সিপাৰে যমুনাৰ

 আকাশ দীপ্ত ঠাকুৰ

()

        কিছুমান কথা কওঁ বুলিও কাকো কব নোৱাৰি৷ কিছুমান অনুভূতি হৃদয় ফালি উলিয়াই আনিব নোৱাৰি৷ কিছুমান বেদনা
নিজৰ মাজতে হেৰুৱাই
, লুকুৱাই তাতে নিঃশেষ কৰি পেলাব পাৰি৷
যিবোৰ কথা মুকলি হৈয়ো গোপন
, সেইবোৰৰো আমেজ লব পাৰি গোপনেই…আৰু গোপনে থাকিও আমেজ লব পৰাতেইযে সুকীয়া
এক আনন্দ নিহিত হৈ থাকে৷ ভাবিলেও আচৰিত লাগে নীলাঞ্জনাৰ
, ভাষাৰ
পাঠ পঢ়াবলৈ আহি শ্ৰেণীকোঠাত জীৱন-দৰ্শনৰ বিষয়ে সময়ে সময়ে বক্তৃতা দিব বিচৰা
নিৰঞ্জন ভট্ট ছাৰে কিমানযে সঁচা কথা কিছুমান কৈছিল
এই
পৃথিৱীততো কোনো কাৰো বাবে অপৰিহাৰ্য নহয়৷ কাৰো অভাৱে কোনো প্ৰক্ৰিয়া স্থবিৰ কৰিও
পেলাব নোৱাৰে৷ সংসাৰ নিজৰ গতিত চলি গৈ আছে সদায়
, চলি যাব
এনেকৈয়ে…আৰু জীৱনৰ প্ৰতিটো উপাদান সংসাৰৰ নিয়মেৰেইতো আবদ্ধ৷ এনে ধৰণে পৃথিৱীখন
চলি যায় যেন ক
ত কি হৈ আছে, কিয় হৈছে,
কোনে কি কৰিছে একো জানিবলৈ, ভাবিবলৈ কাৰো
কেনিও সুৰুঙা নাথাকে৷

        অৰ্চনা গুচি যোৱা এবছৰ হবৰ হল৷
পঞ্চম ষান্মাসিকৰ পৰীক্ষাও শেষ কৰি পুনৰ দুমাহ-তিনিমাহ নিয়মমাফিক ক্লাছ কৰাৰ পাছত
নীলাঞ্জনা কলেজীয়া বৰ্ষৰ শেষৰ পৰীক্ষাটোৰ বাবে সাজু হোৱাৰ সময় আহি পৰিছিল৷ আৰু এই
এবছৰত…নীলাঞ্জনাই মন কৰক বা নকৰক
, সকলো দিশতে যেন বহুত
কিবা-কিবি সলনি হৈ পৰিছিল৷ এসময়ত ৰোষেশ্বৰ-প্ৰভাৰ দোকান বুলিলেই সেইছোৱা ঠাইত যি
আধিপত্য আছিল
, লাহে লাহে সেয়া তেনে হৈ নাথাকিল; অন্য বহুত দোকান-পোহাৰৰ আঁৰৰ এখন দোকান হৈ পৰিল সেইখন৷ হলেও কিছুমান বস্তুৰ স্বকীয়তা আঁতৰি নাযায় কাহানিও৷ সেইখন দোকানত ভীৰ নকমে
কাহানিও৷ কিন্তু প্ৰভা-ৰোষেশ্বৰ
দুয়ো যেন বহুত সলনি হৈ গল৷ মনৰ শক্তি একেই থাকিলেও ৰোষেশ্বৰৰ শৰীৰৰ শক্তি লাহে লাহে টুটি আহিবলৈ
ধৰিলে৷ আগৰ দৰেই সাউৎকৈ ভিতৰৰপৰা স্কুটাৰখন উলিয়াই আনিবলৈ এলাহ কৰা হ
ল৷ পুৱা পাঁচ বজাতে দোকানৰ পাত্তা খোল খায় যদিও থাওকতে প্ৰাতঃকৃত্য কৰিবলৈ
যোৱাৰ সলনি এনেই বিছনাতে বাগৰি থাকিবলৈ ভাল পোৱা হ
ল৷

        আৰু প্ৰভা…৷ মানুহজনী বেছিভাগ সময় মৌন হৈয়ে থাকিবলৈকে যেন বিচৰা হল৷ বাহিৰে-ভিতৰে যি এটা উগ্ৰ স্বভাৱ লৈ ফুৰিছিল, সেয়া
বহুলাংশে কমি গ
ল যদিও মনৰ জোৰ কিন্তু তেওঁৰো একেই থাকিল৷
বহু ক্ষেত্ৰত ভিতৰত যি হওক-নহওক বাহিৰত সকলো প্ৰকাশ কৰিবলৈ ভাল নলগা হ
ল৷ নীলাঞ্জনাক হকে-বিহকে বলকি থকাটো কমি গল…৷
মুঠতে নীলাঞ্জনাৰ দৃষ্টিত দুয়ো যেন বহুত সলনি হৈ গ
ল৷

        দৰাচলতে ঘৰখনত প্ৰথমছোৱাত অৰ্চনাৰ অভাৱ সকলোৰে বাৰুকৈয়ে অনুভৱ হৈছিল৷ আগতে
দোকান-ব্যৱসায় সামৰি প্ৰভাই নিশা এক বজাত শোৱাপাটীত পৰিছিল
, কিয়নো
পুৱা সোনকালে উঠিবলগীয়া সকাম নাথাকে৷ অৰ্চনায়ে বহুখিনি চম্ভালি আছিল তেতিয়া৷
চেষ্টা কৰিলেও নীলাঞ্জনাই সিমান নোৱাৰে৷ গা-পা ধুই পুৱা ন বজাৰ ক্লাছ কৰিবলৈ তাই
দুদিনমান শুদা চাহ-বিস্কুট খাই ওলাই যোৱা বুলি গম পোৱাৰ পাছত নিয়মবোৰ লাহে লাহে
প্ৰভায়ো সলনি কৰিবলৈ বাধ্য হ
ল৷ নিশা যেতিয়াই নোশোৱক কিয়,
তাইক কিবা এটা বাহী গাৰে কৰি খুৱাই পঠিয়াই নিজেও গা-পা ধুই ভাত-পানী
সাজু কৰি দিনৰ ভাগত আজৰি উলিয়াই এঘণ্টা-দুঘণ্টামান জিৰণি লোৱাৰ উপায় উলিয়াই ল
লে৷

        ৰোষেশ্বৰেও বেছিভাগ সময় দোকানতে থাকিয়ে ভাল পোৱা হ;
গতিকে প্ৰভাৰ আজৰি সময় বহুখিনি তেনেকৈয়ো ওলাল৷ বিভিন্ন ঢাণ্ডাবোৰ
আগৰ দৰেই থাকিল যদিও এতিয়া বহুখিনি যোগাযোগ ৰোষেশ্বৰে ফোনেৰেই কৰিবলৈ ভাল পোৱা হ
ল৷ নিজাকৈ ফোন এটাও ৰোষেশ্বৰে ব্যৱহাৰ কৰিবলৈ ললে৷
আগতে অৰ্চনাই ব্যৱহাৰ কৰা সৰু ফোনটো নীলাঞ্জনাই প্ৰভাক ব্যৱহাৰ কৰিবলৈ শিকাই দিছিল
;
পিছে প্ৰভায়ো সেইটো যতে লয়, তে এৰে বাবে লাহে লাহে নীলাঞ্জনাৰ পঢ়াৰ মেজত
নিগাজীকৈ ঠাই অকণ লৈ ফোনটো এলাগী হৈ পৰি থকা হ
ল৷

        ৰোষেশ্বৰে নিজৰ দোকানখনতে ব্যস্ত থাকিবলগীয়া হোৱাৰ হয়তোবা আৰু অন্য কাৰণো
ওলাল৷ ঠাইখন চাওঁতে চাওঁতেই যিদৰে সলনি হৈ আহিবলৈ ধৰিলে
, সেইদৰেই
তিষ্ঠি থাকিবলৈ হ
লে নিজকে সলাবই লাগিব৷ ৰোষেশ্বৰৰ দোকানৰ
বাঁওকাষে তিনিখনমান গেলামালৰ দোকান ছমাহৰ ভিতৰতে গা কৰি উঠিল৷ সন্মুখৰ আলিটোৰ
সিপাৰে ফাৰ্মাচী
, জেৰক্স-ডিটিপি কৰা দোকান, হৰেকৰকমৰ উপহাৰৰ বস্তু পোৱা দোকান, মাইকীমানুহৰ
কাপোৰ চিলোৱা দোকান
, ৰামলালৰ চেলুন…সেইবোৰ আৰম্ভ হল৷ কিছু আঁতৰলৈ ডাক্তৰ এজনেও ঘৰে-মাটিয়ে কিনি লৈ আলিৰ কাষৰ ঘৰটোতে নিজাকৈ
চেম্বাৰ খুলি ল
লে৷ ৰোষেশ্বৰৰ দোকানৰ সোঁকাষলৈ শাক-পাচলি
পোৱা সৰু-সুৰা বজাৰ এখনেই বহিল৷ মূল বজাৰৰপৰা পাইকাৰী দৰত মাছ কিনি আনি ফিচাৰীৰ
লোকেল মাছ বুলি বেছিবলৈ পথৰ কাষলৈ বস্তা পাৰি বেপাৰী দুজনমান বহিবৈল ল
লে৷ কটা ব্ৰইলাৰ, গোটা ব্ৰইলাৰ, লোকেল মুৰ্গী, হাঁহ, পাৰৰ মাংস
পোৱা দুখনকৈ দোকান খোল খালে
, তাৰ মাজতো আকৌ চাৰিখনমান বেলেগ
পাণ-দোকান আছেই৷ মুকলি হৈ পৰি থকা ঠাইবোৰত বৃহৎ বৃহৎ দুটা এপাৰ্টমেণ্ট উঠিল৷ মুঠতে
সকলোফালৰপৰা সুবিধাজনক ঠাইকণ যেন হঠাৎ বহুতৰ চকুত পৰি গ

আৰু ক
তো কেনিও সুৰুঙা নথকাকৈ যেনি-তেনি দোকান-সমাৰ ইখনৰ
পাছত সিখনকৈ বহিবলৈ ধৰিলে৷ কিছুমাহৰ আগলৈকে ৰোষেশ্বৰৰ দোকানৰ তিনি আলি বুলি ক
ব পৰা হৈ থকা ঠাইকণতে এতিয়া নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ ৰোষেশ্বৰেও দিনটোৰ
বেছিভাগ সময় দোকানতে পাৰ কৰিবলৈ লোৱা কৰিলে৷ দোকানলৈ বেচিবলগীয়া সামগ্ৰী বহুখিনি
নতুনকৈ গোটাই ল
লে; অলপ-অচৰপ গেলামাল
বিক্ৰী কৰিবলৈও আৰম্ভ কৰিবলগীয়া হ
ল৷

        আৰু প্ৰভাৰ ব্যৱসায়…৷ পৃথিৱীৰ সকলো ব্যৱসায় বন্ধ হৈ গলেও হয়তো গোপন মদৰ সস্তীয়া ঘাটি একোটা কাহানিও বন্ধ নহয়৷ যিমানেই ভদ্ৰ
সমাজৰ বসতি নহওক কিয়
, মুখাৰ আঁৰৰ মুখবোৰ মুকলি হৈ পৰা এই
ব্যৱসায় দিনক-দিনে আৰু বাঢ়ি যাবহে খোজে৷ নতুন নতুন গ্ৰাহকে ভূমুকি মাৰিবলৈ ধৰে৷
গোপন এই ব্যৱসায়তো সা-সুবিধা কিছু নতুন হ
ল৷ আগেয়ে ৰোষেশ্বৰে
সেই ব্যৱসায়ত নিজাকৈ সোমাই পৰা নাছিল
, এতিয়া তেৱোঁ নিশা দহ
বজাত দোকান সামৰি তাতে নিশা বাৰ বজালৈকে বহিবলৈ লোৱা কৰিলে৷ দোকানৰ এখন পাত্তা
তেতিয়াও খোলা ৰাখে৷ ভিতৰৰ মানুহ বাহিৰলৈ ওলাবৰ বাবে আৰু বাহিৰৰ নিশাচৰ ডেকাই
ৰোষেশ্বৰৰ দোকানত শেষৰবাৰৰ বাবে পাণ-চিগাৰেটৰ সোৱাদ ল
বৰ
বাবে৷ সিহঁতক চুৰট
, পাণৰ যোগান ধৰিবলৈ ভিতৰৰপৰা ৰোষেশ্বৰেই
তেতিয়া ওলাই আহে৷

        আৰু এই সকলোৰে আঁৰত নীলাঞ্জনা…কেতিয়াবা হয়তো অকলশৰীয়া আৰু কেতিয়াবা
প্ৰয়োজনীয় কিছু ব্যস্ততাৰ মাজত আবদ্ধ হৈ পৰিল৷ নিজৰ ঘৰ আৰু দোকানৰ আশে-পাশে তাই
এনেদৰে গোপন হৈ পৰিল যে ইমান ব্যস্ততম পৰিৱেশতো কোনেও সুৰুঙা নাপালে এইখন দোকানৰ
ভিতৰতো থাকিব পাৰে সেই একুৰা ফু মাৰিলেই দপদপকৈ জ্বলি উঠিব পৰা জুই৷ ইচ্ছা কৰিয়ে
তাই গোপন হৈ পৰিল নিজৰ ঠাইখিনিত৷ দোকান-ব্যৱসায়ৰ ব্যস্ততা তাইৰ বাবে নিতান্তই
অপ্ৰয়োজনীয় বিলাসিতা হৈ পৰিল৷ য
ত তাইৰ প্ৰয়োজন পূৰণৰ অৱকাশ
নাথাকে
, তাত অহৈতুকী আত্মপ্ৰকাশ সঁচাকৈ নিষ্প্ৰয়োজন৷

        অৰ্চনা গুচি যোৱাৰ খবৰটো এসপ্তাহমানলৈকে ঘৰতে বন্ধ হৈ আছিল৷ লাহে লাহে
হয়তোবা আশে-পাশে কিছুমান মানুহে খবৰটো পালে৷ লাহে লাহে সেই খবৰটো যেনি-তেনি জনাজাত
হৈছে বুলি গম পোৱাৰ পাছত প্ৰভা আৰু ৰোষেশ্বৰে পৰাগৰ ঘৰখনৰ বিষয়ে সন্ধান কৰা যাওক
নেকি বুলি আলোচনা কৰা তাই শুনিছিল৷ নীলাঞ্জনাই হকা-বাধা কৰিব বিচৰা নাছিল৷
যেনেকৈয়ে নহওক
, ঘৰখনৰ ডাঙৰজনী ছোৱালীয়ে নিজৰ পছন্দমতে সংসাৰ
গঢ়িলে
; এখন তালতো অকলে নাবাজে৷ পৰাগৰ সন্মতি অবিহনে তাই
ইমানবোৰ কৰিব নোৱাৰে৷ যদি পৰাগৰ ঘৰখনে তাইক স্বীকৃতি দিছে
, তেন্তে
প্ৰভা আৰু ৰোষেশ্বৰেও সেই আত্মীয়তা ৰাখিবলৈ চেষ্টা কৰিব
; নহলে নালাগে৷

        নীলাঞ্জনাই সকলো খবৰেই জানিছিল৷ পৰাগৰ মোবাইলৰপৰা ফোন কৰি অৰ্চনাই তাইক
এসপ্তাহৰ পাছতে সকলো কথা জনাইছিল৷ পৰাগৰ ঘৰখনত সি মাজু ল
ৰা৷
মাক-দেউতাকৰ উপৰি তাৰ ককায়েকো আছে
, ভায়েকো আছে৷ ভনীয়েক জীনা
অৰ্চনাৰ লগৰ ছোৱালী৷ সকলো থকাৰ পাছতো সিহঁত এতিয়া অকলশৰীয়া৷ পৰাগৰ ঘৰখনৰ কোনেও
সিহঁতৰ সৈতে বৰ্তমান কোনো সম্পৰ্ক ৰাখিব নোখোজে আৰু ভৱিষ্যতেও নাৰাখে৷ দেউতাক-মাকে
তাৰ মুখ নাচাওঁ বুলি শপত খাইছে৷ কথাবোৰ কওঁতে অৰ্চনাই শেষলৈ কান্দি পেলাইছিল৷ তাই
গুচি যোৱাৰ দুখৰপৰা নীলাঞ্জনা মুক্ত হোৱাই নাছিল
; কিন্তু
সিহঁতৰ সেই অৱস্থাৰ বিষয়ে জানিব পাৰি তাই বিস্মিত হৈছিল
; স্তম্ভিত
হৈ পৰিছিল৷ পৰাগৰ ঘৰখনে হেনো অৰ্চনা নহৈ আন যিকোনো ছোৱালীকে মানি ল
বলৈ সাজু আছিল; কিন্তু অৰ্চনাক কাহানিও তেওঁলোকে
সেইখন ঘৰৰ বোৱাৰী বুলি স্বীকৃতি দিব নোখোজে৷ লেতেৰা ঘৰ-পৰিয়াল
, লেতেৰা পৰিৱেশত ডাঙৰ হোৱা ছোৱালী তাই, তাইৰ পৰিচয়
হেনো বেশ্যাৰ লগৰ৷ পৰাগক তাই দেহা বেচি বেচিয়ে হেনো বন্দী কৰিলে৷ প্ৰভা-ৰোষেশ্বৰকে
ধৰি সিহঁতৰ ঘৰখনৰ বিষয়ে হেনো পৰাগৰ ঘৰৰ মানুহক ভাগে ভাগে খবৰ দিয়া মানুহ বহুত
ওলাইছে৷

        ছিঃ…কেনে নিকৃষ্ট মানসিকতাৰ মানুহ সেইবোৰ৷ ইমান পঢ়া-শুনা, জনা-বুজা মানুহৰ ঘৰ এখনে নিজৰ সন্তানক এনেকৈ এৰোঁ বুলিয়ে এৰি দিব পাৰেনে?
কি ভুল আছিল পৰাগৰ? অৰ্চনাক ভাল পালেসেয়াই ভুল? কেনেকুৱা ছোৱালী অৰ্চনা, তেওঁলোকৰ এবাৰো চাবলৈ মন নগ? ভদ্ৰ সমাজৰ দৃষ্টিৰে প্ৰভা-ৰোষেশ্বৰ বেয়া মানুহ হ
পাৰে
; কিন্তু তেওঁলোক নিজে নিজৰ মাজতে, ঘৰখনতে সোমাই থাকি বেয়া হৈ গৈছেনে? তেওঁলোকক বেয়া হবলৈ বাধ্য কৰাইছে আৰু অন্য বহুত বেয়া মানুহে৷ হয়তোবা সেইবোৰ বেয়া মানুহেই
যেতিয়া ভদ্ৰতাৰ মুখা পিন্ধি তেওঁলোকৰ ঘৰৰ তথাকথিত ভদ্ৰ ছোৱালীক পৰাগলৈ যাচিবলৈ গ
লহেঁতেন…তেতিয়া? পৃথিৱীৰ কোনোবা শাস্ত্ৰত লিখা আছে
নেকিযে বেয়া মানুহৰ সন্তান বেয়াই হ
ব৷ নীলাঞ্জনাই নিজে এখন
কলেজত স্নাতক শ্ৰেণীত পঢ়ি আছে৷ চৌপাশে
, প্ৰতিদিনে কত ছোৱালী
লগ পাইছে তাই৷ সেইবোৰ ছোৱালীৰ স্বভাৱ-চৰিত্ৰ
, গতি-গোত্ৰও
দেখি আহিছে সদায়৷ অৰ্চনা সিহঁততকৈও বেয়া আছিলনে
? ঠিক আছে,
তেওঁলোকে অৰ্চনাক বোৱাৰী বুলি স্বীকৃতি দিবলৈ বেয়া পাইছে, কিয়নো তাই ভদ্ৰসমাজে মানি লব পৰা পৰিৱেশৰপৰা যোৱা
নাই
; অৰ্চনাক স্বীকৃতি দিবলৈ গলে
প্ৰভা-ৰোষেশ্বৰৰ সৈতেও সম্পৰ্ক ৰাখিব লাগিব পাৰে
, যিটো
তেওঁলোকৰ বাবে অসম্ভৱ
; সেইখিনিলৈকে সকলো ঠিকেই আছে বাৰু,
কিন্তু পৰাগক কিয় এৰি দিলে তেওঁলোকে? সিতো
তেওঁলোকৰে সন্তান৷ অৰ্চনাক পত্নী বুলি মানি লোৱা বাবে পৰাগো লেতেৰা হৈ গ
? কি অদ্ভুত বিবেচনা, কেনে
অবিচাৰ এইবোৰ৷

        একো কোৱা নাছিল নীলাঞ্জনাই প্ৰভা আৰু ৰোষেশ্বৰক৷ কেৱল এটা কথা কৈছিলযে
পৰাগ আৰু অৰ্চনা গুৱাহাটীলৈ গুচি গৈছে বুলি তাই জানে৷ পৰাগে চাকৰি কৰা কোম্পানীটোৰ
গুৱাহাটীত এটা শাখা আছে৷ সি তাত যোগদান কৰিছে আৰু দুয়ো তাতে আছে৷ সেইখিনি কথাও
অৰ্চনাই তাইক বাৰ্তা লিখিহে জনাইছে৷ ফোন কৰিবলৈ মানা কৰিছে৷ গতিকে…বাকী অন্য কথা
তাই আৰু একো নাজানে৷

        নীলাঞ্জনাই বুজি পাইছিল, প্ৰভা অথবা ৰোষেশ্বৰকাৰো সিমান সাহস নাইযে পৰাগৰ ঘৰলৈ উপযাচি যাব পাৰিব৷ মানুহ নিজৰ পৃথিৱীত
যিমানেই সাহসী নহওক কিয়
, নিজৰ প্ৰকৃত স্বৰূপ সদায় আনৰ
দৃষ্টিতেই ধৰা পৰে বুলি তেওঁলোকে জানে৷ পৰাগৰ ঘৰৰ মানুহবোৰে কোনে কেনেকৈ ঘটনাটো
গ্ৰহণ কৰিছে
, সেইটো জানিবলৈ প্ৰভা অথবা ৰোষেশ্বৰৰ হাতত
মানুহৰ অভাৱ হোৱা নাই৷ কেৱল ঘটনাটো দুদিনমান তাপ মাৰি থাকক বুলিহে তেওঁলোকে সেইটো
কৰিব বিচৰা নাছিল৷ নীলাঞ্জনাই একো কথাকে নুবুজাকৈ থকা নাছিল৷ অৰ্চনাৰ হাততযে পলাই
গুচি যোৱাৰ বাবে অন্য গত্যন্তৰ নাছিল
, সেই কথাটো লাহে লাহে
প্ৰভা অথবা ৰোষেশ্বৰেওযে বুজি উঠিছে
তেওঁলোকৰ আদৱ-কায়দা,
কথা-বতৰাবোৰৰপৰাই তাই বুজি পোৱা হৈ আহিছিল৷ সি যি নহওক, পৰাগৰ ঘৰৰ মানুহৰ মনবোৰ কেনেকুৱা, তেওঁলোকৰপ্ৰতি
ধাৰণানো কি
, সেয়া তেওঁলোকে নিজেই খা-খবৰ কৰি উপলব্ধি কৰক
বুলিয়ে নীলাঞ্জনা নিশ্চুপ হৈ আছিল৷

        আৰু এদিন সেই খবৰবোৰ তেওঁলোকে পালে৷ প্ৰভা-ৰোষেশ্বৰ অথবা অৰ্চনা ডাঙৰ হৈ
অহা পৰিৱেশটোৰ প্ৰতি পৰাগৰ ঘৰখনৰ ধাৰণা কি
, সেই বিষয়ে কোনো
সন্দেহৰ অৱকাশ নথকাকৈয়ে দুয়ো বুজি পালে৷ অৰ্চনা আৰু পৰাগ
দুয়ো
ৰ্টমেৰেজ কৰি নোলোৱাহেঁতেন প্ৰভা আৰু ৰোষেশ্বৰে লৰা ফুচুলাই ছোৱালী গতাই দিছে বুলি পৰাগৰ ঘৰখনে সাধ্যই আঁটে মানে আইনৰ
দুৱাৰ গৰকিলেহেঁতেন বুলিও যেতিয়া তেওঁলোক নিশ্চিত হ
,
তেতিয়াই তেওঁলোকৰ মনবোৰ আৰু কিছু পৰিমাণে অৰ্চনা আৰু পৰাগৰ
সিদ্ধান্তৰ সপক্ষেই গুচি যাব বিচাৰিলে৷

        নীলাঞ্জনাই সকলো বুজিলে৷ চতুৰ ছোৱালী তাই, মানুহৰ
মুখ দেখিলেই বহুত কিবা-কিবি ধাৰণা কৰি ল
ব পাৰে৷ পৰাগৰ ঘৰখনৰ
বিষয়ে অথবা অৰ্চনা আৰু পৰাগৰ সংসাৰখনৰ বিষয়ে কোনোদিন আৰু কোনো কথাই তাই
মাক-দেউতাকৰ সৈতে আলোচনা কৰিব লাগিব বুলি নাভাবিলে৷ কেৱল সময়লৈ অপেক্ষা কৰিলে তাই৷
সময়তকৈ ডাঙৰ মলম হয়তো পৃথিৱীত আৱিষ্কাৰেই হোৱা নাই৷ সময়ে সকলো যাতনা পাহৰাব পাৰে
,
সকলো ঘা শুকুৱাব পাৰে৷ প্ৰভা আৰু ৰোষেশ্বৰৰ মনৰ ভাব কেনে হব পাৰে, তাই সেই বিষয়ে অৰ্চনাৰ সৈতেও আলোচনা নকৰিলে৷
ইমান সোনকালে মনৰ মাজতে সকলো ধাৰণা কৰি লৈ অৰ্চনাৰ আগত মুকলি কৰাটো উচিত নহয় বুলি
ভাবিলে তাই৷ পূৰ্বৰ সকলো সম্পৰ্ক এৰি অৰ্চনাই পৰাগক আঁকোৱালি লৈছে
, লওক৷ সিহঁত এজন আনজনৰ বাবে কিমান প্ৰয়োজনীয়, সেই
কথাটো অকলশৰে থাকিয়ে দুয়ো বুজি পাওক৷ যেনেকৈয়ে নহওক
, ডাঙৰ
কিবা সমস্যাৰ কথা আহিলে হয়তো অৰ্চনাই পুনৰ এইখন ঘৰ পাবও পাৰে
, সেইটো তাই নিজে বিচৰা-নিবিচৰাৰ ওপৰতে নিৰ্ভৰ কৰিব৷ অৰ্চনাই নিজে তাইক কৈছেপৰাগে জীৱনত কোনোদিন তাইৰ ঘৰখনক আপোন কৰিব নিবিচাৰে৷ সেইখন ঘৰৰ সৈতে সকলো
সম্পৰ্ক ছিঙি সি অৰ্চনাক লৈ আহিছে৷ বিনিময়ত সি নিজৰ আপোন মানুহো হেৰুৱাইছে৷ দুনাই
সি নিজে কাৰো ওচৰলৈ পুতৌ বিচাৰি নাযায়৷

        আৰু এই সকলো ঘটনাৰ নীৰৱ সাক্ষী হৈ ৰৈছে নীলাঞ্জনা৷ নিজৰ জীৱনটো লৈ তাই
যিমান সচেতন
, সিমানে তাই অনুভৱ কৰিব বিচাৰে তাইৰ এই ঘৰখনে
বৰ্তমান তাইৰ জীৱনটোৰ বিষয়ে কি ভাবিছে
, কিমানলৈকে ভাবিছে৷
প্ৰভা অথবা ৰোষেশ্বৰে ভাবি লৈছে নেকিযে অৰ্চনা যেনেকৈ গুচি গ
, এদিন তায়ো গুচি যাওক৷ নিজে এটা সম্পৰ্কক তাইৰ
কাষলৈ আঁজুৰি আনি দিবলৈ তেওঁলোকক অপাৰগ যিহেতু
, গতিকে তায়ো
নিজৰ সিদ্ধান্ত নিজেই লওক
সেইদৰে ভাবি লৈছে নেকি৷ দিনে দিনে
মাক-দেউতাকৰ মনবোৰ বুজিবলৈ চেষ্টা কৰিছে তাই
; আৰু আচৰিত হৈছে
তেওঁলোকৰ মনোভাৱ উপলব্ধি কৰি৷ এনেকুৱা মাক-দেউতাকো পৃথিৱীত থাকিব পাৰেনে
? থাকিব লাগেনে? সেয়াই যদি তেওঁলোকৰ মনোভাৱ হয়,
তেন্তে তাইক জন্ম কিয় দিছিল? সৰুতেই নেলু
চেঁপি মাৰি নেপেলালে কিয়
?

        কাৰো ওচৰত পুতৌৰ পাত্ৰ হব নোখোজে তাই৷ সেয়া মাক-দেউতাকেই
হওক অথবা তথাকথিত কোনো প্ৰেমিকেই হওক৷ নিজৰ জীৱনৰ সিদ্ধান্ত তাই নিজে ল
ব৷ মাক-দেউতাকে চেষ্টা কৰিও আৰু একো কৰিব নোৱৰা পৰ্যায়লৈ তাই গুচি যাব৷
অপেক্ষা কেৱল সুযোগৰ…৷

                                  

        কিছুমান সুযোগ এনেকৈ আহে যিবোৰ নীলাঞ্জনাৰ বাবে প্ৰয়োজনতকৈ অধিক হৈ পৰিব
খোজে৷ আৰু কেতিয়াবা কিছুমান সুযোগ নিজৰ অজানিতেই নিজে বিচাৰিবলৈও মন যোৱা হৈ পৰে৷
প্ৰভা আৰু ৰোষেশ্বৰ কিমান পৰ্যায়লৈ তাইক লৈ নিৰ্বিকাৰ হৈ পৰিব পাৰে
, মাজে মাজে তাই তাৰো এটা ধাৰণা লবলৈ নিবিচৰা নহয়;
কিন্তু ঘৰখন অথবা তাৰ ওচৰ-পাজৰৰ পৰিৱেশৰ প্ৰতি তাই ইচ্ছা কৰিয়ে
নিৰ্লিপ্ত হৈ থাকিবলৈ ভাল পোৱা হ
ল৷ আৰু দুমাহৰ পাছত তাই
জীৱনৰ প্ৰয়োজনীয় ডিগ্ৰীটো ল
ব পৰাকৈ চূড়ান্ত পৰীক্ষাটো হব৷ বি. এ. পাছ কৰিব তাই৷ আগৰ পৰীক্ষাবোৰৰ ফলাফল অনুসৰিয়ে তাই নিশ্চিত হৈ
পৰিছে
, সেইটো ডিগ্ৰী তাই লব পাৰিব৷
পুনৰ বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ যাব পৰাকৈ হয়তো নম্বৰ তাই নাপায়
, আৰু পালেও সেইবোৰ তাইৰ বাবে প্ৰয়োজনীয় নহয়৷ ইচ্ছা কৰিলেই ইয়াতে থাকি তাই
অসমীয়াত এম.এ.পঢ়িব পাৰে৷ সিহঁতি নিজে পঢ়া মহাবিদ্যালয়খনত সেই সুবিধা নাই যদিও এইখন
চহৰৰ সবাতোকৈ নামজ্বলা মহাবিদ্যালয়খনতে তাই দূৰ-সংযোগ বিভাগত নাম ভৰ্তি কৰি লৈ পঢ়িব
পাৰে৷ কিন্তু সেইবোৰ বৰ পেনপেনীয়া কাৰবাৰ৷ বিয়লি ক্লাছ হ
ব৷
লগৰ ল
ৰা দুটামানে চুচুক-চামাককৈ এদিন চিনাকি হবলৈ আহিব–“তোমাক সদায় দেখিয়ে থাকোঁ, চিনাকিহে হোৱা নাছিল…৷ দুজনীমান চটাইপাখৰী
ছোৱালীয়ে নিজৰ প্ৰেমিকৰ মটৰ চাইকেলৰ পিছফালে বহি ক্লাছ কৰিবলৈ আহিব
; মুখত এসোপামান প্ৰসাধন৷ আৰু সেই প্ৰেমিকটোৱে সেইখিনিতে গেটৰ বাহিৰতে পুনৰ
ক্লাছ শেষ হোৱাৰ পাছত তাইক নিবলৈ ৰৈ থাকিব৷ কোনোবা একোজনীয়ে কপালত
, শিৰত সেন্দূৰ লৈ ক্লাছ কৰিবলৈ ওলাবহি৷ ক্লাছ নোহোৱা সময়খিনিত বুৰ্বক
দুজনীমানে তাইক বেৰি-কুৰি লৈ গিৰিয়েকৰ আদৱ-কায়দাবোৰ কেনেকুৱা
সেইবোৰ খবৰ লব৷ নাই নাই…সেইবোৰ আৰু পঢ়া-শুনাৰ
সৈতে সম্পৰ্ক থকা কাম তাই নকৰে৷

        নিচেই সাধাৰণভাৱে পাছ কৰিব তাই; কিন্তু তাৰ পাছত কি
কৰিব
, ভাবিবৰ সময় হল৷ বি. এ পঢ়িবলৈ
অহাৰ সময়তে তাইৰ নামত ষ্টেট বেংকত এটা একাউণ্ট খোলা হৈছিল৷ সেইটো কাম কৰিবলৈ
যিমানবোৰ কাগজ-পাতি বেংকত গোটাই দিবলগীয়া হৈছিল
, সেইবোৰ
বেছিভাগ কাম তায়ে কৰিছিল৷ সেই সময়ত ৰুমী
, চিত্তৰঞ্জন আৰু তাই
একেলগে ঘূৰা-ঘূৰি কৰি কামবোৰ কৰিছিল৷ বেংক একাউণ্টৰ বেছিকৈ প্ৰয়োজন আচলতে ৰুমীৰ
হৈছিল৷ ঘৰুৱা অৱস্থাৰ বাবেই তাইক কলেজ কতৃৰ্পক্ষই কিছু সহায় কৰিছিল৷ দুখীয়া আৰু
মেধাৱী ছাত্ৰ-ছাত্ৰীৰ মাজত তাইৰ নামটোও বিবেচিত হৈছিল৷ তাইৰ হৈ সেই একাউণ্ট খোলা
সময়তে সিহঁতৰ নিজৰ নিজৰ একাউণ্ট খোলা কামখিনিও হৈছিল৷ এদিন তাইলৈ সিহঁতৰ ঘৰৰ
ঠিকনাত বেংকৰ ফালৰপৰা এ.টি.এম. কাৰ্ড থকা পেকেট এটা আহিছিল৷ তাৰো কেইদিনমান পাছত
তাই সেইখন ব্যৱহাৰ কৰিবলৈ শিকিছিল৷

        আৰু…সেইযে লগৰ লৰা, কলেজীয়া
ৰাৰ সৈতে মটৰ চাইকেলত উঠি এটা দিনৰ কেইটামান ঘণ্টা পাৰ কৰি
অহা…বিনিময়ত মোবাইলত বেলেঞ্চ ভৰাবলৈ সুবিধা পোৱা…পছন্দৰ লিপষ্টিকডাল
, কুৰ্তা এটা লোৱা…সেইবোৰো কিবা বিৰক্তিকৰ হৈ পৰিল৷ বিৰক্তিকৰ…সঁচাকৈ৷
কিছুমানৰ ৰুচিবোধ কিবা বিকৃত
, সস্তীয়া৷ চহৰৰ ইণ্টৰনেট
কেফেটেৰিয়ানবিলাকত বহি এখন হাতেৰে সাৱটি ধৰি আনখন হাতেৰে কম্পিউটাৰ কিবৰ্ডত কিবা
এটা ক্লিক কৰিব৷ সেইটো খোল খাবলৈ বুলি ঘূৰি থাকিব ঘূৰি থাকিব…সাৱটি ধৰি থকা
হাতখন অসাৱধান হৈ গৈ থাকিব…৷

        ভাল লগা-নলগাতকৈ সেইবোৰ বিপজ্জনক কাৰবাৰ৷ তাতকৈ নীৰৱে, গোপনে কিছুমান সুবিধা লবলৈওচোন বেয়া নহয়; বেংকৰ একাউণ্টটোও টনকিয়াল কৰি লব পাৰি৷ অলপ সাৱধান
লেই হৈ যায়; কিন্তু…৷

        হয়, ‘কিন্তুএটা ৰৈ যায় তাতো৷
বেছিকৈ মুকলি হৈ যোৱা যায়৷ লগৰ ল
ৰা-ছোৱালী, আশে-পাশে থকা মানুহ…সকলোৰে চকুত ধূলি দিব পাৰি; কিন্তু
এজনৰ সন্মুখত একেবাৰে উন্মুক্ত হৈ পৰাটো…৷ বহুত কথা ভাবিবলগীয়া হয়
; বহুত কথা…বিশেষকৈ যাৰপৰা প্ৰস্তাৱটো আহে, তেওঁ
কেনে পৰ্যায়ৰ ব্যক্তি সেয়া জানি লোৱাটোও বহুত ক্ষেত্ৰত সমস্যাৰ কথা হৈ পৰিব পাৰে৷

        হাতৰ মোবাইলটোৱেই সকলো সুবিধা-অসুবিধাৰ মূল৷ সেই পুৰণা কলা-বগা মোবাইলবোৰ ওলোৱাৰ সময়তো কিছুমান ৰঙীন ষ্ক্ৰীণ থকা
মোবাইল তাই দেখিছিল
, কোনোবা একোটাত সৰু কেমেৰা একোটা থাকে৷ ফটো
এখন তুলিলে মানুহবোৰ কোন ধৰিবই নোৱাৰি৷ পাছলৈ অভিনৱে তাইক দামী মোবাইল এটা উপহাৰ
দিছিল
, সেইটো মোবাইলত কিছুমান ভিডিঅচাব
পৰাৰ সুবিধা আছিল৷ বাহিৰাকৈ মেম
ৰি কাৰ্ড এখন ভৰাবলগীয়া
হৈছিল৷ সেইবোৰ সিহঁত উচ্চতৰ মাধ্যমিকত পঢ়ি থকা দিনৰে কথা৷

        আৰু…পাছলৈ এই মোবাইললৈ অহা কিছুমান বাৰ্তাৰপৰাই কিছুমান আচৰিত সুবিধাৰ
বাট মুকলি হৈছিল৷ এটা দুটাকৈ বাৰ্তাবোৰ আহে
, প্ৰথমে তাই
উত্তৰবোৰ এৰা-ধৰাকৈ দিয়ে৷ পাছলৈ বহুখিনি গম্ভীৰ হৈ পৰাৰ পাছত এদিন ফোনত কথা-বতৰা
হয়৷ সেই কথা-বতৰা এসপ্তাহমান চলাৰ পাছত নিৰ্দিষ্ট সময়ত এঠাইত লগ পাবলৈ অহাৰ বাট
মুকলি হয়…৷

        অসম ৰাজ্যিক পৰিবহণ নিগমৰ বৃহৎ কাৰ্যালয়টোৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখলৈ তাই
আহিছিল৷ ষষ্ঠ ষা
ন্মাসিকলৈ পোৱাৰ
পাছৰে ঘটনা আছিল সেইটো৷ নিৰ্দিষ্ট সময়তকৈ কিছু পলমকৈ আহিছিল তাই৷ ব্যগ্ৰ হৈ
যেনি-তেনি চাই থকা মানুহজনক তাই আঁতৰৰপৰাই
, ৰিক্সাখনত আহি থাকোঁতেই
নিৰীক্ষণ কৰিছিল৷ ঠিকেই আছে
, সাধাৰণ দহ-বাৰজনৰ সৈতে মিলি
যোৱা এটা চেহেৰা
, দেখাতেই কিছু ভয়াতুৰ৷ সেইজনৰপৰা তাইৰ বিশেষ
অপকাৰ হ
ব পাৰে বুলি তাইৰ ধাৰণা হোৱা নাছিল৷ মানুহজনৰ কাষেৰে
প্ৰৱেশদ্বাৰেদি সোমাই ভিতৰলৈ যাওঁতে তাই তেখেতৰ ফালে চোৱা নাছিল৷ মানুহজনে কিন্তু
একেথৰে তাইকেই চাই আছিল৷ কিছু আঁতৰলৈ গৈ তাই কাৰ্যালয়টোৰ ভিতৰৰ সেই বিভিন্ন
সামগ্ৰী পোৱা দোকানখন পাৰ হৈ যাওঁতেই তাইৰ বেগত থকা মোবাইলটো বাজি উঠিছিল৷ বেগটো
খুঁচৰি তাই মোবাইলটো উলিয়াই লয় মানে চুচুক-চামাককৈ তেখেত নিজেই ওচৰ চাপি আহিছিল
–“…তুমি বাৰু গীতাঞ্জলি নেকি…? ”

        ভয় ভয়কৈ কোৱা কথাষাৰ তাইৰ এনেয়ে কেতিয়াবা কাণত বাজি থকা যেন লাগে৷ নিজৰ
নামটো সলনি কৰি তাই তেখেতক সেইটো নাম কৈছিল
, তাইৰ মনত আছে;
কিন্তু তেখেতে নিজৰ কি নাম কৈছিল, মনতেই নপৰে৷
মিঃ চৌধুৰী বুলি তাই মোবাইলত নম্বৰটো ৰাখি থৈছিল বাবে সেইটো মনত আছে৷ সেইদিনা
সাধাৰণভাৱে চা-চিনাকি হৈছিল৷ পৰিবহণ নিগমৰ কাৰ্যালয়টোৰ ভিতৰৰ ৰেষ্টোঁৰাখনত দুয়ো ক
ল্ড ড্ৰিংক্‌ছ খাইছিল৷

        পাছদিনা তেখেতে ভাৰালৈ লোৱা হোটেলখনৰ কোঠালিটো এৰি তাই চিধাই বেংকলৈ
গৈছিল৷ হাতত নগদ টকা লৈ ঘৰলৈ যাব নোৱাৰি৷ একাউণ্টত টকাখিনি ৰখাৰ পাছত ঘৰলৈ বুলি ৰিক্সাত
আহি থাকোঁতে তাইৰ মনলৈ আহিছিল
, পৰীক্ষাৰ আগত আৰু এদিন তাই
আহিব পাৰিব চাগৈ
, তাৰ পাছত এইটো ফোন নম্বৰ সলাই পেলাব লাগিব৷

        মিঃ চৌধুৰীৰ ফালৰপৰা তাইৰ বিশেষ সমস্যা হব পাৰে যেন
ভাব নহৈছিল৷ মানুহটো বৰ বেছি সাহ-পিত থকা মানুহ নহয়৷ তাইলৈ বিশেষ কোনো সময়ত ফোন
কৰিছিল
; কথা পাতিবলৈ মন নগলে, অলপ ব্যস্ত আছোঁ বুলি কলে বৰকৈ আমনি কৰি নাথাকে৷
ভাবিলে তাইৰ এটা কথাতেই আচৰিত লাগিছিল যে এই মিঃ চৌধুৰীৰ দৰে বিবাহিত মানুহবোৰৰ
ঘৰুৱা এনে কি অশান্তি থাকিব পাৰেযে তেওঁলোকে এনেদৰে কলেজীয়া ছোৱালীৰ সংগ
সুখ বিচাৰি ফুৰিবলগীয়া হয়৷ কেৱল তায়েতো নহয়, সিহঁতৰ
এইখন চহৰৰ আটাইবোৰ কলেজৰে কম-বেছি পৰিমাণে কিছুসংখ্যক ছোৱালীয়ে এইদৰে নিজৰ প্ৰয়োজন
পূৰণ কৰে বুলি তাই জানে৷ মিঃ চৌধুৰীয়ে ভাৰালৈ লোৱা সেইখন হোটেলৰে কমেও চাৰি-পাঁচটা
কোঠালিত হয়তো কোনোবা একোখন কলেজৰ ছোৱালী বিচাৰিলেই ওলালহেঁতেন বুলিও তাই জানে৷ কি
বুলি কোৱা হয় এই ঘটনাবোৰক
?

        আৰু সিহঁত নিজে কি পৰ্যায়লৈ গুচি গৈছে? –কলগাৰ্ল?
বেশ্যা? নহয়, সেইবোৰ একো
বিশেষণেৰে অন্ততঃ নীলাঞ্জনাই নিজকে বিশে
¡ষণৰ তুলাচনীত
ৰাখিব নোখোজে আৰু নাৰাখে৷ কি হ
ব লাগিছিল তাইসতী,
সাবিত্ৰী? এখন ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ থাকি
এজনকে দেহ-মন সমৰ্পণ কৰি দি অৱশেষত অৰ্চনাই কি পালে
? তাইৰ
শহুৰেকৰ ঘৰৰ মানুহখিনিৰ বাবেতো সিহঁতৰ দৰে মানুহৰ ঘৰত ভাল ছোৱালীৰ জন্ম হ
বই নোৱাৰে৷ অৰ্থাৎএকো নকৰাহেঁতেন, কেৱল নিৰ্বিকাৰভাৱে কলেজলৈ অহা-যোৱা কৰি থাকিও অৱশেষত তাই কি আখ্যা
পালেহেঁতেন
, সেয়া তাই আগতেই অনুধাৱন কৰি পেলাইছে৷
গতিকে…তাই সেইবোৰ কলগাৰ্ল
, বেশ্যা একো নহয়৷ তাই নীলাঞ্জনা৷
আৰু তাই সেইদৰেহে জীয়াই থাকিব
, যিদৰে তাই বিচাৰে৷ কলগাৰ্ল,
বেশ্যা…সেইবোৰ একো নোহোৱাকৈয়ে সিহঁতৰ লগৰে কোনজনী ছোৱালীৰ প্ৰেমিক
নাই
? কোনজনীয়ে সৰুৰেপৰা কেৱল এজন প্ৰেমিককে মন-প্ৰাণ সমৰ্পণ
কৰি সময় পাৰ কৰিছে
আঙুলিমূৰত লেখিব পৰা কৰবাত এজনী বা দুজনী৷ বাকী ছোৱালীবোৰ কি? শৰীৰসৰ্বস্ব
প্ৰেমত নিমজ্জিত হৈ কলেজীয়া জীৱন পাৰ কৰি আহিছে প্ৰায়ভাগেই৷ হোষ্টেলত থকাকেইজনীৰ
কথা বাৰু বাদেই
, মাক-দেউতাকৰ ছত্ৰছায়াত থাকিও এশ এটা বাগি দি
প্ৰেম কৰি থকাকেইজনীয়ে সেইকেইটা প্ৰেমিকলৈ বিয়া হ
বনে?
এদিন কলেজ এৰি বিশ্ববিদ্যালয়লৈ গৈ সিহঁতে কি কৰিবগৈ, সেইবোৰ চিন্তা কৰি থাকিবলৈ কাৰো সময় নাথাকিব পাৰে; কিন্তু
সিহঁতৰ লগৰবোৰৰ বাবেতো সেইবোৰ ভাবি থাকিবলগীয়া কথাই নহয়
; নিতান্তই
সাধাৰণ কথা সেইবোৰ৷ ব্যক্তিগত হোষ্টেলত থাকি পঢ়া-শুনা কৰা কলেজীয়া ছোৱালী নিশাৰ
ভাগত কেনেকৈ গৈ কাৰ শোৱনী কোঠা পায়গৈ
, কোনোবাই খবৰ ৰাখেনে?
তেন্তে…সেইবোৰ কিকলগাৰ্ল নে বেশ্যা?
আৰু এদিন…অৰ্চনাৰ শহুৰেকৰ ঘৰখনৰ নিচিনা তথাকথিত এঘৰ ভদ্ৰ মানুহৰ
ঘৰত ওৰণি লৈ সিহঁতে লখিমী বোৱাৰীৰ ভেশছন ধৰিব৷ ফুলশয্যাৰ নিশা এটা বুৰ্বকৰ শোৱনী
কোঠাত ভৰিৰ ধূলি শিৰত লৈ পতিব্ৰতা ঘৈণীৰ অভিনয় কৰিব৷ ছিঃ নালাগে তাইক সেইবোৰ
অভিনয়৷ আগলৈও তাইৰ কোনো নাই
, পাছলৈও নাই৷ যেনেকৈ মন যায়
তেনেকৈ নিজৰ জীৱনটো জী যাব তাই৷

        শেষৰবাৰ যেতিয়া তেখেতক লগ পাইছিল নীলাঞ্জনাই তেতিয়া তাইৰ চূড়ান্ত
পৰীক্ষালৈ বেছি দিন নাছিল৷ হোটেলৰ কোঠালিৰপৰা দুয়ো একেলগে ওলাই আহিব নোৱাৰে৷ মিঃ
চৌধুৰী কোঠালিটোৰ সৈতে সংলগ্ন গাধোৱা ঘৰটোত সোমোৱাৰ সময়তে নীলাঞ্জনা ওলাই আহিবৰ
বাবে সাজু হৈছিল৷ তৃতীয় মহলাত থকা সেই কোঠালিটোৰ খিৰিকীৰ পৰ্দাখন সামান্য আঁতৰাই
তাই হোটেলৰ তলৰ পৰিৱেশটোৰ বিষয়ে আলেখ-লেখ চাই লওঁ বুলি ভাবিছিল৷ গলিটো নিৰ্জন হৈ
আছিল৷ ঠিক সন্মুখতে থকা পাণ-গুমটিটোৰপৰা পথৰ কাষলৈ চাৰিখনমান মটৰ চাইকেল ৰাখি থোৱা
আছিল৷ সেইখন খিৰিকীয়েদি হোটেলখনৰ সন্মুখৰ খটখটীটো দেখা নাযায়
; কিন্তু তাৰ পাছৰ চোতালখনৰ একাংশৰ সৈতে আলিবাটটো দেখি৷ অন্য মানুহ কোনো
অহা-যোৱা কৰা নাছিল তেতিয়া
; হোটেলত কাম কৰা লৰা এজনে আলিটো পাৰ হৈ সন্মুখৰ পাণ-গুমটিটোৰপৰা কিবা এটা লোৱা তাই দেখিছিল৷
নীলাঞ্জনায়ো ভাবিছিল
ওলাই যোৱাৰ উপযুক্ত সময় এয়া৷ পৰ্দাখন
পুনৰ আগৰদৰে ৰাখিব খুজি হঠাৎ তাই ৰৈ গ
ল৷ ছোৱালী এজনীয়ে
সিহঁতৰ কলেজৰে য়ুনিফৰ্ম পিন্ধি সেয়া চোতাল পাৰ হৈ কোবাকুবিকৈ আলিবাটত উঠিছে৷  ঠেক গলিটোৱেদি তাই সেইদৰেই তলমূৰকৈ আগ বাঢ়ি মূল
আলিটোৰ ফালে যাওঁতে চকুৰে নমনা হোৱালৈকে নীলাঞ্জনাই তাইলৈ একেথৰে চাই ৰ
ল৷ নিজৰে বুকুখন কঁপি উঠিল তাইৰ৷ এয়া কেনেকৈ সম্ভৱ/ তাইৰ চকুৰ ভুল হবই নোৱাৰে৷ হয়, সেইজনী ৰুমী৷ অতি দুখীয়া পৰিয়ালৰ
ছোৱালী তাই৷ কলেজত দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে থকা স্কলাৰশ্বিপ তায়ো পাইছে৷ পঢ়াত
মেধাৱী
, নম্ৰ স্বভাৱৰ যথেষ্ট আত্মসন্মান থকা ছোৱালী ৰুমী৷
ইমান দিন একেলগে সিহঁত আছে
, নীলাঞ্জনাৰ ভুল হবই নোৱাৰে৷ পৰ্দাখনৰ কাষৰপৰা আঁতৰি আহি তাই বিছনাখন বহি পৰিছিল৷ –’কিয় কৰিলে তাই এনেকুৱা…কিয়? কেনে পৰিস্থিতিয়ে তাইক
এই পথ ল
বলৈ বাধ্য কৰালে বাৰু/কিলাকুটিৰে
আঁঠু দুটাত ভেজা দি দুয়ো হাতেৰে নিজৰ মুখখন ঢাকি পেলালে নীলাঞ্জনাই৷ নহয়
, তাই জানিব লাগিব এই কথা৷ ৰুমীৰ বাবেতো নীলাঞ্জনাৰ বিষয়ে সকলো কথা জানিব
পৰাটো সম্ভৱ আছিল৷ কিন্তু আজি এয়া কি দেখিলে তাই…কিয় দেখিলে
?

        কি হ, মই আকৌ তুমি গলা বুলিয়ে ভাবিছিলোঁ৷ ”–গাধোৱা ঘৰৰপৰা চোলাৰ বুটাম
মাৰি চৌধুৰী ওলাই আহিছিল৷

        নীলাঞ্জনা স্বাভাৱিক হ–“যাবলৈ
ওলালোঁ
; আপোনাক কৈ থৈ যাওঁ বুলি ভাবিলোঁ৷ আমাৰ পৰীক্ষালৈ
বেছি দিন আৰু নাই৷ গতিকে মই হয়তো…

        চৌধুৰীয়ে মুখতে ধৰিলে–“মই বুজিছোঁ, তুমি আগতেও কৈছিলা৷ হ, চিন্তা
কৰিব নালাগে৷ মই বহুদিনলৈ আৰু আমনি নকৰোঁ৷

        সেইদিনা নীলাঞ্জনাই ৰিক্সা এখন লৈ বাহিৰে বাহিৰে ঘৰলৈ আহিছিল৷ বেংকলৈ
যাবলৈ মন নগ
ল৷ হাতৰ বেগটোত কিছু টকা আছে তাইৰ, থাকক৷ কিয় তাই নাজানে; কিন্তু জীৱনত হয়তো প্ৰথমবাৰৰ
বাবে আনৰ বাবেও তাইৰ মনটো বেয়া লাগিছিল৷ হয়তোবা ৰুমীহঁতৰ দাৰিদ্ৰই জুৰুলা কৰা
ঘৰখনৰ অসহায় পৰিস্থিতিয়ে এনে পথ ল
বলৈ তাইক বাধ্য কৰালে৷
যিয়েই নহওক
, নীলাঞ্জনাৰ বাবে গোটেই ঘটনাটো নাৰীত্বৰ প্ৰতি
অৱমাননা হোৱা যেন ভাব হৈছিল৷ এনেকুৱা লাগিছিল যেন…যেন তাইৰ বেগৰ টকাখিনি ৰুমীৰ
হাতত দি দিব আৰু তাইক ক
–“পাৰিলে
এইবোৰ কাম আৰু নকৰিবা ৰুমী৷ এনে পথ তোমাৰ বাবে হয় জানো
? ”

        নীলাঞ্জনাই মনৰ মাজতে সিদ্ধান্ত লৈ পেলাইছিলপৰীক্ষাৰ
শেষৰ দিনা কলেজতে একাষৰীয়াকৈ লগ ধৰি তাই ৰুমীক কথাবোৰ সুধিব৷ তাৰো আগতে
অৱশ্যে…ফোন নম্বৰটো সলাই পেলাব লাগিব৷ মিঃ চৌধুৰীয়ে আৰু বহুদিনলৈ তাইক আমনি
নকৰোঁ বুলি কৈছিল৷ একেবাৰেই আমনি কৰিব নোৱৰাৰ ব্যৱস্থা কৰাটো ভাল৷