নিংকু নিশা নেওগ
: পুছ আপ ব্ৰা এটা দিয়ক।
সেমেনা-সেমেনি কৰি দিলৱাৰে পদপথৰ
সস্তীয়া দোকানীটোক ক’লে। সি ভালকৈ শুনিও দিলৱাৰক জোকাবলৈকে তাক
কি লাগিব আকৌ সুধিলে। এইবাৰ দিলৱাৰে হাত দুটাৰে তালি এটা বজাই বুকুত কায়দা কৰি
লগাই অশ্লীল শব্দ এটা উচ্চাৰণ কৰি ব্ৰা লাগে বুলি ক’লে।
খন্তেকতে গোটেই দোকানখনলৈ যেন বসন্তহে নামি আহিল। হুৰমূৰকৈ নামি অহা বসন্তত পৰিৱেশটোৱেই সলনি হৈ পৰিল। দোকানত কাপোৰ কিনিবলৈ ৰৈ থকা গ্ৰাহক কেইজন, কাষৰ দোকানৰ দোকানীকেইটা, ফুচকাৱালাটো, চানাৱালাটো সকলোৱেই খন্তেকলৈ সৰৱ হৈ
পৰিল। অশ্লীল শব্দ কিছুমান দোকানীকেইটাৰ মুখৰ পৰাও ওলাল। অশ্লীল ধেমালিয়ে জোকাৰণি
তুলি দিলৱাৰক পুনৰ এবাৰ হাঁহি, ঠাট্টা- মস্কৰাৰ উৎস কৰি
তুলিলে। সি হাতেৰে দুটামান অংগী- ভংগী কৰি অন্তৰ্বাসটো লৈ দুটকা কমকৈ দি ওলাই
আহিল। এয়া তাৰ বাবে নতুন কথা নহয়। সিহঁতক ঠাট্টা- মস্কৰা কৰে এচামে, মানি লয় সিহঁতে। কেতিয়াবা অশ্লীল ইংগিত দিলে কিছুমানে ফ্ৰিকৈও বস্তু দি
যায়। দিলৱাৰে বুজি পায়, সমাজে সিহঁতক স্থান নিদিলে কি হ’ল, যৌনতাৰ বুভুক্ষা থকালৈকে বৈধ অথবা অবৈধ যিয়েই
নহওক সুলভ যৌনতাতেই সমাজখন নৰকলৈ গৈ থাকিব।
দিলৱাৰ টাউনৰ উপকণ্ঠৰ লেতেৰা বস্তিটোত
নাথাকে। অৱশ্যে আগতে সিও পুনমদি, জেলেহাদিৰ লগত বস্তিতেই আছিল। আজিকালি সি
শ্যামসুন্দৰ আৰু সুব্ৰতৰ লগত ভদ্ৰ মানুহৰ এলেকাত ঘৰ ভাড়া কৰি থাকে। দিনটো সিহঁতে
বাছষ্টেণ্ডত প্ৰতিখন বাছতেই বগাই বগাই ভিক্ষা খোজে। পুছ আপ ব্ৰা, ৰঙীণ জিলিক-মিলিক শাড়ী, নতুনকৈ ষ্ট্ৰেইট কৰা দীঘল ৰং
কৰা চুলি, মুখত ডাঠ কিন্তু কম দামী মেক-আপ, নখত ৰঙীণ নেইল প’লিচ আৰু ব্লাউজত গুজি থোৱা ম’বাইল ফোন একোটাৰে সিহঁতক পুনম,
ৰেছমাতকৈ কম আৱেদনময়ী নালাগে। নাভিৰ তলত পিন্ধা শাড়ী আৰু লচ্পচ্
খোজ-কাটলেৰে সিহঁতে নিজকে গাভৰুহঁতৰ দৰেই আকৰ্ষণীয়কৈ সজাই তোলে। বাছত পইচা
খুজিলে সিহঁতক খুব কম মানুহেহে বিমুখ কৰে। বহুতেই সিহঁতে অভিশাপ দিব বুলি ভয়ো কৰে।
দিলৱাৰ নিজেই আচৰিত হয়। সিহঁতেনো কাক অভিশাপ দিব, যি নিজেই
যাতনাৰ জীৱন একোটা কটাই জীয়াই আছে। যাতনাৰ গহ্বৰত ৰৈ ঈশ্বৰক শাওপাত দিয়া মানুহৰ
আনক অভিশাপ দিয়াৰ অধিকাৰ থাকে জানো? আচলতে সিহঁতৰ জন্ম
হওঁতে কিজানি মাক-দেউতাক পৰিয়ালে আনন্দই পাইছিল, পিছে হৰমন
যেতিয়া সিহঁতৰ শৰীৰটোত ভুলকৈ প্ৰৱাহিত হ’ল সিহঁতৰ প্ৰতি
মানুহৰ ব্যৱহাৰো সলনি হ’ল।
দিলৱাৰহঁতৰো ভোক লাগে। ভোকত সিহঁতৰ পেটতো
টেঙাপানী জমা হয়। মুখেৰে টেঙা বমি কৰি সিহঁতো লেবেজান হৈ পৰে। পিছে চিনাকি আৰু
বুকুৰ আপোন মানুহবোৰৰ মুখৰ পৰা যেতিয়া জুই শিখাহেন কথাবোৰ উফৰি আহে সিহঁতে আঘাত
পাই জৰ্জৰিত হৈ পৰে। সেই আঘাতে নেফানেফ কৰিলেও যে সিহঁতে মানুহক দেখুৱাই কান্দিব
নোৱাৰে। কোনোবাই যেতিয়া কয় “এই মাইকীৰ নিচিনাটোক ঘৰত ৰাখিলে মই নাথাকোঁ”, “হিজৰাসোপাক বিয়ালৈ
কোনে মাতিলে”, “তাৰ খোজটো চাচোন, মাইকীয়েও
ইমানকৈ কঁকাল নাভাঙে”.. কঁপি উঠে সিহঁত। এনেকুৱা মন্তব্য একোটাই যেতিয়া বুকুখন
বিন্ধি পেলায়, ৰাজহাড়ডালত ঝনঝননি তুলি বিষ এটা বিয়পি যায়
তেতিয়া আৰু ভাত এসাঁজ খোৱাৰ হেঁপাহটো লাহে লাহে গৌণ হৈ পৰে। সিহঁত কোঙা হৈ যায়।
বুকুৰ যন্ত্ৰণা আৰু সমাজৰ তিক্ততাই সিহঁতকো কোনোবাখিনিত সমাজৰ প্ৰতি ভীষণ বিদ্ৰোহী
কৰি তোলে। সিহঁতে যেতিয়া কাম নাপায় পেটৰ ভোকত তৃতীয় লিংগৰ অজুহাত দেখুৱাই ভিক্ষা
বিচাৰে, লাহে লাহে সিহঁতৰ প্ৰতি বাঢ়ি অহা পুৰুষ-মহিলাৰ অৱজ্ঞা, ভয় আৰু ঘিণে সিহঁতক চৰম সাহসী কৰি তোলে। সেই সাহসতে সিহঁতে পইচাৰ দাবী
তোলে, কেঁচুৱা জন্মৰ পাছত গৈ পোঁৱাতীগৰাকীক আশীৰ্বাদ দিয়াৰ নামত
টকা-গহণা বিচাৰে। সিহঁতেও জানে প্ৰেম, যৌনতা আৰু ধৰ্মত
আসক্ত সমাজে সিহঁতক কেতিয়াও গ্ৰহণ নকৰে সঁচা কথা, কিন্তু
সিহঁতৰ অভিশাপ ল’বলৈ এইখন সমাজে ভয় কৰে।
দিলৱাৰ এই চাৰিআলিটোত ৰোৱা প্ৰতিখন
বাচতে গাত শাড়ী আৰু উগ্ৰ মেকআপ লৈ পইচা বিচাৰিবলৈ অহা বহু বছৰ হ’ল। সি যেতিয়া এইটো ধাণ্ডাত সোমাইছিল তেতিয়া তাৰ বয়স ওঠৰ বছৰো হোৱা নাছিল। সেইটো বয়সতে সি দুবাৰকৈ
ধৰ্ষণৰ বলি হৈছিল। মানুহে কয় কিন্নৰে প্ৰেম নুবুজে। কিন্তু কিন্নৰৰ মঙহো শুঙি ফুৰা
হিংস্ৰ মানুহ আছে সেই কথা কেবল দিলৱাৰহঁতে জানে। দিলৱাৰ কিজানি সেইকাৰণেই এতিয়া
ইমান সাহসী। কোনোবাই কিবা ক’লেই সিও লগালগ অভিশাপ দিয়ে। সি
জানে সিহঁতৰ অভিশাপ নালাগিলেও, যাক দিছে সেইজনা দুদিনমান ভীতিবিহ্বল
হৈ থাকিব। সেয়াতে সি অকমান বেলেগ মজা লয়। শিক্ষিতৰ ভাষাত ক’বলৈ
গ’লে এনেকৈয়ে সি এক ছেডিষ্টিক প্লিজাৰ লয়। মানে আসুৰিক
তৃপ্তি লাভ কৰে।
এই দিলৱাৰে চাৰিআলিত ধাণ্ডা কৰিবলৈ লওঁতে বাছৰ
ড্ৰাইভাৰ-হেণ্ডিমেনে তাক বেগমজান বুলি জোকাবলৈ লৈছিল। সেই জোকোৱা জোকোৱাতেই দিলৱাৰ এদিন বেগমজান হৈ পৰিল। এতিয়া তাক কোনেও দিলৱাৰ নামেৰে চিনি নাপায়।
দিলৱাৰে নিজৰ লগত নতুনকৈ ৰখা সন্তোষ, মুনিয়া, ৰিমা দিদি কোনেও নাজানে বেগমজানৰ প্ৰকৃত নাম বা ঠিকনা। কেতিয়াবা দিলৱাৰৰ
মাকলৈ খুউব মনত পৰে। তাৰ মাকে বৰ সোৱাদ লগাকৈ ৰান্ধিব জানিছিল। বৃহৎ যৌথ পৰিয়ালটো
সামৰি–সুতৰিও মানুহজনীয়ে দিলৱাৰক লৈ বিভিন্ন ডাক্তৰ কবিৰাজ
বেজ-ওজাৰ কাষলৈ দৌৰি ফুৰিছিল। দিলৱাৰক তাৰ আব্বাকে ঘিণ কৰিছিল। তেওঁ দিলৱাৰক
মাইকীমুৱা বুলি কৈ সদায় গালি পাৰিছিল, নতুবা দৰ্জা মাৰি ভিতৰত
সুমুৱাই থৈছিল। তাৰ আব্বাকৰ তাৰ প্ৰতি থকা ঘৃণা ইমানেই বেছি
আছিল যে কেতিয়াবা মদ খাই আহি তাক শোৱাৰ পৰা উঠাই লৈও গালিবৰ্ষণ কৰি ক্ষান্ত নহৈ
গোৰ শোধাইছিল। তাক বচাবলৈ আহি তাৰ মাকেও কেইবাদিনো চৰ-গোৰ খাবলগীয়া হৈছিল। শেষলৈ তাৰ মাককেই দেউতাকে নিতৌ
মাৰ-ধৰ কৰিবলৈ ধৰিছিল। মাকৰ কোটৰগত চকু, ক’লা পৰা গা দেখি দেখি তাৰ ডিঙিৰে ভাত নসৰকা হৈছিল। আৰু এদিন সি দেউতাকৰ
বিছনাৰ তুলিৰ তলত থকা সমস্ত টকা লৈ ঘৰৰ পৰা উধাও হৈছিল।
ঘৰৰ পৰা আহি বেগমজান হোৱালৈকে যিমানবোৰ
কষ্ট সি সহিলে, এতিয়া আৰু তাক কোনো কথাই টলাব নোৱৰা
হ’ল। এনেকৈয়ে এদিন সি সন্তোষ, দিগন্ত,
মুনিয়াৰ দৰে এজাকমানক পোহৰৰ বাট দেখুৱাব পৰা হ’ল। বস্তিৰ পৰা ওলাই আহি ভাড়া-ঘৰ লৈ থাকিব পৰাকৈ তাৰ উপাৰ্জন হ’ল। তাৰ উপাৰ্জন বঢ়াৰ পৰা তালৈ মানুহে ভয়ো কৰা হ’ল।
সি কেতিয়াবা কেতিয়াবা ভাবে, আচলতে সি কিন্নৰ নে এই সমাজখন কিন্নৰ? ট্ৰাক ড্ৰাইভাৰে ধৰ্ষণ কৰি কচুৱনিত পেলাই থৈ যোৱা বেগমজানক এতিয়া উপযাচি
মানুহে বিভিন্ন অনুষ্ঠানলৈ মাতে, তাৰ আশীৰ্বাদ বিচাৰে,
সদ্য জন্মা মৰমলগা কেচুৱাবোৰ তাৰ কোলাত তুলি দিয়ে, গৰ্ভৱতীয়ে তাৰ হাতখন সিহঁতৰ পেটত লগাই দিয়ে, ন কইনাই
হাত যোৰ কৰি তাৰ পৰা আশীৰ্বাদ বিচাৰে। এইখিনিয়ে আনক মতগৰ্বী কৰি পেলায়। এইবোৰে তাকো
অহংকাৰী কৰি তুলিব লাগিছিল। পিছে কচুৱনিত শৰীৰৰ এবখলা যন্ত্ৰণা এৰি অহা দিলৱাৰে
কলিজাৰ এবখলা এতিয়াও মাকৰ উচুপনিৰ পৰা নিলগাই আনিব পৰা নাই। মাক মৰিলনে জীয়াই আছে
তাকো নজনাকৈ দিলৱাৰে মাকৰ বাবে দোৱা মাগে। জীয়াই থাকিবলৈ আচলতে কি লাগে? এসাঁজ ভাত, এসাঁজ কাপোৰ নে পুৰুষৰ লিংগ নাৰীৰ যোনী?
এইখন সমাজত জীয়াই থাকিবলৈ ভাত- কাপোৰতকৈ দেখোন লিংগ আৰু যোনীৰহে
মূল্য অধিক। সেই কথা দিলৱাৰহঁতে বুজি পায়।
হতাশা আৰু অপৰাধবোধত কাতৰ হৈ এদিন
বেগমজানে নৈত জাঁপ দিবলৈ গ’ল। অস্থিৰ নদীৰ
পানীখিনিলৈ সেইদিনা সি বৰ ঈৰ্ষাৰে চালে। কিন্তু মৰিবলৈ তাৰ মন যোৱা নাই ।
দোধোৰ-মোধোৰ হৈ ইফালে- সিফালে চাওঁতেই সি গিৰিধৰ লেঙেৰাক দেখিলে। গিৰিধৰে নৈৰ পাৰত
বহি শুকান বুট চোবাই আছিল।
গিৰিধৰৰ চকুত কোনো ধৰণৰ আৱেগ নাই। চকুত এক অদ্ভুত চিকমিকনি।
হয়তো জোনাকৰ পোহৰো হ’ব পাৰে। বেগমজানক নৈৰ দলঙত কেইবাবাৰো অহা-যোৱা কৰা দেখিয়ে তাৰ
সন্দেহ হ’ল। সেয়ে সি লেঙেৰাই লেঙেৰাই আহি বেগমজানৰ ওচৰ
পালেহি।
: কি হ’ল বেগমজান? আজি কামানি ভাল নহ’ল
নেকি?
সি অলপ আদৰুৱাকৈ বেগমজানক মাত লগালে।
: নাই ৰে।
: তৌ তই ইয়াতে কি কৰিছ
আজি? তোকতো দলঙত অহা মই আগতে দেখা নাই।
: মৰিব আহিছোঁ ৰে’। কি
লাভ এই জীন্দগীৰ। কোনেও আমাক ভাল নাপায়। চবেই আমাক ভয় কৰে, ঘিণ
কৰে। যেন আমি কাৰবাৰ মাৰ্ডাৰ কৰিহে আহিছোঁ।
নিজৰ অজানিতেই কথা কৈ কৈ বেগমজানে
হাতেৰে তালি মাৰে। এইটো আজিকালি তাৰ অভ্যাসেই হৈ গৈছে। আগতে কেবল মানুহৰ আগতহে
এনেকৈ হাত-তালি বজাইছিল। আজিকালি যেতিয়াই তেতিয়াই বজাই।
: সেইকাৰণেই তই মৰিবি
নেকি?
: জীন্দা থকাৰ মোৰ আৰু
ইচ্ছা নাই।
: মোলৈ দেখিছনে তই?
ভৰি নোহোৱা মানুহ হৈও মই জীয়াই থকা নাইনে?
: তই পাৰ গিৰিধৰ। মই নোৱাৰোঁ। মোৰো মন যায় কাৰোবাক ভাল পাবলৈ। কাৰোবাক এবাৰ সাবটি ল’বলৈ, কাৰোবাৰ
বুকুত মূৰ থৈ টোপনি যাবলৈ। কিন্নৰৰো প্ৰেম হয় ৰে গিৰিধৰ। কিন্নৰৰো সপোন থাকে।
কিন্তু এই দুনীয়াই ভাবে আমি অকল ভিক্ষা কৰিবলৈ, অভিশাপ দিবলৈহে জীয়াই আছোঁ। আমাৰ অকণো ভেল্যু নাই ৰে।
: মইনো তহঁতৰ সপোন
নাথাকে বুলি কেতিয়া ক’লোঁ? মোৰো বহুত
সপোন আছিল।
: …
: মোকো এদিন কোনোবাই
প্ৰাণ ভৰি ভাল পাইছিল। আমি একেলগে থাকিবলৈ বহুত সপোন দেখিছিলোঁ। মই গাঁৱৰ পৰা তাইৰ
কাৰণেই মজদুৰি কৰিবলৈ ওলাই আহিছিলোঁ। কিন্তু সেই যে এদিন কোনোবা এখন গাড়ীয়ে মোৰ ভৰি
দুটা চেপি ভাঙি থৈ গ’ল চব শেষ হৈ গ’ল।
ভৰি দুটাৰ লগতে মই চব সপোন কাটি পেলালোঁ।
গিৰিধৰ লেঙেৰাৰো সপোন থাকিব পাৰে। কি
আচৰিত কথা। গিৰিধৰহঁতৰ নিচিনা মানুহো প্ৰেমত পৰিব পাৰে। এই মানুহবোৰে ক’ত লুকুৱাই থয় প্ৰেমেৰে
ভৰুণ গৈ থকা হৃদয়বোৰ? প্ৰেম থকা বুকুবোৰ কৰুণাত থাকে নেকি
দোঁ খাই ? নাজানে, নাজানে দিলৱাৰে।
মন্দিৰৰ বিগ্ৰহৰ সন্মূখত ভক্তিত দোঁ খোৱা মানুহবোৰেই প্ৰেমতো দোঁ খাই থাকে নেকি?
: গিৰিধৰ, তই গাঁৱলৈ তাইৰ ওচৰলৈ কিয় ঘূৰি নগ’লি?
: আৰে বেগমজান, হস্পিতালৰ পৰা তালৈকে যাবলৈ ওলাইছিলোঁ। পিছে মোৰ লগৰ হৰিকান্তই যেতিয়া ক’লে তাই মোৰ এক্সিডেণ্টত মৃত্যু হ’ল বুলি শুনি
বেলেগলৈ ছাদী হৈ গ’ল, মোৰ জীৱনৰ ওপৰতে বিশ্বাস হেৰাই গ’ল।
প্ৰতাৰণা, প্ৰতাৰণা। কেৱল
প্ৰতাৰণা। প্ৰতাৰণাত হেৰাই যায় প্ৰেমৰ সপোনবোৰ। একোটা অজহাত পালেই থানবান হৈ যায়
প্ৰেমৰ সৌধবোৰ। ভালপোৱাৰ প্ৰতাৰণা, যৌনতাৰ প্ৰতাৰণা, সন্তানৰ মমতা, জীয়াই থকা সকলোবোৰেই কেৱল প্ৰতাৰণা। এনেকৈ কিমানে চাগৈ হতাশা আৰু সপোনৰ লগত বুজাবুজি কৰি জীয়াই
আছে। কিমানে হেৰুৱাই পেলাইছে ভালপোৱাৰ প্ৰতি বিশ্বাস, প্ৰেমাস্পদৰ
প্ৰতি সন্মান। কিমানে জীৱনৰ মোহ এৰিছে। ভালপোৱা এনেকুৱাই নেকি? এপিঠিত আসক্তি, এপিঠিত প্ৰতাৰণা।
: তোৰ কাৰণে মোৰ বৰ বেয়া
লাগিছে ৰে’ গিৰিধৰ। ব’ল তোক ফুচকা খুৱাম।
উচুপি উঠে দিলৱাৰ। নাহ্, উচুপি উঠিছে বেগমজান।
দিলৱাৰৰ ভিতৰতো এগৰাকী নাৰী আছে বুলি সি ভাৱে। এগৰাকী নাৰীৰ যিবোৰ প্ৰয়োজন আছে,
সেই একেই প্ৰয়োজন সিও অনুভৱ কৰে। নাৰীৰ বাহ্যিক শৰীৰ এটা সিও জোৰ
জবৰদস্তি আয়ত্ত কৰি পেলাইছে, কিন্তু মানুহক কেনেকৈ বুজাব তাৰ
কলিজাখনো যে নাৰীৰ হৈ গৈছে। পুৰুষৰ প্ৰতি সি নাৰীৰ দৰেই আসক্তি অনুভৱ কৰে। নিজৰ
শাৰীৰিক অক্ষমতা বুজাৰ পিছতো নাৰীৰ দৰেই সংসাৰ এখন গঢ়াৰ সপোন দেখে।
: এই যে তই মোৰ প্ৰতি
সহানুভূতি দেখালি প্ৰেম তাতো থাকে। প্ৰেম মানেই একেলগে শুব লাগিব, একেলগে থাকিব লাগিব নহয়তো।
: আৰে এইটো প্ৰেম নহয়
ৰে’। তোৰ মন ভাল লগাবলৈ ফুচকা খুৱাম কৈছোঁ। বছ্ সিমানেই ৰে।
: চা বেগমজান, মই তোক কেৱল উদাহৰণহে দিছোঁ। ভালপাবলৈ প্ৰেমিক এটা
কিয় বিচাৰি ফুৰিছ, তই আশীৰ্বাদ দিয়া বাচ্ছাবোৰ, তোৰ আশীৰ্বাদত ছাদী কৰা ল’ৰা-ছোৱালীবোৰকো তই ভালপাব
পাৰ’। এইযে ফুটপাথত কান্দি থকা ৰীমা পাগলীৰ ল’ৰাটো তাকো তই ভালপাব পাৰ’। কাৰোবাক এক টাইম খানা
খুৱালেও তোৰ ভাল লাগেনে নাই কচোন? যিবোৰ কামে তোক অন্তৰৰ পৰা
তৃপ্তি দিয়ে ভালপোৱা তাতেই থাকে।
: লাগে লাগে। কিন্তু
ভালপোৱা সেইটো নহয়। ছাদী নকৰা ভালপোৱাবোৰ ভালপোৱা নহয়। পাপ হয়।
বেগমজানৰ কথাত এইবাৰ
গিৰিধৰে হোহোৱাই হাঁহি দিলে।
: বেগমজান, ভালপোৱা কি তই আচলতে নাজানই। তই যিজনক ভাল পাবি তেওঁৰ হাঁহিটো দেখিও তোৰ
ভাল লাগিব, তেওঁ সুখী হোৱা দেখিও তই সুখী হ’বি, তেওঁৰ উন্নতি দেখি তোৰ নিজৰ উন্নতি হোৱাৰ দৰে
লাগিব। কি জান বেগমজান, ভালপোৱা কি
বস্তু তই অনুভৱহে কৰিব পাৰিবি, বুজি নাপাৱ।
: তথাপি …, আমাক
এনেকৈও কোনেও ভাল নাপায় অ’। আমাক চাই আমাৰ মা- আব্বাও দেখোন
খুচ নহয়।
: চা বেগমজান, কেতিয়াবা মোৰ কি মন যায় জাননে?
: কি মন যায়?
: মোৰ কেতিয়াবা মাইকী
মানুহ এজনীৰ গাটো চুই চাবৰ মন যায়। তাইৰ পিয়াহত হাত ফুৰাই চাবৰ মন যায়। তাইৰ কোলাত
এবাৰ মূৰ থৈ শুই চাবৰ মন যায়। কিন্তু এই লেঙেৰাটোৰ মাজলৈ কেতিয়াওতো কোনো নাহে। মোক
কোনেও ভাল নাপাব। চবেই মোক দেখি কেৱল নাক কোঁচায়। তথাপি মই
মোৰ জীৱনটোক ভাল পাওঁ।
গিৰিধৰ আৱেগিক হৈ যায়। নাৰী আৰু পুৰুষত
মিলনক যৌনতা আৰু অশ্লীলতাৰ গোন্ধ পোৱা সমাজখনে প্ৰেমৰ কথাত নাক কোঁচায়। কিন্নৰৰ
প্ৰেমৰ কথা এইখন সমাজৰ পৰিপাকযন্ত্ৰত পচন নাযায়। অথচ পৰকীয়া প্ৰেম, অবৈধ প্ৰেমতো সমাজৰ
এচাম হাবু-ডাবু খায়। কিন্তু গিৰিধৰহঁতৰ দৰে সৰু মানুহৰ বাবে প্ৰেম-ভালপোৱা আৰু
ভাত-কাপোৰত কোনো বৈধ-অবৈধ, শ্লীল-অশ্লীল থাকিব নোৱাৰে।
সিহঁতৰ বাবে ভোকত ভাত, জাৰত কম্বল এখনেই মৌলিক প্ৰয়োজন।
ইয়াৰ পাছতো যদি মৰম-ভালপোৱা অলপ জীৱনত পোৱা যায়, তেনেহ’লে জীৱনটোৱেই বিলাসিতা হৈ যায়।
হঠাৎ বেগমজান আৱেগিক হৈ পৰে। এই
গিৰিধৰটোৰ অন্তৰখন তাৰ এবাৰ স্পৰ্শ কৰি চাবৰ মন যায়। ভালপোৱা বিচাৰি বিচাৰি জীৱন
যৌৱনৰ এছোৱা পাৰ কৰা বেগমজানে গিৰিধৰৰ মাজতেই প্ৰেমৰ সাগৰ এখন দেখা পায়। সেইখন
সাগৰত কিয় জানো তাৰ এবাৰ সাঁতুৰি চাবৰ মন যায়। সি গিৰিধৰক হঠাৎ সাবটি ধৰিলে। এক আচহুৱা আৱেগ আৰু আন্তৰিকতাৰে বেগমজানে গিৰিধৰক সাবটি থাকিল বহুপৰ। হঠাৎ বেগমজানে তাক ক’লে-
: তই মোৰ ভাড়াঘৰতে
থাকিবি আজিৰ পৰা।
বেগমজানৰ প্ৰতি তাৰ বুকুৰ অনুভৱ ভালপোৱা হয়নে নহয়। কিন্নৰৰ লগত জানোঁ প্ৰেম হ’ব পাৰে? আচৰিত লাগে। সমাজখনে বুবু-বাবা নকৰিবনে? জীয়াই
থাকিবলৈ আচলতে মানুহক কি লাগে ? প্ৰেমেৰেই মানুহ জীয়াই
থাকেনে? হয়তো থাকে। প্ৰেম নথকা হৃদয়বোৰেইতো এদিন প্ৰতিশোধ
আৰু প্ৰতিহিংসাত দগ্ধ হৈ ছাই হৈ পৰে। গিৰিধৰে দেখিছে, সৌৱা
নৈৰ দাঁতিত ফুলি থকা কাঞ্চন ফুলবোৰ ফাগুনৰ বতাহে উৰুৱাই আনি য’তে ত’তে সিঁচি পেলাইছে। সকলোতে এক বেঙুনীয়া বিষাদহে
যেন বিয়পি পৰিছে। পিছে গিৰিধৰে জানে এইয়া বিষাদৰ নহয় ভালপোৱাৰ হে ৰং।
: কিয় মাতিলি একেলগে
থাকিবলৈ ?
গিৰিধৰে লাহেকৈ মাত দিলে।
: এনেয়ে। পিছে মোৰ মাইকী
মানুহৰ নিচিনা বুকুত পিয়াহ নাই।
বেগমজানে গিৰিধৰক জোকাই নিজেও হাঁহিলে।
সিটো
নাজানে এয়া আচলতে ধেমালিৰ ছলেৰে সি কিমান কষ্টকৰ সত্য এটা কৈ পেলালে। কেতিয়াবা
এনেকুৱাই হয়। জীৱনৰ প্ৰতি মোহ শেষ হৈ পৰাৰ পাছতহে জীৱনৰ প্ৰেমত পৰা যায়। আজি
জীৱনটো এৰিবলৈ গৈ বেগমজানে নতুন জীৱন এটা লৈ ঘূৰি আহিল। সি ভাবিলে এয়াই কিজানি
প্ৰেম। জীৱনক নতুনকৈ সংজ্ঞা কেৱল প্ৰেমেহে দিব পাৰে। এতিয়া
বেগমজানৰ চকুত ৰীমা পাগলীৰ ল’ৰাটোৰ দৰে নিজৰো কেঁচুৱা এটা
ওমলাবলৈ নতুন সপোন এটাই পোখা মেলিবলৈ ধৰিছে। সন্তানৰ বাবে যোনী আৰু গৰ্ভও যে লাগে
বেগমজানে জানো জানে !
ঠিকনা :
তেজপুৰ, অসম
ভ্ৰাম্যভাষ – ৬০০২৯৪৮৯২৫
