Category অন্যযুগ, আগষ্ট, ২০২১

ভ্ৰম-অন্তৰীক্ষ

 গীত বৈভৱী (১) শেঁ‌তা ঢেলা ৰুক্ষ ৰুগ্ন মলিয়ন এই ভ্ৰমৰ চহৰ  বিৰাগ ভ্ৰমণ প্ৰাণৰ গহণত   ভাৰ্জিনিয়াই কয় এটা ভ্ৰমৰ পৰা আন এটা ভ্ৰমলৈ মৰা জাঁ‌পটোতে পৰিপক্কতা   এতিয়া ৰাতিটো গলে আৰু নৈঃশব্দ্ত সেই এটা মাত কত যুগৰ আগতে শুনা  …

শিশুৰ ক’ৰ’না আৰু সুৰক্ষা

 ডাঃ নৰেন কুটুম     ইতিহাসে আমাক বাৰম্বাৰ শিক্ষা দি আহিছে যে আদিম অৱস্থাৰ পৰাই মানৱ জাতিয়ে বিভিন্ন ৰোগৰ বিৰুদ্ধে অবিৰতভাৱে সংগ্ৰাম কৰি আহিছে আৰু এই সংগ্ৰাম আজিৰ উন্নত চিকিৎসা বিজ্ঞানৰ যুগতো অব্যাহত আছে৷ প্ৰকৃতিৰ বুকুত উৎপন্ন হোৱা ক্ষুদ্ৰ-ক্ষুদ্ৰ বীজাণুবোৰেই হ’ল…

গাঁৱত কোনে গুলী ফুটায়

মূল কবি : জাচিন্ত কেৰ্‌কেট্টা (Jasinta Kerketta), ঝাৰখণ্ড অসমীয়া অনুবাদ : পাৰ্থপ্ৰতিম ৰাজকোঁৱৰ   প্ৰতিনিশা গাওঁখন বিছনাত ঢলি পৰে কিন্তু এই টোপনিত কোনো  সপোন নাথাকে৷  কাৰণ সকলো সপোনকে বন্দী কৰি যোৱাৰাতি ফাটেকত দিয়া হ‘ল৷  আৰু সপোন গজাৰ সম্ভাৱনা থকা ঠাইবোৰত…

পৰোপকাৰী টিটি

 নৱনীতা ভট্টাচাৰ্য্য টিটিৰ তুলনা তাৰ প্ৰজাতিৰ আন কাৰোৰে লগত নহয়। সঁচাকৈয়ে সি বিশেষ। তাৰ কথা কৈ কৈ শেষ কৰিব নোৱাৰি। তোমালোকে টিটিৰ প্ৰধান চখ কি জানাই। ভ্ৰমণ ভ্ৰমণ আৰু ভ্ৰমণ। ইয়াতকৈ ডাঙৰ কথাটো হ’ল সি অতি সহজতে আনক আপোন কৰি…

অমৃতাৰ সৈতে এটা সবাক সন্ধিয়া

 শৰ্মিষ্ঠা প্ৰীতম   নামিবলৈ ধৰা বেলিৰ ৰঙে কিয় দুখাকুল কৰে হৃদয় ক’ৰপৰা উঠি আহে উদভ্ৰান্ত আন্ধাৰৰ কঠিন হাত ধোঁৱাই ধোঁৱাই উৰি ফুৰা প্ৰচ্ছায়াত কিয় বাৰে বাৰে উঁৱলি যায় সুখৰ সমুজ্জ্বল পৰিচ্ছদ   আকৌ সেই একেবোৰেই প্ৰশ্ন! তীক্ষ্ণধাৰ, অবিচ্ছিন্ন… … কোন…

কুনকুনিৰ বিজয় অভিযান

 বিদ্যুৎ বিকাশ শৰ্মা “আস, বিষাইছে। বিষত আজি মৰিয়েই যাম কিজানি।” “নাই মোৰ মাজনী, অলপ ধৈৰ্য ধৰাঁ। ভাল পাই যাবা। অলপ সহ্য কৰিবই লাগিব।” “ইমান বিষাইছে, কেনেকৈ সহ্য কৰোঁ মা?” “কিন্তু সহ্য কৰাৰ বাহিৰে এই সময়ত আৰু বেলেগ উপায় যে নাই…

“কবিৰ নিৰাসক্তি আৰু নৈৰ্ব্যক্তিকতা : এক প্ৰস্তাৱনা” শিৰোনামৰ লেখাটো পঢ়ি সমৃদ্ধ হৈছোঁ

বাব্‌লু প্ৰসাদ বৰুৱা ভালেকেইটা মননশীল লেখাই জুলাই মাহৰ ‘অন্যযুগ’ৰ সুৱগা চৰাইছে। এই সংখ্যাতে প্ৰকাশ পোৱা ডক্টৰ মৃদুল শৰ্মাৰ “কবিৰ নিৰাসক্তি আৰু নৈৰ্ব্যক্তিকতা : এক প্ৰস্তাৱনা” শিৰোনামাৰ লেখাটো পঢ়ি সমৃদ্ধ হৈছোঁ। প্ৰাঞ্জল অথচ ভাবগম্ভীৰ বিশ্লেষণেৰে এটি গহীন বিষয় অসমীয়া পাঠকৰ মাজত তুলি ধৰাৰ…

মৃগমায়া

 অংগনা ভট্টাচাৰ্য্য   চকলা-চকলকৈ কাটি থোৱা জলফাইখিনি আগফালৰ চোতালৰ চৌফলীয়া ঠাইখিনিত ৰ’দাবলৈ দি বেঁকাকৈ কাষৰ ভাৰাতীয়া কোঠাকেইটালৈ চালে ৰ’দালিয়ে৷  “শুই উঠাই নাই নেকি বাৰু?” নিজকে প্ৰশ্ন কৰে ৰ’দালিয়ে৷ আৰু এবাৰ নিৰ্দিষ্ট কোঠাটোলৈ চাই ঘৰলৈ সোমাই আহে তাই৷ বাহিৰৰ ৰ’দৰ আভা…

“বাঘৰাণী খইৰী” পঢ়ি আন্দোলিত হৈছোঁ

  ৰুদ্ৰসিংহ মটক ছাত্রাৱস্থাতে জিম কৰবেটৰ Man-Eaters of Kumaon পঢ়িছিলোঁ। প্ৰাণ টানি ধৰা কি সজীৱ জীৱন্ত বৰ্ণনা! কাহিনীটো পঢ়ি বাৰে বাৰে শিহৰিত আৰু অভিভূত হৈছিলোঁ। শব্দৰ চিঁচা ভাঙি উঠি অহা সেই সহজ অথচ উচ্চল আবেগ–উৎকণ্ঠা, ভয়-স্মৃতিৰ প্ৰতিটো পুলক– শিহৰণ মোৰ ৰঙা…

সম্পাদকীয়

সাম্প্ৰতিক মহামাৰীত আমি কি কি হেৰুৱাইছোঁ   এদিন দুদিনকৈ প্ৰায় দেৰ বছৰ পাৰ হ’ল কিন্তু ক’ৰ’নাভাইৰাছজনিত মহামাৰীৰ আতঙ্ক আজিকোপতি মাৰ নগ’ল৷ আইছ’লেশ্যন, ছ’চিয়েল ডিষ্টেঞ্চিং, হেণ্ড ছেনিটাইজাৰ, মাস্ক্, লক্‌ডাউন্‌, আনলক্‌ আদিকৈ নানান শব্দৰ বহুল ব্যৱহাৰে জগতখনকে যেন এইখিনি সময়ত সলনি কৰি…