‘ত’ মানে তেজা নহয়, তেজীমলা

 মুনমী দত্ত হাজৰিকা

 

এইটো এটা ৰূপকথা৷ তাহানিতে
কানায়ে মহাৰাজক দি পঠোৱা ডালিম পুলিটো ৰাজচৌহদত টিকটিকিয়া ডালিমফুলেৰে উপচি থকাৰো
বহু আগৰ৷ কানাইৰ তেজাবাই তেতিয়া গাভৰু হোৱাই নাছিল৷ এলাগী আয়ে কানাই আৰু তেজাক
 গৰু গাই টানি
ফুৰিবলৈ নপঠাইছিল৷ চোতালত মেলি থোৱা কোমল ধান কো
ৰোনাৰে
চপাবলৈও এটাকো নাপা
চিছিল৷ লাগীজনী গাঁৱলৈ যোৱা সুযোগতে কানাই আৰু তেজাক
আঙুলিৰ পাবত গণিবলৈ শিকাইছিল৷ এৰা গুটি ছিঙি নিজৰ দুহাতৰ মুঠিত ৰাখি লেখিবলৈ
দিছিল৷ জুহালৰ ওপৰত শুকাই থকা কলপাতত লিখিবলৈ শিকাইছিল ক খ গ
প৷  ওপৰমূৰ
নকৰাকৈ তেজাই ঘামি-জামি গণনা কৰিছিল৷ আয়েকৰ মুখৰ হাঁহিটো চাবলৈকে৷ কানাইৰ পিছে
ইমানকৈ লাগি থাকিবলৈ ধৈৰ্য নহৈছিল৷ ৰাতিলৈ
  মাকে যাতে পঁইতাৰে সৈতে পোৰামাছৰ
পিটিকা খাব পাৰে
, তাৰ বাবে মাছ এজনী বৰশীৰে তুলিবলৈহে
 তাৰ বৰকৈ মন গৈছিল৷ পঢ়াৰ
সময়ত
 তাৰ
মনটো খেলিমেলি হৈ থকা দেখি
  , ,প আদি বৰ্ণমালাৰো বৰ আমোদ লাগিছিল৷ তাৰ লগত অলপ ৰগৰ কৰোঁ বুলিয়ে  গ জাঁপ এটা মাৰি
কুঁহিপাতৰ পৰা নামি আহি কানাইৰ সম্মুখ পালেহি৷ তাকে
  দেখি ল আৰু পও
জঁপিয়াই জঁপিয়াই নামি আহিল৷ কানায়ে তলকিবই নোৱাৰিলে৷ সি গ-হঁতৰ ফালে ভেবা লাগি চাই
থাকোঁতেই গ-ই মাত লগালে

   কি হে কানাইবৰশী
টোপাবলৈ নোযোৱাঁ নেকি
?
লা আমিও লগত যাম৷ বৰলৰ টোপ চিলাই দিম৷
ৰাতিৰ সাঁজ কিন্তু তোমালোকৰ লগতে খাম৷

 

বেঙা
হাঁহি এটা মাৰি কানাই খৰধৰকৈ ওলাল৷ যোৱাৰ আগেয়ে তিনিওজন অতিথিক মাক আৰু তেজাবাইৰ
লগত পৰিচয় কৰাই দিলে৷ এলাগী আয়ে য
ৰে কাম ততে
এৰি তিনিওকে থেকেৰাৰ চৰপত দিলে৷ তেজাবায়ে বুকুত গামোচাখন লৈ তিনিও বৰ্ণই খাবলৈ
  কচুপাতত  সজাই নিমখ ছটিয়াই কটাহী জামু আনি লাজ লাজকৈ আগ বঢ়াই দিলেহি৷



লাগীজনীৰ
ভয়ত আগচোতালত মুকলিকৈ হাঁহি এটাও মাৰি নোপোৱা তেজা আৰু কানাইৰ মনতে বৰ ৰং লাগিল৷ তুলাক
মোমায়েকৰ ঘৰ ফুৰাবলৈ বুলি ৰাতিপুৱাই ওলাই যোৱা লাগী আই আজি উভতি নাহে৷ উজনিৰ ফালে
দিনচেৰেক থাকিহে ঘৰলৈ ঘূৰি অহাৰ কথা৷ এয়া তুলাৰ মুখেৰে তেজাহঁতে শুনা খবৰ৷ লাগী আই
নাথাকিলে দেউতাকেও সিহঁতক বৰকৈ খং-ৰাগ নকৰে৷ আজি ৰাতিলৈ পঁইতা
কৰ্কৰা
যি মিলে
, দেউতাকেও সিহঁতৰ লগতে খাব৷ তাতে প্ৰথমবাৰৰ বাবে
এলাগীৰ ঘৰলৈ অতিথি আহিছে৷ সকলোৱে ফূৰ্তিৰে ৰাতিৰ সাজ একেলগে খাব৷ বাঃ কি যে মজা
লাগিব! এলাগী আই আৰু তেজাবায়ে মনৰ উলাহতে ভাগে ভাগে কামত ধৰিলেই ৷ কানাইৰ সৈতে গ
,
ল আৰু প বৰশী টোপাবলৈ ওলাল৷ বৰশী বাই হোৱাৰ পাছত গ, ল আৰু পই কানাইৰ সৈতে গাওঁখনো ফুৰিব৷

 

অহাৰে
পৰা জঁপিয়াই ফুৰা অক
মানি ল এবাৰ তেজাহঁতৰ
পদুলিমুখত থকা মাধবীলতাজোপাৰ দীঘল ঠানি এটাতে জোঁট-পোট লাগি চিৎভোলোঙা খাই পৰিল৷ কানায়ে
মৰমতে দৌৰি গৈ কোলালৈ ল
লে৷ বাকীডোখৰ বাট প-ৰ কোলাত উঠি
সিহঁত বৰপুখুৰীৰ ফালে আগ বাঢ়িল৷

 

বৰপুখুৰীটোত
তেতিয়া ফুলি থকা পদুম এপাহো নাছিল৷ প-ই আচৰিত হৈ কানাইক ইয়াৰ কাৰণ সুধিলে৷ কেনেকৈনো
ফুলিব
? তেজীমলাৰ বিৰহত গোটেই গাঁওখন জঁই পৰি আছে৷ পদুমৰ পাহিবোৰে
পাততে মুখ গুজি কেৱল উচুপি থাকে৷





তেজীমলাৰ
নাম শুনিয়ে ল-ই ভয়তে প-ক
  জোৰেৰে
সাবটি ধৰিলে৷ তেজীমলাৰ ঢেঁকীয়ে খুন্দা হাতদুখনৰ পৰা বৈ পৰা তেজৰ ডোঙাবোৰ
  কল্পনা কৰি প ফেকুৰি উঠিল৷

 

  এইখনেই নেকি তেজীমলাৰ গাওঁ?

 ওঁ, তেজীমলা
তেজাবাইৰ নোওৱা-ধোওৱা সখী আছিল৷ তেতিয়াৰে পৰা তেজাবাইজনী নিমাতী হৈ পৰিল৷ আইৰ
চিন্তাও দুগুণে বাঢ়িল৷

কথাবোৰ
পাতি পাতি সিহঁত আগ বাঢ়িল৷ বহঁত বুটলি থকা তীখৰক দেখি কানায়ে চিঞৰিলে- মোলৈও এটা
থবি৷  

    চুটিবায়ে পিঠা পুৰিছে৷ খাবলৈ আহিবি৷  -তীখৰৰ নিমন্ত্ৰণ ৷

    যাম দে৷

কানাই
নৰ
ল৷ অতিথিক গোটেইখন গাঁও ফুৰাবলৈ আছে৷ থুলন্তৰ ল-ক কোলাত লৈ খোজ লোৱা প
ভাগৰি পৰিল৷ আহঁতজোপাৰ তলতে কিছুপৰ বিশ্ৰাম কৰিবলৈ বহোঁতেই ওপৰত কিবা এক ধপধপনিৰ
শব্দ শুনিলে৷

এয়া চিলনী আই নহয়নে, কানাই? – গ-ই সুধিলে৷

    হয়৷

    ইমান দুখত হৈ
আছে যে! তেজীমলাৰ দুখতে নেকি
?

 

জীয়েকক
ৰজাৰ কাৰেঙলৈ পঠোৱাৰপৰা চিলনী আই অকলশৰীয়া হ
ল৷ সেয়ে  অনবৰতে মন মাৰি থাকে৷
 জীয়েকৰ ৰাজকাৰেঙত বসতি যদিও মঙলতী বুঢ়ীৰ
কোপত
, সতিনীহঁতৰ ৰোষত পৰাৰ চিন্তাতে চিলনী আই বিয়াকুল হৈ
থাকে৷

  মোৰ হলে
আৰু ফুৰিবলৈ মন নাই
, আগুৱাই নাযাওঁ৷ কানাই, এইখন গাঁও আৰু চাবলৈ ইচ্ছা নাই৷

 


ঠাইতে বহি পৰিল৷ হেপোটেপোকৈ ল-ক কোলাৰ পৰা নমাই প-ও কাষ চাপি বহিল৷ হঠাৎ কি নো হ
ল! কানায়ে
একো বুজিব নোৱাৰি বেঙা হাঁহি এটাৰে তেওঁলোকলৈ চাই থাকিল৷

           

  দেখিছা নে
গাওঁখনত অতবোৰ দুখ 
! প্ৰতিজনী নাৰীৰে কেনে নিকৰুণ কাহিনী৷ বিশ্বাস হেৰুওৱাৰ কাহিনী,
প্ৰেম হেৰুওৱাৰ কাহিনী… আনকি নাৰীৰে নাৰীৰ প্ৰতি ঈৰ্ষাৰ কতবোৰ ভয়লগা
কাহিনী৷ কিমান কাহিনী এই মাটিতে জাহ গৈছে
! কত নতুনকৈ জী
উঠিবলৈ ৰৈ আছে
!ত কিমানজনী এলাগী
তিৰি কাহিনী হ
বলৈ গৈ আছে!

 

প্ৰচণ্ড
বিৰক্তি আৰু হতাশাত গ-ই হুমুনিয়াহ এৰিলে৷ প-ৰ দুচকু সেমেকি উঠিল৷ মাথোঁ ক
লে-
                 এৰা৷
এই বিষাদৰ ইয়াতেই শেষ হোৱা হ
লে৷

কথাখিনি নিজকে কোৱাৰ
দৰে কৈ পাছৰখিনি
  গ-ক
উদ্দেশ্যি ক
লে-

 গাওঁখন
নুফুৰিলেও আজিলৈ ইয়াতে থাকোঁ দিয়াঁ৷ কাইলৈ কাউৰী-কুকুৰা মাটিত নৌপৰোঁতেই উভতি যামগৈ৷ আজি
এলাগী আয়ে ৰন্ধা ভাতমুঠি খাই যাওঁ৷ আয়েও সন্তোষ পাওক৷

কানাইৰ চকুলৈ তেজাৰ
লগত চেংগুটি খেলোঁতে মৰা তেজীমলাৰ শেষ হাঁহিখন মনত পৰিল৷ মনলৈ আহিল লাগী আই নথকাত
তুলাৰ চুলিকোছা মেলি ওকণী চোৱা
  তেজা বায়েকৰ
তুলাৰ খুহুটীয়া কথাত হঁহা গহীন মিচিকিয়া হাঁহিটো৷

 
       কানাই,
এলাগী আয়ে পঢ়িবলৈ ইমানকৈ কিয় কয় জানা? –
গ-ৰ আকস্মিক প্ৰশ্নত কানায়ে থতমত খালে৷ একো
কব নোৱাৰি সি কাণৰ সতা মোহাৰিলে৷

            

  পঢ়িলে
প্ৰলোভনত পিছলি নপৰে৷
কানাইৰ কাণৰ কাষলৈ মুখখন আনি গ-ই
সৰুকৈ অথচ দৃঢ়তাৰে কলে।

      জানা
কানাই
, তোমালোকৰ সাধুকথাৰ দেশখনত নাৰী বৰ দুখত আছে৷ খোজে প্ৰতি কষ্ট পাইছে৷ এই
অনাখৰী নাৰীসকলে পঢ়িবলৈ সুবিধা পোৱা হ
লে তেওঁলোকৰ জীৱন ইমান
যন্ত্ৰ
ণাকাতৰ নহলহেঁতেন৷ প্ৰলোভনত
পতিয়ন নগ
লহেঁতেন, মানুহ চিনিলেহেঁতেন আৰু প্ৰতিবাদৰ ভাষা
শিকিলেহেঁতেন৷

               

প-ই কৈ গল৷ কাহানিও
শুনি নোপোৱা কথাবোৰ বুজি নাপালেও কানায়ে শান্তকৈ বহি শুনি থাকিল৷ ঘটি যোৱাবোৰ অতীত
হৈ গ
ল৷ শুধৰাব নোৱাৰি যেতিয়া স্মৃতি হৈয়ে থাকক৷

   কিন্তু
আহিবলগা দিনবোৰ তুমি সলনি কৰিব পাৰিবানে কানাই
?

   … মই? কেনেকৈ?
বৰশী হাতৰ মুঠিৰ পৰা এৰি কানায়ে তিনিওৰে মুখলৈ চালে৷

               

তাৰ বাবে
তুমি পঢ়িব লাগিব৷ তেজাবায়ে পঢ়িব লাগিব৷ তেজাক সাহসী কৰিব লাগিব৷ তুলাৰ দুষ্টামিত
সদায়
  লাগী আইৰ
পৰা কিল খোৱা তেজাক প্ৰতিবাদ কৰিবলৈ সাহ দিব লাগিব তুমি৷ তেজাবাইক বিয়া কৰাবলৈ কোনোবা ৰাজকুমাৰ আহিলেও তুমি মূৰ দাঙি প্ৰশ্ন কৰিব লাগিব –

    সুখত
ৰাখিবনে আমাৰ তেজাবাইক
?

   পাৰিবানে
কানাই
? কথা দিয়া আমাক৷ আজিৰ পৰা দিন সলনি হবনে ছোৱালীহঁতৰ৷
মুখত চকুলোৰ সলনি হাঁহি থাকিবনে
? আজিৰ পৰা
 বৰ্ণমালা শিকোঁতে ত
মানে তেজীমলা নহয়
, ত মানে তেজা বুলি পঢ়িব পাৰিবানে?

                

কানাইৰ সৰ্বশৰীৰেদি গৰম
বতাহ এছাটি প্ৰৱাহিত হ
ল৷ সেই প্ৰৱাহ দায়িত্ববোধৰ৷ তেজাৰ
বাবে
প্ৰতিজনী নাৰীৰ বাবে৷ কানায়ে ডালিমজোপাৰ পৰা পকী ফাটি
থকা ডালিমটো ছিঙি তিনিওকে ভাঙি খাবলৈ দিলে আৰু নিজৰ ভাগৰ গুটি এটি তিনিওৰে
সম্মুখতে মাটিত পচাই পঢ়িম বুলি কথা দিলে৷

তিনিও বৰ্ণই কানাইৰ
পিঠিত থপৰিয়াই
  চাব্বাছ
দিলে৷ তাৰ পিঠিখন ফৰফৰাই গ
ল৷ চকুদুটাও কিবা এক পোহৰত চমকি
উঠিল৷ চকু দুটা ভালকৈ মোহাৰি সি ফটফটীয়াকৈ দেখিবলৈ পালে নাহৰ গুটি পুৰি জলোৱা চাকিৰ
পোহৰত জিলিকি থকা লাগী আইৰ খঙাল মুখখন৷