মাধুৰ্য্য গোস্বামী

 

কেথাৰছিছ..কেথাৰছিছ..

৬০ কিলোমিটাৰ স্পীডত চলি থকা ডেৰশ
চিচিৰ (অঃ ছ
ৰী, ১৪৯ চিচি) এফ জেড্ বাইকখনৰ গতি ক্ৰমাৎ বাঢ়ি গৈ থাকিল,
৬৫… ৭০… ৮০… ৮৪…সমানে বাঢ়ি গৈ থাকিল তাৰ হৃৎপিণ্ডৰ গতি, ৭৩… ৭৫… ৭৭… ৮০..কেথাৰছিছ! এক্সিলেণ্ট নাম। সি এই নামেৰেই গল্পটো লিখিব।
বছ্! আৰু কোনো কথা নাই। সিদ্ধান্তটো লোৱাৰ লগে লগে তাৰ বাইকৰ গতি স্তিমিত হৈ আহিল
,
৭৯… ৭৩… ৬৭… ৬৩… আৰু সমান্তৰালভাৱে নিশাৰ পাৰাস্তম্ভৰ দৰে নামি আহিল
হৃৎপিণ্ডৰ ধপ্ ধপ্ গতি। পিছৰ ব্ৰেকডাল হেঁচুা মাৰি আৰু আগৰ ব্ৰেকডাল টানি ৰাস্তাৰ
কাষত সি বাইকখন ৰখালে। হে
ডলাইট অফ্ কৰি চাবিপাট পকাই ষ্টাৰ্ট বন্ধ কৰি পকেটৰপৰা
বাইলটো উলিয়ালে। কনটেক্ট লিষ্টত গৈ ষ্টাৰ, হেশ্ব আৰু এট দ্যা ৰেটৰ মাজত কৌশলেৰে ছেভ কৰি ৰখা নম্বৰটো ডায়েল কৰিলে। ক্ৰিং ক্ৰিংকৈ ফোনটো বাজি থাকিল। ট্ৰেইন এখন উকি মাৰি গলে যেনেকৈ
চৌপাশৰ সমস্ত শব্দ তল পৰি যায়
, ঠিক তেনেকৈ ক্ৰিং ক্ৰিং শব্দটোৱে হাইৱেৰ ট্ৰাক, ষ্টাৰবাছ, ট্ৰেভেলাৰৰ
শব্দক আওকাণ কৰি তাৰ কৰ্ণপটহত খুন্দিয়াই থাকিল। কেইটামান মুহূৰ্ত… তাৰ পাছত সকলো
অপেক্ষাৰ অন্ত পেলাই আনটো মূৰৰপৰা কণ্ঠস্বৰ এটা ভাহি আহিল
, ‘কোৱাঁ…
আৰু ঠিক এই শব্দটোৰ পাছতেই দুই ছেকেণ্ডমানৰ বাবে সমস্ত নিৰৱতা
পৃথিৱীলৈ নামি আহিল। নিৰৱতাই কঢ়িয়াই আনিলে বছৰ ধৰি আকুলতাৰে মতা মাতষাৰ
, পুৰণি অথচ নতুন।

  শুনাচোন, গল্প এটা লিখিম। এতিয়ালৈকে একো
ভবা নাই গল্পটোত কি লিখিম। কিন্তু নাম এটা ভাবিছোঁ। কেথাৰছিছ… কেনে হ
?’ সিপক্ষক সুযোগ নিদিয়াকৈ সি অনৰ্গলভাৱে কৈ গল।

 বঢ়িয়া। কিন্তু তুমি যিহে এলেহুৱা, কিবা
লিখিবা বুলি মোৰ মনে নকয়। ইমান অস্থিৰতা
, অশান্তি, খঙত থাকাঁ, ঠাণ্ডা মগজু নহলে
কেনেকৈ লিখিবা মই নাজানো। তথাপি তুমি কিবা এটা লিখালৈ মই ৰ
ম।
নহ
লে এদিন লিখিব নোৱাৰাৰ দোষ মোৰ গাতো পৰিব।

   হুঁ…

 ফোনটো কাটি সি কেই মূহূৰ্তমান তভক্
মাৰি ৰ
ল।
হওঁতে তেওঁ কথাটো মিছা কোৱা নাই। একাকিত্ব তাৰ বাবে আমনি নলগা
, নিঃসংগতাৰ প্ৰতি সি ভীতিহীন। যোৱা দুটা বছৰে এগালমান মানুহৰদ্বাৰা পৰিবেষ্টত
হৈ থকাৰ পাছত সি এতিয়া মানুহৰপৰা আঁতৰিবলৈ লৈছে। একাকী জীৱনত এতিয়া তেনেই কম সংখ্যক
মানুহ
, কেইজনমান ভাল বন্ধু আৰু তেওঁ।
 

ৰাতি ভাত খাই বটলত পানী ভৰাই আনি
দুৱাৰখন বন্ধ নকৰাকৈ সি দেউতাক শোৱালৈ অপেক্ষা কৰিলে। ঘৰৰ সকলো মানুহ শোৱাৰ পাছত
নিৰ্জন সময়খিনি তাৰ ভগাব নলগীয়াকৈ নিজৰ। অথচ নিজৰ এই সময়খিনিৰপৰাই সি যে কিমান সময়
তেওঁক দিলে! অকল দিলেইনে
? নাই নাই। ঠিক সিমানখিনি সময় সি তেওঁৰ জীৱনৰপৰা আনিলেও।
প্ৰায়েই সি তেওঁক কয়
, কোনোবাই তোমাৰ লেখা এটা পঢ়িলে তেওঁ
বেয়াই পাওক বা ভালেই পাওক
, তুমি অন্ততঃ
এই বুলিয়েই কৃতজ্ঞ হ
বা যে তেওঁ নিজৰ জীৱনৰ সময় খৰচ কৰি তোমাৰ
লেখা পঢ়িছে।

 বাইলৰ লকটো খুলি সি সময়টো চালে। এক
বাজিল। গোস্বামীদাই মেছেজ এটা দিছে। ক্ষিপ্ৰতাৰে ৰিপ্লাইটো টাইপ কৰি পঠিয়াই সি
বাহিৰলৈ ওলাই আহিল। নিৰ্জন সময়খিনি বুকু উজাই টানি ল
লে সি।পৃথিৱীৰ নিস্তব্ধতা
আৰু তাৰ শূন্যতা কোনোবাখিনিত একাকাৰ হৈ পৰিল। চাৰিটামান জোনাকী পৰুৱাই তেতিয়া
পিছফালখন পোহৰ কৰি তুলিছিল। জিলী আৰু উইচিৰিঙাৰ সন্মিলিত সুহুৰি এটা ক্ৰমাৎ ডাঙৰ
হৈ বন্ধ হৈ গ
, আকৌ ক্ৰমাৎ সৰুৰপৰা ডাঙৰ
হৈ আহিল। পুখুৰীৰ পাৰৰ বাৰীখনৰপৰা এজাক শিয়ালৰ মাতে নিৰ্জনতাখিনি কঁপাই তুলিলে। অলপ
পাছত নিমাওমাও… পুনৰ এটাই ৰাউচি জুৰিলে। লগে লগে সমস্বৰে আকৌ আটাইবোৰে… মেইন
ডেৰে সশব্দে তীব্ৰ বেগত বাইক এখন গল (কে টি এম নে ৰয়েল এনফিল্ড?)। পিছে পিছে গল ছাইৰেন বজাই এখন এম্বুলেঞ্চ।
ফিৰফিৰীয়া চেঁচা বতাহ এছাটিয়ে হু হু জয়াল সময়খিনিক মুখৰ কৰি তুলিলে। বাঁহনিৰ কেৰ্মেৰ
আৰু চেগুন পাতৰ খচ্মচ্ শব্দ মিলি এটা ঐক্যতান হ
ল। এই সমস্ত
প্ৰাকৃতিক অথবা কৃত্ৰিম
, বাঞ্ছিত অথবা অৱধাৰিত, মৃদু আৰু কৰ্কশ শব্দক মহতিয়াই কঁপাই গল এখন ডাম্পাৰ…

‘ৰাছিয়াই কালি সত্তৰটাৰো ওপৰত মিছাইল
মাচ্ছি। জেলেনস্কিয়ে চবফালে সহায় বিচ্ৰি আছে কিয়েভক ৰক্ষা কৰাৰ কাৰণে…।
 পুৱাই
পুৱাই দেউতাকৰ মুখত যুদ্ধৰ খবৰ শুনি শুনি সি থিন এৰ’ৰুট বিস্কুট এখন কাপৰ চাহখিনিত কেই ছেকেণ্ডমান ৰাখি উঠালে। এই সৰোঁ এই সৰোঁকৈ বিস্কুটৰ শুকান অংশৰ তলত ওলমি থকা ভিজাখিনি
মুখলৈ নিলে। যুদ্ধৰ খবৰৰ প্ৰতি তাৰ অনীহা নাই। কিন্তু তাৰ প্ৰভাৱ চবফালে যেনেকৈ
পৰে
, তাক
ভাবিলে তাৰ যুদ্ধৰ প্ৰতি বিতৃষ্ণা ওপজে। ইণ্ডিয়ান অয়লৰ ডিপোত যোৱা ডেৰমাহ ধৰি
পেট্ৰ
লৰ দাম ৯৭ টকা ১৮ পইচা। দহটকা বঢ়াই চাৰিটকা কমোৱাৰ
খেলখন খেলি খেলি অৱশেষত সেই দামটোত কিছুদিনৰ বাবে জুপুকা মাৰিলে। 
এ টি এমখান আৰু
প্ৰেছক্ৰিপচনখান টেবুলত থ
বি, মোৰ দেৰী
হৈছি
 বুলি কৈ সি গা ধুবলৈ গল।

কলেজৰ দীঘল বাৰাণ্ডাখনেদি বাঙ্ময়ে
সমগ্ৰ চৌপাশৰ প্ৰতি আওকণীয়া হৈয়ে খোজ ল
লে। এ থ্ৰীৰ ক্লাছলৈ গৈ সি এ ফৰত সোমাল। সোমাই গম পালে তাত ফিজিক্সৰ ক্লাছ আছে এতিয়া। তেতিয়াহে তাৰ
সম্বিত আহিল। দৌৰাদৌৰিকৈ আহি সি পুনৰ এ থ্ৰীত সোমাল। পঢ়ুৱাবলৈ অলপো মন নাই তাৰ।
ক্লাছটোও তাৰ নাছিল। আছিল বিশ্বৰ। বিশ্বৰ দেৰি হ
ব বুলি
কোৱাত আধাঘণ্টাৰ বাবে সোমাইছে সি। সোমোৱাৰ লগে লগেই ল
ৰা-ছোৱালীখিনিয়ে
থিয় হৈ গুড মৰ্নিং দিলে। সি সকলোকে বহিবলৈ দি নিজে কেই ছেকেণ্ডমানৰ বাবে স্থানু হৈ
ল। কি পঢ়ুৱাব সি? যোৱা দুদিনৰপৰা
আগ-গুৰি নোহোৱা গল্প এটা ঘুৰ্মূটিয়াই ফুৰিছে মনত। কেৱল এটা চকামকা কোনোফালে নিমিলা
প্ল
ট। আজি কাহিনীকে কব নেকি কিবা এটা?
এনেয়েও লৰা-ছোৱালীবোৰে সি পঢ়ুওৱাতকৈ কাহিনী কলেহে ভালপায়। কিন্ত তথাপি… ইমানো পালমৰা নাযায়। কিবা এটা ভাবি সি ডাঙৰকৈ
গলহেকাৰি মাৰি আৰম্ভ কৰিলে
তোমালোকে জানানে যে আমাৰ দেহটোৱে
আমাক অনবৰতে বচাই ৰাখিবলৈ চেষ্টা কৰে
?’ নাজানো ছাৰ…। আটায়ে
সমস্বৰে চিঞৰি উঠিল। সি কৈ গ
‘ধৰাঁ তুমি এনেকুৱা এজন লৰা বা ছোৱালী যিয়ে হয়তো জীৱনত স্কুলত
কেতিয়াও দৌৰ প্ৰতিযোগিতাতো ভাগ লৈ পোৱা নাই। তুমি সেই কাৰ্যটোত নিজক বেয়া বুলিয়েই
জানা। কিন্তু হ
ল কি, তুমি এদিন অচিনাকী মানুহ এঘৰলৈ গলা আৰু তেওঁলোকৰ নবন্ধাকৈ থকা জাৰ্মান
শ্বেফাৰ্ড কুকুৰটোৱে তোমাক কামুৰিবলৈ খেদি আহিল। তুমি কি কৰিবা
? দৌৰি নপলাবা জানো? কিন্তু তুমিতো দৌৰাত বেয়া আছিলা।
নহয় জানো
? কিন্তু যেতিয়াই তুমি বিপদৰ আগজাননী পাবা, তেতিয়াই তোমাৰ হৃৎপিণ্ডৰ গতি খৰ হ, ব্লাড প্ৰেছাৰ বাঢ়িব, চকুৰ মণি বিস্তৃত হব আৰু তুমি তেতিয়ালৈকে প্ৰাণপণে পলাবা যেতিয়ালৈকে বিপদ আঁতৰি নাযায়। আৰু
এয়া সম্ভৱ হয় এপিনেফ্ৰিন আৰু নৰএপিনেফ্ৰিন হ
ৰমনৰ বাবে, যাৰ কাম হল তিনিটা
এফ..
fright flight and fight…।’ যেনেতেনে আধাঘণ্টা কটাই সি
ওলাই আহিল। বাকীখিনি বিশ্বই কৰিব।

পানী কেইঢোকমান খাই সি হোৱাটছ এপটো
খুলিলে। কালি ৰাতি বাৰমান বজাত সি মামুনক মেছেজ এটা দিছিল। তাই ৰিপ্লাই দিছে
যেতিয়াই তুমি হাতখনত
ধৰিছিলা
, ভাব হৈছিল তুমি মোক চিৰদিন ৰক্ষা কৰিবা। কিন্তু মোৰ
ভুল আছিল। আফচোচ হয়
, জীৱনত কেইটামান নকৰিবলগীয়া ভুল কৰিলোঁ।
 ৰিপ্লাইটো পঢ়ি সি এগালমান কিবাকিবি টাইপ কৰিলে। তাৰ পাছত পঠিওৱাটো উচিত নহব বুলি আকৌ মচি দিলে। উঠি গৈ বেছিনত গালে-মুখে পানী ছটিয়ালে। এমাহৰ মূৰত
দিয়া মেছেজ এটাৰ ৰিপ্লাই তাক সোঁৱৰাবলৈ আহিল যে সি এটা ভুল সিদ্ধান্ত। এৰা!
অকালপক্ক হয়তো সিয়েই আছিল
, অথবা হয়। নহলেনো অসম্ভৱ কথাটোৰ বাবেও সি মাকক গৈ কয়নে, ছোৱালী
এজনী আছিল
, কিন্তু তহঁতক… থাওক। সি আৰু শব্দটো মুখলৈ আনিব
নুখুজিলে।

কমন ৰূমত সোমাই ধপ্কৈ চকীখনত বহি
বাইলটো আকৌ উলিয়ালে সি। খপ্জপ্কৈ কেথাৰছিছ শব্দটো টাইপ কৰি উঠি কিছুসময়… কেইটামান মূহূৰ্ত নিশ্চল হৈ ওপৰৰ ভেণ্টিলেটৰখনলৈ চাই থাকিল। তাৰ পাছত অনিশ্চিত
আগ-গুৰি নোহোৱা কোনোফালে নিমিলা জুমুঠি এটা পোন্ধৰ মিনিটমানত টাইপ কৰিলে।

ৰিদিপদা সোমাই আহিল। বোধহয় ক্লাছৰপৰা।
আহিয়েই সুধিলে
কি হা, কি লেইখছ’? ৰিদিপদা, এইখিনিৰে গল্প এটা বনাব পৰা যাবনে?দুই-তিনি মিনিটমানত চকু ফুৰাই তেওঁ ঘোষণা কৰিলেযাব, কেৱল ভালকৈ লিখা, একদম ৰ
হৈ আছে। তাৰ পাছত কৰবী বাইদেউলৈ চাই কলেই বাঙ্ময়ে ইমান ধুনীয়া লিখিব পাৰিলেহয় অলপ চেষ্টা কৰাহলে! অলপ লাজলগা বিধৰ কমপ্লিমেণ্ট। অথচ সি নিৰ্বিকাৰ হৈ ৰল। সি জানে তাৰ কেপাচিটি কিমান। সি নিজক নিলিখাটোৱেই বিচাৰে, অথচ সমস্ত হতাশা, উদ্বিগ্নতা, অস্থিৰতা
বাহিৰ কৰি দিবলৈ তাৰ কোনো উপায় নাই।

    সেইজোপা জুলিয়েট ৰজ নহয়নে? মই যে কাকপথাৰৰপৰা আনি দিছিলোঁ?’ 

       , সেইজোপাই, দেখিছা
কি ধুনীয়াকৈ ফুলিছে
’?
 

তাকেইতো বুলি কৈ বাঙ্ময়ে ফুলজোপা অলপপৰ
চাই থাকিল।
  তাৰ ফুলৰ বিষয়ে বিন্দুমাত্ৰও
জ্ঞান নাই বুলি ক
লেও ভুল নহব। কেৱল
অৰুণাচলৰপৰা উভতি আহোঁতে বাটতে নাৰ্চাৰী এখন পাই দেৱজিতদাৰ লগত সোমাইছিল। তাতেই
ফুলজোপা পচন্দ হ
ল। তেওঁৰ দীঘলীয়া পদূলিটোত জুলিয়েট ৰজ ফুলিব। ফুলে সোঁৱৰাব তাৰ কথা। কথাষাৰ ভাবি তাৰ ভাল লাগি গল…

সি যেতিয়া পুলিটো আনি দিছিল তেওঁ বৰ
আগ্ৰহেৰে লৈছিল। সন্ধিয়া চাহ খোৱাৰ পাছত তেওঁ তাক চাদলৈ লৈ গ
ল। ৰবৰ গছৰ ওপৰত তেতিয়া
জোনটো বৃত্ত এটা সম্পূৰ্ণ কৰি বহি আছিল। চাহগছবোৰত ছাঁ-পোহৰৰ মায়াময় খেল এখন আৰম্ভ
হৈছিল। কাষৰ এঘৰৰ চাদৰ ওপৰত থকা একমাত্ৰ ৰূমটোৰ ভেণ্টিলেটৰেৰে ধোঁৱা অকণ ওলাই
আহিছিল। বোধহয় চিগাৰেটৰ…। ৰাস্তাৰ কাষত থিয় হৈ থকা বগা আই টেনখনত জোনাকখিনি জমা হৈ
উজলি উঠিছিল।
আজি ৰাস-পূৰ্ণিমানভবাকৈয়েই
তাৰ মুখেৰে ওলাই গ
ল। 
হয় দেই, কম
মিলিছেনে আজিৰ দিনটো
 বুলি তেওঁ আহি সাবটি ধৰিলে। সৰু ছোৱালীৰ দৰে দৌৰি আহি সাবটি
ধৰা
, বহি থাকিলে পতকৈ আহি কোলাত উঠা, এইবোৰ
তেওঁৰ কেৱল তাৰ লগত হোৱা সংঘটন। বাঙ্ময়ৰ অলপ ধেমালি কৰিবলৈ মন গ
ল। জোকাবলৈকেই সি কলে, oh swear not by the
moon, the fickle moon, the inconsistent moon… 
সমানে নাটকীয় ভংগীত
তেৱোঁ ক
লেৰপৰা
মুখস্থ মাৰিলা জন গিলগাড (এইটো নামো তেওঁ তাৰ মুখতে শুনা)
? ‘ৰোমিঅ
এণ্ড জুলিয়েট, প্ৰিয়তমাতোৰ শ্বেক্সপীয়েৰৰ লেবেল শুনিব মন নাই। ৰেচিষ্ট মানুহ এটা। মাৰ্চেণ্ট অৱ
ভেনিচত চবকে ঠিকেঠাকে ইণ্ট্ৰ
কৰাই ছাইলকৰ ইণ্ট্ৰত চিধা কৈছে ছাইলক,দ্যা জিউ
এনে ধৰণৰ পাশুপাট তেওঁ তাৰ মুখ বন্ধ কৰিবলৈ সাজু ৰাখেই। টাইমত এৰি দিয়ে।

আলভাৰেজ উঠিব। ছেমিত ক্ৰৱেছিয়াৰ
বিপক্ষে দিয়া গ
ল দুটা চাই সি ভাবিলে। আৰ্জেণ্টিনা সদায়েই ফেভৰিট ফুটবলত। তাৰ পাছত ব্ৰাজিল। আৰু এই দুয়োটা দলৰ কোনোটোৱেই ফাইনেল নাপালে
তাৰ হিচাপ আৰম্ভ হয়
, কাক সমৰ্থন কৰিব, কেৱল জাৰ্মানীক বাদ দি। ফুটবল বিশ্বকাপ আৰম্ভ হোৱাৰ দিনাই সি স্পৰ্টছ
১৮ ছাবস্ক্ৰাইব কৰি থোৱা। খেল চাইছে মাত্ৰ পৰ্তুগালৰ কোৱাৰ্টাৰ ফাইনেলখন। কিন্তু
যেতিয়াই আৰ্জেণ্টিনা ছেমিত সোমাল
, জিঅচিনেমাত ডাটা এড্ অন ৰিচাৰ্জ কৰি হলেও ফুল এইচ্ ডি-ত
খেল চালে। ৰাতিপুৱা উঠিয়েই দেউতাকক ক
লে
জিকিল দে কালি আৰ্জেণ্টিনা। তিন গল দিছি
ক্ৰৱেছিয়াক।
’ দেউতাকেও অলপ আচৰিত যেন দেখুৱাই কলেতিন গলেই দিছি, দে ঠিকে আছে
দে। মেছি দিছিনা
? ‘দিছি পেনাল্টি এটা। কিন্তু বাকী গলো এছিষ্ট কচ্ছি। লাহেকৈ স্বস্তিৰ নিশ্বাস এৰি
দেউতাকে ক
লেদে ঠিকে আছে দে। মুঠতে
ফাইনেল খেলবো আৰ।

পিছদিনা ফ্ৰাঞ্চ-মৰক্কোৰ খেলো চালে সি।
মৰক্কোৱে দুটা খালে। গতিকে ফাইনেলত আৰ্জেণ্টিনা-ফ্ৰাঞ্চ। বঢ়িয়া বুলি শলাগি সি ৰাতি
আঢ়ৈ বজাত (ৰাতি
?) শুবলৈ গল।

ৰাতিপুৱা সাতমান বজাত এলাৰ্মৰ শব্দত
(যোৱা পাঁচমাহ সি ঠিক সাত বজাত এলাৰ্মৰ শব্দতেই উঠে। বোধহয় বায়
জিকেল ক্লকটোৱে তাৰ শোৱা সময়ৰ লগত মিলাবলৈ গৈ
থৰকাছুটি হেৰুৱাইছে) সি খপ্জপাই উঠি টেবল্ৰপৰা ম
’বাইলটো হাতত ললে। মামুনে ৰিপ্লাই দিছে।
প্ৰায় বাৰ-চৈধ্যটা মেছেজৰ পিছত ৰিপ্লাই। সিদিনা সি শুই যোৱাৰ পিছত তাই চাৰে
বাৰমান বজাত মেছেজ এটা দিছিল। ঠিক মেছেজ নহয়
, গানৰ লিংক এটা।
গানটো তাক গাবলৈ কৈছিল। সোণ-ৰূপেৰেও জুখি চাব নোৱাৰি… পাছদিনা কলেজৰপৰা আহি
চাৰিবাৰমান গানটো শুনাৰ পাছত সি গানটো গাই পঠিয়াইছিল। তাৰ লগতে মেছেজ এটা
, ‘ভাল নাপাবা শুনি। ভাল হোৱা নাই
 তাই ৰিপ্লাই দিছিল ধুনীয়া হৈছে, বহুত। থেংক য়ু তাৰ পাছত এয়া
বহু প্ৰতীক্ষিত মেছেজ এটা। চকু মোহাৰি হামিয়াই হামিয়াই সি পঢ়ি গ
, ‘যিটো হোৱাৰ সম্ভাৱনাই নাছিল তাক ভাবি কি লাভ।
এনেয়েও মোৰ ল
ৰাৰ প্ৰতি দুৰ্বলতাও নাই, ৰাপাগলতো নহয়েই (সি কি নাজানে!) বিয়া-বাৰু হবলৈকো
ইচ্ছা নাই। তুমিও এইবোৰ বাদ দি নিজৰ কাম কৰাঁ। চাকৰি এটাৰ কাৰণে চেষ্টা কৰাঁ। মোৰ
বহুত সমস্যা। এইবোৰ ভাবি থাকিবলৈ সময় নাই
… ।’ চকুপানী ওলাওঁ ওলাওঁ হল তাৰ। ধীৰে ধীৰে দুখখিনি খঙলৈ পৰিৱৰ্তন হল। ঘে…ও তোক আৰু মেছেজ নিদিওঁ বুলি সি কনভাৰচেছন-নম্বৰ চব ডিলিট কৰিলে।
পাছ মুহূৰ্ততে ভাবিলে
, ডিলিট কৰিলেও কিছুমান নম্বৰ পাহৰা
নাযায়!

   ঠিক এখনিমানত হবোয়ে। গম পাইছানা?
এখনিমানতে লাগছি সিদ্না কাইজা

দেউতাকে নৰ্থ-ইষ্টৰ পলিটিকেল মেপখনত
টাৱাঙৰ আশে-পাশে আঙুলিয়াই দেখুৱালে। মেপকেইখন সি কম্পিটিটিভ পৰীক্ষা দিবলৈ বুলি
কিনি অনা, কিছুদিন আগত। দেউতাকৰ কথাটো আওকাণ কৰিবলৈ মন নগ
ল বাঙ্ময়ৰ। কাৰ কাইজা
লাগিল এ
, সি সুধিলে। চীনা সৈন্যৰ
লগোত। পূৰা লাগি গেইছি। কম বদ্মাছ নহয় এহেঁত।
কথাখিনিত সি
ৰস পাই হাঁহিলে। 
তাকেতো, খালি ঢাহি-মুহি বেলেগৰ জাগা লবা লাগে, সিও সমানে তাল মিলালে।

 ৰাতিলৈ দুয়ো খেল চাবলৈ বহিল। ফাইনেল খেল এৰাৰ প্ৰশ্নই নাহে। দুয়ো আজি হাৰ্ডকৰ আৰ্জেণ্টিনাৰ ফেন। প্ৰথম হাফত
পাত্তাই পোৱা নাই ফ্ৰাঞ্চে। দুগ
ল খালেই। দ্বিতীয় হাফৰ আগত
তাৰ গা চোবালে। দেউতাকক ক
লে
যদি এটা
লো শুজিব পাৰে ফ্ৰাঞ্চে, তেন্তে গতি
বেয়া আছে।
 কম কুফা মুখনে তাৰ এইখন! গৈ গৈ আশী মিনিটৰ আগত নব্বৈ ছেকেণ্ডৰ ভিতৰতে
দুটা বেক টু বেক গ
ল খালে আৰ্জেণ্টিনাই। এক্সট্ৰা টাইমলৈ
৩-৩। শেষত গৈ টাইব্ৰেকাৰ। তাৰ মূৰ গৰম। টাইব্ৰেকাৰ চাবলৈ তাৰ সাহস নাই। ইফালে সি
ৰুটী বনোৱাৰো কথা আছিল। এঘাৰ বাজিলেই। তাৰ মতি-গতি দেখি উপায় নাপাই দেউতাকেই উঠি গ
ল। উত্তেজনাত তেতিয়ালৈ সি চকীৰপৰা উঠি দুবাৰমান পায়চাৰি কৰি বিছনাত
বহিছেগৈ…

প্ৰথমটো পেনাল্টি এমবাপেই মাৰিলে।
নিৰ্ঘাত গ
ল।
ইফালে মেছিয়েও প্ৰথমটো পেনাল্টি মাৰিলে। তাৰপিছত ফ্ৰাঞ্চৰ বেক টু বেক দুটা মিছ।
মেছিৰ পাছত দি
বালা, পেৰিডিছ, মণ্টিয়েলে এটাও মিছ নকৰাকৈ গল দিলে। পাঁচটালৈ নগলেই। উত্তেজনাত সি জপিয়াই দিলে। উফ্ !! ২০১৪ চনৰ ফাইনেল জিকিব নোৱাৰাৰ
দুখটো যেন আজিহে পাতলিল!

পুৱাই পুৱাই অভিৰ মেছেজ, ‘কেইদিনমান ছুটী মাৰি
নাহে কিয়
? কিমান আৰু হাজিৰা কৰি থাকিব।হাজিৰা শব্দটো দেখি তাৰ হাঁহি উঠি গল।
গতানুগতিকতানো কাৰ ভাল লাগে! ছুটী এটা ল
বলৈকো দহবাৰ
ভাবিব লগা
, বন্ধ এটাৰ বাবেও হামৰাও কাঢ়িবলগীয়া জীৱন তাৰ
কাম্যও নাছিল। অথচ সেয়েই হ
ল। কিছুদিনৰ বাবে ছুটী লৈ সি
উজনিলৈ ফুৰিবলৈ যোৱা কথা আছিল। ভিনিহিয়েকেও মাতিছিল। নহ
,
নিদিলে ছুটী। অলস দুপৰীয়াটোত গোমোঠা মাৰি সি তাকেই ভাবি থাকিল। কমন
ৰূমটোত মানুহে গিজগিজাই থাকে। কেতিয়াবা সি ওচৰৰ ৰূমটোলৈ গুচি আহে। তিনিটা
ডিপাৰ্টমেণ্ট
, ডাঙৰ টেবল্ এখন চাৰিজনে শ্বেয়াৰ কৰে। নিজৰ
টেবল্ এখন নাথাকিলে তাৰ আইডেণ্টিটি নোহোৱা মানুহ যেন লাগে।
 

ক্লাছ তিনিটা আছিল তাৰ। কৰি উঠি চাহ
খালে। ৰজনীগন্ধা কিনিবলৈকো এবাৰ উঠি গ
ল। পুলুং-পালাং কৰি যেনেতেনে সময়খিনি
কটাই চাৰে তিনিবজাত হোটেলত গৈ ৰিদিপদাৰ লগত ভাত খালে। তাৰ পাছত ঘৰলৈ আহিল। অলপ শুই
কলৈ ওলাই গল। চাহ একাপ খালে,
পাণ এটা খালে আৰু উভতিল। প্ৰায় এনেকুৱাই হয়। চকত আড্ডা নামাৰে সি, কাকো বিচাৰিও নাপায় যাৰ সৈতে
আড্ডা দিব পাৰি।

ৰাতি ভাত খাই সি নিজৰ নিৰ্জন, একাকী পৃথিৱীখনত সোমাই
পৰিল। গল্পটোৰ জুমুঠিটো বহলাবলৈ ক
ত কি যোগ দিব এফালৰপৰা
ভাবি গ
ল। কিছু যোগ দিয়াৰ পিছত সি কোনোফালে মিলাব নোৱাৰা হল। উদ্দেশ্যবিহীন গল্প এটা মগজুত ঘুৰ্মুটিয়াই ফুৰিলে। এই অস্বস্তিকৰ-মগজু
গোট মাৰি যোৱা মুহূৰ্তখিনি কেৱল তেওঁৰ সৈতেহে ভগাই ল
বপৰা
যায়। আজি দিনটোত তেওঁৰ লগত এবাৰো কথা হোৱা নাই। ভবাৰ প্ৰায় লগে লগেই তেওঁৰ কনভাৰচে
শ্বনটো চিৰাচৰিতভাৱে খোলা গ,
তাৰ আধালিখা (হয় জানো? জুমুঠিহে) গল্পৰ ৰূপ
ধাৰণ কৰিব নোখোজা কথাখিনি ফ
’ৰৱাৰ্ড হৈ গল। তাৰ পিছে পিছে গল তাৰ সীমাহীন আব্দাৰৰ তিনি-চাৰিটা মেছেজ। মেছেজ ছীন… তাৰমানে তেওঁ শোৱা
নাই। বঢ়িয়া! আৰু অলপ জোকোৱা যাওক বুলি সি পুনৰ কেইটামান মেছেজ এৰিলে। ইমানখিনিৰ
পাছত তেওঁ গহীন হৈ ক
লে যে তাৰ জুমুঠিটো
তেওঁ চাই দিব নোৱাৰে।
 কিয়? কিয় নোৱাৰাঁতাৰ গাটো জ্বলি উঠিছিল তেতিয়ালৈ। অমুকৰ গোটেই প্ৰবন্ধ সংকলনৰ পাণ্ডুলিপি
চাই দিলা
, অমুকৰ উপন্যাস চাই দিলা, তমুকৰ
কালিও গল্প এটা চাই দিছা…।
’ অঁ দিছোঁ, কিন্তু তোমাৰ নোৱাৰোঁ। মন
নাই চাবলে। তুমিওতো মোক একো চাই দিয়া নাই। আৰু এতিয়া এই ৰাতিখন অসুবিধা নিদিবা…।
 তাৰ কাণ-মূৰ গৰম হৈ আহিল। খঙত চকু চলচলীয়া হৈ গল। কিবা কওঁ বুলি আকৌ লিখিবলৈ লৈ দেখে সি ব্লকড্..!! খঙে-দুখে মবাইলটো বিছনাত দলিয়াই দিলে
সি।

ৰাতিটো সি বিছনাত ছটফটাই থাকিল। পুৱা কলেজলৈ গল।
কাৰো লগত সি এষাৰ কথাও নাপাতিলে। মাজতে এজনীয়ে আহি সুধিলেও কি হ

বুলি। একো নাই
, অলপ গা বেয়া বুলি সামৰি থলে। সি নিস্তেজ-নিথৰ মানুহ এজনৰ দৰে দিনটো কটালে। চকলৈকো
নগ
ল গধূলি… ৰাতি বাৰমান বজাত গোস্বামীদাৰ মেছেজ এটা আহিল
তে গহয়, খানা এটা হবা
লাগছিল।
 ৰিপ্লাই দিবলৈ মন নাছিল, কিন্তু বেয়া পাব বুলি সি কৈ
লে, 
বো দক। শনিবাৰে খাম নেক্সট্। ফোনটো তাতে এৰি পিছফালৰ লাইটটো জ্বলাই সি বাহিৰলৈ গল। ইমান
অকলশৰীয়া
, উদাস তাৰ কেতিয়াও লগা নাছিল। হেঁচা মাৰি ধৰা
দুখটোৱে তাক শক্তিহীন জীৱ এটাৰ দৰে কাবু কৰি পেলালে।
      

দুঃসময় এখিনি তেওঁৰ সৈতে
ভগাই লৈছিল বাঙ্ময়ে। কি অস্থিৰতা
, অস্বস্তিত তাৰ সময়বোৰ গৈছে
সেয়া তেওঁ জানিও আওকাণ কৰি থাকিল। কিহৰ বাবে
? নিৰ্দোষী
ছোৱালী এজনীৰ বাবে
? নে তাৰ ভুল…ওহোঁ
সি এই 
মুহূৰ্তত একোৱেই ভুল বুলি নাভাবিলে। কিন্তু তেওঁৰ আনৰ
প্ৰতি গুৰুত্ব আৰু তাৰ প্ৰতি গুৰুত্বহীনতা এটা পূৰ্বপৰিকল্পিত ষড়যন্ত্ৰ বুলিয়েই
ভাবি ল
লে। অথচ তাৰ এই দোদুল্যমান সময়ৰ কথা সি কাকো কবও নোৱাৰে।

সি সিদ্ধান্ত ললে, গল্পটো সি লিখিব। কাকো কেতিয়াও কব নোৱাৰা কথাৰেই
গল্পটো হ
বগৈ। দীঘল উশাহ এটাই তাৰ সিদ্ধান্তটো দৃঢ়তৰ কৰি
তুলিলে। চাৰিটামান জোনাকী পৰুৱাই তেতিয়া পিছফালখন পোহৰাই তুলিছিল। পৃথিৱীৰ
নিস্তব্ধতা আৰু তাৰ শূন্যতা ক
ৰবাত একাকাৰ হৈ পৰিল। জিলী আৰু
উঁইচিৰিঙাৰ সন্মিলিত সুহুৰি এটা ক্ৰমাৎ ডাঙৰ হৈ বন্ধ হ
,
আকৌ ক্ৰমাৎ সৰুৰপৰা ডাঙৰ হৈ আহিল। পুখুৰীৰ কাষৰ বাৰীখনৰপৰা এজাক শিয়ালৰ মাতে নিৰ্জনতাখিনি কঁপাই তুলিলে। অলপ পাছত নিমাওমাও সকলো, পুনৰ এটাই ৰাউচি জুৰিলে। লগে লগে সমস্বৰে আকৌ আটাইবোৰে… মেইন ৰ
ডেৰে সশব্দে
তীব্ৰবেগত বাইক এখন গ
ল (কে টি এম নে ৰয়েল এনফিল্ড? ভাবিবলৈ মন নগল তাৰ)। পিছে পিছে গল ছাইৰেণ বজাই এখন এম্বুলেঞ্চ। ফিৰফিৰীয়া বতাহ এছাটিয়ে হু হু জয়াল
সময়খিনিক মুখৰ কৰি তুলিলে। বাঁহনিৰ কেৰ্মেৰ আৰু চেগুনপাতৰ শব্দ মিলি এটা ঐক্যতান
ল। এই সমস্ত প্ৰাকৃতিক অথবা কৃত্ৰিম, বাঞ্ছিত অথবা অৱধাৰিত, মৃদু আৰু কৰ্কশ শব্দক মহতিয়াই
কঁপাই গ
ল এখন ডাম্পাৰ…

 

ভ্ৰাম্যভাষ – ৯৫৭৭৯২৫৩৬২