sdblogs2011

sdblogs2011

অসমীয়া ‘ৱিকিমিডিয়া’ প্ৰকল্পসমূহৰ জয়যাত্ৰা আৰু অসমীয়া ‘ৱিকিপিডিয়া’ৰ গতি-প্ৰকৃতি: এটি অৱলোকন

 ভাস্কৰ ভূঞা   ৱিকিপিডিয়া (Wikipedia) ৱিকিপিডিয়া হ’ল অব্যৱসায়িক, মুক্ত, ৱে’ব-ভিত্তিক, সহযোগিতামূলক, বহুভাষিক বিশ্বকোষ বা তথ্যকোষ৷ ৱিকিপিডিয়াৰ প্ৰতিষ্ঠাপক আছিল লেৰী ছোংগাৰ আৰু জিমী ৱেল্‌ছ৷ জিমী ৱেলছৰ মতে ৱিকিপিডিয়া হৈছে– “পৃথিৱীৰ প্ৰত্যেক ব্যক্তিৰ মাতৃভাষাতে এখন উৎকৃষ্ট মানৰ বহুভাষিক মুক্ত বিশ্বকোষ ৰচনাৰ প্ৰয়াস৷…

বিষয় : জীৱন

 জৰসিং ইংতি ক্লেংদুন (১) একোৱে নাই হাতত একোৱে নাই দূৰ-দিগন্তত মৰুভূত নিজৰ ছাঁ   খেদি-খেদি কোন ক’ত হেৰায় তৃষ্ণাতুৰৰ পানী এটোপা চকুলোৰে ধোঁৱা   (২)  খোজবোৰ বিচাৰি পোৱা-নোপোৱা অতবোৰ কথা সামৰি কিছু দিকভ্ৰান্ত মুঠিত শুকান বালি   সময়-অসময় এমুঠন আন্ধাৰে…

তিনিটা কবিতা

 হৰেকৃষ্ণ ডেকা (১) ৰাম   আপোনাৰ ৰাম আৰু বাপুৰ ৰাম যদি একেজন হয়, মই বাপুৰ ৰামক ৰাম বুলি ক’ম আৰু আপোনাৰ ৰামক আপোনৰাম বুলি ক’ম৷ বাপুৰ ৰাম হৃদয়ত থাকে আৰু মৰ্যাদা-পুৰুষোত্তম হৈ বিৰাজ ক’ৰে৷ আপোনৰাম ওঁঠেৰে বাগৰে আৰু যন্ত্ৰেৰে ৰজনজনাই…

মন-ফুলৰ চিঠি

 ধৰিত্ৰী বৰুৱা   (১) যোৱাবাৰ শীতত মন-ফুল মৰিছিল, এইবেলি শীতত পলসুৱা হাত। ডিচেম্বৰ আৰু জানুৱাৰীৰ মাজত এয়াই তফাৎ। ঠেৰেঙা জাৰত কি ফুল আনিছা? সৰিয়হ নে আন কিবা? (২) শীতে জপাই থয় মেঘ, মেঘে সামৰে প্ৰেম। বৰষুণলৈ বাট নাচাবা, “জোন” বুলিলেইচোন…

গান্ধী ফাগ্লা : কথকতা আৰু কথক

 গীতাশ্ৰী তামুলী    নীলোৎপল বৰুৱাৰ গল্প আগেয়ে পঢ়া নাছিলো৷ তেওঁৰ ‘গান্ধী ফাগ্লা’ কিতাপখন পাই সেই নামৰ গল্পটোকে উলিয়াই লৈছিলোঁ৷ পঢ়ি যাওঁতে এনে লাগিল যেন বিচাৰি ফুৰা কাহিনীকওঁতা এজন পাই গ’লোঁ৷ এই আৱেগিক প্ৰতিক্ৰিয়াৰ দুটা কাৰণ হ’ব পাৰে যেন লাগিছে- প্ৰথম,…

ধেৱাই ধোৱা ধৰণী

অজিত ছিংনাৰ দুই বিশাল এলেকাটোত ঠায়ে ঠায়ে আছে বহুকেইটা আটী৷ গোটেই হাবি-জংঘলেৰে ভৰা এই আটীবোৰৰ নামনিতো হাবি-জংঘলৰ পয়োভৰ৷ মালভূমি সদৃশ এটা আটী পাৰ হোৱাৰ পাছতে পোৱা যায় নামনিৰ ফালে সমতল৷ তাৰপাছত পোৱা যায় আন এটা আটী৷ আটীবোৰত থাকে নানা ধৰণৰ…

মহাবৃত্ত

 মৃদুল শৰ্মা     ৬ শকুনি ৷ যুদ্ধনিপুণ ভীষ্মই ভাৰতৰ ৰাজবংশৰ ৰাজপুত্ৰলৈ ভগ্নী গান্ধাৰীৰ পাণিপ্ৰাৰ্থনা  কৰাত প্ৰথমে আ(ৰ্যবোধ কৰিছিলোঁ আনন্দত৷ পিছে সামান্য সময়ৰ ব্যৱধানতে জ্যেষ্ঠ কুৰু ৰাজ¸কুমাৰ অন্ধ ধৃতৰাষ্ট্ৰলৈ গান্ধাৰীৰ পাণিপ্ৰাৰ্থনা কৰাত আমি সপৰিবাৰে আহত হৈছিেলাঁ৷ গান্ধাৰৰ পৰিৱেশ-পৰিস্থিতি, সামাজিক নীতি-বিধি একোৱেই ভাৰতৰ…

চুপ : এক প্ৰহসন

 নীলোৎপল বৰুৱা   বহু বছৰ আগৰ‌ কথা। দিনটো নাটকৰ অনুশীলনৰ অন্তত সন্ধ্যাবেলা জিৰাবলৈ বহিছিল নাটকৰ কিম্বদন্তীস্বৰূপ প্ৰয়াত হেইচনাম কানহাইলাল। স্থান বাদুংদুপ্পাৰ আখৰাগৃহ। গোৱালপাৰা। চনটো দুহেজাৰ আঠ বা ন। তক্তা বান্ধি বনোৱা বেঞ্চ এখনৰ এমূৰত তলমূৰকৈ বহি থকা মহীৰূহ জনক আমি…

নৈতিকতা

প্ৰাঞ্জল বেজবৰা   আজিকালি আমাৰ সমমাজত কিছুমান কথা  বা বাক্যাংশ সততে শুনিবলৈ পাওঁ আৰু আমি নিজেও বহু সময়ত সেইবিলাক দোহাৰোঁ। উদাহৰণ স্বৰূপে, ৱিলিয়াম ছেক্সপীয়েৰে কৈছিল, “ভাল বা বেয়া বুলি একো নাই। আমাৰ চিন্তাইহে কোনো এটা বস্তু বা কাৰ্যক ভাল বা…