Category অন্যযুগ, নৱেম্বৰ, ২০২২

মহাজাগতিক শূন্যতা

অৰ্চনা ঠাকুৰীয়া ঘৰগোনা কথাবোৰ অঘৰী হোৱাৰ বেদনাত খোজবোৰ থৰক-বৰক সম্পৰ্কৰ ভাৰখন গধুৰ তাতোকৈ গধুৰ মন   এইবাৰ আহিলে তুলাচনী লৈ আহিবা জুখি চাম বিৱে‍কৰ ওজন   টোৰটোৰাই থকা প্ৰতিটো ৰাতিয়েই নিজম প্ৰতিটো ৰাতিয়েই যি কয় সেয়া উশাহঘন নহয়   সুখৰ…

প্ৰসংগত ৰবিৰ নতুন বৌঠান

মিণ্টুল হাজৰিকা   শুকাই কাঠ হোৱা ডিঙি বনৰীয়া লতাৰ দৰে একোছা চুলি বুকুত সাবটি বুৰ মৰা বেলি   নতুন বৌঠান হালধীয়া কেন্‌ভাছ   ওলমি থাকে গজালৰ সাংসাৰিক ড্ৰয়িংৰুমত   শ্বেত মুখবলয়ত হৰিণনিশাৰ বিষাদ চকুজুৰিত বৰলীয়াই বান্ধ ছি‍ঙি বুৰাই মৰা বাৰিষাৰ…

নুনি পকিছে সৰু

নিবিড় অনুৰাগ মানস (ভাইটিৰ হাতত) অতদিনে ঘৰলৈ কিমান বসন্ত আহিছে গৈছে ঠিক নাই। বসন্তৰ জানো হিচাপ ৰাখে কোনোবাই!   শিমলু ফুলাৰ শেষত কিমানে জানো তুলাৰ সাধু!   সাধু মানে কিংবদন্তি   মাটিৰ ডলি-চপৰা গচকি নোপোৱালৈকে ভাবিব পাৰি খেতি কৰাটো একেবাৰে…

অসম আন্দোলন, ইয়াৰ গতি-প্ৰকৃতি, অসমৰ সমাজ জীৱনত ইয়াৰ প্ৰভাৱ আৰু তৎকালীন ছাত্ৰ সংগঠনৰ ভূমিকা

সঞ্জীৱ সভাপণ্ডিত অসম আন্দোলন মানে ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ অবৈধ বিদেশী নাগৰিকৰ বহিষ্কৰণৰ বাবে সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ যৌথ নেতৃত্বত অসমত হোৱা জনজাগৰণ তথা আন্দোলনক বুজোৱা হয়৷ সদৌ অসম গণ সংগ্ৰাম পৰিষদত সদৌ অসম…

কবিতাত স্বৰৰ ভিন্নতা আৰু আত্মাৰ সাৰ্বজনীনতা— ‘শ্ৰীমন্তমনপৰুৱা’ আৰু ‘বতাহত তৰাৰ আখৈ ফুটিছে’

 ধীমান বৰ্মন   পৃথিৱীত নতুনকৈ ক’বলৈ জানো কিবা আছে? সাম্প্ৰতিক জগতখনক সম্মুখত লৈ কবিয়ে যেতিয়া কাব্যৰ সন্ধান কৰে কবিৰ সমুখত দোলা দিয়া আটাইতকৈ জটিল প্ৰশ্নটোৱেই হ’ল উক্ত প্ৰশ্নটো৷ সহজ উত্তৰ এটি থাকে, নতুন বটলত পুৰণি মদ ভৰোৱাৰ দৰে নতুন উপস্থাপনশৈলীৰ…

পৰিৱৰ্তনৰ স্বৰূপ : সংঘাত আৰু সংশয়

    এই বিশাল জগত প্ৰপঞ্চ পৰিৱৰ্তনশীল৷ এতেকে সকলো জাগতিক জীৱনো পৰিৱৰ্তনশীল৷ গতিশীলতাৰ কাৰণেই জগতখন জগত– গচ্চতি ইতি জগতঃ৷      সকলো জাগতিক অস্তিত্বৰে সম্মুখত অনেক সমস্যা অনবৰতে ক্ৰিয়াশীল হৈ থাকে৷ প্ৰকৃততে জীৱই নিজৰ সমস্যাবোৰৰ সমাধান কৰি গৈ থকাৰ মানেই বোধকৰোঁ জীয়াই…

মন্দাকিনী

কৰিশ্মা জে. কে. বৈষ্ণৱী কুঁৱলীৰ আচ্ছাদনত বুৰ যোৱা একা-বেঁকা বাটেৰে গন্তব্যস্থানৰ বহু কাষ পালোঁহি। এই যাত্ৰাৰ শেষলৈ আৰু মাথোঁ কিছু মাইল বাকী। এই যে আমি য’ত শেষ বুলি ভাবোঁ, তাত আচলতে আৰম্ভহে হয়- এনে এক ধাৰণা আছিল মোৰ। শৰতৰ প্ৰাকক্ষণ।…

সীমাৰ খুঁটি

কেশৱ চাউ ফাঁচিকাঠত ওলমাই দিয়া শিৰকেইটাৰো জানো জীৱনৰ প্ৰতি লোভ নাছিল? পদূলিৰ পৰা বাট বুলি আইৰ মুখখনি শুৱনি কৰাৰ মন কাৰনো নেথাকে মানুহ হৈ জন্মিলে জী থকাৰ উদ্দেশ্য নিজেই চিনিব লাগে এনেকি পেট পেলাই পাৰ কৰি দিব পাৰি দিন আৰু…

ড° ৰুবুল মাউতৰ সৈতে অন্যযুগৰ এটি সাক্ষাৎকাৰ

 সাক্ষাৎকাৰ যুগুত : দেৱজিৎ ভৰালী  ড° ৰুবুল মাউত, সুকীয়াকৈ তেখেতক পৰিচয় কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই৷ ড° ৰুবুল মাউত অসমৰ এগৰাকী কেৱল সুসন্তানেই নহয়, নৱপ্ৰজন্মৰ বাবে এক প্ৰেৰণাৰ নাম৷ দৰিদ্ৰতা আৰু অনেক প্ৰতিকূলতাক নেওচি জীৱনৰ ঈপ্সিত লক্ষ্যত উপনীত হ’বলৈ সক্ষম…

জোনালী

 অত্ৰেয়ী গোস্বামী   মাইকী মানুহৰ গাৰ বৰ ধুনীয়া ৰং এটা বুজাবলৈ সাধাৰণতে দুটা উপমা ব্যৱহাৰ কৰা হয়৷ মাগুৰ বৰণীয়া আৰু গাখীৰত সেন্দূৰ মিহলোৱা৷ পিছৰ বিধে পাতলকৈ গুলপীয়া ৰঙৰ আভাস এটা দিয়ে৷ তাইৰ ছালখন সেইটো ৰঙৰ৷ কাম কৰোতে গালদুখন টিক্‌টিক্‌কৈ ৰঙা…