানুহে সহজে বুজি পোৱা একমাত্ৰ ভাষা৷

সেই নৰসংহাৰৰ পাছতেই মোৰ
ভাই-ককাইকেইটাই চহৰত ওখ ওখ দালান সাজিলে৷ আই আৰু বিনানাওজনীকো সিহঁতে চহৰলৈ লৈ গ
ল৷ মোকো নিবলৈ আহে
সিহঁতে৷ মই যোৱা নাই৷ নাযাওঁ৷ সিহঁতৰ দালানবোৰত মই পোৰা মঙহৰ গোন্ধ পাওঁ৷ তেজলগা
মজিয়াত বাৰেপতি পিছল খাওঁ৷ তাতকৈ খালী হৈ পৰা গাঁওখনৰ মই ৰখীয়া হৈ থাকিলোঁ৷ মই
বুজি পোৱাকৈ কেৱল এই গাঁওখনেইতো থাকিল৷

আৰু নদীখন?’

এলিজাবেথে ভংগিমাৰে সুধিলে৷

গাঁওখনক মই বুজাৰ দৰেই নদীখনেও বুজে
মোক৷ এইখন নদীৰ পাৰতে তাইৰ সৈতে ওমলিছিলোঁ মই৷ দোঙৰ পানী খেদেলি আমি শামুকবোৰ
বুটলি আনিছিলোঁ৷ তাই শামুক খাই ভাল নাপাইছিল৷ কেৱল মোৰ বাবেই তাই শামুক ধৰিছিল৷ ঘৰতে
ভজা এৰী পলুবোৰ চুৰকৈ আনি তাইক খাবলৈ দিছিলোঁ৷ তাই নাক কোঁচাইছিল৷ কিন্তু মই বেজাৰ
পাম বুলিয়েই ভজাপলু একোটা মুখত সু
মুৱাইছিল৷ আপোনাৰ নিচিনাকৈ তাই জনা
নাছিল প্ৰতীকী ভাষা৷ কিন্তু তাই যে মোৰ সকলো কথাই বুজিছিল৷ ময়ো বুজিছিলোঁ তাইৰ
সকলো কথা৷ আনকি কথাৰ উৰ্ধৰ কথাবোৰো!

আমাৰ বয়স যোৱাৰ লগে লগে কথাবোৰো পূৰঠ
হৈ আহিছিল৷ কিন্তু আনক বুজাব পৰাকৈ কথাবোৰ তেতিয়াও সাহসী হৈ উঠা নাছিল৷ আমি দুয়ো
ৰৈ আছিলোঁ ভাল সময় অকণৰ অপেক্ষাত৷

ঠিক তেতিয়াই লাগি গৈছিল জুই৷ বৈ গৈছিল
তেজৰ নৈ৷ লিখা হৈছিল ঘৃণাৰ ইতিহাস৷ বিভাজনৰ ইতিহাস৷

কাপোৰৰ সৰু টোপোলা এটা বুকুত সাবটি তাই
সিদিনা নৈ পাৰলৈ আহিছিল৷ তাইৰ দুচকুৰেও দুখন নৈ বৈ আহিছিল৷ আউল-বাউল হৈ পৰিছিল
কঁকালত পৰা চুলিকোচা৷ কাঁইটৰ আঁচোৰত ফালি গৈছিল কাপোৰ কানি৷ যেন তাই যুদ্ধৰ
দাওহা নৃত্যনাচিবলৈ ওলাই আহিছে৷ সকলো হেৰুওৱাৰ পাছত নিজক বচোৱাৰ বাবে কৰা যুঁজ এখনত
অকলেই যুঁজিছে৷ তাইক দেখা পাই মই দৌৰি আহিছিলোঁ৷ তাইক সান্ত্বনা দিবলৈ নিজৰ হাতখন
আগবঢ়াই দিছিলোঁ৷ তাই মোৰ হাতখনলৈ অবিশ্বাসেৰে চাইছিল৷ এই যেন হঠাৎ নুবুজা হৈছিল
তাই মোক৷ এই যেন মানুহতকৈ অবিশ্বাসী আৰু কোনো নাই৷ মই মোৰ সমস্ত কৌশলেৰে তাইক
বুজাবৰ চেষ্টা কৰিছিলোঁ
,   সকলো মানুহ একে নহয়৷ দানৱ আৰু
দেৱতা সকলো সমাজতেই আছে৷ তাই বুজা নাছিল একোৱেই৷ মোৰ ভাই-ককাইকেইজনৰ দৰেই মোকো
হিংস্ৰ বুলি ভাবিছিল হয়তো! তাই মোৰ পৰা নিজক বচাবলৈ পলাই গৈছিল চম্পাৱতীৰ বাটেৰে৷

মই তাইৰ যিমানেই পিছ লৈছিলোঁ, তাই সিমানেই পানীৰ
গভীৰলৈ আগুৱাই গৈছিল৷ তাই আৰু বেছি ভয় খাব বুলিয়েই মই পানীযুঁৱলিতে ৰৈ দিলোঁ৷ কিন্তু
তাই তথাপি ভয় খালে৷ নহ
লেনো সাঁতুৰিব জনা ছোৱালীজনী
পাছদিনাখন পানীত কেনেকৈ ওপঙি উঠিলে!

জানে, দূৰৈৰ পৰা তাইক পানীত
ভাহি থকা এখনি ৰঙা হাংমা-হাংছানি-ফালিৰ দৰেই লাগিছিল৷ একেলগে সংসাৰ কৰিব নোৱৰা
গাভৰুৱে বিদায় পৰত দিয়া ৰুমালখন!

সিদিনাৰ পৰা আপোন নৈখনক নুবুজা হৈ
আহিলোঁ মই৷ কিন্তু নৈখনে ঠিক বুজে মানুহক৷ মানুহবোৰ হিংস্ৰ হোৱাৰ বেদনাতেই হয়তো
নৈখনো সিদিনাৰ পৰা ঘেলেটিয়া হৈ পৰিল৷ নিজক মণিব নোৱাৰোঁ মই এতিয়া নৈখনৰ পানীত৷ কিন্তু
পাৰত বহি সদায় পাতিব পাৰোঁ একেখিনি কথা৷ আঁকিব পাৰোঁ একেখন ছৱি৷ তাইক নোপোৱাৰ
ব্যথাত নহয়
, তাইৰ অবিশ্বাসৰ চাৱনিটো স্মৃতিপটৰ পৰা আঁতৰাই পেলাবৰ বাবে
সদায় আখৰা কৰোঁ নৈৰ পাৰৰ এই একেখিনি ঠাইত বহি৷

 

এলিজাবেথে মন কৰিলে তেজগোৰা মুখখন
ক্ৰমাৎ এন্ধাৰ হৈ আহিছে৷ জুই একুৰা নুমুওৱাৰ পাছত থাকি যোৱা চেঁচা এঙাৰৰ দৰে৷ সময়
ৰৈ গৈছিল৷ তাৰ ইমানপৰে নাচি থকা আঙুলিকেইটাও ৰৈ গৈছিল৷ হয়তো কাহিনীটো শেষ হৈছিল!

কি ভাষাত কৈছিল আংগোয়ে তাৰ কাহিনীটো?

এলিজাবেথে যি ভাষা নুশুনিও শুনিলে৷ যি
ব্যথা তাই নাজানিও জানিলে৷ কাহিনীটো টুকি থ
বলৈ তাই সিদিনা টোকাবহীখন নেমেলিলে৷ নিলিখিলে
একো কথা৷

অনুভূতিৰ খোচনিত সুমুৱাই লৈ আহিল এটি
বিষাদ গাঁথা৷ বৈচিত্ৰ্যত সৌন্দৰ্য বিচাৰি ফুৰা এলিজাবেথৰ আকাশমুখী চিন্তাবোৰো
সিদিনা খোচনিত সোমাই পৰিছিল৷ মনৰ ভাষা পঢ়িব নজনা ভাষাচহকী মানুহবোৰলৈ এলিজাবেথৰ
পুতৌ উপজিছিল৷ অন্যায়ৰ প্ৰতিবাদী সত্তাক ন্যস্ত স্বাৰ্থৰ মুখা পিন্ধাই থোৱা সবাক
মানুহবোৰলৈ ঘৃণা উপজিছিল৷

গৱেষণা গ্ৰন্থখনৰ বাকী থকা
পৃষ্ঠাকেইটা তাই উকাকৈয়ে ৰাখি থয়৷ সকলো কথা যে শব্দৰ শৰণাগত
  নহয়৷ নৈঃশব্দৰ নামত কেইটিমান পৃষ্ঠা
ৰাখি থৈ এলিজাবেথে স্বদেশলৈ
  উভতি যোৱাৰ যো-জা কৰে৷

উভতি যাবৰ দিনা এলিজাবেথে পুনৰ আংগো’-ক বিচাৰি নৈৰ পাৰলৈ আহিছিল৷ কিন্তু পাৰটোৱে আৰু তাইৰ বাবে ৰৈ থকা নাছিল৷

ফাল্গুনী কাহিনীটো এলিজাবেথে বুটলি
নিয়াৰ পাছতে ধৰালৈ বাৰিষা নামিছিল৷ আংগোৰ আপোন নৈখন সংহাৰী ৰূপ লৈ পাৰলৈ বাঢ়ি
আহিছিল৷ সময়ত নৈৰো সহনশীলতাৰ পাৰ ভাঙি যায়৷ বাঢ়ি অহা পানীয়ে পাৰৰ মানুহৰ বুকু
কঁপায়৷

তাই দেখি যোৱা নৈপাৰটো তেতিয়ালৈকে
অদৃশ্য হৈ পৰিছিল৷ বাৰিষাৰ জীয়াধলে ভাঙি নিছিল নৈৰ কেঁচা গৰাটো৷ বাটৰ মূৰৰ
কেঁকুৰিটো৷ খেৰৰ জুপুৰীকেইটা আৰু বাথৌশালিখন৷ কেৱল পাত মৰি অহা সিজু গছজোপা ৰৈ
গৈছিল চোতালখনৰ উত্তৰ-পূব দিশত৷

তাই নৈখনলৈ চাই মনৰ মাজতেই কৈছিল, 
ৰৈ যোৱা অংগো৷ ইয়াত তোমাৰ প্ৰয়োজন আছে৷

আংগো কৰবাত ৰৈ আছিল নে নৈখনত বৈ গৈছিল
এলিজাবেথে নাজানিলে৷ তাইৰ উভতি যাবৰ সময় হৈছিল৷ ডিঙিত মেৰিয়াই অনা বগা স্কাৰ্ফখন
তাই সিজু গছজোপাত খুচি থৈ নিজে আকাশী পথেৰে উৰা মাৰিছিল৷

নৈপৰীয়া চেঁচা বতাহছাটি পাই বগা চিল্কৰ
স্কাৰ্ফখন আকাশৰ বুকুত উৰিছিল৷ আংগোৰ বুকুত যিদৰে উৰিছিল শান্তিৰ পতাকা এখন
, 
ঠিক তেনদৰে আকাশত ঢৌ তুলি উৰিছিল চিল্কৰ স্কাৰ্ফখন৷ আংগোই
ভালপোৱা
  নামটোলৈ মনত পৰে
এলিজাবেথৰ৷
ওখৰাং’! ওখৰাং মানেইতো
আকাশ৷ ৰং আৰু পোহৰৰ বৈচিত্ৰ থাকিলেও
  যিখন আকাশত নাই মাটিত
থকা বিভাজনৰ জালিকাখন৷

 

ফোন : ৯১০১৭৫২৯৪২