sdblogs2011

sdblogs2011

বতৰৰ বতৰা

 নৱনীতা ভট্টাচাৰ্য্য (১) জহ কালৰ দুপৰীয়াবোৰ বৰ আমনিদায়ক৷ সঁচাকথা ক’বলৈ গ’লে জহকালিৰ দিনবোৰ ৰিণিৰ একেবাৰে ভাল নালাগে৷ ৰাতিপুৱাৰ পৰা খাওঁ খাওঁ মূৰ্তি ধৰি ওলাই অহা বেলিটো দেখিলেই তাইৰ বৰ খং উঠে৷ অৱশ্যে প্ৰখৰ ৰ’দ বা প্রচণ্ড গৰম তাইৰ সমস্যা নহয়৷…

ব্ৰিটিছ লাইব্ৰেৰীত ফ্ৰান্সিছ বুকানন হেমিল্টনৰ শব্দকোষৰ আৱিষ্কাৰ আৰু অসমীয়া ভাষাৰ গৱেষণা

 ড০ ৰক্তিম ৰঞ্জন শইকীয়া পুৰন্দৰ সিংহৰ পিতৃ ব্ৰজনাথৰ হস্তাক্ষৰৰ চানেকি   ২০১২ চনৰ শেষভাগত অসম সম্পৰ্কীয় এটি বাতৰিয়ে ভাৰতৰ প্ৰতিখন ৰাষ্টীয় কাকত আৰু কেইখনমান আন্তঃৰাষ্ট্ৰীয় প্ৰথম পৃষ্ঠাৰ গুৰুত্বপূৰ্ণ স্থান দখল কৰিছিল৷ বাতৰিটো আছিল, লণ্ডনস্থিত ব্ৰিটিছ লাইব্ৰেৰীত এখন অসমীয়াসহ দহটা ভাষাৰ এখনি…

প্ৰকৃতিৰ বিষয়ে আৰু কিছু অৰণ্যৰোদন

মে’ মাহৰ মাজভাগৰ কেইটামান দিনত ভাৰতৰ বিভিন্ন স্থানত যেন জুইহে  জ্বলিছিল– তাপমাত্ৰা প্ৰায় ঊনপঞ্চাছ  ডিগ্ৰীলৈ উঠিছিল৷ পাকিস্তানৰ মহেঞ্জোদাৰোত তাপমাত্ৰাই পঞ্চাছ ডিগ্ৰী অতিক্ৰম কৰি গৈছিল৷ মানুহৰ কথা বাদেই, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যজীৱবোৰেও আনকি পানী খাবলৈ নোপোৱা অৱস্থাৰ সম্মুখীন হৈছিল৷ এনে হৈছিল…

মলেঁয়া

  দাদুল দেৱকৃষ্ণ বৰুৱা (২০) ধপ্ ধপ্ ধপ্ ধপ্…! পাখি কোবোৱাৰ শব্দ। মলেঁয়াই পাখি কোবাইছে। ঘৰৰ মূধচৰ ওপৰেদি মলেঁয়া উৰিছে। তাই উৰণৰ আনন্দ লৈছে। ফূৰ্তিতে চিঞৰিছে। কিমান বছৰৰ পিছত যে তাই উৰিব পাৰিছে! সেয়ে তাই উৰণ-আনন্দত মতলীয়া হৈছে। ভগা ডেউকাত…

মহাকবি কালিদাসৰ ঋতুসংহাৰম্

অনুবাদ – কৌস্তুভমণি শইকীয়া দত্ত   তৃতীয় অধ্যায় ।। শৰৎ বৰ্ণনা ।।   শুকুলা কঁহুৱাৰ বস্ত্ৰ পৰিধান কৰি, বিকশিত কমলৰ দৰে যাৰ মনোহৰ মুখশ্ৰী, উন্মাদ হংসৰ ৰৱ যাৰ নূপুৰৰ ৰম্য ধ্বনি, লাৱনী দেহৰ বৰণ যেন পৰিপক্ক ধানৰ নৰা, আহিল ৰমণীয়া…

সমকামিতাক তুলি ধৰা এখন উপন্যাস

 কিশোৰ দাস কোঁৱৰ   প্ৰস্তুতিকালৰে পৰা বৰ্তমান সময়লৈকে অসমীয়া উপন্যাসে বিভিন্ন সাহিত্যৰূপ (Genre)-ৰ মাজেৰে বিষয়-বৈচিত্ৰ্যৰ ক্ষেত্ৰত পৰীক্ষা-নিৰীক্ষা চলাই আহিছে৷ ফলস্বৰূপে সমাজত সংঘটিত বিভিন্ন ঘটনা-সংঘটনাই ইয়াত স্থান লাভ কৰিছে৷ প্ৰাৰম্ভিক কালৰে পৰা চিন্তা-চৰ্চা কৰি অহা বিভিন্ন বিষয়সমূহে একবিংশ শতিকাত নানান মাধ্যমেৰে…

কলা কি?

  মূল : লিও টলষ্টয়ৰ What is Art?  অনুবাদ : ড০ বিৰিঞ্চিকুমাৰ দাস   (৫)   একে ধৰণেৰেই সৌন্দৰ্যক সংজ্ঞাৱদ্ধ কৰিছে কাণ্টৰ অনুগামীসকলেও, যাৰ ভিতৰত এগৰাকী আছিল শ্বিলাৰ (১৭৫৯-১৮০৫)। নন্দনতত্ত্ব সম্পৰ্কে বহু লিখামেলা কৰা শ্বিলাৰৰ মতে, কাণ্টে কোৱাৰ দৰেই কলাৰ লক্ষ্য…

অদৃশ্য শিপা

 জ্যোতিনীলিমা গগৈ   শিলৰ কাহিনী কৈ কৈ খোৰোঙত ফুলবোৰ মৰহি যোৱাৰ দিনা সম্ভৱতঃ নেৰুডাই লিখিছিল – ‘Tonight I can write the saddest lines’   সৰু এটি হাতৰ মুঠিত অনন্ত ব্যাপ্ত পোহৰৰ স্ফুলিঙ্গ শতযোজন বাট কুৰি বাই আহি চাই থাকোঁ স্মৃতি…

ৰামায়ণৰ এটা অধ্যায়

মূল : বনফুল (বাংলা) অসমীয়া অনুবাদ : বাসুদেব দাস (অভিনয় কাণ্ড) সীতাক বনবাসলৈ পঠাই ৰাম পত্নীশোকত উন্মাদৰ নিচিনা হৈ পৰিছে। তেওঁ কেৱল ভাবি থাকিল – ‘মই বৰ অবিচাৰ কৰিছোঁ।‘         কুলগুৰু বশিষ্ঠক তেওঁ ক‘লে— ‘গুৰুদেৱ, অবিচাৰ! এয়া ঘোৰ অবিচাৰ; সীতাৰ কোনো অপৰাধ নাই-…

দুটা কবিতা

প্ৰশান্ত মিশ্ৰ ১. শত্ৰু-মিত্ৰ    পণ্ডিতৰ সভাত মূৰ্খৰ কাম শত্ৰুতা   শত্ৰু- মিত্ৰনো কোন কোনেও নাজানে   মনুষ্য জীৱনত সকলোৱে হাঁহিব বিচাৰে পিছে সৌভাগ্যশালীনো কোন আটায়ে কেৱল কান্দে   অসূয়া এৰি মিত্ৰতাৰ পথলৈ আহাঁ তুমিও পণ্ডিত নিজৰ জগতত।   ২.…