Category অন্যযুগ, নৱেম্বৰ, ২০২১

আইৰিশ্ব নাট্য আন্দোলন : এক চমু আলোকপাত

 মৌচুম বৰুৱা   ঊণবিংশ শতিকাৰ প্ৰায় শেষ দশকলৈকে আয়াৰলেণ্ডত নাট্য সাহিত্যৰ সৃষ্টি হৈছিল যদিও ই চুবুৰীয়া ৰাষ্ট্ৰ ইংলেণ্ডৰ নাট্য সাহিত্যৰ পৰম্পৰাগত পৰিসৰ ভাঙি স্বকীয় মহিমাৰে মহিমামণ্ডিত হ’ব পৰা নাছিল। কিন্তু প্ৰখ্যাত আইৰিশ্ব কবি ডব্লিউ. বি. য়েটছে ১৮৯১ চনত লণ্ডনত প্ৰতিষ্ঠা কৰা…

টিটিৰ দিনলিপি

 নৱনীতা ভট্টাচাৰ্য্য টিটিৰ নিচিনা আচৰিত প্ৰাণী এই পৃথিৱীত আন দুটা আছে বুলি মোৰ মনে নধৰে৷ মোৰ হাতত এনে বহুতো প্রমাণ আছে বাবেই ন দি কৈছোঁ৷ ভগৱানে জানো কি ভাবি তাক স্ৰজিছিল, গোটেইখন খেলিমেলি৷ মন ভাল লাগিলেই গান গাই গাই অলৌ-তলৌকৈ…

বাঘিনীৰ সত্য জীৱন কাহিনী

  ‘বাঘৰাণী খইৰী’ মূল : অখিল মোহন পট্টনায়ক অনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰম প্রায় ১৫০ মিটাৰ দূৰৰ পৰা ‘উহুঁ-উহুঁ’ কৰি দেও দি দি আগবাঢ়ি আহিল খইৰী। কিন্তু আমাৰ লগত ঘৰলৈ ঘূৰি যোৱাত তাইৰ অসন্তোষ অত্যন্ত স্পষ্ট। বৰং আমাকহে তাইৰ লগত আৰু…

গান্ধী ফাগ্লা : এখিনি তেজে ধোৱা সময় আৰু সমাজৰ খতিয়ান

 গীতিকা শইকীয়া   সাহিত্য সময়ৰ প্ৰতিবিম্ব। গল্প-উপন্যাস, কবিতা তথা প্ৰৱন্ধ আদি সকলোতে কাহিনী তথা বিভিন্ন বিষয়ৰ উল্লেখেৰে এখিনি সময়ক তুলি ধৰা হয়। পঠনৰ সময়ত সাহিত্যৰ এই কাহিনী তথা বিষয়বস্তুৱে বিভিন্ন পঢ়ুৱৈক বিভিন্ন ধৰণে ৰেখাপাত কৰি যায়। প্ৰায়েই এনে হয় যে কিছুমান…

কবিতা : আওপুৰণি প্ৰেমৰ পদ্য

চন্দন গোস্বামী   (গীতালি বৰাৰ “গ’ডো আৰু গন্তব্যৰ গল্প”ৰ আধাৰত) গল্প এটাত কবিতাৰ ‘জিন’ বিচাৰি ফুৰোঁতে মেকুৰীজনীৰ নাকত পোৰা মাছৰ কেচেমাকেচেম গোন্ধে ভিৰ কৰেহি ইমান পুৰণি যে গোত্ৰ বিচাৰিও উৱাদিহ হেৰায় ইমান নতুন যে বতাহৰ কাণকো বিশ্বাস কৰিব নোৱাৰি   মুঠতে…

ফুটপাথৰ ঈশ্বৰ

অৰ্চনা পূজাৰী বিষাণু অহাৰ বহু আগৰ কথা বন্ধ নাছিলেই৷ দেওবাৰে ভিৰ বাঢ়েহে ফুটপাথৰ ঈশ্বৰৰ দুৱাৰ চৌবিছ ঘণ্টাই খোলা থাকে সকলোৰে বাবে শ্যেলীয়ে দেওবৰীয়া ফুটপাথত কবিতাৰ সভা পাতে কবিতাৰ সভাত সমাগম বেছি ঈশ্বৰে একাষৰীয়াকৈ বহি ৰেহৰূপ চাই থাকে এজাক ডেকা-ডেকেৰীয়ে আৱেগত…

জীয়াসুঁতি

(শ্ৰদ্ধাৰে কবি ৰফিকুল হোছেইনৰ হাতত) চন্দ্ৰ কুমাৰ বড়া   পোতাশালত পিতাকে খেপিয়ায় আন্ধাৰ ভোকত কাতৰ কণ্ঠত নিফুট মাত পিয়াহত আতুৰ   ভোকাতুৰ বৃদ্ধজনে পান কৰিছে এটি শীতল স্তনৰ দুগ্ধ   তাইৰ দুচকুৱে সাঁতুৰিছে আন্ধাৰত ভাহি আহিছে ঢৌ তোলা উচুপনিৰ ধ্বনি…

আমাৰ চহৰত বাপু

নীলিমা ঠাকুৰীয়া হক   কাউৰীৰ পাখি গুজি মেঘবোৰ ঢপলিয়াই আহিছে খোজ কাঢ়ি কাঢ়ি ভাগৰুৱা বাপু ক্ষন্তেক ৰৈছে টিলাটোৰ শিখৰত। মেঘবোৰ বৰষুণ হৈছে   জিৰজিৰ জিৰজিৰ হিৰহিৰ হিৰহিৰ বিজুলীৰ পোহৰ আৰু ঢেৰেকনিৰ গানেৰে গা ধুলে বাপুৱে আৰু চশমাৰে জুপি জুপি চালে…

জলকীয়া

 নীলাভ সৌৰভ   এটা জলকীয়াই ৰাতি আহি সংগোপনে মোক মাত লগাইছিল জলকীয়াৰ কাহিনী শুনাইছিল   ৰ’দত ঘামি শুকাই বজাৰত মোৰ ফালে চাইছিল মোৰ কামিহাড় ভাগিছিল   বুকুৰ চৌকাত বিষ মোৰ  জ্বলা-পোৰাৰ ঔষধ নাই বজাৰত জলকীয়াকে কিনিছিলোঁ   আন কোনো সামগ্ৰী…

ইতিহাস চৰ্চা আৰু লাচিত বৰফুকন : বিশ্লেষণ আৰু প্ৰাসংগিকতা

পঙ্কজ প্ৰতিম বৰদলৈ            ইতিহাস অধ্যয়ন, চৰ্চা আৰু ইতিহাসৰ তথ্যসমূহৰ গ্ৰহণযোগ্যতাক লৈ এক প্ৰাচীন বিতৰ্ক আজিও চলি আছে৷ ইতিহাস চৰ্চাৰ জৰিয়তে এক গ্ৰহণযোগ্য আৰু সৰ্বাত্মক সত্যত উপনীত হ’ব পাৰিনে নাই সেই বিষয়ে নিৰন্তৰ চৰ্চা আৰু বিতৰ্কৰ অৱকাশ আছে৷…