Category অন্যযুগ, আগষ্ট, ২০২১

এই আছোঁ, এই নাই

সুকুমাৰ চেতিয়া এই আছোঁ এই নাই পৰুৱা, মাখি আৰু মহৰ দৰে জীৱন অনিশ্চয়তাৰ মাজে মাজে আছোঁ মানে এক সঞ্জীৱন নাই মানে নাই চাবলৈ গ’লে কথা সিমানেই তথাপি অনবৰতে ভয় থকা-নথকাৰ যুঁজখন  থৈয়া-নথৈয়াকৈ লাগি থাকে অগা-ডেৱা কৰি থাকে  অনিশ্চয়তাৰ পেণ্ডুলাম পুৱাই…

এখন খিৰিকী, এটুকুৰা আকাশ

ৰঞ্জু শৰ্মা   আগলি কলাপাত লৰে কি চৰে, চিলনী আই মোৰ আগতে পৰে। আগলি কলাপাত লৰে কি চৰে, চিলনী আই মোৰ আগতে পৰে। … শৈশৱতে আইতাকে যে সাধুকথাৰ মাজে মাজে সুৰ লগাই গাই শুনাইছিল, তাই যে বাৰে বাৰে একেটা সাধুকে শুনাবলে…

গ্ল’বেল ৱাৰ্মিং

মূল : মিথিলেশ ভট্টাচাৰ্য (বাংলা)  অসমীয়া অনুবাদ : ড০ কুমুদ ঘোষ (মিথিলেশ ভট্টাচাৰ্যৰ জন্ম অবিভক্ত ভাৰতৰ শ্ৰীহট্ট জিলাৰ দক্ষিণ বীনোষণা গাঁৱত ১৯৪৬ চনৰ ২৩ ফেব্ৰুৱাৰিত৷ ষাঠিৰ দশকৰ শেষৰ ফালে শ্যামলেন্দু চক্ৰৱৰ্তী সম্পাদিত ‘অনীশ’ পত্ৰিকাত গল্প লেখক হিচাপে আত্মপ্ৰকাশ৷ শিলচৰৰ পৰা প্ৰকাশিত সাহিত্য আলোচনী ‘শতক্ৰতু’-ৰ অন্যতম সম্পাদক৷ …

তলসৰা বকুলৰ সুৱাস

চয়নিকা ভূঞা           “বহু ৰাতি হ‘ল জানা, বহু গান হ‘ল গোৱা ৷ ৰাতিপুৱাবলৈ অলপ সময় তুমি জানানে নাজানা…” কাদম্বৰীৰ ফোনৰ ৰিংট‘নত জিতুল সোণোনৱালৰ এই গানটো বাজি উঠিল ৷ ছয়-সাত মিনিটলৈ বাৰে বাৰে কাদম্বৰীৰ মোবাইলৰ স্ক্ৰীনত গীতটো বাজি আছে…

মৃত্যু নহয় শিল্প

গজেন মিলি আজি বাতৰিৰ  প্ৰথম পৃষ্ঠাৰ শিৰোনামতে এটা অপুৰঠ প্ৰেম বাঢ়নি পানীত বুৰি বুৰবুৰণি হৈ ফুটি গʼল মাক দেউতাক আৰু ভনীয়েকৰ জীয়া সপোন বুকু ফালি ওলাই অহা শোকৰ টোপালবোৰ  নৈ:শব্দত খুন্দা খাই বাজি থাকিল দিনে নিশাই হুমুনিয়াবোৰ ওপঙি ৰʼল বতাহত…

সংযোগ

মূল : অক্টাভিঅ‘ পাজ  অনুবাদ : ড০ দীপমণি দাস বৰ্তমানৰ ইটো সিটো কথাৰ মাজত তুমি আৰু মই যিদৰে আছোঁ প্ৰয়োজন সংযোগ বাৰ্তালাপৰ   এই বাৰ্তালাপত ভাগ লোৱা মানেই তুমি মুকলি মনে কৰা কৰা অন্তৰৰ বাৰ্তালাপ   এই সংযোগতহে তুমি পাবা এখনি পৃথিৱী আৰু…

ভ্ৰম-বাস্তৱ

 কৰিশ্মা জে. কে. বৈষ্ণৱী কোনে কাক কি বুজাব নিজতে যুঁজি মৰা হয় ৰজা সি, যি নিজকে জিকিব পৰা। দুকোঠলীয়া ভাৰাঘৰটোৰ আমি বহি থকা প্ৰথমটো কোঠা ক্ৰমশঃ আন্ধাৰত বুৰ গৈছে। পৰ্দাৰ ফাঁকেৰে কথমপি আনটো কোঠাৰ জ্বলি থকা লাইটৰ পোহৰ পৰিছে। কোঠাৰ…

পোহনীয়া চৰাইৰ শোক

ৰাজীৱ বৰা   পোহনীয়া চৰাইটোৱে তাইৰ আঙুলি খুঁটিয়াই ভাল পায় বাৰীৰ ঢাপৰ কোটাহী-জামু   জামুৰঙৰ জিভাখন উলিয়াই তাই সিঁয়াৰে সুহুৰিয়ায়   নোলাবি চৰাই নাহিবি সজাতে থাক বাহিৰত মানুহৰ সঁজাত নাই   আল্লাইনো গাৰ অংগবোৰ দিছে কেলৈ সেয়া বুজি নোপোৱা ছোৱালীজনীৰ…

“মেঘমালাৰ ভ্ৰমণ”—ৰূঢ় সমাজ বাস্তৱৰ ভয়ঙ্কৰ সুন্দৰ শিল্পচিত্ৰ

ৰুদ্ৰ সিংহ মটক         “মেঘমালাৰ ভ্ৰমণ”ৰ(প্ৰথম প্ৰকাশ ডিচেম্বৰ,২০১৩) কবি জ্ঞান পূজাৰী। জ্ঞান পূজাৰী(জন্ম ১৯৪৮)ক নজনা অথবা তেওঁৰ কবিতা নপঢ়া কবি নাই বুলিয়ে ক‘ব লাগিব। মোৰ আজিও মনত পৰে দৰং মহাবিদ্যালয়ত পঢ়ি থকা যৌৱনোদ্দীপ্ত, প্ৰাণচঞ্চল দিনবোৰত আমি কিদৰে এই কবিজনৰ…

মামণি ৰয়ছম গোস্বামীৰ সাহিত্যত জীৱনৰ দ্বন্দ্ব

 ৰত্না ভৰালী তালুকদাৰ বিংশ শতাব্দীৰ বিশ্বৰ এক বিস্ময় পুৰুষ, চিত্ৰকলাত ‘কিউবিজম্’ৰ আৱিষ্কাৰ কৰা বিশ্ববিশ্ৰুত চিত্ৰশিল্পী আৰু ভাস্কৰ পাবলো পিকাছোৱে কলা সম্পৰ্কে এষাৰ কথা কৈছিল, “Art is a lie that makes us realize the truth”, অৰ্থাৎ ‘কলা  হৈছে সেই প্ৰলোভন বা প্ৰৰোচনা, যি…