Category অন্যযুগ, এপ্ৰিল ২০২৫

নৈ নিৰিবিলি

উদয় কুমাৰ বৰুৱা   মোৰ দৰে আপোনাৰ হৃদয়তো থাকেনে বৈ এখন নিৰিবিলি নৈ তাৰ পাৰত বহি কৰেনে কেতিয়াবা অতীত বুৰঞ্জী ৰোমন্থন নতুবা হয়নে কথোপকথন ফুলি থকা এজাৰজোপাৰ হেজাৰ বেদনাৰে আৰু থৰ হৈ চাই থকা ৰঙা জিঁয়াটোৰ কঁপা কঁপা মৌনতাৰে  …

স্যাৰাইননা

 জয়ন্ত দত্ত   (১) স্যাৰাইননা বিছ কি একৈছ বছৰীয়া দেউতাক অভিযন্তা মাক শিক্ষয়ত্ৰী কলেজৰ   জগত দত্ত নামহে জগত পিছে নিজৰ বুলিবলৈ ভেটিটোৰ বাহিৰে ফুটাকড়ি এটাও নাই ছোৱালী এজনী ; তিনি বছৰীয়া থুনুক-থানাক কৈ দেও দি ফুৰা ছোৱালীজনীয়ে নিজেই দি…

তোমাৰ মুগা বৰণীয়া শিলবোৰে

জোনমণি দাস   (যুগজ্যোতি দাসলৈ) মুগা বৰণীয়া শিলবোৰে এই কথা জানে অথচ আমিহে নাজানো এই অনন্ত যাত্ৰাৰো এদিন অন্ত পৰিব৷   চোৱাঁ কবি, যুগজ্যোতি দোৰোণ ফুলবোৰে আমাক চাই আছে ফুলবোৰৰ চকুত সেয়া কিহৰ ৰাগি!   ওংকাৰ ধ্বনিক বাদ দিয়ো শুনিছোঁ…

মোক্ষপদ

মিণ্টুল হাজৰিকা   যি পৌৰাণিক ! বিশ্বাস আৰু আস্থাৰ মুখ বাগৰি উশাহে উশাহে লালিত সেই দিন আৰু ৰাতিৰ মহাসংগম য’ত অসুৰৰ ধনঞ্জয় বায়ুৰ ওৰ হৈছিল উৰি তেনে এক দোঘোৰাতে বধি থৈ আহিছোঁ পৰম্পৰাৰ নামত তেজ পি নোদোকা হোৱা জোক৷  …

বেৰঙী সপোন

মন্দিৰা গগৈ   সকলো দেখিছোঁ ফুলবোৰ, আকাশৰ ৰংবোৰ গান শুনিছোঁ কুঁহিপাতবোৰৰ আনকি চিঞৰি কন্দা দেখিছোঁ দুখী মানুহবোৰক উৎফুল্লিত হৈ জঁপিয়াই থকা দেখিছোঁ বহু প্ৰতিধ্বনি  অথচ দেখা নাই  মোক শুনা নাই আত্মাৰ কম্পন   স্পৰ্শ পোৱা নাই উশাহ এপাহিৰ   ক’ত…

মলেঁয়া

 দাদুল দেৱকৃষ্ণ বৰুৱা (২৭) ঘৰখন যেতিয়া ভৰি আছিল তেতিয়া এবাৰলৈও ভবা নাছিল একাকিত্ব মানে কি! বুজা নাছিল কেনে হ‘ব পাৰে একাকিত্ব। একাকিত্বই কিদৰে মানুহক পীড়া দিয়ে সেয়া ষ্টেপানৰ বাবে আছিল ভাবনাৰ বাহিৰত। ভৰা ঘৰখনত হাঁহি-ধেমালিৰ মাজত সময় কটোৱাৰ সময়ত ভাবিছিল…

বনলতা অথবা চম্মক চল্লো

 অংগনা ভট্টাচাৰ্য্য   সৌৱা! তাইৰ সমুখত এজাক ৰাংকুকুৰ৷ সিহঁতে জিভা মেলি, নখ জোকাৰি তাইৰ ফালে আগুৱাই আহিছে৷ আটায়ে একেলগ হৈ তাইক জপটিয়াই ধৰিছে৷ গছকিছে৷ ক্ষুৰধাৰ নখেৰে আঁচুৰিছে৷ তথাপি দেখোন তাইৰ গাৰ পৰা ওলোৱা নাই এটোপালো তেজ! সিহঁতে তাইক গছকি থাকিল৷…

ত্ৰিশংকু

 আকাশ দীপ্ত ঠাকুৰ          “হাতত আচলতে খুচুৰা টকা সমূলি নাই বুজিছা৷ জি-পে কৰিব পাৰিম নেকি?”–কওঁ-নকওঁকৈ কথাষাৰ কৈ মই পকেটৰপৰা মোবাইলটো উলিয়াব খুজিলোঁ৷ ভিতৰি ভিতৰি কিবা এটা যেন…মই বৰ অসহজ অনুভৱ কৰিছোঁ৷ নিজৰ আসনত মই বহি আছোঁ আৰু মোৰ সন্মুখত,…

পাচলি বেপাৰীৰ টেকেলি

পদ্মজা বৰুৱা মহন   ‘সোণটো৷ সোণটো’ মাকৰ মাতত টোপনিৰ পৰা সাৰ পালে ফ্ৰাচেঙে৷ পৰীক্ষা শেষ হৈছে বুলি আজি দেৰিলৈকে শুব বুলি ভাবিছিল সি৷ মাকে তুলিয়ে দিলে৷ এঙামুৰি এটা দি সি সুধিলে- ‘কি হ’ল মা !’ ‘দেউতাক আজিও কামলৈ মাতিছে৷ নগ’লে নহ’বই…

পানীহিলৈ panihiloi-april-2025

 গোৱিন কুমাৰ খাউণ্ড ৰাজপথত ভৰিৰ আঙুলি বিচাৰি খোজহীন মানুহৰ অলেখ শব্দ৷ সেই শব্দই আজি আৰু কাকো আমনি নকৰে৷ মচোৱা সাপৰ দৰে পৰি থকা পকী পথৰ ওপৰেদি অৱসাদগ্ৰস্ত মানুহবোৰ অহা-যোৱা কৰি আছে৷ দুই-এজন মানুহ গাড়ী-মটৰে খুন্দিয়াই থৈ যোৱা ভয় বুকুত লৈয়ে…