Category অন্যযুগ, মাৰ্চ ২০২৬

টোপনি

 ইন্দ্ৰনীল গায়ন ১ এনে সময়বোৰত কোন হয় আপোন এনে সময়বোৰত কোন হয় পৰ   আপোন পৰৰ খেলখন যে বহুদিনীয়া কেৱল বুজোতে পাৰ হয় শতায়ু সময়   এটা দিন এটা ৰাতিৰ হিচাপতেই ভাটি যায় পৃথিৱীৰ আয়ুস   কথাবোৰ সমুখত ক’ব পৰাকৈ…

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-২০

 (পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী জুবিনৰ সেই দৰদী কণ্ঠ কাণত বাজে— জেতুকা পাতৰ দৰে/ মোক বুলাই দিয়ানে……দিয়ানে! ২০১১ চনত মুক্তি পালে যদুমণি দত্তৰ চিনেমা ‘জেতুকা পাতৰ দৰে’৷ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ সমাদৃত হোৱাৰ লগতে বহু সাধাৰণ দৰ্শকেও…

নাটকৰ ভ্ৰাম্যমাণ অভিজাত যাযাবৰী কবিজন…

 ডo দিগন্ত দত্ত আমাৰ ক্ষুদ্ৰ পৃথিৱীখনত লগ পোৱা নাটকৰ ভ্ৰাম্যমাণ অভিজাত যাযাবৰী কবিজন নোহোৱা হৈ গ’ল৷ ৰাইজৰ ৰফিকুল হোছেইন….আমাৰ ৰফিকদা৷ নাটক, কবিতা, আড্ডা, পথাৰ, নৈ, পানী, নিশাৰ আকাশ, ছবি, ৰাজনীতি, সমাজনীতি…. এই বিশাল সাগৰখনৰ মাজত ৰফিকদা নামৰ বহুমাত্ৰিক বিশাল আয়তনৰ…

নেমু ফুলৰ গোন্ধ

 অৰুণ গগৈ                   পিতাইৰ পুৰণি পিৰালিত বহি থাকোঁতে নেমু ফুলৰ গোন্ধ এটা নাকলৈ উজাই আহিল   সাউতকৈ পুৰণি পেৰা এটা  মনৰ মাজত খোলখাই গ’ল   শুকুৰ আৰু দেওবৰীয়া হাটলৈ ভঙা চাইকেলখন লৈ পিতাই ওলাই যায় বাৰীৰ পাচলি চেনিচম্পা কল…

অমৰাৱতী

অসীম তালুকদাৰ মানুহজনে লাহে লাহে খোজ কাঢ়িছে। পিন্ধনত তেওঁৰ শুদ্ধ বগা কাপোৰ এসাজ। অবিন্যস্ত একোচা চুলি আৰু খালী ভৰিৰে মানুহজনক বহুত ভাগৰুৱা দেখিছে।  ঠাইখন তেওঁৰ একেবাৰে অচিনাকি।  সমগ্ৰ পৃথিৱী ভ্ৰমণ কৰিছে, কিন্তু এনে ধৰণৰ ঠাই এখন পূৰ্বতে দেখা মনত নাই।…

ইউক্ৰেইনৰ এজন মৃত নাগৰিক যোদ্ধাৰ পকেটত উদ্ধাৰ হোৱা এটা টোকা

  উৎপল বৰকটকী   জ্বলি থকা প্ৰতিকুৰা জুইৰ শেষ  ছাই নহয় জ্বলি জ্বলি শেষ নহয় সকলো জুই সকলো জুইৰ অন্ত নাথাকে   পোহৰৰ বাবেও জুই লাগে  সুখত জ্বলে জুই শোকত জ্বলে জুই   এটা মিছাইল আহি টোপনিত লালকাল হৈ থকা মোৰ ল’ছালিহালক ৰাতিপুৱাৰ সূৰ্যটো চাবলৈ সুযোগ নিদিলে   মিছাইলৰ জুই ফিৰিঙতি আহি মোৰ বুকুৰ জুইকুৰা জ্বলাই দিলে   তেতিয়াৰে পৰা মোৰ বুকুত জুই জ্বলি আছে একুৰা অন্ত হ’ব নোখোজা জুই ছাই হ’ব নোখোজা জুই    *** ঠিকনা :  গাঁও– ৰঙামুৰী, ডাক: পাভৈ– ৭৮৪১৭৪  জিলা: বিশ্বনাথ (অসম) ফোন: 81330-10063 ইমেইল: borkatakiutpal@gmail.com

পাৰ্ৱতী তিৰ্কীৰ কবিতা

  অনুবাদ : মৃদুল মৰাণ   (কবি পৰিচয়ঃ ঝাৰখণ্ডৰ আদিবাসী কবি পাৰ্ৱতী তিৰ্কী (জন্মঃ ১৯৯৪)ৰ প্ৰথম কাব্য সংকলন ‘ফিৰ উগনা’ (২০২৩, হিন্দী)। ইয়াৰ বাবেই তেওঁ ২০২৫ চনত সাহিত্য অকাদেমি যুৱ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। এওঁৰ কবিতাই ছোট নাগপুৰ মালভূমি অঞ্চলৰ…

ৰ’দে-বৰষুণে ইমান যে গান

   লোকনাথ গোস্বামী মন দাপোণত-১৭ (১) জীৱনৰ এক নতুন অধ্যায়  প্ৰথম বাৰৰ কাৰণে ৰাজ্যখনৰে এখন বৃহৎ ঔদ্যোগিক নগৰ নামৰূপত পদাৰ্পণ কৰি জীৱনৰ অন্য এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ পাতনি মেলিলোঁ৷ পোনপ্ৰথম দেখিবলৈ পালো ৰাজ্যখনৰ এক বৃহৎ বিদ্যুৎ উৎপাদন কেন্দ্ৰ হিচাপে পৰিচিত ‘নামৰূপ তাপবিদ্যুৎ…