এই ভোগালীত
হৰেকৃষ্ণ ডেকা শূন্য পথাৰখনত বতাহে হাবাথুৰি খাই কি বিচাৰিছে? শস্য চপোৱা হ’ল৷ গুটিধানবোৰ ভঁৰালত৷ আউলি-বাউলি বতাহৰ বিননিত শুই থকা নৰাবোৰে চক খাই উঠি মূৰ তুলি চাইছে৷ বতাহৰ চকুপানী নিয়ৰ টোপাল হৈ সৰিছে আৰু নৰাবোৰ সেমেকা হৈ পৰিছে৷ বতাহৰ মুখত হাঁহি…