sdblogs2011

sdblogs2011

ৰফিকুল হোছেইন হোৱাটো সহজ‌ নহয়

 সোণেশ্বৰ নৰহ   এমেছাৰ থিয়েটাৰ অৰ্থাৎ অপেছাদাৰী নাট্য আন্দোলনৰ অক্লান্ত সৈনিক ৰফিকুল হোছেইনৰ উচৰ্গিত জীৱনটো ইমান কম আয়াসতে ব্যাখ্যা শেষ কৰিব নোৱাৰি৷ কবিতাৰ ৰফিকুল হোছেইন বৰ সহজ নহয়… ‘শৰৱিদ্ধ আকাশ’ তেওঁৰ জীৱনৰ, বৌদ্ধিক চেতনা আৰু দায়বদ্ধতাৰ মাইলৰ খুঁটি৷ সম্ভৱতঃ তেওঁৰ…

মৰতী

মৃদুল হালৈ   তিনিটাকৈ মন পোৱালি মনতে মেলি কতনো থাকগৈ হেৰ’ তই— মাকজনী   ইটোৱে যদি চহায় শাকনি সিটোৱে বোলে দা ধৰাই আন মোকলাওঁ হাবি আনটোৱে দিনৰ দিনটো পদূলিতে বৰশী টোপাই ধৰে ভাবনাৰ মাছ-পুঠি   ইটোৱে বোলে ব’ল মনোভাই আলি…

ফাগুন

 গায়ত্ৰী ফুকন   পলাশ জোপাক দেখুৱাই ক’লোঁ চোৱাঁ সেয়া ফাগুন ৷ ৰঙা ফাগুন।   বান্ধৱীয়ে  ক’লে মহানাগৰীকক সোধাঁ ফাগুনৰ ৰং ৰঙানে বগা৷ ধুলিৰ ৰং যে বগা৷   হাঃ হাঃ হাঃ ফাগুনৰ যে অনেক ৰং প্ৰেমৰ দৰে। ফাগুন যে প্ৰেমৰ বতৰ…

প’ডকাষ্টত ফাগুন

চুনা কুমাৰ পাঠৰী   কনটেণ্ট ক্ৰিয়েটৰ ঋতুৰ নৱতম বৰ্ণাঢ্য আয়োজন— ষ্টুডিঅ’ত অতিথি ফাগুন৷ ছিৰিয়াছনেছ্, একদম নাৰ্ভাছ ফিল৷ চুচুকচামাক চাৱনি৷   আনএডিটেড, মনপ’ৰ্টেলত এক্সক্লুচিভ ভিজুৱেল— পলাশ চিনেমেটো’গ্ৰাফী, শিমলু স্মাৰ্ট ভিডিঅ’গ্ৰাফী৷ ব্ৰেকগ্ৰাউণ্ড মিউজিকত মৃদু সমীৰ, ফিউজনত ব্যস্ত৷   ৰে’ডি… লাইট-কেমেৰা-একশ্বন, ৱেলকাম টু…

শৃঙ্খলা আৰু শৃঙ্খলাহীনতা

  আমাৰ মানুহবোৰৰ হৈছে কি? সকলো ক্ষেত্ৰতে ইমান অৰাজকতাই পুলি-পোখা মেলিছে কিয়? সৌ সিদিনা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰম্ভণিৰ দিনা কোনোবা সাংবাদিকে কিছু সংখ্যক পৰীক্ষাৰ্থীক তেওঁলোকৰ পৰীক্ষা সম্পৰ্কীয় দৃষ্টিভঙ্গীৰ খবৰ লৈছিল৷ পৰীক্ষাৰ্থীসকলৰ সৰহ সংখ্যকেই পৰীক্ষাৰ প্ৰতি দেখুৱাইছিল চৰম অৱজ্ঞাৰ ভাব৷ দুজনমানৰ…

এটা কোমল ফাৰৰ কোট

   চয়নিকা শৰ্মা খাউণ্ড        চিকিউৰিটি ছেকিঙৰ যাৱতীয় কামখিনি শেষ কৰি বিশাল এয়াৰপ’ৰ্টটোৰ জিৰনি কক্ষত সুকোমল ছ’ফাখনত নিজৰ গাটো ধমহকৈ এৰি দি স্বস্তিৰ নিশ্বাস পেলালে অৰুণাভ দত্তই৷ মাজৰাতিৰ ফ্লাইট, তাতে আকৌ হাড়, কঁপোৱা ঠাণ্ডা- কফি একাপৰ বৰ প্ৰয়োজন অনুভৱ কৰিলে…

কবিতা

 (কবি, নাট্যকাৰ ৰফিকুল হুছেইনক সুঁৱৰি) উদয় কুমাৰ বৰুৱা   কি নামেৰে উচ্চাৰণ কৰোঁ তোমাক    নিৰুত্তৰ, কাৰুণিক সময়ো সকলো অভিধাই যেন সৰুহৈ যায় তোমাৰ বিশালতাত   হয়তো হেজাৰ ঋতুৰ ভাগৰ সামৰি এতিয়া তুমি ক্ষণিক জিৰণিত   এটা বৰ্ণিল সপোন, এটোপাল সঁচা…

পানী হিলৈ

 গোৱিন কুমাৰ খাউণ্ড এখন জৰাজীৰ্ণ ছবি দুচকুত লৈ অম্লানহঁত ঘূৰি আহিছিল হিমানী আইতাৰ ওচৰৰ পৰা। বুকুৰ জুহালত কলিজা কেনেকৈ পুৰিছে সেই কথা ভালদৰে দেখি আহিছে সিহঁতে। প্ৰেম আৰু ভালপোৱাৰ অভয়বাণীৰে মিলিটেৰীয়ে হিমানীক আলপৈচান ধৰা দৃশ্যই মুক কৰি তুলিছিল সিহঁতক। শোৱাতে…

মনটো আমাৰ বিবাহিত কিন্তু আমি বহুত সৰু

মূল (ইংৰাজী) : জৰ্জ অৰৱেল, ইংলেণ্ড অনুবাদ : ড° ৰঞ্জিত দত্ত মনটো আমাৰ বিবাহিত কিন্তু আমি বহুত সৰু মনটো আমাৰ বিবাহিত  কিন্তু আমি বহুত সৰু যুগৰ সামাজিক প্ৰথা মতে অভিভাৱকসকলে আমাক  বিয়াৰ বান্ধোনেৰে বান্ধি এটি সৰু  পৃথক কোঠাত আৱদ্ধ কৰি…

হোছেইন ৰফিকুল

পঙ্কজজ্যোতি ভূঞা   আশীৰ দশকৰ শেষৰ ফালে, চতিয়াত এখন নাট কৰ্মশালাৰ আয়োজন হৈছিল৷ অনাগত দিনবোৰৰ বাবে সৈনিক তৈয়াৰ কৰাৰ এক আখৰা আৰম্ভ হৈছিল৷ নাটকৰ বাবে আগ্ৰহী এচাম নতুন নাট্যকৰ্মীক গোট খুৱাই অসম নাট্য সন্মিলনে আয়োজন কৰা এই কৰ্মশালালৈ অৰুণ হাজৰিকা…