sdblogs2011

sdblogs2011

ৰেইনাৰ মাৰিয়া ৰিল্কেৰ কালজয়ী গ্ৰন্থ Letters to a Young Poet-অৰ মুকলি অসমীয়া অনুবাদ

 মূল: ৰেইনাৰ মাৰিয়া ৰিল্কে অনুবাদ: নিকু দুৱৰা  তৃতীয়খন চিঠি   ভিয়াৰেজ্জ’, পিছাৰ সমীপত, ইটালী, ২৩ এপ্ৰিল, ১৯০৩ আপুনি ইষ্টাৰৰ শুভেচ্ছা জনাই লিখা চিঠিখন পাই নথৈ আনন্দিত হ’লোঁ। চিঠিখনত আপুনি জেকবচনৰ মহানতম সৃষ্টিসমূহৰ সম্পৰ্কে যিধৰণেৰে মন্তব্য আগবঢ়াইছে সেইসমূহ মন্তব্য আৰু আপোনাৰ…

অপু ভৰদ্বাজৰ গল্পত সমাজ-ৰাজনৈতিক বাস্তৱতা

 ড॰ অসীম চুতীয়া   সমকালীন অসমীয়া গল্পসাহিত্যত যিসকল গল্পকাৰে দৈনন্দিন জীৱনৰ আপাত-সাধাৰণ বিষয়বস্তুৰ মাজেৰে বৃহত্তৰ সমাজ-ৰাজনৈতিক বাস্তৱতা উন্মোচন কৰিবলৈ সক্ষম হৈছে, সেইসকলৰ ভিতৰত অপু ভৰদ্বাজ বিশেষভাৱে উল্লেখযোগ্য৷ ভৰদ্বাজৰ গল্প পঢ়িলে এইটো স্পষ্ট হয় যে তেওঁ গল্পৰ কাহিনীক সমালোচনামূলক পদ্ধতি হিচাপে ব্যৱহাৰ কৰিছে৷…

কমিউনিটি আৰ্কাইভ আৰু পাণ্ডুলিপি সম্পদ

 পংকজ প্রতীম বৰদলৈ অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱ আৰু পৰিৱৰ্তনৰ সময়ত অসমত এক পাণ্ডুলিপি ঐতিহ্যৰ প্রচাৰ আৰু প্রসাৰ হয়৷ ধৰ্ম প্ৰচাৰৰ বাবে গুৰুজনাই ভাগৱত, পুৰাণ আদিক ব্ৰজাৱলী ভাষাত সৰলকৈ সাধাৰণ ৰাইজে বুজাৰ বাবে লিখিছিল আৰু বৰগীত, অংকীয়া নাট আদিৰ…

আৰিগাট’

 নীলোৎপল বৰুৱা   আৰিগাট’ যেতিয়া আৰিগাট’ হৈছিল, তেতিয়া জুন মাহ৷ মাখি আৰু লিকলিকিয়া অমৰলতাবোৰ জনতা গেৰেজৰ পাছফালে বাঢ়িবলৈ লৈছিল৷ ব্যৱহৃত কণ্ডম আৰু বীয়েৰৰ বটলবোৰৰ মাজত কমিউনিষ্ট পাৰ্টিৰ এগালমান প্ৰচাৰ‌ পত্ৰিকা পৰি আছিল৷ কাৰোবাক প্ৰচাৰৰ বাবে অতি বিশ্বাসৰে দিয়া হৈছিল৷ নিবিলালে৷…

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এপটিটিউড (Aptitude), লজিকেল ৰিজনিং (Logical Reasoning) আদিৰ প্ৰস্তুতি কৌশল

 ড° বুলজিৎ বুঢ়াগোহাঁই   বৰ্তমান প্ৰতিযোগিতামূলক শৈক্ষিক আৰু পেছাদাৰী পৰিৱেশত সফলতা কেৱল শৈক্ষিক নম্বৰ বা প্ৰযুক্তিগত দক্ষতাৰ ওপৰত নিৰ্ভৰশীল নহয়৷ বিষয়ভিত্তিক গভীৰ জ্ঞান আৰু কাৰিকৰী বিশেষজ্ঞতা অতি গুৰুত্বপূৰ্ণ, কিন্তু কেৱল সেয়াই যথেষ্ট নহয়৷ নিয়োগকৰ্তা, শিক্ষানুষ্ঠান আৰু বিভিন্ন সংস্থাই এনে ব্যক্তি…

নীল সাগৰৰ শংখধ্বনি – এক অমৃতকথা

 পৰিস্মিতা বৰদলৈ   ‘ভালপোৱা’ এনে এক অমৃত যি জীৱনৰ সমস্ত গৰল শুহি ল’ব পাৰে,যি জীৱনৰ সমস্ত যাতনাক তু্চ্ছ কৰি পেলাব পাৰে, যি খোজবিহীন দুভৰিক আকাশত উৰুৱাৰ দুঃসাহস কৰিব পাৰে,ভালপোৱাই জীয়াতুক জীৱনলৈ ৰূপান্তৰিত কৰিব পাৰে৷ শক্তিশালী কথক শৰ্মিষ্ঠা প্ৰীতমৰ সদ্যপ্ৰকাশিত উপন্যাস…

ফটাচোলাৰ ৰং

 (পূৰ্ণাংগ নাটক) নাট্যকাৰ –ড০ জ্যোতিপ্ৰসাদ শইকীয়া চতুৰ্থ দৃশ্য   মঞ্চৰ up mid zone অত বেদনাথ বৰুৱা আৰু নিৰদাই close range-অত বহি থাকে৷ মঞ্চৰ মধ্যভাগত পোহৰ পৰাৰ লগে লগে দুয়োকে দেখা যায়৷ (ভায়’লিন বা বাঁহীত কৰুণ সুৰ ভাহি উঠে) নিৰদা – সঁচাকৈয়ে…

মাক-কথা : Unfolded Stories of a Mother

ৰত্নোত্তমা দাস বিক্ৰম   প্ৰথমাংশ, পঞ্চম অধ্যায় নতুন খোজবোৰ     কোনজনা ভগৱানক কোনে পূজিছে, কোনখন ধৰমপুথি কোনে মানিছে -এইবোৰৰ পৰা মই যোজন দূৰত৷ মন্দিৰ-মছজিদ-গীৰ্জা-নামঘৰ সকললৈকে শ্ৰদ্ধা ৰাখিও ক’লৈকো মই নিয়মীয়াকৈ গৈ পোৱা নাই৷ যি পাৰোঁ, কিতাপবোৰ অলপ হ’লেও পঢ়িছোঁ৷ পঢ়ি…

মিনিৰ গল্প

 স্মৃতিৰেখা দেৱী ‘মিনি হেৰাল৷’ ঘৰৰ দুৱাৰ মুখতে স্কুলৰ পৰা আহি পোৱা ককায়েক অনুক মনুুৱে দুখমনেৰে ক’লে৷ কথাষাৰ শুনি অনুুৱে মনুৰ মুখলৈ চালে যদিও একো নকৈ সি কাপোৰ সলাবলৈ বুলি নিজৰ কোঠাত সোমালগৈ৷ অনুৱে আচলতে কি ক’ব ভাবিয়েই নাপালে৷ ঘৰলৈ মিনি…