প্রত্যাৱর্তন- ভাৰত ২০৯৯

(কল্প বিজ্ঞান
ভিত্তিক গল্প)
 

ৰঞ্জু শৰ্মা

 

পৃথিৱী পৃষ্ঠৰ
পৰা প্রায় ১৫০০ কিলোমিটাৰ ওপৰত ওপঙি থকা স্পে
’চ ষ্টেশ্বন এটাৰ হিউমেন ৰেছিডেঞ্চিয়েল
নিৰ ভাৰত ২০৯৯’ নামৰ চেলটোত আজি ৰাতিপুৱাৰে পৰা
প্রচুৰ খেলিমেলি পৰিৱেশ। চে
লটোৰ চেণ্ট্ৰেল কণ্ট্ৰ
ছিষ্টেমটোৱে হয়তো ভালকৈ কাম কৰা নাই নতুবা তাত প্রগ্রেমিঙ কৰি থোৱা ট্রেন্সমিটাৰে
বাহিৰৰ পৰা অহা কিবা এক নতুন তৰংগদৈর্ঘ্যৰ উমান পাইছে
, যিটো সি
চিনাক্ত কৰিব পৰা নাই। ফলস্বৰূপে এক নির্দিষ্ট সময়ৰ ব্যৱধানত টি
, টি-উ, টি-উ সদৃশ কিছুমান
দীঘলীয়া অথচ কর্কশ শব্দৰে সমগ্র স্পে
চ ষ্টেশ্বনটোত এক অশান্তিময় পৰিৱেশ সৃষ্টি
কৰিছে।

অৱশ্যে এনেধৰণৰ
খেলিমেলি কেৱল আজিয়েই হৈছে বুলি ক
ব নোৱাৰি। বছৰটোৰ কিছুমান
বিশেষ সময় অথবা পৰিস্থিতিত কেৱল এই ১০১ চে
লটোৱেই নহয় ওচৰে-পাজৰে থকা কেইবাটাও চেলত
প্রায়েই  এনে ধৰণৰ খেলিমেলি কিছুমানৰ
সৃষ্টি হয়।

চৌপেশে ঘটি থকা
এই সমগ্র ঘটনাৰাজি মই পুৰামাত্রাই অনুভৱ কৰি আছোঁ
, বুজিছোঁ। স্বচক্ষে
দেখা বুলি ক
ব নোৱাৰি যদিও মাইণ্ড আই
ছিষ্টেম
ৰ জৰিয়তে চে
লটোৰ কোনটো  অংশত কি সংঘটিত হৈ আছে মই সেই সকলো অনুমান কৰিব
পাৰিছোঁ।
টেলিপেথিক কমিউনিকেশ্বননামৰ
অত্যাধুনিক নেটৱর্ক ছিষ্টেমটোৰ যোগেদি ঘৰৰ (এই ঘৰ শব্দটো পিছে এতিয়া আউটডে
টেদ,
একমাত্র মইহে ব্যৱহাৰ কৰোঁ) অইন সদস্যখিনিৰ লগত মই মোৰ ভাবৰ
আদান-প্রদান কৰিও আছোঁ। তথাপি মনটোত কিবা দেখোন বিষাদ বিষাদ যেন ল
গা ভাব এটাই খেলিমেলি কৰি আছে। আচলতে ঠিক বিষাদ বুলিবও নোৱাৰি। এয়া
উত্তেজনা
, উগুল-থুগুল, অসহায়, আনন্দ এই সকলো প্রকাৰৰ আৱেগৰ ভিতৰত যিকোনো এটি হ
পাৰে। নতুবা আটাইবোৰৰ এটা মিশ্রণো হ
ব পাৰে।

মই সোমাই থকা
গ্লাছৰ বিকাৰসদৃশ পাত্রটোক সংলগ্ন কৰি থোৱা কম্পিউটাৰটোৰ সৰু স্ক্রীণখনত মোৰ এই আৱেগৰ তৰংগদৈর্ঘ্যসমূহ
উঠা-নমা কৰি
,
অহা-যোৱা কৰি আছে। সাধাৰণতে বেলেগ বেলেগ আৱেগৰ বাবে পৃথক তৰংগদৈর্ঘ্য প্রতিফলিত হয় যদিও এনেকুৱা সময়বোৰত কম্পিউটাৰত ইনষ্টল হৈ থকা অত্যাধুনিক
প্রচেছৰসমূহো বিকল হৈ পৰে আৰু সেয়েহে জালৰ দৰে ডাটা কিছুমান দেখুৱাই গোটেই
নেটৱর্কটোৱেই খেলিমেলি কৰি দিয়ে।

মোক সুমুৱাই ৰখা
বিকাৰটোৰ ওচৰতে সাইলাখ মোৰটোৰ দৰেই আৰু এটা কাঁচৰ বিকাৰ। মোৰ দৰেই অত্যাধুনিক
যন্ত্র কিছুমানেৰে সংযুক্ত হৈ তাত মোৰ স্বামী মানস শুই আছে। কাঁচৰ আৱৰণখনৰ ভিতৰৰ
পৰাই টেলিপেথিক কমিউনিকেশ্বন ছিষ্টেমটো এক্টিভেট কৰি  মই তেওঁৰ উমান লোৱাৰ চেষ্টা কৰিলোঁ। সাৰে আছে নে
টোপনি গৈ আছে ঠিক ধৰিব পৰা নাই
, পুৰণি হিচাপ মতে তেওঁ দিনটোৰ এইখিনি
সময়ত শুই থাকিব নালাগে। এটা সময়ত মানুহজনৰ টোপনি খুবেই কম আছিল। হঠাৎ মন কৰিলোঁ
মানসৰ বিকাৰটোত সংলগ্ন হৈ থকা কম্পিউটাৰৰ স্ক্রীনখনতো মোৰখনৰ স
তে একে ধৰণৰ খেলিমেলি তৰংগদৈর্ঘ্য কিছুমান জিলিকি উঠিছে। বুজিলো তাৰ
মানে মোৰ দৰেই তেৱোঁ এই  আৱেগক চিনাক্ত
কৰিবলৈ সক্ষম হোৱা নাই। অৱশ্যে ডেকা বয়সতো তেওঁ কিমান আৱেগিক আছিলনো
? …গতিকে আৱেগ প্রকাশ কৰিব নোৱৰাটো তেওঁৰ বাবে একো অস্বাভাৱিক কথা নহয়। কিন্তু
মোৰ কি হ
? চকুৰ কোণত আৱেগক কঢ়িয়াই লৈ
ফুৰা মোৰ আলফুলীয়া মনটো আজিনো ক
ত হেৰাই গ?…


এয়া কি সময়ৰ
প্রতাৰণা
?…

বিষাদ
বোলা আৱেগটোক এইবাৰ মই স্পষ্টকৈ অনুভৱ কৰিলোঁ।…

কেইমিনিটমান
পাছতেই এই ঠাইখিনিলৈ প্রিঞ্চ দৌৰি আহিব। প্রিঞ্চ
, মোৰ আজোনাতি। বৰ
মৰমলগা। দেখিবলৈ সাইলাখ মোৰ নাতিটোৰ স
তে একে।

প্রায়েই মই তাক
মোৰ নাতিটো বুলিয়ে ভুল কৰোঁ। মানসে কিন্তু ঠিকেই ধৰিব পাৰে। এনেয়েও মানুহটোৰ মনত ৰখা
শক্তি মোতকৈ আগৰপৰাই বহুত বেছি। মই আকৌ প্ৰিঞ্চে মোৰ টাচ্ছ ছেনজিটিভ পইণ্টটো  চুই দিলেহে তাক চিনিব পাৰোঁ। আজিকালিৰ হিউমেন
ক্ল
নিঙেৰে জন্ম হোৱা সন্তানবোৰ হেনো তেনেকুৱাই, স্পর্শতেই মাথোঁ সিহঁতৰ
সামান্যতম দৈহিক পার্থক্যবোৰ লুকাই থাকে।

সময়ো যে কিমান
সলনি হ
ল ! নহয়নে? … কেতিয়াবা কথাবোৰ ভাবিলে মোৰ অকলে
অকলে হাঁহি উঠে।  সৰুতে আমাৰ চুবুৰীত দেখা
যমজ ছোৱালী দুজনীলৈ বৰকৈ মনত পৰে। দুয়োজনী ছোৱালী ইমানেই একে চেহেৰাৰ আছিল যে কেঁচুৱা
অৱস্থাত মাকে হেনো চিনি পাবৰ উপায় হিচাপে এজনীক ক
লা আৰু আনজনীক বগা কাপোৰ
পিন্ধাই থ
ব লগা হৈছিল। বহু বছৰৰ পাছলৈকে মানুহে তাহাঁতক
দেখিলেই ব্লেক এণ্ড হোৱাইট বুলি জোকাইছিল…।

, ব দেই, প্রিঞ্চ আহি পায় মানে
মই আমাৰ চিনাকিটো দি লওঁ। অৱশ্যে চিনাকিটোৰ আগতেও কিছু প্রস্তাৱনাৰ কাহিনী কৈ ল
ব লাগিব। আজিৰ পৰা কেইবা বছৰো আগতে এই ধৰক ২০৪০ চনৰ শেষৰ ফাললৈ পৃথিৱীৰ
বর্ধিত জনসংখ্যা
, মহামাৰী, দেশসমূহৰ
মাজত পৰস্পৰে চলি থকা সম্মুখ সমৰ অথবা শীতল যুদ্ধ
, ল্যুশ্বন,
অক্সিজেনৰ অভাৱ আদি বিভিন্ন সমস্যাৰ ফলত সমগ্র পৃথিৱীৰ মানৱ সমাজ
এনে এক ভয়ংকৰ পৰিস্থিতিত আহি উপস্থিত হ
লহি যে তাত জীয়াই
থকাটোৱেই প্রায় অসম্ভৱ হৈ পৰিল। সম্পদশালী দেশসমূহ আৰু বেছি শক্তিশালী হৈ উঠাৰ
বিপৰীতে দুর্বল দেশসমূহ দিনে দিনে ধংসৰ মুখলৈ গতি কৰা আৰম্ভ কৰিলে। লীডাৰশ্বিপৰ
পৰিৱর্তনো হ
ল সাংঘাটিকভাৱে। অৱশ্যে বিজ্ঞান আৰু প্রযুক্তিৰ দিশত আগ বঢ়া দেশসমূহে বহু পূৰ্বেই এইহেন বিপর্যস্ত পৰিস্থিতিৰ পূর্বানুমান
কৰিছিল । সেয়েহে তেওঁলোকে
সন্মিলিতভাৱে আৰু কিছু গোপনে পৃথিৱী এৰি নতুন বাসস্থান নির্মাণত দিন-ৰাতি একাকাৰ কৰা
আৰম্ভ কৰিলে আৰু তাৰেই ফলস্বৰূপে লাহে লাহে গঢ় লৈ উঠিল মানুহৰ বাসোপযোগী এই বিশাল
স্পে
চ-ষ্টেশ্বনসমূহ। স্বাভাৱিকতেই এই সকলোবোৰ গৱেষণা, প্রযুক্তি
আৰু নতুন আৱিষ্কাৰৰ লীডাৰ আছিল আমাৰ ভাৰতবর্ষ।

স্পেচ-ষ্টেশ্বনসমূহলৈ মানুহক শ্বিফ্ট কৰোৱাৰ বাবে কেইবাটাও ঢাপৰ ছিলেকশ্বন প্রক্রিয়াৰ আৰম্ভ
হৈছিল ২০৫০ চনৰ আৰম্ভণিৰেপৰা। আঃ! কি
সাংঘাটিক কঠিন আছিল যে সেই বাছনি প্রক্রিয়া। প্রতিখন ৰাষ্ট্রৰে বিভিন্ন ক্ষেত্রৰ
টপ্ ম
ষ্ট আই কিউৰ লোকসকলক বাচি বাচি তেওঁলোকৰ পৰিয়ালৰ সৈতে ইয়ালৈ লৈ অহা হৈছিল।
সৌভাগ্যক্রমে ভাৰতবর্ষৰ ট
প্ মষ্ট
বিজ্ঞানীসকলৰ ভিতৰত নাম আছিল বাবেই আমাৰ পুত্র আৰু কন্যা দুয়োজনেই আৰু সেইবাবেই
আমিও সেই বাছনিত উর্ত্তীর্ণ হলোঁ  আৰু সেই
তেতিয়াৰ পৰাই বিভিন্ন দেশৰ আমি কেইবা হাজাৰো জনসাধাৰণ এই নতুন কৃত্রিম পৃথিৱীখনৰ
স্থায়ী বাসিন্দা হৈ আছোঁ। এই স্পে
চ ষ্টেশ্বনসমূহৰ ভিতৰত ভিন ভিন ৰাষ্ট্রৰ নিজা নিজা
নি আছে। আমেৰিকা, চীন, ভাৰতবর্ষ, য়ুৰোপ
প্রত্যেকৰে  ইয়াত পৃথক গৱেষণাগাৰ
, ছুপাৰমার্কেট, বিশ্ববিদ্যালয়, অনুষ্ঠান
গৃহ ইত্যাদি আটাইবোৰ সুবিধাই আছে।

প্রতিবছৰে এই কনিসমূহৰ নাম নিজে নিজে সলনি হোৱাটো নিয়ম। 
সেই হিচাপে বর্তমান আমি বসবাস কৰি থকা এই বিশাল ক
নিটোৰ নাম ভাৰত ২০৯৯। এই ভাৰত ২০৯৯-ৰ এটি হিউমেন ৰেছিডেঞ্চিয়েল কনিৰ ফ্লটিং ইউনিটৰ সৰু চে

এটিৰ ভিতৰৰ কম্পিউটাৰ-চালিত সৰু বাকচ এটাৰ সোঁমাজত থকা কাঁচৰ বিকাৰ এটাত মই আজি
কেইবা বছৰো ধৰি নীৰৱে শুই আছোঁ। মোৰ কাষত মোৰ স্বামী মানস। তেওঁৰো মোৰ দৰেই একেই
স্থিতি
, একেই পৰিস্থিতি।

এনেকুৱা দুটি
পৃথক চে
লত আমাৰ লৰা-বোৱাৰীহালো আছে। ঠিক তেনেকৈ ওচৰতে আন
এটি চে
লত আছে মোৰ জী-জোঁৱাইহালো। সিঁহতবোৰৰ এনে বিকাৰত সোমোৱা বৰ বেছি বছৰ হোৱা নাই
যদিও এনেকুৱা পৰিৱেশত এতিয়ালৈ সিহঁতো অভ্যস্ত হৈ পৰিছে।  দিন-ৰাতি ধৰি এই বাকচবোৰৰ ভিতৰতে আমি আটাইবোৰ
সোমাই আছোঁহি। কেতিয়াবা যে ইমান মন যায় ওচৰতে থকা এই আপোন মানুহবোৰক, মোৰ তেজৰ অংশবোৰক এবাৰ চুই চাবলৈ
, নাতিটো আজোনাতিটোক এটা মৰমৰ চুমা যাচিবলৈ !

পিছে নোৱাৰোঁ।
আমি আটায়ে আমাৰ নির্দিষ্ট ঠাইৰ পৰা স্থানান্তৰিত হ
বলৈ অপাৰগ।

হয় অপাৰগ।

কাৰণ টেকনিকেলি
বর্তমান আমাৰ কোনো ফিজিকেল আইডেণ্টিটি নাই। আকাৰ নাই। আমাৰ কোনো নাম নাই
, মুভমেণ্ট নাই, আত্মা নাই, সত্তা নাই। কিন্তু ইমানৰ পাছতো আমাৰ এনে কিছুমান বৈশিষ্ট্য আছে যাৰ বাবে আমি জীয়াই
আছোঁ। কায়িকভাৱে নহ
লেও
আমাৰ স্মৃতি
, আমাৰ আৱেগ, আমাৰ অনুভুতি,
আমাৰ চিন্তা সকলোখিনি এতিয়াও কার্যক্ষম অৱস্থাতে আছে ।

ব। কথাবোৰ তেনেই
আউল লগা হৈছে, নহয়নে
?

আচলতে কাহিনীটো
আগ বঢ়াই নিবলৈ কিছু নেপথ্যৰ কাহিনী কৈ ল
ব লাগিব। কিছু সময়ৰ বাবে
আমি আমাৰ মানে মানস আৰু মোৰ মৃত্যুৰ সময়লৈ ঘূৰি যাব লাগিব। 

২০৬০ চনৰ শেষ
ভাগলৈ মাথোঁ কেইদিনমানৰ ব্যৱধানত মানস আৰু মোৰ মৃত্যু হৈছিল। কৃত্রিমভাৱে হলেও
এই  স্পে
চ ষ্টেচনসমূহত সাইলাখ এখন নতুন
পৃথিৱী গঢ়ি তোলাৰ চেষ্টা কৰা হৈছিল যদিও আমাৰ বাবে হঠাৎ এই পৰিৱর্তন খুব অসহনীয় হৈ
উঠিছিল। শাৰীৰিকভাৱেও
, মানসিকভাৱেও। পৃথিৱীৰ জলবায়ু, বতাহ পানী পৰিৱেশ, আত্মীয়, স্মৃতি
ইত্যাদি সকলো আমি খুব বেয়াকৈ মিছ্ কৰিবলৈ আৰম্ভ কৰিছিলোঁ। অঁ
, আমাৰ
সতে আমাৰ পুত্র-কন্যা আছিল যদিও জীয়াই থাকিবলৈ কেৱল সেয়াই জানো পর্যাপ্ত আছিল
?
নতুন পৃথিৱী এখন গঢ়ি তুলিবলৈ সিহঁতৰ দেহ-মন সকলো বিজ্ঞানৰ ওচৰত
সম্পূর্ণৰূপে সমর্পিত আছিল। দিন-ৰাতি একাকাৰ কৰি কেৱল লেব
ৰেটৰীৰ
দায়িত্বত
, পৃথিৱীৰ স্বার্থত নিজৰ সর্বস্ব অর্পণ কৰি দিছিল দুয়ো।

আৰু আমি? … আকাশত ওপঙি থকা এটা বন্ধ কাঁচৰ কোঠাত, যি ঠাইৰ পৰা
আনকি পৃথিৱীৰ ছবিখনো ধূসৰ
, সেই শ্বাসহীন পৰিস্থিতিত কৃত্রিম
উশাহ লৈ পৃথিৱীত এৰি অহা শৈশৱ আৰু যৌৱনৰ সোণালী মুহূর্তবোৰৰ স্মৃতি লৈ মৰি মৰি
জীয়াই আছিলোঁ। কিন্তু সেই শ্বাসৰুদ্ধ পৰিস্থিতি বেছিদিনলৈ নাথাকিল। সেইহেন
পৰিৱেশ প্রথমে আমাৰ মনে মানি নল
লে আৰু তাৰ পাছত দেহে।

ফলস্বৰূপে, প্রায় এমাহ মানৰ অন্তৰালত মানস আৰু মই এই নতুন পৃথিৱীৰ পৰা একেবাৰে বিদায়
লো।

লগে লগে অনুভৱ হল আমি মুক্ত…স্বাধীন..সমাপ্ত…

কিন্তু এইবুলি
পিছে আমিহে ভাবি থাকিলোঁ। অনন্ত বিশ্বব্রহ্মাণ্ডত ভাৰহীন
, কায়াহীন হৈ উপঙি ফুৰাৰ পৰম প্রশান্তিময় যি এক ঐশ্বৰিক অনুভুতিৰে আমি বিচৰণ
কৰি আছিলোঁ
, সেই অনুভুতি বেছি দিন নাথাকিল। লাহে লাহে আমি
অনুভৱ কৰিবলৈ আৰম্ভ কৰিলোঁ যে আমি পুনৰ পার্থিৱ মোহ-মায়াৰ জালত সোমাই পৰিবলৈ আৰম্ভ কৰিছোঁ
,… অতীতক আকৌ এবাৰ দেখা পাবলৈ আৰম্ভ
কৰিছোঁ…..পাহৰি যোৱা শৈশৱৰ ছবিবোৰচোন পুনৰ আমাৰ চৌপাশে ঘূৰিবলৈ আৰম্ভ কৰিছে। লাহে
লাহে ভাব হল ভাৰহীন হৈ ঘূৰি ফুৰা অৱস্থাৰ পৰা 
ক্রমান্বয়ে আমি যেন কিবা এক সংকুচিত আৱর্তত 
সোমাই পৰিছোঁ। পুনৰ এক কায়া… এক সীমা… এটা আৱর্ত … মায়া..মোহ… !

কি আছিল সেয়া?… মৃত্যুৰ পৰা জীৱনলৈ এক পৰিক্রমা… পুনৰ্জন্ম?…নে   ওভটনি… 

বিজ্ঞান!! …একবিংশ শতিকাৰ
অন্তিম দুৱাৰডলিত মানৱ সমাজে উদ্ভাৱন কৰা বিজ্ঞানৰ এক চমকপ্রদ
, অভিনৱ ইতিহাস আছিল সেয়া।

মৃত্যুঞ্জয় … কায়াৰ
পৰা কায়াহীনতাৰ জীৱন…।

অথবা প্রত্যাৱর্তন।

হয়, একবিংশ শতিকাৰ শেষভাগলৈ ই তেনেই সাধাৰণ কথা হৈ পৰিছিল। সেয়েহে মৰাৰ পাছতো
আমি জী উঠিছিলোঁ এক বিশেষ পদ্ধতিৰে।

মানস আৰু মোৰ
মগজু দুটাৰ এক বিশেষ অংশ ক্রাইঅ
প্রিজাৰভেশ্বন পদ্ধতিৰ দ্বাৰা লিকুইড
নাইট্র
জেন নাইবা এল এন-২ ভেপাৰত ডুবাই ৰখা হৈছিল। হিউমেন
ব্রেইনৰ এক গুৰুত্বপূর্ণ অংশ হ
ল মেমৰী
চে
ল। মগজুৰ টেম্পৰেল লবত থকা
হিপোকেম্পাছ নামৰ অংশটোত এই মেম
ৰী চেলসমূহ জমা হৈ থাকে।
চমুকৈ ক
বলৈ গলে এই কোষসমূহেই মানুহৰ সকলো কার্যৰ মূল
চালিকাশক্তি। মানুহৰ ভাব
, চিন্তা, স্মৃতি,
আৱেগ, অনুভুতি, বুদ্ধিমত্তা
এই সকলোবোৰৰে নিয়ন্ত্রণৰ কেন্দ্রবিন্দু এই চে
লসমূহ।

আমাৰ মৃত্যুৰ
কেই ছেকেণ্ডমানৰ ভিতৰতে মানস আৰু মোৰ মগজুৰ 
পৰা এই বিশেষ চে
লসমূহক এক্সট্রেক্ট কৰি উলিয়াই আনি এড্ভাঞ্চড্ ক্রায়প্রিজাৰভেশ্বন
পদ্ধতিৰ দ্বাৰা লিকুইড নাইট্র
জেন নাইবা এল এন-২ ভেপাৰত ডুবাই
ৰখা হ
, যাতে এই কোষসমূহক আৰু কেইবা বছৰলৈ
কার্যক্ষম কৰি ৰাখিব পৰা যায়। এক কথাত ক
বলৈ গলে আমিবোৰ হৈ
পৰিলোঁ অতীতৰ তথ্য সম্বলিত একোখন জীৱন্ত কিতাপ যাক ভৱিষ্যতৰ প্রজন্মই অত্যাধুনিক
পদ্ধতিৰে ব্যৱহাৰ কৰিব পাৰে।

পৃথিৱীৰ ভিতৰত
আটাইতকৈ জটিল আৰু এড্ভাঞ্চড্ যন্ত্রটোৱেই হয়তো মানুহৰ ব্রেইন। যাক পূৰামাত্রাই জানি-বুজি উঠিবলৈ আজি ইমান বছৰৰ ৰিছাৰ্চো পর্যাপ্ত নহয়।  

কথাবোৰ খুব জটিল
নহয়নে
?
কিন্তু একবিংশ শতিকাৰ শেষ ভাগলৈ বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ
গৱেষণাৰ ক্ষেত্রখনলৈ ই 
আছিল এক বৃহৎ অৱদান। আমাৰ জীৱনৰ সর্বোচ্চ
প্রাপ্তি আছিল 
পুত্র-কন্যা। হয়… সিঁহতে মৃত্যুৰ পাছতো আমাক জীয়াই তুলিবলৈ সক্ষম হৈছিল, কেৱল পৃথিৱীতেই নহয় বহিঃবিশ্বতো সিহঁতৰ সুনাম বিয়পি পৰিছিল। আৰু পিতৃ
-মাতৃ হিচাপে আমাৰ মেম
ৰী চেলসমূহৰদ্বাৰা আমি অনুভৱ
কৰিছিলোঁ এক পৰম প্রাপ্তিৰ গৌৰৱ।

জানো, ইমানখিনি কোৱাৰ পাছত আপোনালোকৰ মনত নিশ্চয়কৈ বহু প্রশ্নৰেই উদয় হব। আমাক
কিয় জীয়াই ৰখা হ
? …ইমানখিনি গৱেষণাৰ
প্রয়োজনেই বা আছিল কি ইত্যাদি ইত্যাদি।

এৰা! প্রয়োজন আছিল। এটা যুগৰ সময়ৰ মানসিক চিন্তাক আন এটা যুগৰ
উত্তৰ পুৰুষৰ মাজলৈ কঢ়িয়াই লৈ যাবলৈ সাঁকো হিচাপে ব্যৱহাৰ কৰা হৈছে আমাৰ মগজুসমূহক।
একবিংশ শতিকাৰ আৰম্ভণী সময়ৰে পৰা মানুহৰ মাজৰ পৰা ক্রমান্বয়ে নোহোৱা হৈ যাবলৈ ধৰা
মানৱতা
, সংবেদনশীলতা, সহনশীলতা,
দয়া, মৰম, মানৱীয়
আৱেগ-অনুভুতি এই সকলো গুণৰ পুনৰুদ্ধাৰৰ খুবেই প্রয়োজন হৈ পৰিছিল। সমগ্র পৃথিৱীত
মাথোঁ যুদ্ধৰ দামামা
, ক্ষমতা আৰু লোভৰ লালসা আছিল। কেৱল
শৰীৰেই নহয় মানসিক স্বাস্থ্যৰো এক ভয়ংকৰ সংকটৰ দিশে জোৰকৈ ঠেলি পঠিওৱা হৈছিল
ভৱিষ্যতৰ প্রজন্মক। তেনেকুৱা পৰিবেশত সমাজৰ উত্তৰণ সম্ভৱনে
?…পৃথিৱীৰ
?…

আমাৰ ডেকা বয়সতে, এই ধৰক ২০১২২০১৫- এই সময়ছোৱাত আমাৰ সমাজৰ যি বিধ্বস্ত ৰূপ আছিল
তেতিয়াতো আমি সপোনতো ভবা নাছিলো যে আমাৰ পুত্র
, নাতি আনকি
আজোনাতিয়েও ইমান মৰমেৰে যত্ন কৰি আমাক জীয়াই ৰাখিব ! যি সময়ত আনকি নিজা সন্তানেও
বৃদ্ধ পিতৃ-মাতৃক ৰাস্তাই-ঘাটে
, অনাথ আশ্রমে আশ্ৰমে আলাই-আথানি কৰি
পেলাই থৈছিল
, মাতৃয়ে পুত্রক, পিতৃয়ে
কন্যাক হত্যা পর্যন্ত কৰিব পাৰিছিল
, তেতিয়াতো ভাবিছিলোঁ যে আমাৰ
সমাজখন অধঃপতনে যাবলৈ আৰু বৰ বেছি সময় নাই। বোমা-বাৰুদ
, মৰা-কটা,
ধর্ষণ-অপহৰণ, যুৱ-উচ্ছৃঙ্খলতা, সাম্প্রদায়িকতা, আঃ… কি যে বীভৎস ৰূপ আছিল আমাৰ সমাজৰ।
কিন্তু এতিয়া সমাজৰ প্রতিচ্ছবি সম্পূর্ণ ওলোটা। আমিয়েই তাৰ উদাহৰণ নহয় জানো
?
আমাৰ প্রতিবেশী ইউনিটবোৰত থকা বেনার্জী, গুপ্তা,
নায়াৰ এই সকলোবোৰৰ ঘৰতেই তেওঁলোকৰ নাতিআজোনাতিসকলে বৰ যত্ন কৰি তেওঁলোকৰ মগজুৰ
মেম
ৰী চেলসমূহ প্রিজার্ভ কৰি ৰাখিছে।


আমাৰ সময়ৰ সমাজৰ
আচাৰ-ব্যাৱহাৰ
, ৰীতি-নীতি, উৎসৱ-পার্বন ,
আৱেগ-অনুভূতি এইবোৰ আজিৰ প্রজন্মই কেৱল কিতাপে-পত্রে বা ভার্চুৱেল
পদ্ধতিৰে পঢ়ি শুনিয়েই সন্তুষ্ট থাকিব নিবিচাৰে
, সিঁহতে সেই
অনুভুতিবোৰ সিহঁতৰ নিজৰ মাজত অনুভৱ কৰিব বিচাৰে
, যাতে মানুহ
নামৰ জাতিটোৰ সত্তাটো হেৰাই নাযায়
, মানসিকতা, মানৱতা নামৰ শব্দসমূহ যাতে পুনৰাই মানুহৰ সমাজলৈ উভতি আহে।

এতিয়া নতুনকৈ
উদ্ভাৱন কৰা টেলিপে
থিক কনভাৰ্ছেশ্বন প্রক্রিয়াৰ দ্বাৰা আমি আমাৰ নাতি, আজোনাতিৰ সতে আমাৰ পুৰণি দিনৰ কথাবোৰ পাতোঁ,
সিহঁতক আমাৰ ককা-আইতাসকলে কোৱা সাধুবোৰ শুনাওঁ। ৰজা-ৰাণীৰ সাধু,
ঈছপৰ সাধু, ৰামায়ণ-মহাভাৰত, গীতা-কোৰান, বাইবেল, পঞ্চতন্ত্রকে
ধৰি টেনালি ৰামা
, কৃষ্ণ-বলৰাম, ভীম-ঘটোৎকচ,
ছিণ্ডেৰেলা… কিমান যে কাহিনী শুনালোঁ। বিহু-পূজা, দীপাৱলী, হোলী, ভাইদুজ,
ৰমজান, ঈদ, বৰদিনৰ… কিমান যে কথা কলোঁ! বিশাল সাগৰৰ কথা, চঞ্চল নৈৰ কথা, গহীন পাহাৰ, উদাৰ আকাশ, ঘন
জংগল এই সকলোৰে যে সুকীয়া আমেজ আছে
, এই কথাবোৰ আমিয়েই
সিহঁতক শিকাই আহিছোঁ। আমাৰ এই প্রিঞ্চটোৱে যে বৰ আমোদেৰে শুনে কাহিনীবোৰ। আৰু
সিহঁতে কি কৰে জানে
…. ইম
শ্বন ট্রেঞ্চফাৰ ডিভাইচৰ সহায়ত সেই
কাহিনীবোৰ নিজৰ ৰক্তপ্রৱাহত সুমুৱাই লয়। আৰু কাহিনীবোৰ আৱেগ হৈ তেজে তেজে বৈ থাকে।

মৰমবোৰৰ
পুৰুষাণুক্রম বৃদ্ধি এনেকৈয়েতো ঘটে।

মনৰ কোনো কায়িক
আকাৰ নাই
,
কোষ নাই, স্নায়ৱিক কার্যকলাপ নাই। কিন্তু
মানুহৰ মন আৰু মগজু পৰস্পৰে নির্ভৰশীল। মন এনে এক চেতনা
, এক
অনুভৱ যি আমাৰ স্মৃতি
, ধাৰণা, চিন্তা,
আৱেগ, আশাআকাংখ্যা,
কল্পনা ইত্যাদি কাৰকৰ এক সন্মিলিত ফলাফল। চেতন বা অৱচেতন দুই
প্রকাৰৰ অৱস্থাতে মন আৰু মগজু সম্পূর্ণ সক্রিয় হৈ কাম কৰে। সেইবাবেই আমি পুৰণি
কথাবোৰ মনত পেলোৱাৰ লগতে সমানে বর্তমানক অনুভৱ কৰিবও পাৰোঁ।

Without a
brain, there can be no consciousness…

মগজুৰ কায়িক
উপস্থিতি অবিহনে মন অস্তিত্বহীন। বহু পুৰণি কালৰপৰাই এই মন আৰু মগজুৰ সন্মিলিত
কার্যকলাপৰ সূত্র আৱিষ্কাৰৰ বাবে সমগ্র পৃথিৱীৰ বিজ্ঞানীয়ে দিন- ৰাতি একাকাৰ কৰি চেষ্টা কৰি
আহিছে। বহুখিনি সফল হৈছে যদিও এতিয়াও বহু বাকী। কথাবোৰ যদি তেনেই সহজ ভাষাত কবলৈ
যাওঁ
,
তেন্তে কব লাগিব যে আমাৰ মগজুত থকা হাজাৰ-বিজাৰ স্নায়বিক কোষ অর্থাৎ নিউৰনে যিকোনো বাহ্যিক
ইমপালশ্বনৰ বাবে নিউৰ
ট্রেঞ্চমিটাৰ নামেৰে এক ৰাসায়নিক
দ্রব্য বাহিৰ কৰে
, যি 
তাৰ লগত সংযুক্ত হৈ থকা লাখ লাখ স্নায়ৱিক কোষৰ জালৰ মাজেৰে এটা বৈদ্যুতিক
ছিগনেল উৎপন্ন কৰাত সহায় কৰে। এই ছিগনেল এটা ঢৌৰ দৰে ইটোৰ পৰা সিটোলৈ গতি কৰে
,
যি অৱশেষত আমাৰ কার্য, আমাৰ চিন্তা নাইবা
প্রতিক্রিয়া হৈ প্রকাশ পায়। আৰু এই যে আমাৰ প্রতিক্রিয়াসমূহ, এইবোৰৰ প্রকাশত নিউৰ
ট্রেঞ্চমিটাৰ আৰু মাইণ্ড এই দুই প্রকাৰৰ কাৰকৰে পূর্ণ প্রভাৱ থাকে।

 কথাবোৰ হয়তো এতিয়াও মই ভালকৈ বুজাই ক
পৰা নাই
, নহয়নে
বইতো, কাৰণ পৃথিৱীৰ ভিতৰতেই আটাইতকৈ জটিল আৰু এডভাঞ্চড্
যন্ত্রটোৱেই হয়তো মানুহৰ মগজু। যাক পূৰামাত্রাই জানি-বুজি উঠিবলৈ আজি ইমান বছৰৰ
গৱেষণাও পর্যাপ্ত নহয়। অৱশ্যে এই গবেষণাবোৰৰ
বাবেই এতিয়াও আমাৰ অস্তিত্ব জীয়াই আছে
, আমাক জীয়াই ৰখা
হৈছে।  এই গৱেষণাৰ এতিয়াও অন্ত পৰা নাই আৰু
হয়তো কিমান দশক কিমান শতিকা ধৰি চলি থাকিব কোনে জানে
?..

 *  * 
*  *


ভাৰত ২০৯৯ চেলৰ
ইলেকট্র
নিক দুৱাৰখন খোল খাইছে। দুৱাৰমুখত সেয়া প্রিঞ্চ। আমাৰ লৰা-ছোৱালীহালে আধৰুৱা কৰি থৈ যাবলগীয়া হোৱা গৱেষণাৰ কামসমূহ এতিয়া মোৰ নাতিটো
আৰু প্রিঞ্চেই আগ বঢ়াই নিছে। ইহঁতৰ লগতে আৰু আছে কেইবাজনো। প্রিঞ্চহঁতৰ জেনেৰেশ্বনৰ
বেছিভাগেই ক্লনিঙৰ দ্বাৰা জন্ম হোৱা সন্তান। আজি কেইবছৰমান আগেয়ে এইখন স্পে

চেণ্টাৰত  হিউমেন ক্লনিঙক বৈধ হিচাপে গণ্য
কৰা হৈছে। অৱশ্যে ইয়াৰ বাবেও খুব কঠিন ছিলেকশ্বন প্রক্রিয়া আৰু সকলোকে ক্লনিঁং কৰাৰ
বাবে পাৰমিশ্বনো দিয়া নহয়। সেই বিষয়ে পাছত কেতিয়াবা ক
ম।

চেণ্ট্ৰেল
কণ্ট্ৰ
ল ছিষ্টেমে দেখুওৱা পিউ পিউ পিট শব্দবোৰ বন্ধ কৰি ঘটনাৰ বুজ লবলৈ প্রিঞ্চ আমাৰ ওচৰলৈ আহিছে। এতিয়া সি ইমশ্বন ট্রেন্সফাৰ ডিভাইছটোত
লাগি থকা তাঁৰডালৰ এটা মূৰ মোৰ বিকাৰত সংযোগ কৰি আনটো মূৰ তাৰ মূৰৰ এটা নির্দিষ্ট
বিন্দুত লগাই দিলে। কিছুসময় পাছতেই সি আমাৰ স্ক্রীন দুখনত দেখা দিয়া বিসংগত
তৰংগদৈর্ঘ্যৰ তাৎপর্য কি বুজি উঠিল। মোৰ মূৰৰ পৰা তাঁৰডাল খুলি নি এইবাৰ সি
মানসৰ মূৰত লগাই দিলে। কিছু সময় পুনৰ একেটা প্রক্রিয়া চলি থাকিল। লাহে লাহে প্রিঞ্চৰ
মুখখনত আনন্দৰ আভা বিয়পি পৰিল। ইমানপৰে আমি বুজাব খোজা কথাবোৰ সি হৃদয়েৰে অনুভৱ
কৰি ল
লে। লগে লগে তাৰ মৰমলগা মুখমণ্ডলৰ ওপৰেৰে মিচিকিয়া
হাঁহি এটি বাগৰি গ
ল।

–      প্রব্লেম
গ্রেট গ্রেণী। …গিভ মি ৱান আৱাৰ। …মই তোমাৰ মনটো পঢ়ি ল
লোঁ।…

এইবুলি সি মোৰ
বিকাৰটোত লাহেকৈ চুই দি চে
লটোৰ পৰা ওলাই গল । এইটো ২০৯৯ চনৰ মৰমতে
চুমা খোৱা পদ্ধতি।


*  * 
*  *

কম্পিউটাৰ
স্ক্রীণখনত এতিয়া এটি দোকমোকালি। পুৰণি
, খুব আপোন, খুউব চিনাকি সুবাস এটি চেলটোত বিয়পি পৰিছে। সেই সুবাসতে মানস আৰু মোৰ
দুইৰো টোপনি ভাগিল। চিনি পালোঁ
, নহয় অনুভৱ কৰিলোঁ সেয়া
শেৱালিৰ সুৱাস
, মিহি মিহি কুৱঁলীৰ আৱেশত সাৰ পোৱা আহিনৰ এটি
কোমল ৰাতিপুৱাৰ গোন্ধ। শীত-তাপ নিয়ন্ত্রিত চে
লটোৰ চাৰিওফালে আমাৰ বিছনাদুখনক আগচি
ধৰি এজাক শীতল বতাহে শিহৰণ তুলি গ
ল। মই অনুভৱ কৰিছোঁ,
সেয়া অলপ দূৰৈত এখন নদী, বালিচৰত কঁহুৱা
এডৰাই হালি-জালি নাচিছে
, মোৰ ভৰিদুখনে অনুভৱ কৰিছে প্রথম
নিয়ৰে ধুওৱা নিমজ দুবৰিৰ মধুৰ স্পর্শ। কপাহ- কোমল কঁহুৱাডৰাৰ মাজেৰে হাতে হাত ধৰি
মানস আৰু মই কথা পাতিছোঁ
, খোজ কাঢ়িছোঁ, গৈ আছোঁ, গৈ আছোঁ বহুদূৰ। কোনোবা অদূৰৰ পৰা ৰিণি
ৰিণি ভাহি আহিছে মা দুর্গতিনাশিনীৰ শক্তিশালী মন্ত্রজপ…

য়া দেৱী
সর্বভূতেষু…শক্তি ৰূপেন সংস্থিতা

য়া দেৱী
সর্বভূতেষু…

আমাৰ
বিচনাসংলগ্ন কম্পিউটাৰৰ স্ক্রীনখনে দেখুৱাই থকা তৰংগদৈর্ঘ্যবোৰ এতিয়া আৰু খেলি-মেলি
হৈ থকা নাই। এক নির্দিষ্ট আকাৰৰ ঢৌ খেলি খেলি সি গৈ আছে। স্ক্রীনখনৰ ওচৰতে ৰৈ আছে মোৰ
আলাসৰ লাৰু মোৰ আজোনাতি প্রিঞ্চ্। চকুহাল তাৰো চকুপানীৰে চিপচিপিয়া।

টেলিপেথিক
কমিউনিকেশ্বন পদ্ধতিৰে আমাৰ মাজত ভাবৰ আদান-প্রদান হৈ আছে। তাৰ হৃদয়ৰ অনুভৱৰ স
তে
মোৰ আৱেগৰ আজি একেই তৰংগদৈর্ঘ্য।


প্রশান্তিৰ, সন্তুষ্টিৰ।

 

সৌ দূৰৰ পৃথিৱীত
এতিয়া যে শৰৎ !!!