পখিলাৰ পাখিত ধুমুহা

 লোপামুদ্ৰা
ভট্টাচাৰ্য

 

       ‘‘মা, তুমি butterfly effect মানে
কি জানা নে
?’’

       মৃদুৱে মূৰ জোকাৰিলে৷ শঙ্কুৰ যে পঢ়াৰ পৰা উঠিবলৈ হৈছে তাই গম পাইছে৷
এনেকুৱা সময়তে সি এনে ধৰণৰ কথা কিছুমান উলিয়াই লয়৷ মাকে নজনা বিষয়বস্তুৰ ওপৰত ভাষণ
এটা দিব আৰু সুযোগ বুজি চোফাত বহি ম
বাইলৰ স্ক্ৰীনৰ ভাৰ্চুৱেল পৃথিৱীখনত সোমাই পৰিব৷ ডিজিটেল পৃথিৱীৰ লৰা-ছোৱালী৷
google, youtube আদি খুঁচৰি খুঁচৰি নজনা কথা একো নাই৷ অথচ পৃথিৱীখনত বৰ্তি থাকিবলৈ চৌপাশে আৰু যে কিমান
কথা সিহঁতৰ শিকিবলৈ বাকী আছে৷ শংকুৱে এইবাৰ সপ্তম মানৰ বছৰেকীয়া পৰীক্ষা দিব৷ মৃদু
আৰু অভিষেকৰ লগৰসকলৰ আকৌ ল
ৰা-ছোৱালীৰ বয়স এতিয়া হয়তো এবছৰ
বা দুবছৰহে হৈছে৷ নাইবা খুউব বেছি চাৰিবছৰ হ
ব পাৰে৷ এম. এ.
পঢ়ি থকাৰ চূড়ান্ত বৰ্ষতে মৃদুৰ হুৰামুৰাকৈ বিয়াখন হৈ গৈছিল৷ অভিষেক তাইৰ লগৰে
আছিল৷ মৃদুৰ ঘৰত বিয়াৰ যো-জা চলোৱা বুলি শুনি সি ৰৈ থকা নাছিল৷ আগ-গুৰি নভবাকৈ
তাইক লৈ আনিছিল৷ আৰু মৃদু৷ কোনোদিনে মাকলৈ চকু তুলি নোচোৱা ছোৱালীজনীৰ কলিজালৈ
সেইদিনা ক
ৰপৰা যে ইমান সাহস আহিছিল৷ মৃদুৰ আজিও আচৰিত লাগে৷
প্ৰেমাস্পদৰ হাতত ধৰি তাই স্ব-ইচ্চাৰে কাঁইটীয়া পথত খোজ দিছিল৷ অভিষেক আৰু মৃদু
দুয়ো ইংৰাজী বিষয়ৰে আছিল৷ বিয়াৰ পিছত দুয়ো একেখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়তে
সোমাল৷ লগতে ৰাতিপুৱা-গধূলি টিউচন৷ প্ৰতিটো সৰু-ডাঙৰ সমস্যাই যেন এখন বৃহৎ
প্ৰাচীৰ হৈ থিয় দিছিল৷ তেনেকুৱাতে ওলালে চৰকাৰী হাইস্কুলত ঠিকাভিত্তিক চাকৰি৷ মৃদু
আৰু অভিষেকে যেন ক
ৰবাত কিবাকে অলপ পোহৰ দেখা পালে৷ যিমানেই
নহওক প্ৰাইভেট স্কুলতকৈ দৰমহা বেছি৷ আনহাতে চৰকাৰী চাকৰি যেতিয়া এদিন নহয় এদিন
স্থায়ী কিবা এটা হ
ব বুলিও আশা আছিল৷ ভবা মতেই দুয়ো ওচৰৰে
দুখন স্কুলত চাকৰি পালে৷ কিন্তু চাকৰি নহৈ যেন এটা ৰ
লাৰ কষ্টাৰ ৰাইদহে৷ আগৰ প্ৰাইভেট স্কুলৰ চাকৰিত তাকৰীয়া হলেও মাহেকৰ মূৰত নিয়মীয়াকৈ দৰমহা কেইটাকে পাইছিল৷ এইটো চাকৰিত টোপোলাটো
তুলনামূলকভাৱে ডাঙৰ যদিও চাৰি-পাঁচ মাহলৈ খা-খবৰেই নাথাকে৷ ইতিমধ্যে শঙ্কুও
তেওঁলোকৰ জীৱনলৈ আহিল৷ প্ৰয়োজনবোৰো বাঢ়িল৷ চাকৰিৰ অনি
শ্চয়তা,
দৰমহা অনিয়মীয়া আদিয়ে জীৱনটো দুৰূহ কৰি তুলিলে৷ দুয়ো পুৱা-গধূলি
টিউচন কৰি আৰু মাজে মাজে বিজুলিৰ চমকনিৰ দৰে জিলিকি উঠা দৰমহাৰ পইচা কেইটাৰে জীৱন
নামৰ আঁঠুৱাখনত সঘনাই ওলাই থকা ফুটাবোৰ চিলাই গৈ আছে৷ অৱশ্যে অভিষেকে হাইস্কুল টেট্ পাছ কৰাৰ পিছত আকাশত যেন পাতলকৈ ৰামধেনু
এখন বিৰিঙি উঠিলে৷ সি হাইস্কুলত স্থায়ী নিযুক্তি পাইছে৷ আজি জিলা পৰ্যায়ত স্কুলৰ
বাচনি হ
ব৷ টেট পৰীক্ষাত বহা হলে
মৃদুৱেও পালেহেঁতেন
, ফৰ্ম ফিল্ আপো কৰিছিল৷ কিন্তু পৰীক্ষাৰ
দিনাই শঙ্কুৰ তীৰকঁপে জ্বৰ উঠিল৷ তাক এৰি থৈ তাই পৰীক্ষালৈ যাব নোৱাৰিলে৷ অৱশ্যে
ইয়াক লৈ তাইৰ মনত বিশেষ আক্ষেপ নাই৷
ঠিকাভিত্তিক চাকৰিটোৱে মুটামুটি এটা সুস্থিৰ পৰ্যায় পাইছেগৈ বুলিয়েই ক
ব পাৰি৷ ওচৰতে স্কুল কাৰণে ঘৰুৱা ৰাগ-জঞ্জাল সকলো সামৰি তাই চাকৰি কৰি
থাকিব পাৰিছে৷ অভিষেকেও এতিয়া কৰি থকা বিদ্যালয়খনতে পাব বুলি জানিব পাৰিছে৷ নম্বৰৰ
ফালৰ পৰা তাৰ নামটো তালিকাৰ প্ৰথম দহটাৰ ভিতৰতে আছে৷ সেয়েহে মনে বিচৰা স্কুল বাচি
বলৈ সি সুবিধাটো পাব৷ আজি মৃদুৱে গোসাঁই ঘৰত শৰাই এখনো
দিছে৷ যাওঁতে সি ৰুটি-তৰকাৰীকে খাই যাব বুলি কৈছে৷ ঘূৰি আহিহে ভাত খাব৷ পলম হ
লে বাহিৰতে খাই আহিব৷ মৃদুৱে সেয়েহে আটাখিনি মঠি ভাজিখিনি বঢ়াবলৈ লৈছে৷
ঠিক এইখিনি সময়তে আহিলে শঙ্কুৰ
butterfly effect ৰ ধাৰণাটো৷
মাকে এই বিষয়ে একো নাজানে বুলি গম পাই শঙ্কু উৎসাহিত হৈ পাকঘৰলৈ সোমাই আহিলে৷

       ‘‘Butterfly
effect হৈছে এটা Theory যিটোৱে বুজায় যে
একেবাৰে চকুত নপৰা ঘটনা এটাৰ ফলতো ভৱিষ্যতত এটা সাংঘাটিক ডাঙৰ ঘটনা হ
ব পাৰে৷’’

       ‘‘ওঁ বুজিলোঁ’’ মৃদুৱে
শঙ্কুলৈ চাই অৰ্থপূৰ্ণ হাঁহি এটা মাৰিলে৷

       শঙ্কুৱেও মাকৰ হাঁহিৰ উঁহ বিচাৰি প্ৰশ্ন কৰিলে,

       ‘‘কি বুজিলা?’’

      ‘‘এই যে তুমি পঢ়াৰ পৰা সদায় উঠি আঁহা সেইটো এটা সৰু ঘটনা৷ কিন্তু সেই সৰু
ঘটনাটোৱে বছৰৰ শেষত এটা ডাঙৰ ঘটনাৰ সৃষ্টি কৰিব৷ পৰীক্ষাৰ ৰিজাল্ট দিব আৰু আমাৰ
মূৰত বিনা মেঘে বজ্ৰপাত পৰিব৷
’’

       ‘‘উফ্‌, তোমাৰ প্ৰতিটো কথা পৰীক্ষাতে কিয় শেষ হয় বাৰু?
No problem. এতিয়া মোৰ কথা শুনা৷ Butterfly
theory টো Chaos theory ৰ লগত যোগ হৈ আছে৷
ইয়াৰ মতে
Chaos Calculate  কৰি উলিয়াব পাৰি৷ কিন্তু butterfly
theory সকলো কথাতে মিলিব বুলি ভবাটো ভুল৷ সকলো সৰু ঘটনাই ডাঙৰ ঘটনাৰ
সৃষ্টি নকৰিবও পাৰে৷
’’

       ইমানখিনিলৈকে মাকে পুতেকৰ কথাখিনি শুনিবলৈ অৰ্থাৎ বুজিবলৈ যত্ন কৰিলে,
তাৰ পিছৰখিনি চৌপাশৰ বায়ুমণ্ডলতে ওপঙি থাকিল৷ কাণত সোমালে যদিও
মগজুত জীণ নগ
ল৷ তাই গেছ ষ্ট
ভটোৰ ওপৰত কেৰাহীখন তুলি কেইটোপালমান
মিঠাতেল গৰম হ
বলৈ দিছে৷ শঙ্কুৱেও তাৰ ভাষণ সামৰি মবাইলটোৰ ফালে ধাৱমান হৈছে৷ অৱশ্যে তাৰ শেষৰ কথাখিনি মৃদুৱে মন দিয়েই শুনিলে৷

       ‘‘১৯৫২ চনত লিখা এটা ইংৰাজী চুটি গল্পত এজন time traveller-অৰ কাহিনী আছিল যি প্ৰি-হিষ্টৰিক যুগত এটা পখিলা গছকি আহিছিল৷ আৰু তাৰ
ফলতেই কিন্তু ২০৫৫ চনৰ আমেৰিকাৰ নিৰ্বাচনত এটা ডাঙৰ পৰিৱৰ্তন আহিল৷ আৰু এটা
interesting
কথা কি জানা? বাটাৰ ফ্লাই এফে্‌ক্টক লৈ
কেইবাখনো
Sci-fi চিনেমাও ওলাইছে৷

       শঙ্কু ইতিমধ্যে নিজৰ দুনিয়াত লেটা বান্ধি সোমাই পৰিছেগৈ৷ কিন্তু সি যে
এইফালে
butterfly effect দি মাকৰ মনৰ পখিলাজনীক লেটাৰ পৰা
উলিয়াই থৈ আহিলে বেচেৰাই গমকে নাপালে৷ ভাবি চালে লিলিমাই এই জীৱনত একো নাই৷ পিছে
মৃদুৱে এতিয়া ভাবি চাইছে যে জীৱনৰ প্ৰতিটো ঘটনাৰ ৰূপৰেখা অতীতৰ চকুত নপৰা বা
গুৰুত্ব নিদিয়া কোনো কথাত বান্ধ খাই থাকিব পাৰে৷ ক
ৰবাত
সংলগ্ন হৈ থাকিব পাৰে কোনেও নেদেখা এডাল মিহি অস্পষ্ট সূতা৷ শঙ্কুৰ
butterfly
effect ৰ দৰে৷ সকলো পাৰ্থিৱ প্ৰাচুৰ্যতাৰে ভৰপূৰ, মৃদুৰ মাকৰ ঘৰখনত বা অঙহী-বঙহীৰ মাজত তাই আৰু অভিষেকৰ বিয়াখন একেবাৰে
অবিশ্বাস্য নহ
বলগীয়া ঘটনা আছিল৷ ইমান স্বাচ্ছন্দ্যত থকা ছোৱালী এজনীয়ে চাকৰি বাকৰি নথকা লৰা
এটাৰ লগত ঘৰৰ অমতত কেনেকৈ বিয়া হৈ যাব পাৰে
? নলে গলে লগা
গীতাশ্ৰী আৰু মণিমাৰ বিয়া অসমৰ বাহিৰত থকা ল
ৰাৰ লগত ঠিক
হোৱাৰ  লগে লগে মৃদুৰ মাকো উচপিচাবলৈ
ধৰিলে৷ পেহীয়েকে দেখুওৱা গুৱাহাটীৰ ইঞ্জিনিয়াৰ এজনৰ লগত তাইৰ বিয়া ঠিক কৰিবলৈ
উঠি-পৰি লাগিল৷ সকলো তেখেতে ভবাৰ দৰেই হৈছিলগৈ- সেই সন্ধিয়াৰ বিশেষ ফোনকলটো অহাৰ
সময়ত তাই যদি মাকৰ হাতৰ পৰা ম
বাইলটো কাঢ়ি নললেহেঁতেন হয়তো আজি মৃদুৰ কাহিনীও সম্পূৰ্ণ পৃথক হৈ গলহেঁতেন৷ ফোনত তাই
বলগীয়াখিনি লৰাপক্ষক স্পষ্ট ভাষাত
জনাই দিছিলে৷ কলটো থোৱাৰ পিছতে তাইৰ বাওঁ গালত পৰিছিল মাকৰ হাতৰ এটা প্ৰচণ্ড চৰ৷
কিন্তু ইতিমধ্যে তাই বিচৰাখিনি হৈ গৈছিল৷ ঘটনাটো বিৰাটেই ব্যতিক্ৰমী আছিল কাৰণ
সিহঁতৰ ঘৰখনৰ প্ৰতিটো প্ৰাণীয়েই মাকে বিচৰামতেই চলিছিল৷ দেউতাকেও কোনোদিনে মাকৰ
সিদ্ধান্তৰ প্ৰতিবাদ কৰা সিহঁ
তে দেখা নাছিল৷ ঘৰখনৰ প্ৰতিটো
বস্তু সদায় মাকে নিৰ্ধা
ৰণ কৰি দিয়া ঠাইতে ৰখা হৈছিল৷ তেনেহলে সেইদিনা মৃদুৱে কেনেদৰে মাকৰ সিদ্ধান্ত সলনি কৰিবলৈ সক্ষম হৈছিল?
ইমান দিনে তাই অভিষেকৰ প্ৰতি গভীৰ ভালপোৱাকে এই মৰসাহৰ প্ৰধান উৎস
বুলি ভাবি আহিছে৷ কিন্তু
butterfly effect -অৰ দৰে সেই সমগ্ৰ
ঘটনাৰ প্ৰধান কাৰণটো যদি অতি গুৰুত্বহীন কোনো এটা কথাত সোমাই আছে
? যিটো হয়তো মৃদুৱেও জনাৰ কোনো অৱকাশ নাই!

       ‘‘হেৰা খাবলৈ দিয়া৷ নিহাৰ আহি পাবহিয়েই এতিয়া৷’’

       মৃদু টোপনিৰ পৰা সাৰ পোৱা মানুহৰ দৰে খকমকাই উঠিল৷ নিহাৰ অভিষেকৰ বাল্য
বন্ধু
, কলেজ বন্ধু আৰু শিক্ষক বন্ধুও৷ সিও আজি স্থায়ী শিক্ষক
হিচাপে বিদ্যালয় বাচি ল
বলৈ যাব৷ অভিষেকৰ দৰে নিহাৰেও
বৰ্তমান কৰি থকা স্কুলখনতে চাকৰি পোৱাটো নিশ্চিত৷ মৃদুৱে ল
ৰালৰিকৈ
ৰুটি-ভাজিৰ থালখন নি অভিষেকক দিলেগৈ৷ সি
খাবলৈ লওঁতেই সেইফালে গেইটৰ মুখত নিহাৰৰ বাইকৰ হৰ্ন বাজিলেই৷ অভিষেকে ল
ৰালৰিকৈ খাই মৃদুক মাত দি শংকুৰ গালত চুমা এটা আঁকি ওলাই গল৷ অভিষেকৰ গাখীৰ চাহকাপ মৃদুৱে গেছত পাতিবলৈ লৈও ৰৈ দিবলগীয়া হল৷ এই চাহকাপ মানুহজনৰ যে খুবেই প্ৰয়োজন তাই জানে৷ তাই বাহিৰৰ বাৰাণ্ডালৈ
ওলাই গ
ল৷ ইতিমধ্যে অভিষেক নিহাৰৰ লগত গলগৈ৷ সময় মতে চাহকাপ বাকি দিব নোৱাৰাৰ এক ঈষৎ দোষবোধে মৃদুক ম্লান কৰি
আনিলে৷

       জিলা পুথিভঁৰালত মানুহ গিজগিজাই আছে৷ সকলোৱে নিযুক্তিপত্ৰ দুদিনমান আগতে
সৰুসজ্জাইৰ পৰা আনিলেগৈ৷ আজি বিদ্যালয় নিৰ্বাচন কৰি ল

লাগিব৷ ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা প্ৰাৰ্থী আহিছে৷ নিহাৰ আৰু অভিষেকে পুথি
ভঁৰালৰ ভিতৰলৈ সোমাই গল৷ চিনাকী-অচিনাকী মুখবোৰ পাৰ
হৈ খালী আসন দুখন বিচাৰি বহিলে৷ মঞ্চত তেওঁলোকৰ যাৱতীয় কাম-কাজসমূহ চলি আছে৷ তাত
লাগি থকা প্ৰায় সংখ্যক শিক্ষকেই অভিষেক আৰু নিহাৰৰ চিনাকি আৰু তেওঁলোকেও জানে যে
সিহঁত দুজনে এতিয়া কৰি থকা বিদ্যালয় কেইখনতে নিযুক্তি পোৱাটো প্ৰায় নিশ্চিত৷ বাচনি প্ৰক্ৰিয়া আৰম্ভ হ
ল৷ প্ৰথমে EWS, ST, SC আদিৰ প্ৰাৰ্থীসকলক মাতিছে৷
অভিষেকৰ বৰ্তমানৰ স্কুলখনত এটা
EWS আৰু এটা ST কোটা খালী হৈ আছে৷ সেয়েহে সি উৎসুক হৈ আছে৷ EWS
কোটাত ধুবুৰীৰ ল
ৰা এজনে পোৱাৰ লগে লগে সি স্কুলৰ প্ৰধান
শিক্ষক প্ৰভাত ছাৰক খবৰটো দিলে৷
General-অৰ পষ্টিং একেবাৰে শেষত হব বুলি গম পাইছে৷ তাৰ আগেয়ে লাঞ্চ ব্ৰে
কো দিব৷ ইফালে ৰাতিপুৱাৰ গাখীৰ
চাহকাপৰ অভাৱত যেন অভিষেকৰ শৰীৰত অক্সিজেনৰ পৰিমাণ দ্ৰুতগতিত কমি আহিবলৈ ধৰিছে৷ সি
বহু কষ্ট কৰিও লানি নিছিগাকৈ আহি থকা হামিবোৰ ৰোধ কৰিব পৰা নাই৷ বৰঞ্চ খুউব কম
সময়ৰ ভিতৰতে হামিটোৱে কাষতে বহি থকা নীহাৰকো সোঁচৰিলেগৈ৷ এটা সময়ত নীহাৰে তাক ক
লে,

       ‘‘ল পেহীৰ ঘৰতে কিবা এটা খাই আহোঁগৈ৷ ST, SC কোটা শেষ হোৱাই নাই৷ অলপ পাছতে লাঞ্চ ব্ৰেক দিব৷’’

       নিহাৰৰ পেহীয়েকৰ ঘৰলৈ অভিষেক আগতেও কেইবাবাৰো গৈছে৷ শংকৰ বৰুৱা পুখুৰীৰ
ওচৰতে ঘৰ৷ বাইকত যাব যেতিয়া বেছি সময় নালাগে৷ দুয়ো বন্ধু দেহ-মনক কিছু সকাহ দিয়াৰ
উদ্দেশ্যে হলৰ পৰা ওলাই আহিল৷ পেহীয়েকৰ ঘৰৰ গেইটখন খুলি নীহাৰে প্ৰায় চিঞৰিয়েই ক
লে৷

       ‘‘পেহী, ফটাফট চাহ দুকাপ দিয়াঁ৷’’ পেহীয়েকে আগতেই জানিছিল যে আজি নিহাৰ টাউনলৈ আহিব৷ চাকৰি খাটাং হব৷ তেখেতে ভিতৰৰ পৰাই মাত লগালে,

       ‘‘চাহ মই এক মিনিটতে বাকি দিম৷ পিছে মিঠাই আনিছ নে নাই?’’

       ‘‘মিঠাই পাছতহে হব দেই৷ একেবাৰে ছাগলী মাৰি ভোজেই
খুৱাই দিম৷
’’

      পেহীয়েকে ভতিজাকক কেনেকৈনো বাৰু খালী চাহকাপ খুৱাই৷ লৰালৰিকৈ লুচি-ভাজি কৰিবলৈ ললে৷ খুউব কম সময়ৰ ভিতৰতে
তেখেতে দুখন ষ্টিলৰ থালত গৰম গৰম ফুলা লুচি আৰু আলু ভাজি সজাই আনি খোৱা মেজত থৈ
অভিষেকহঁতক মাতিলে৷ অভিষেকৰ পিছে চাহকাপৰহে বেছি প্ৰয়োজন হৈছিল৷ নিহাৰৰ কিন্তু
সঁচাকৈয়ে ভোক লাগিছিল৷ সি সময় নষ্ট নকৰি পেট পূজাত লাগি গ
ল৷
অভিষেকে লুচিৰ প্ৰথমটো টুকুৰা মুখলৈ ঠিক নিওঁতেই ফোনটো বাজি উঠিল৷ হিৰণ্যৰ ফোন৷
হিৰণ্যয়ো সিহঁতৰ লগতে চাকৰি পাইছে৷ সি অভিষেকতকৈ সৰু যদিও দুয়োৰে মাজত বন্ধুৰ দৰেই
অন্তৰংগতা আছে৷ অভিষেকে খাই থকাৰ পৰাই ফোনটো ধৰিলে৷

       ‘‘অভিষেক দা৷ কত আছে আপোনালোক? আপোনাৰ
নাম পাৰ হৈ গৈছে৷
’’

       ‘‘কি? আমাৰ শেষলৈহে আছিল!’’

      নহয়৷ লাঞ্চৰ পিছতেই General আৰম্ভ কৰিলে৷’’ অভিষেক আৰু নিহাৰে খোৱা তাতে এৰি পেহীয়েকক মাতষাৰ দি দৌৰি গৈ বাইকত
উঠিলেগৈ৷ জিলা পুথিভঁৰালৰ ভিতৰত সোমায়েই অভিষেক কমিটিৰ মানুহখিনিৰ ফালে ফোঁপাই-জোপাই আগবাঢ়ি গ
ল৷ I. S. ছাৰে তাক চিনি পায় আৰু সেয়েহে কথাৰ
মাজতে সি যে তাৰ কৰি থকা স্কুলখনতে
চাকৰিটো ল
ব বিচাৰে সেইটো কৈ থৈছিল৷ তাক দেখাৰ  লগে লগে সেয়েহে ছাৰে সুধিলে,

       ‘‘ত আছিলে আপুনি?’’

       ‘‘ছাৰ, মই এতিয়া কি কৰিম?’’

       অভিষেকৰ অসহায় কণ্ঠ৷

      ‘‘আপুনি এতিয়াই যিকেইখন আছে তাৰে এখন বাচি লওক৷ নহলে
থকা কেইখনো হাতৰ পৰা যাবগৈ৷
’’

       অভিষেকৰ সন্মুখত এতিয়া তিনিখন বিদ্যালয়- ফৰকাটিং হাইস্কুল, তৰফাট হাইস্কুল আৰু ৰজাবাৰী হাইস্কুল৷ ৰজাবাৰীতো একেবাৰে বোকাখাতৰ ফালে৷
তৰফাটো অভিষেকৰ ঘৰৰ পৰা দূৰেই হ
ব৷ তেনেহলে ফৰকাটিঙেই তাৰ বাবে সুবিধাজনক হব৷ নিজৰ স্কুলখন
নহ
লেও ঘৰৰ ওচৰৰে এখন হব৷ ভাগ্য ভাল
থাকিলে পিছত বুজাবুজিৰ জৰিয়তে পুৰণি স্কুলখনলৈ যাব পাৰিবও পাৰে৷ অভিষেকে ফৰকাটিং
হাইস্কুলকে বাচিলে৷ সেই সময়ত অভিষেক ইমান নাৰ্ভাছ হৈ আছিল যে সি আৰু দুগৰাকী
প্ৰাৰ্থীৰ পিছত থিয় হৈ থকা নিহাৰলৈও এবাৰ 
নাচালে৷ ইফালে কথাটো শুনাৰ লগে লগে নিহাৰৰ মুখখন ক
লা
পৰি আহিল৷
ফৰকাটিং হাইস্কুলখনতো তাৰ
স্কুল আছিল৷ অভিষেকে সেই কথা পাহৰি গৈছিল৷ নিহাৰৰ মুখখন দেখিহে সি ৰৈ গ
ল৷ অভিষেকে কি কৰিব এতিয়া? সি যেন এখন সাগৰৰ ঢৌৰ পৰা
বাচিবলৈ আন এখন সাগৰত জঁপিয়াই দিলে৷ ফৰকাটিং হাইস্কুলখন বাচোঁতে তাৰ এবাৰো নিহাৰৰ কথা কিয় মনত নপৰিলে
?
সি ইমান স্বাৰ্থপৰ কেনেকৈ হব পাৰিলে? নিহাৰ থৰ হৈ ৰৈ আছে৷ তাৰ নাম  মাতি
আছে৷ অভিষেক আগবাঢ়ি গৈ তাৰ বাহুত ধৰি জোকাৰি দিলে৷

       ‘‘তোৰ নাম মাতি আছে নিহাৰ৷’’

       সি লগতে আৰু কব বিচাৰিছিল,

       ‘‘মোৰ একো উপায় নাছিল নিহাৰ৷ মোক মাফ কৰি দে৷’’

      কিন্তু নিহাৰৰ চকুলৈ চাই সি একো কব নোৱৰা হল৷ অভিষেক যতে আছে ততে বহুপৰ
ৰৈ থাকিল৷

***

       ‘‘যি হল কিন্তু ভাল নহল৷
নিহাৰৰ স্কুলখন সঁচাকৈয়ে বহুত দূৰত হ
ল৷’’ অভিষেকক ভাত খাই উঠি মুখ ধোৱাৰ পিছত টাৱেলখন আগবঢ়াই দি মৃদুৱে কলে৷

       ‘‘এৰা, তাৰ লগত মই হয়তো সোনকালে সহজ হব নোৱাৰিম৷ কেনেকৈ যে কি হৈ গল৷ একাপ চাহৰ বাবে উঠি
গৈয়েই সকলো
উলট-পালট হল৷’’

       একাপ চাহৰ কথাটোত মৃদুৰ মনটো মুজুৰা পৰি আহিল৷ ৰাতিপুৱা শঙ্কুৰ বাটাৰফ্লাই
এফেক্ট্ শুনা বাবেই তাই সময়মতে অভিষেকক চাহকাপ দিব নোৱাৰিলে৷ আজিৰ গোটেই ঘটনাচক্ৰৰ
মূল পখিলাটো হৈছে চাহকাপ৷ চাবলৈ গ
লে চাহকাপ খাই নোখোৱাটো এক সাধাৰণ কথা৷ কিন্তু এই সাধাৰণ কথাটোৱেই আজি এক ডাঙৰ ঘটনাৰ কাৰণ হল৷ তাই মনতে ভাবিলে৷

       ভাত খাই উঠি অভিষেক নিজৰ পঢ়া কোঠাত সোমাইছে৷ কিছুপৰ সি অকলে থাকিব
বিচাৰিছে৷ মানসিকভাৱে সি ভাগৰি পৰিছে৷ ইফালে শঙ্কু বিছনাত পৰি মাক শুবলৈ অহালৈ ৰৈ
আছে৷ এই সময়খিনিত মাকৰ লগত তাৰ বহুত কথা পাতিবলগীয়া থাকে৷ মাক অহাৰ লগে লগে সি
আৰম্ভ কৰিলে
,

       ‘‘মা, আজি ৰাতিপুৱা যে মই তোমাক বাটাৰফ্লাই এফেক্টৰ
কথা কৈছিলোঁ তেনেকুৱা আৰু এটা থিয়ৰী আছে জানা৷ সেইটো হৈছে…

       মৃদুৱে পুতেকৰ ওঁঠত আঙুলি দি তাৰ কথাখিনি সম্পূৰ্ণ কৰিবলৈ নিদি কলে৷

       ‘‘এতিয়া শুবৰ সময়ত মোক আৰু কোনো এফেক্ট্ দিব নালাগে সোণ৷ কাইলৈ পাপাই নতুন
স্কুলত জইন কৰিব৷ ৰাতিপুৱা সোনকালে উঠিব লাগিব৷
’’

       চকু টিপিয়াই হাঁহি এটা মাৰি শঙ্কুৱে কলে,

       ‘‘পাপাই কাইলৈ চাহকাপ খাই যাব লাগিব৷’’

***

ভ্ৰাম্যভাষ – ৭০৮৬৭-২৮৬৬৭