Category অন্যযুগ, আগষ্ট, ২০২১

লাচিত বৰফুকন

সংকল্পজিৎ শইকীয়া প্ৰতিজন অসমীয়াৰ আদৰ্শ  পুৰুষ বীৰ লাচিত বৰফুকন, অসীম সাহসেৰে যুঁজিলে যিজনে মোগলৰ সতে মহাৰণ। অসমক জিনিবলৈ যেতিয়াই আহিল প্ৰবল প্ৰতাপী মোগল, লাচিতৰ নেতৃত্বত আহোম সেনাই দেখুৱালে অসমীয়াৰ বল। লুইতৰ পাৰত মোগল সেনাৰ যি শক্তিশালী আক্ৰমণ, তাক ওফৰাই লাচিত…

অসমীয়া ভাওনা সংস্কৃতি : ঐতিহ্য, পৰম্পৰা উপাদান আৰু অন্যান্য প্ৰসঙ্গ

 ড॰ অখিল কুমাৰ গগৈ   যেষাং শ্ৰীমৎযশোদ সুত পদ কমলে নাস্তি ভক্তি নৰানাম৷ যেষামাভিৰ কন্যা প্ৰিয় গুণ কথনে নানুৰক্তাৰসজ্ঞাং যেষাম্‌ শ্ৰীকৃষ্ণ লীলা ললিত ৰসকথা সাদৰে নৈব কৰ্ণোৎ ধিক্‌ তান ধিক্‌ তান কথয়তি সততং কীৰ্তনস্ত মৃদং ধিক্‌ ধিক্‌ ধিক্‌ নৃত্য-গীত বা…

হ’ল-নহ’লৰ ছনেট

সমুদ্ৰ কাজল শইকীয়া   হ’লবোৰেৰে জীৱনটো হ’ল নে নহ’লবোৰেৰে হ’ল? হ’লবোৰেৰে কিছুমান যে নহয় – বুজিলোঁ অতখিনি নহ’লবোৰেৰে হ’ল কি কি সেয়াও দেখিলোঁ ভালেখিনি। নামটো এৰি মালিকৰ আত্মকথা পঢ়িবলৈ নহ’ল।   পদূলিয়ে পদূলিয়ে কোনে ৰিঙিয়াই গ’ল, শুনো- “গ’ল”; গ’ল অ’…

মই আকৌ উভতি আহিব খোজোঁ

 কৌশিক জ্যোতি বৰা   (এক) শুই থকা ফুলপাহ কোনে চুই দিলে নীৰৱ কোমল সময় কাপত কোলাহলৰ হলাহল কোনে বাকি দিলে বতাহত যে তেজ তেজ গোন্ধ   (দুই) ওখ হোৱা বাটবোৰ চমু হওক তোমাৰ দীঘল হওক মোৰ চেতনাৰ প্ৰসাৰিত হাত মই আকৌ উভতি…

এজেবা কেঁচা নিমখ

 ৰিপুঞ্জয় বৰুৱা ঋমন   নিয়মত নচলা ৰজাৰ বজাৰ জীৱশ্ৰেষ্ঠ নে জানোৱাৰ ?   ব্যস্ত ফুটপাথ ভিৰ চিটিবাছ কোনে শুনে কাৰ কথা ভগাব নোৱাৰি জিভাৰ আধা !   ইণ্টেনচিভ্ কেয়াৰত আয়ুসৰ কেক্ কটা-কটি  উদং উদৰৰ সমদলত কবিৰাজ বনবাসী   আবতৰত গৰুছালৰ…

ঠিকনা

 ৰাশ্বেল চৌধুৰী   প্ৰতিদিনেই ঘৰৰ ঠিকনাটো হেৰুৱাই পেলাওঁ যদিও কাগজ এটুকুৰাত লিখি লগত লৈ ফুৰোঁ।   প্ৰজাপতি এটাৰ পিছে পিছে  ওলাই আহিছিলোঁ ঘৰৰ পৰা এতিয়া ঘৰখন বিচাৰি বিচাৰি হয়ৰান হৈ পৰিছোঁ   প্ৰতি দিনেই ঘৰৰ পৰা ওলাওঁতে কাগজ এটুকুৰাত লিখি আনো…

ক্ষমা

ধীমান বৰ্মন ৰাণী হ’বলৈ মহান হ’ব লাগে নাৰী হ’বলৈ বিশাল –    এই কথা শিকায় ধ্ৰুৱক বালিচৰত পাৰি থৈ যোৱা অজস্ৰ চিকমিক খোজে   আ কাৰ ই কাৰৰ ছায়াঘৰত দুটা আখৰৰ মাথো স্থান সলনা-সলনি মান নেহেৰুওৱাকৈও   সেয়ে নাৰীবোৰ ৰাণী…

মকৰাজাল

আবেদুৰ ৰহমান   মোৰ শোৱনি কোঠাৰ বেৰত গা-ধোৱা ঘৰত আনকি বাৰাণ্ডাখনৰ খুঁটাবোৰতো মকৰাই জাল বান্ধিছে   পত্নীৰ খেচখেচনি এনেদৰে দিনৰ দিনটো বিছনাখনতে পৰি থকাতকৈ জালবোৰনো নুগুচায় কিয়? জালেই জাল তৰা সময়ত জালেই জাল তৰা দেশত পত্নীৰ কথাবোৰ শুনি হাঁহি উঠে…

এণ্টি কবিতা

 কোকিল শইকীয়া   পৰুৱা এটাৰ লগত কচুৱনি-কাষৰ দেৱাল এখনত ময়ো বগাই বগাই গৈ আছিলোঁ কোনোবাই গাখীৰ খোৱা কেঁচুৱা এটাৰ নেপকিন এখন দেৱাললৈ দলিয়াই দিলে মই টুলুপকৈ তললৈ সৰি পৰিলোঁ   কে কে কে চুৱা চুৱা চুৱা কেঁচুৱা   তাৰ ধাইৰ…

হয়তো আজিৰ পৰাই মোৰ ছুটী

 মূল বাংলা : চাব্ৰিনা ৰুবিন (বাংলাদেশ) অনুবাদ : উৎপল দত্ত (বাংলাদেশৰ কবি ডাঃ চাব্ৰিনা ৰুবিনে ইংৰাজী আৰু বাংলা উভয় ভাষাতে কবিতা ৰচনা কৰে। দেশ-বিদেশৰ বিভিন্ন সাহিত্যানুষ্ঠানত অংশগ্ৰহণ কৰা অভিজ্ঞতাৰে পুষ্ট চাব্ৰিনা ৰুবিনে ’নিষিদ্ধ নিৰ্বাসন’ গ্ৰন্থখনেৰে লেখক হিচাপে প্ৰতিষ্ঠা লাভ কৰে।) এতিয়া আৰু…