এখন চহৰৰ বুকুত

 প্ৰতীক্ষা বৰা

কোঠাটোত এখনেই খিৰিকী। খিৰিকীৰ ইপাৰে
মুকলি আকাশখন দেখা পাম আৰু দুপৰৰ ৰ
দছেৰেঙা লৈ
লিখা-পঢ়া কৰিম বুলি মানুহটোৱে ঘৰটো লৈছিল
, এবছৰ নৌ হওঁতেই সেইকণত দোপতদোপে নতুন ফ্লৰ এটা গজি উঠিল। এতিয়া আকাশৰ নামমাত্ৰও দেখা পোৱা নাযায়।
পোন ৰ
চেৰেঙাও আগৰ দৰে
নোসোমায়
, দিনৰাতিৰ তফাৎটো গমিব পৰাকৈহে
সোমায়।
 

জাৰত ঠেৰেঙা লাগিবলৈ আৰু জহত ঘামি
জুৰুলি জুপুৰি হ
বলৈ সেই ঘৰটো
উৎকৃষ্ট হৈ উঠিল
, ভিতৰখনো কিবা ভেঁকুৰ
ভেঁকুৰ গোন্ধায়
, চাফ চিকুণৰ নামত
সঁচ নাই। কাগজ
পত্ৰ, আচবাব পাতিৰ ওপৰত
মোটা ধূলিৰ চামনি। বিছনাচাদৰ নতুনকৈ পৰাৰ অথবা সলোৱাৰ নাম
গোন্ধ নাই, লৈ লৈ গাৰ মলিৰ ৰং লগা মদৰুৱা বৰণৰ ব্লেংকেট দুখনো সেই
ৰাতিপুৱা পাটী এৰাৰ পৰা ৰাতি শুবলৈ লোৱালৈকে একেটা ভাঁজতেই ৰৈ যায়। আৰু বাথৰুমটো
? ছিঃ! কলা কলা কিবা যে পৰি থাকে, কিয়েইবা সেইবোৰ। সেই লেতেৰা পকাতেই থুকুচি থুকুচি
মানুহটোৱে তাৰ পিন্ধা কাপোৰবোৰ ধোৱে। কমদটোত দুমাহ আগতে কৰা পায়খানাৰ দাগ চফা
কৰাই হোৱা নাই
, তাতেই কলা কলা ভেঁকুৰ গজি
যায়।

: “ই আগতে এনেকুৱা
নাছিল
, ঘৈণীয়েকে এৰি
যোৱাৰ পৰা এনেকুৱা হ
ল।”

: “ঘৈণীয়েকেনো কিয়
এৰি গ
?”

: “তাৰ লুতুৰা
স্বভাৱটোৰ কাৰণে।”
 

খোলা খিৰিকীখনৰ কাষতে ইপাৰলৈ আমি
দুজনী বহি থাকোঁ। আমাৰ সন্মুখত নতুনকৈ গঢ় লৈ উঠা বৃহৎ দালানটো। বেলকনিত মাইকী
মানুহ এজনীয়ে চুলি শুকুৱাবলৈ আহে। শাৰীৰ আগটো কঁকালত খোঁচ মাৰি তাই টাৱেলখন চুলিত
পাক মাৰি লৈ ৰচীডালত এফালৰপৰা কাপোৰ মেলি যায়। ৰং
বিৰঙী ছিফনৰ শাৰী এখন ধুই তাই ৰচীডালত বহলাই মেলি
দিয়ে ‘‘শাৰীৰ পৰা নিৰ্গত হোৱা খৰিকাজাঁইৰ সুগন্ধিযুক্ত ছাৰ্ফৰ গোন্ধটো আমি
ইয়ালৈকে পাওঁ।

দীঘল চুলিখিনি মেলি ধৰি তাই বতাহত
শুকুৱাই থাকে। তাইক চাই থাকোঁতে মোৰ দীদাৰগঞ্জৰ যক্ষিনীজনীলৈ মনত পৰি যায়।
যক্ষিনীক মই
পাৰফেক্টনেদেখোঁ এলিয়েন কেৰেক্টাৰ এটালৈ মনত পৰি যায়। মোৰ চকুৰ আগত থকাজনী
যক্ষিনী নহয়
, কিন্তু হোৱাৰ থল
আছে। এইৰ নিপোটল বুকুত মোহাৰ এটা মাৰি যাবলৈ মোৰেই নাৰীমন উ
ক্‌মুকাই উঠিল।

: আপীটো থৌগা আছে।
ছেক্সী।

: য়াপ

: I would kiss her boobs.

: ব্লাউজৰ সেইকণ যে তিতি আছে, চুলিয়ে তিয়াইছে নে গাখীৰে বাৰু? এইজনী মেৰিড হয়। নট আপী, বোৱাৰী।

তাৰ পাছত তাই মোক চকুৰ ঠাঁৰেৰে
মানুহটোক চাবলৈ ক
লে।

বিড়ি এটা কামুৰি ধৰি সি বেলকনিৰ
মানুহজনীলৈকে চাই আছিল। মানুহজনীয়েও তাক দেখি হাঁহি এটা মাৰি ভিতৰলৈ সোমাই গ
ল।

: “তোমালোকে আজিও একো
নোখোৱাঁ নেকি
?”

: “নাই নাই আমি আহোঁতে
বাটত খায়েই আহিছোঁ। “

: “চাহ একাপকে খাই
যোৱাঁ। কমলা টেঙাৰ চাহ। পকৰিৰ বেটাৰ এটা কৰি থৈছিলোঁ ভাজি দিওঁ।”

: নাই নাই প্লিজ আমাৰ
বাবে আপুনি ইমান কষ্ট কৰিব নেলাগে।”

মানুহটোৱে জোৰ নকৰে। জানেই, সেই লেতেৰা পাকঘৰটোৰ পৰা পানী এগিলাছ আনি যাচি দিলেও
কোনোবাই নেখাব। সোধাখিনি সৌজন্যমূলক।

অথবা তেওঁ সঁচাকৈয়ে এজন খোৱাৰ সংগী
বিচাৰি ফুৰিছে নেকি
, কোনেনো জানে?

কিবা এটা ভাবি আমি লগত চকলেট তিনিটা
লৈ যাওঁ। তাৰে এটা মানুহটোক খাবলৈ দিওঁ। একেলগে বহি চকলেট খাই আমি দালানটোৰ মূৰৰ
ফালে কোনোমতে ওলাই থকা এবেগেতীয়া আকাশখনলৈকে চাই থাকোঁ।

আমাৰ কামটো নোহোৱালৈকে আমি এই ঘৰটোলৈ
আহি থাকিব লাগিব। গতিকে এডজাষ্টমেণ্টবোৰ নিজ নিজ অনুসৰি কৰি লৈছোঁ।
 

কেতিয়াবা ভাবোঁ হাতত দুইতিনিটা দিন লৈ ঘৰটো চাফা কৰি দিওঁ।
কিন্তু দুই তিনিদিনত এইটো ঘৰ
চাফা নহয়। অকল কাপোৰবোৰ ধুবলৈকে দুটা দিন লাগিব। এই বৃহদাকাৰ
বিছনা চাদৰ
, টেবুল ক্লথ, লং পেণ্ট, ছাৰ্ট, পৰ্দাৰ কাপোৰ ধোৱাটোও জানো কম কথা! ৱাছিং মেছিন এটাও নাই, ধুব লাগিব সেই বাথৰুমটোতেই। তাৰ আগতে সেই গেলা বাৰুমটো চাফা কৰিব লাগিব।

ভাবিলেই পেটটো পাক মাৰি ধৰে। মানুহ
এনেকুৱা এটা পৰ্যায়লৈ কেনেদৰে গুচি যাব পাৰে! ঘৈণীয়েকে এৰক অথবা দেৱতায়েই এৰক।

: “ওচৰত ধোবা নাই নেকি?”

: “সুধিছিলোঁ। বহুত
টকা লাগিব সেইসোপা ধুৱাবলৈ। গুৱাহাটীৰ পৰা বাইদেউ আহিলেহে যদি ঘৰটোৰ কিবা এটা হয়৷”

যিটো কামৰ বাবে আমি ঘনাই মানুহটোৰ
ওচৰলৈ আহি থাকিব লগীয়া হৈছে
, সেই কামটো অলপ দীঘলীয়া। দুই এদিনতে হৈ উঠা ধৰণৰ নহয়, পিহি থাকিব লাগে। অত তত গৈ থাকিব
লাগে
, কিতাপ এগাল গোটাই
পঢ়ি থাকিব লাগে
, ইজনসিজনৰ পৰা ছাজ্যেশ্যন গোটাই
ফুৰিবও লগীয়া হয়।

এদিন পিৰিয়ডছ পেইন বেছি হোৱাৰ বাবে
লগৰজনী আহিব নোৱাৰিলে৷ মই যেনিবা সেইদিনা নগ
লে নহয়, ‘ৰেফাৰেঞ্চবৰ বাবে কিতাপ এখিনি মানুহটোৰ পৰা আনবগৈ লাগে৷ এক সন্মোহনে মোক সেইদিনা টানি নিছিল বুলি
লেও হয়তো ভুল কোৱা নহব। তাৰ বিষয়ে ইমানবোৰ কথা শুনাৰ পাছতো, লেতেৰা ঘৰটোৰ চুককোণবোৰ দেখিলে ওকালি অহাৰ পাছতো মই সেই ঠাইলৈকে ঢাপলি
মেলোঁ। প্ৰেমতো দূৰ দূৰণিলৈকে হোৱাৰ প্ৰশ্ন নুঠে
, এইটো মানুহৰ লগত ৰোমাণ্টিক সম্পৰ্ক স্থাপন কৰাতকৈ মৰি যোৱাই
ভাল। একসপ্তাহ আগতে মই তাৰ ছোফাৰ তলৰপৰা চাৰিটা ডিউৰেক্স কণ্ডমৰ পেকেট উদ্ধাৰ
কৰিছোঁ। ছেপিঅ
ছেক্সুৱেল মই নোহোৱা
নহয়
, কিন্তু তাৰ তীব্ৰতা ইমানো নহয় যে
বাকীবোৰ কথাক আওকাণ কৰিম। আৰু ছেপিঅ
ছেক্সুৱেলিটোনো কি, সহপাঠী এজনে
ইংৰাজীতে সুন্দৰকৈ বুজাইছিল
; “Sapiosexuality is more of a
curiosity to understand a excuisite mind, to be at par with another remarkable
mind. However such persons also are learner. They learn and acquire until it is
not exciting any more. It is like taming a tiger but when the tiger is timid it
is not attractive any more.”
ছেপিঅছেক্সুৱেলিটী বাঘ এটা বশ কৰিব খোজাৰ দৰে, বশ কৰিব নোৱাৰালৈকেহে তাৰ প্ৰতি আকৰ্ষণ থাকে।

তেনেহলে এই যে উৎসুকতা আৰু উছাহ বান্ধি মই ঢাপলি মেলিছোঁ, ইও কি ছেপিঅছেক্সুৱেলিটিৰে অন্তৰ্গত?

ব পাৰে। হোৱাটোনো কি ডাঙৰ কথা৷

নোহোৱাটোহে সম্ভাব্য বিপদৰ কথা।

 

(ঘটনাকাল ২০২২-ৰ
পাছত হোৱা হ
লে কিজানি মই নগলোহেঁতেন তেনেদৰে। আফটাব পুনাৱালাই প্ৰেয়সীক ৩৫ টুকুৰাত
কাটি পেলোৱাৰ ঘটনা প্ৰচাৰৰ পাছত একালত নিজে কৰি থোৱা কাণ্ডবোৰৰ কথা ভাবিলে মোৰ গা
শিঁয়ৰি উঠে। মন গলেই আগপিছ নাভাবি কৰবালৈ ঢাপলি মেলা, মানুহক সহজতে বিশ্বাসত লোৱা স্বভাৱটোৱে মোক অত্যধিক বিপদত যে নেপেলালে তাৰ বাবে ঈশ্বৰক
ধন্যবাদ জনাওঁ।)

 

সিফালে গৈ পায় দেখোঁ, ঘৰ-দুৱাৰ, কানি-কাপোৰ চাফ-চিকুণ হৈ টিপ-টপ বনি আছে। পানীৰ বটলত নতুন পানী, ফুলদানিত নতুন ফুল, কিতাপবহীৰ জাপ, পঢ়া মেজ ছিজিল, কাঁহী, বাচন, গেছ বাৰ্নাৰ চিক্‌চাক, কমদছিংক চাফা, মেজত দম বন্ধা বিড়ি-ছিগাৰেটৰ আগবোৰ নাই, এসপ্তাহতে ঘৰ
জিলিকি উঠিল। কি কাৰবাৰ! গুৱাহাটীত থকা বায়েকজনী আছেহি ছাগৈ।

নহয়, ওচৰৰ নীলিমাহে আহিছিল। আহিয়েই ঘৰৰ অৱস্থা দেখি কামত লাগি গল। এক্ষন্তেকো নৰলেই।

নীলিমা কোন মই ভাবি থাকিলোঁ। আমাৰ
ছেক্সী যক্ষিনীজনী নহয়তো!

একাডেমিক কামখিনিৰ আঁত ধৰিয়েই বহলেপথালিয়েদীঘলে কেওপিনৰ পৰা গভীৰলৈ কথা গল সেইদিনা। মেংগ’ ফ্ৰুটিৰ পেকেট এটাৰপৰা সৰু পাইপডালেৰে
চুহি চুহি
, মাজে মাজে দালানৰ
ওপৰৰ এবেগেতীয়া আকাশখনলৈ দৃষ্টি নিক্ষেপ কৰি।


: তই কিমান কান্দ? দিনটোত এবাৰ হলেও কান্দনে?

: সদায় নাকান্দোঁ।
বিশেষকৈ ৰাতি শোৱাৰ আগে আগে এসোঁতা কন্দা হয়।

: মইতো যেতিয়াই মন
যায় দুৱাৰ বন্ধ কৰি হাও হাওকৈ কান্দোঁ। আনে শুনক বা নুশুনক কেছ নাই। কেতিয়াবা
মন গ
লে অফিচ ৰূমৰ দৰজা
বন্ধ কৰিও কান্দোঁ। ৱাছৰূমত যে কেইবাৰ কান্দি পাইছোঁ হিচাপ নাই। এই যে কন্দাটো
, ইয়েই মোক জীয়াই ৰাখিছে। কান্দিব পৰালৈকে মোক পাপে চুব
নোৱাৰে বুলি মই মানি লৈছোঁ
, অৰ্থাৎ মই নৰ্মেল, গোট মানুহ এটা।

: কান্দিব নোৱাৰা ছ’চিঅপাথবোৰো টেক্‌নিকেলি মানুহে

: অঁ, মানে মই সেইটো হৈ উঠাগৈ নাই।

আচলতে মই মানুহটো, ঠিক এনেকুৱা হব নালাগিছিল। আমি শংকৰী মানুহ আছিলোঁ, পুৱা ‘গধূলি শ্ৰৱণ কীৰ্ত্তনেৰে মুখৰিত হৈ থাকিছিল আমাৰ
ঘৰখন। সাংঘাটিক নিয়মত থকা ঘৰ। আইতাই খুব শুৱলাকৈ নাম লগাব পাৰিছিল
, নামঘৰৰ মূল নামতী আছিল আমাৰ আইতা। বছৰৰ প্ৰথম হুঁচৰিজোৰা, বৃহস্পতিবাৰৰ পাঠভাগ আমাৰ ঘৰৰ পৰাই আৰম্ভ হয় ‘‘ভাওনা
সবাহতো আমাৰ ঘৰখন আগৰণুৱা
”, আমাৰ ঘৰৰ মানুহক কিবা বাব এটা দিবই। ময়ো ভাওনা কৰিছিলোঁ
সৰু হৈ থাকোঁতে। এতিয়া যে তয়ে ময়ে কথা পাতি আছোঁ
, আমাৰ দেউতাই চাগৈ সান্ধ্যপ্ৰাৰ্থনাৰ হকে গোঁসাইঘৰত সোমোৱাৰ যোজা কৰিছেই। হাতত ষ্টীলৰ গিলাছ
এটা লৈ যায়
, তাত ফিল্টাৰৰ পানী
থাকে। মনিকূটৰ থাপনাভাগ মচে সেই পানীৰে। গোঁসাইঘৰৰ পৰা ওলাই আহিলে সেই পানীৰ পৰাই
আমাক এচলু এচলু খাবলৈ দিয়ে। উফ্‌ অমৃতৰ দৰে সোৱাদ বুইছনে। সেই সোৱাদ পৃথিৱীৰ কোনো
পানীতে পাবলৈ নাই
, সাইলাখ অমৃত।

: ৱাও! 

: মই ঘিটমিটিয়া কলা বৰণৰ লৰা এটা
আছিলোঁ। ‘‘আমাৰ ঘৰৰ গোটেইবোৰ ওখ
পাখ, গাৰ ৰংবোৰ বগা। মোক প্ৰথমতে কলীয়া
গোঁসাই ওপজিল বুলি মৰমেই কৰিছিল
, পাছত যেতিয়া অলপ ডাঙৰ হলত
অনাকৰ্ষণীয়
, পঁয়া লগা চেহেৰাটো ওলাই পৰিল, গোটেইমখাই লেই লেই চেই চেই কৰিবলৈ ধৰিলে। মাদেউতাক কথা শুনায়, বাইদেউভণ্টিহঁতৰ ওচৰত গৈ ৰলে হীনমন্যতাবোধে কোঙা কৰি পেলায়, লগৰ ছোৱালীবোৰৰ চকুত নপৰোঁ, প্ৰেমপত্ৰবোৰ আমালৈ নাহে, বল খেলিবলৈও গাত শক্তি নাই, ভাওনানাটকবোৰত সদায় বহুৱাৰ চৰিত্ৰটো আমালৈ পৰে। এতেকে মই প্লেন
এটা বনালোঁ
, চব বাদ দি পঢ়া-শুনাত মনোযোগ দিবলৈ ধৰিলোঁ। তদুপৰি লিখামেলাবোৰতো চলিয়েই থাকিল। পঢ়ি
পঢ়ি
, নম্বৰ গোটাই, ইটো সিটো স্কলাৰশ্বিপ লৈ আজি মই ইয়াত। কিতাপো চাৰিখন ওলাল।

: ইমান ভাল লগা কথা। ইন্‌স্পিৰিশ্যনেলআমি সকলোৱে জীৱনটোক তেনেদৰে লোৱা উচিত।

: নহয়, পাছৰখিনি শুন। হাইস্কুলত পঢ়োঁতে মই প্ৰেমত পৰিছিলোঁ
প্ৰথমবাৰ
 
হাবু ডুবু খোৱা প্ৰেম। মই লিখা কবিতাচবিতাবোৰ পঢ়ি তাইৰো কিজানি মনটো কুমলিছিল, ভাবিছিল ছাগৈ টেলেণ্টেড লৰা, শ্বঅফ্‌ কৰিবলৈ কিবা এটাতো আছে। মোৰ লগৰটো আকথাৰ্ড হুইল, আমি ডেটিং মাৰিবলৈ যাওঁতে সি পহৰাদাৰ হৈ লগতে থাকে। সি দেখাইশুনাই ভাল, চেনি খাই ফুৰিব পাৰে।

মোৰ গাৰ্লফেণ্ডে তাক এদিন বগৰী তললৈ
মাতি পঠিয়াইছিল আৰু কাষ পালত ডিঙিত গবা মাৰি ধৰি 
কাণে কাণে কৈছিল বোলে – “সন্তোষৰ সেই
বস্তুটো ইমান সৰু…”

: ভাল পোৱা মানুহবোৰে
এনেকৈ কথা ক
লে দাগটো চিৰদিনলৈ
ৰৈ যায়।

: সেয়াই। অৱশ্যে
কালক্ৰমত সেই সৰু বস্তুটোক লৈ কৰা ঠা
ট্ট-মস্কৰাতকৈ মোৰ মগজুটোৰ গ্ৰহণযোগ্যতা বেছি হৈ উঠিল। মোৰ
ওচৰলৈ অহাবোৰে কঁকালৰ তলফাল নাচায়
বা চালেও সিমান গুৰুত্বপূৰ্ণ বুলি নাভাবে। মোৰ আকবৰ বেয়া অভ্যাস এটা গঢ় লৈ উঠিল..

এই কথাবোৰ ময়েইবা কিয় শুনি আছোঁ।
মোৰ অশান্তি লাগিল। মেলি লোৱা কিতাপ
বহীবোৰ বেগত ভৰাবলৈ চেষ্টা কৰিলোঁ ৷

: যাওঁ নেকি!
আন্ধাৰেই হ
ব আৰু।

: হেই হেই পাগলী ৰ।
বীফ্‌ কাৰী ৰান্ধিম আজি
, নীলিমাও আহিব লাগে। তহঁতি কে** অলপতে ভয় খাৱ।

আধাঘণ্টামানৰ পিছতে ছিফনৰ শাৰী
আটিলকৈ মেৰিয়াই বেলকনিৰ যক্ষিনী আহি মানুহটোৰ ঘৰ ওলালহি। আহোঁতে হাতত খোৱা বস্তু
দুপদ লৈ আহিছে
লগতে সপ্তাহটোৰ ৰাশ্যনো বজাৰ কৰি আনিছে।

আও ভাও দেখি মই বুজি গলোঁ যে ঘৰত দ্বিতীয় লক্ষীৰ প্ৰৱেশ ইতিমধ্যে ঘটিছেই। পিছে
এই লক্ষীয়ে যে আন এজন বিষ্ণুৰ ক্ষীৰসমুদ্ৰ এৰি থৈ আহিছে সেই কথাটোৱেহে আমনি দিয়া
বিধৰ।

অৱশ্যে আমাৰ নো কি আহে যায়, খোৱাটো মেইন! পেট ভৰাই বীফ কাৰী, চালাড আৰু ঘৰৰ পৰা পঠিওৱা জহা চাউলৰ ভাত খালোঁ সেইদিনা।

চিনেমা এখন চোৱাৰ প্ৰস্তাৱ ৰাখিলতে
যক্ষিনীয়ে জাঁপ মাৰি মানুহটোৰ বিছনা পালেহি
আমি তিনিও এতিয়া কম্বলতলত ভৰি দুটা লুকুৱাই পিঠিবোৰ বিছনাৰ শিতানত
আঁউজাই লৈ চিনেমা চাবলৈ সাজু।

বাওঁহাতে যক্ষিনী, সোঁহাতে মই, মাজতে বহি ঘিটমিটিয়া মানুহটো।

আৰ্টহাউছ চিনেমা। বৰ শ্লযায়, ধিচুম ধাচাম, উহআহ, চিঞৰবাখৰবোৰ নাই সকলোৱে চাই ভালো নাপায়। যক্ষিনীয়ে মূৰটো মানুহটোৰ বাহুতে
হেলান দি এৰি দিছে
, চিনেমা চাইছে নে
চকুহাল মু্দ খাই আছে তাইহে জানিব আৰু
, হাতখনো ঠিক কত আছেগৈ কোৱা টান। 

মই হামিয়াইছোঁ। মোৰ ঘৰলৈ যাওঁ যাওঁ
লাগি গৈছে। কিহে পাইছিল মোক অকলে ইয়াত আহিবলৈ
? কিহে পাইছিল বীফ্‌ কাৰী আৰু কণজহা চাউলৰ ভাতৰ সোৱাদ লবলৈ? কিহে পাইছিল কাকো নজনোৱাকৈ ইয়াত থাকি দিবলৈ। মোৰ গত সদায় অহাজনীয়েওতো নাপায় এই খবৰ। তাই ছাগে
সপোনতো ভাবিব নোৱাৰিব মই এই কাম কৰি দিছোঁ বুলি!

হে ঈশ্বৰ কি কৰি দিলোঁ মই!

মোৰ বাওঁহাতত এখন বগুৱা বাই অহা হাতৰ
স্পৰ্শ
শীৰ্ণ, পেশীহীন এখন পুৰুষৰ
হাত
, ৰোমাণ্টিচাইজ কৰিবলৈও বিশেষ নাই। মোৰ
হাতখন খেপিয়াই খেপিয়াই এটা সঁহাৰিলৈ বাট চাই আছে
সঁহাৰিটো দিলেই হাতৰপৰা ভৰিৰ কলাফুল বা আন কৰবালৈ সম্প্ৰসাৰণ ঘটিব।

সিফালে যক্ষিনী তাৰ বাহুতে মূৰ থৈ
টোপনি গৈছে।

খেপিয়াই ধৰা হাতখন আঁজোৰ মাৰি আনি
যক্ষিনীক জোৰত হেঁচুকি দিলোঁ।
“হৌৰা উঠা, চিনেমা ইমানদূৰ আগবাঢ়িলেই, তোমাৰ টোপনিটো এতিয়াহে ধৰিল নে? সাৰ পাই থাকাঁ, নহলে মেইন চিনকেইটা সাৰি যাব।”

ৰাতিৰ চাৰে বাৰটা বজাত এখন ওলা কেএ মোক পি. জি-লৈ নি থাকে। ভাগৰত মই গাড়ীৰ ছীটত গাটো এৰি দিওঁ।
আদহীয়া কে
বচালকজনে নাজানোঁ কিয় মোক বেটীবুলি সম্বোধন কৰি
কয়
, “ইমান ৰাতি অকলশৰে পৰাপক্ষত নুঘূৰিবা, বাহিৰৰ পৰা আহি ইয়াত থকা সৰু ছোৱালীবোৰক কওঁ, ভুল এটা হৈ যাবলৈ এক মিনিটো নালাগে।”

লগৰ বন্ধুক মেছেজ কৰি কওঁ, আহি আছোঁ, গেট খুলি থবি।

আধা ঘণ্টাৰ বাট৷

ধোঁৱাত পোত যোৱা এখন চহৰৰ ৰাতিৰ মায়াজাল
ফালি মোৰ চকুৰ আগত জিলিকি উঠে এডৰা লহপহকৈ গজি উঠা ধনীয়া
, এডৰা কবি আৰু বাবৰি শাক। পুখুৰীত জাল মাৰি উঠাই অনা
ছন্দাজনীৰ বহল পিঠিখনত আঘোণৰ সোণোৱালী ৰ
দ পৰি জিলিকি উঠা দেখা পাওঁ। নচাউলৰ গোন্ধটো তেনেকুৱাতে নাকত লাগেহি। দেখা পাওঁ এখন আকাশ নীলা। মাজে মাজে কপাহৰ দৰে
ডাৱৰ
, এজাক পৰিভ্ৰমী চৰাইমই শুনা পাওঁ পাকঘৰত ভাতৰ হুইছেল বজা, ছেৰেক্‌ কৈ কোনোবাই নহৰু থেতেলিয়াই দাইলত ফোৰণ মৰা, কাঁহী-বাটিৰ ঘটং মটং, ৰেডিঅএটাত বাজি উঠা সখী সহেলী, সৈনিক ভাইহঁতৰ উদ্দেশ্যে বাজি উঠা গান সন্দেছে আতেহ্যেঁয়’, জিলিকি উঠে এখন পথাৰ, দাৱনীৰ জাক, তাম বৰণীয়া গাৰ ছালবোৰ ঘামত জিকমিকাই উঠাদ পাই মুখৰ
হোৱা। মোৰ মুখত টেঙা মৰ্টনৰ সোৱাদ এটা লাগেহি
, গৰখীয়া বাঁহীৰ সুৰ এটা পাহাৰৰ পৰা নামি আহে ৰিণি ৰিণি, ভাদ মাহৰ ডেইপুৰি নিয়া গৰমতে কোনোবাই টিহি টি
টিটৌলৌ
মাতেৰে পেঁপা এটা
বজাই গৈ থাকে
, সিফালৰ পৰা
ভাতঘূমটি মাৰোঁ বুলি পাটীত বাগৰিবলৈ লোৱা কাৰোবাৰ এক ধমক
মৰিবলৈ ধৰা অলপ বন্ধ কৰচোন সেইডাল। উফ্‌ শগুনে খোৱাহঁত

 ঠিক তেনেকুৱাতে নামঘৰৰ ডবা-কাঁহ বাজি
উঠে। আয়তীয়ে উৰুলি দিয়ে
সূত্ৰধাৰৰ প্ৰৱেশ৷ খোল তালৰ ছেওত বুকুৰ ঢপপনিবোৰ তল যায়। নীৰৱেঅজানিতে হৰাজিকা বোৰ চলি থাকে। চলি থাকে উত্থানপতন। ৰথৰ চকৰি ঘূৰি থাকে। সেই
পৃথিৱীত খিৰিকী অনেক
কোনফালেনো চাই পঠিয়াবা সীমাহীন আকাশ?

বগুৱা বাই অহা হাত এখন তেতিয়াও
আছিল। আঁহত গছৰ আঁৰ লৈ যে পেণ্টিলৈকে খেপিয়াইছিল
আকযে মিৰিকনি চাপৰিৰ পৰা আহি আমাৰ ঘৰত থাকিবলৈ লোৱা গৰখীয়াটো, অকণ যাৰ নাম তাৰো মাজত কিবা এটা আছিল। সন্মোহন এটাতে গুচি গৈছিলোঁ
শুকান নৰানিৰে ভৰা পথাৰৰ মাজলৈ তাৰ লগত। পলি
থিন এটাত পকা বগৰী ভৰাই সি দি পঠিয়াইছিল “বগৰী পাৰিবলৈ
গৈছিলোঁ বুলি ক
বি।”

তেনেহলে মই কঁপিছোঁ কিয়? সম্প্ৰসাৰিত হাতবোৰ দেখোন সকলোতে আছিল।

ন্‌ছেণ্ট। হাইস্কুলীয়া ছাত্ৰ এজনে যিটো
বুজি পাই যায়। গৰখীয়া ল
ৰা অকণেও
বুজিছিল।

উচ্চশিক্ষাৰ ডিগ্ৰীধাৰী আৰু
শক্তিশালী পদবীত উপৱিষ্ট লোকে কেতিয়াবা নুবুজা হৈ পৰে।

চকুহাল পুনৰ মুদি মই অকণৰ মুখখন মনত
পেলাবলৈ চেষ্টা কৰোঁ
, সেইখন মুখ পাহৰিবলৈ
মাজত হৈছেনো কেইটা দিন
? পাঁচছয় বছৰ। নৰা পেঁপাৰ সুহুৰি এটাৰ দৰে এতিয়াও বুকুত বাজি থাকে সেই উপস্থিতি, সেই স্পৰ্শ, সেই আলোড়ন।

তেনেকুৱাতে নাকত যমুনাৰ গেলা পানীৰ
পৰা নিৰ্গত হোৱা দুৰ্গন্ধ এটা নাকত লাগেহি। নাকটো সোপা মাৰি ধৰোঁ
, শোৱাকোঠাপাকঘৰ – ঢেঁকীশাল তামোলগছ ফুলনি অকণ গৰুকেইটা অকণৰ পঁজাটো; সকলোবোৰ মোৰ চকুৰপৰা ধূসৰ হৈ ক্ৰমাৎ আঁতৰি গৈ থাকে৷

 পেঁট পেঁট শব্দ কৰি, ধূলিধোঁৱাদুৰ্গন্ধ আৰু নোশোৱা চহৰ এখন ফালি কেব আগবাঢ়ে।

ৰূম গৈ পালেহে কিজানি শান্তি।