sdblogs2011

sdblogs2011

স্তৱক

 শিখা গোস্বামী মহন্ত (১) গৈ থকাটো যিমান সহজ ৰৈ দিয়াটো সিমান কঠিন যাওঁ বুলি গুচি যাব পাৰি উলটি আহো বোলোতেই এহেজাৰ অসহজ উশাহ (২) খিৰিকিৰে জুমি আছিলোঁ  জোনাকী ৰাতি চকুত আঁকি নিয়ৰ হেন হাঁহি এটাৰ কথাৰ সামৰি নচুৱাই আছোঁ জুনুকা…

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা   (১৫) চাভাৰ পাৰৰ গছ এজোপাৰ তলত বহি ষ্টেপানে বৈ থকা পানীখিনিলৈ একেথৰে চাই ৰ’ল। গৈ থকা পানীখিনিৰ দৰেই সময়ো গৈ আছে। গৈ আছে ষ্টেপানৰ জীৱনৰ এটা এটা লহমা। তেওঁ জানে— গতিশীলতাই জীৱন; স্থবিৰতাই মৰণ। গৈ আছে…

চিন্তাৰ মেৰুকৰণ আৰু বিজ্ঞানমনস্ক চিন্তা

  পঙ্কজ প্ৰতিম বৰদলৈ সমসাময়িক পৃথিৱীখনত তথ্যৰ অভূতপূৰ্ব প্ৰৱেশ, দ্ৰুত প্ৰযুক্তিগত উন্নতি, আৰু বিশ্বব্যাপী তাৎক্ষণিক যোগাযোগ ব্যৱস্থাই মানৱ সমাজৰ অভূতপূৰ্ব উন্নতিকে সূচাইছে। কিন্তু এই ইতিবাচক বিকাশৰ সমান্তৰালভাৱে এটা উদ্বেগজনক ধাৰাও উত্থাপন হৈছে : চিন্তাৰ মেৰুকৰণ। ৰাজনৈতিক, সাংস্কৃতিক আৰু সামাজিক ৰেখাৰে মতামতসমূহ…

জাহ্নৱী এজনী নীলা চৰাই

পুলিন  কলিতা   (১)   : ঈগল নেকি?  প্ৰশ্নটো কৰিছিল ভগীৰথে।   : নহয় নহয়-ঈগল নহয়। ঈগলৰ দৰেই, কিন্তু ৰং সম্পূৰ্ণ নীলা। ডাৱৰ নাথাকিলে আকাশৰ ৰঙৰ সৈতে মিলি থাকে।-নিজৰ স্থিতি স্পষ্ট কৰিলে টেনজুনে।   জাহ্নৱীৰ পাৰ এৰি অহাৰ কিছুদিন হ’ল…

“নীতিসাৰ পুৰাণ”: আহোম ৰাজ্যত স্বাস্থ্য আৰু সুস্থতা সম্পর্কীয় চিন্তা-চর্চা

 ড০ ৰক্তিম ৰঞ্জন শইকীয়া   আমাৰ সাধাৰণ ধাৰণা অনুযায়ী মধ্যযুগৰ অসমত স্বাস্থ্য সম্পর্কীয় চিন্তা-চর্চা নিদান শাস্ত্ৰতে সীমাৱদ্ধ আছিল৷ কিন্তু ১৯১৪ চনত ব্ৰিটিছ লাইব্ৰেৰীত বিচাৰি পোৱা “নীতিসাৰ পুৰাণ” নামৰ গ্ৰন্থখনিয়ে আহোম ৰাজ্যত গজালি মেলা প্ৰাৰম্ভিক পর্যায়ৰ স্বাস্থ্য আৰু সুস্থতা সম্পর্কীয় চিন্তা-চর্চা…

মডেলিং (Modeling)

 ড° বুলজিৎ বুঢ়াগোহাঁই   বৰ্তমান যুগত ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে মডেলিং এটা আকৰ্ষণীয় কেৰিয়াৰ। এইটো আটাইতকৈ ৰোমাঞ্চকৰ আৰু লাভজনক বৃত্তিবোৰৰ এটা। এই বৃত্তিক পুৰুষ আৰু মহিলাসকলক সমানে আকৰ্ষিত কৰে, যদিও এটা সময় আছিল এই ক্ষেত্ৰখনত মহিলাসকলে আধিপত্য বিস্তাৰ কৰিছিল। উপভোক্তাবাদ আৰু সংবাদ…

বোধ

দাদুল ভূঞা     ‘বুধিয়ক শিয়ালৰ’ সাধুটো মনত আছেনে আপোনাৰ   শৈশৱতে পঢ়া ৰজা-ৰাণীৰ সাধুটো বুকুত কঢ়িয়াই আমি গৈ আছোঁ একেটাই বাটেদি   ভঙা-গঢ়া, সজাটোৱেই যদি মানুহৰ কাম তেন্তে, কোনে গঢ়িলে শিলৰ দুৱাৰ   বন্ধ কুঠৰীত দেখোন জ্বলে— ধৰ্ম-অধৰ্ম, জাতি-অজাতি,…

অনাবিলৰ পদ্য

ৰচনা পাঠক অনাবিল বৰবৰা ল’ৰাটিৰ নাম, কম্পিউটাৰ গে’ম খেলে, নাই আন কাম৷ পঢ়াৰ কথা ক’লে তাৰ পেটটো বিষায়, আৰু লৰালৰি কৰি কেনিবা লুকায়৷ তেনে সময়তে উঠে মাকৰ খং, ‘কিয় হ’বি ল’ৰা তই ইমান অভং?’ বুলি কৈ মাকে লয় হাতত এচাৰি,…

অচিন জগতত বাটলু

  স্মৃতিৰেখা দেৱী (আগকথা : সেউজপুৰ এখন ধুনীয়া অৰণ্য ৰাজ্য৷ ৰাজ্যৰ ৰজা কেশৰী এজন খুব মৰমিয়াল, প্ৰজাৰঞ্জক সিংহ৷ সেউজপুৰৰ মহামন্ত্ৰীজন এজন হাতী, তেওঁৰ নাম বৃকোদৰ৷ হিতৰাম নামৰ বাঘজন সেউজপুৰৰ প্ৰধান সেনাপতি৷ বহুকালৰ পূৰ্বে তীক্ষ্ণদন্ত নামৰ এজন নিগনিয়ে মহাৰাজ কেশৰীৰ এজন…