Category অন্যযুগ, নৱেম্বৰ ২০২৫

সূৰ্যকণ্ঠ জুবিন গাৰ্গ : ব্যক্তিত্ব, প্ৰতিভা আৰু অসমীয়া সমাজ জীৱনত তেওঁৰ প্ৰাসংগিকতা

 উৎপল বৰকটকী  জুবিন গাৰ্গ যোৱা শতিকাৰ শেষ দশক আৰু পৰৱৰ্তী অসমীয়া সমাজ জীৱনৰ এক এৰাব নোৱৰা নাম৷ ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ হোৱা অসম আন্দোলনৰ পৰিপেক্ষিত্বত এই সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ত হোৱা হিংসা আৰু সামৰিক ক্ৰুৰতাত জৰ্জৰ অসমীয়া জাতিটোক…

অজগৰ আৰু যুধিষ্ঠিৰ

 নৱনীতা ভট্টাচাৰ্য্য (৬)   সেইদিনাখনো বনীয়ে আহি ভীমৰ সাধু শুনিবলৈ মাকৰ ওচৰলৈ আহিল৷ মাকেও প্ৰতিশ্ৰুতি অনুসৰি ভীমৰ আন এটা সাধু ক’বলৈ আৰম্ভ কৰিলে-  তেতিয়া পাণ্ডৱসকল বিশাখযূপ নামৰ ঠাইখনত আছিল৷ তেওঁলোকে তেতিয়া মৃগয়া কৰি জীৱিকা নিৰ্বাহ কৰি আছিল৷ এই ঠাইখন হ’ল…

“কম্পন কাতৰ” মায়াৰ আকাশ

(জুবিন গাৰ্গক  সুঁৱৰি)   উদয় কুমাৰ বৰুৱা   চৰ্চিত কোনো নেৰেটিভে সামৰিব পৰা নাছিল সাগৰৰ দৰে বিশাল সেই প্ৰতিভাক   দেখা-অদেখাতে সংবেদনৰ তীব্ৰতাই সন্তৰ্পণে লৈ গৈছিল এটা নুশুনা সুৰৰ গৰ্ভমূললৈ   প্ৰচণ্ড আকস্মিকতাত হিম হ’ব খুজিছিল উদ্বেলিত অনুভৱৰ স্বৰবোৰো  …

চোৰ

 মূল: ৰাস্কিন বণ্ড অনুবাদ: পংকজ কুমাৰ নেওগ   ৰ’মিক প্ৰথমবাৰৰ বাবে লগ পাওঁতে মই এটা চোৰ আছিলোঁ। যদিও সেই সময়ত মই আছিলোঁ মাত্ৰ ১৫ বছৰীয়া, চুৰিবিদ্যাত মই আছিলো পাকৈত আৰু সিদ্ধহস্ত। মই ৰ’মিৰ ওচৰ চাপোঁতে তেওঁ কুস্তিখেল এখন মনোযোগেৰে চাই…

‘আটক চাউল’ৰ আঁত ধৰি :

 অমৃত গোস্বামী   মাহঁতৰ মুখত শুনা এটা অদ্ভুত নাম মোৰ আজিও মনত আছে— ‘আটক চাউল’৷ সেই চাউলবিধ  হেনো বৰ মিহি আছিল, আৰু চাউলবিধৰ ভাতো হেনো বৰ ভাল হৈছিল৷ দ্বিতীয় মহাসমৰৰ দিনৰ চাউলৰ নাটনিৰ সময়ত আমাৰ মানুহবোৰে সেই চাউলবিধ ঘৰলৈ ক্ৰয়…

জখলা

 গুণ মৰাণ   দেখি আছোঁ দেখি আছোঁ   জখলা তুমি দয়ালু   নিজৰ কান্ধ পাতি আনক তুলি আছা ওপৰলৈ    নামাতোঁ  নামাতোঁ  সাক্ষী হৈ চাই আছোঁ নিলগত ৰৈ   চুকতে খাই  বুকুতে ভৰি থৈ তেৰাসৱ যাবগৈ যিদিনা উঁয়ে খাই তোমাকো…

পানীৰ দৰে

 (প্ৰিয় শিল্পী জুবিন দা-লৈ )   নয়ন মণি মিশ্ৰ “𝘽𝙚 𝙡𝙞𝙠𝙚 𝙒𝙖𝙩𝙚𝙧……”  পানীৰ দৰে হোৱা যাৰ কোনো দম্ভ নাই,  যাৰ কোনো বিভেদ নাই আছে মাথোঁ সমন্বয় গঢ়ি তোলাৰ অদম্য হেঁপাহ… একাবেঁকা পথেৰে অহৰহ আগুৱাই যোৱাৰ এই অদম্য মানসিকতাই  তাৰ পৰিচয় ! …

সাপৰ ছাল

 কেশৱ চাও   ধুন্দুলি ফেঁটীৰ ছালডোখৰো যে লাগতিয়াল  দেউতাই ভালকৈয়ে জানে  সেয়ে বাৰীৰ চুকে-কোণে পৰি থকা দেখিলে  তুলি আনি গোহালিৰ খুঁটাটোত  ওলমাই ৰখা  জাতিলাওৰ খোলাটোত ভৰাই থয়  সাপৰ ছালছটাও যে ঔষধি  ময়ো নাজানিছিলোঁ   এবাৰ ভৰ বাৰিষাত  কজলা দমৰাটোৰ কান্ধত…

নীলিম কুমাৰৰ কবিতাৰ পৰা গজি উঠা কবিতা

 বেদান্ত নাথ   আ‌ঙ্গিক আৰু বিষয়-বস্তুৰ নতুনত্বৰে কবি উৰ্মি জুলী শইকীয়াই অসমীয়া কবিতাত নিজৰ এক পৰিচয়‌ গঢ়ি তোলা আমি দেখিবলৈ পাইছোঁ। উৰ্মি জুলীৰ কবিতাসমূহ সমসাময়িক কবিসকলতকৈ বিশেষকৈ মহিলা কবিসকলতকৈ কিছু পৃথক। কবি উৰ্মি জুলীৰ প্ৰায়বোৰ কবিতাত সামাজিক-ৰাজনৈতিক স্থিতাৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদৰ এক…