sdblogs2011

sdblogs2011

কেৰিয়াৰ হিচাপে বিউটিচিয়ান (Beautician)

ড° বুলজিৎ বুঢ়াগোহাঁই        বিউটিচিয়ান হ’ল এজন পেছাদাৰী যিয়ে প্ৰডাকশ্বন হাউচ, থিয়েটাৰ শ্ব’, টেলিভিশ্বন বা প্ৰসাধন সামগ্ৰীৰ ব্যৱহাৰৰ দ্বাৰা যিকোনো ব্যক্তিৰ চেহেৰা উন্নত কৰাৰ বাবে কাম কৰে। কিছুমানে মেক-আপ আৰ্টিষ্টে প্ৰডাকচন হাউচ, ষ্টেজ শ্ব’, নিউজ চেনেলত স্থায়ীভাৱে কাম…

পৰৱাজ

মূল : আভা আয়েংগাৰ (Abha Iyengar)ৰ  ইংৰাজী কবিতা) Parwaaz  অনুবাদ : উৎপল দত্ত মোৰ দৃষ্টিয়ে বিচাৰে অন্য এক দিগন্ত,  মুহূৰ্তবোৰ বাগৰি যায়,  বতাহত উৰি ফুৰে সপোনৰ সুগন্ধি কাগজত বৈ যায় কবিতা,   সেইবোৰ মোৰ ভবিষ্যতৰ সপোন–    জীৱন পুৰি নিয়া জুইয়ে  মোৰ…

শিল্পীবোৰ দুখীয়া হয় কিয়?

মূল :  W.J. Baumol আৰু W.G. Bowen -অৰ On The Performing Arts :  The Anatomy of their Economic Problems অনুবাদ : ৰাজীৱ মহন্ত প্ৰবন্ধ পৰিচিতি  : এটা বৃত্তৰ একেবাৰে সমান কালিৰ ত্ৰিভুজ এটা অংকন কৰিব পাৰিনে? গণিত-জিজ্ঞাসুসকলৰ বাবে ই এটা…

জ্ঞাননাথ বৰাৰ ‘আসামত বিদেশী’ত প্ৰতিফলিত অৰ্থনৈতিক চিন্তা : প্ৰকৃতি, পৰিপ্ৰেক্ষা আৰু পথ-নিৰ্দেশনা

ড° চন্দনজ্যোতি চুতীয়া ঊনবিংশ শতিকাৰ শেষৰ দশককেইটাৰ অসমৰ সমাজ-ৰাজনৈতিক প্ৰেক্ষাপট মূলতঃ ভাষিক-সাংস্কৃতিক স্বতন্ত্ৰতা ৰক্ষাৰ প্ৰবৃত্তিৰে সমৃদ্ধ আছিল৷ সমান্তৰালভাৱে সৰ্বভাৰতীয় ৰাজনৈতিক পৰিপ্ৰেক্ষাৰ লগত হোৱা সংযোগ, ভাষিক সমস্যাৰ সমাধান, ঔপনিৱেশিক শোষণ, বৰ্ধিত হাৰত বহিৰাগতৰ আগমন, অসমীয়াৰ বাণিজ্যিক আত্মপ্ৰতিষ্ঠাৰ প্ৰসংগ আদিয়ে এই সময়ছোৱাত অসমত…

সকলো একেই আছে…

ডাঃ অগস্ত্য বৰুৱা বাটবোৰ বাটেই হৈ থাকে দুবৰিখিনিহে সলনি হয় সলনি হয় আহ-যাহ কৰা মনবোৰ একেই থাকে বাটৰ তলৰ মাটি চহৰখন সলনি হয় সলনি নহয় তাৰ ইতিহাস, স্মৃতি পঢ়ি অহা স্কুলৰ কোঠা সলনি হয় সলনি হয় ছাত্ৰ নতুনকৈ মকৰল হয়…

হাতচাপৰিৰ কবিতা

দাদুল ভূঞা সময়ৰ আস্তিন কোঁচাই মেলি দিছোঁ তৰাং পথাৰ কম্বলৰ কবিতাতে পাৰ হৈ গ’ল ওৰেটো শীত হাতচাপৰিত বিচাৰি ভাল দিনৰেই খবৰ সকলোৰে ভাল হ’ব, কুশল হ’ব জনতা জনাৰ্দনৰ নেমুফুলত বসন্তৰ গোন্ধ লাগি ৰৈ  যোৱা বতাহজাক বলিবনে দুনাই বুলি প্ৰশ্ন কৰিবলৈকে…

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা (৮)     উজ্জ্বল নীলা আকাশ, সজীৱ সেউজীয়াৰে সুগন্ধিত অৰণ্য, শীতনিদ্ৰাৰ পৰা সাৰ পোৱা মনোমোহা চৌপাশেৰে বৰ্ণিল হৈ পৰা বসন্তই কিছুদিন পিছতেই মেলানি মাগিব। বহুতৰ দৰে বসন্ত ষ্টেপানৰো প্ৰিয় ঋতু। বসন্ত মানেই জাগৰণ আৰু প্ৰেৰণাৰ সময়। বসন্ত মানেই…

ছ’চিয়েল দিছটেঞ্চ্ !

ফাৰহান জাৱেদ অনেক ভিডিঅ’ ভাইৰেল হৈছে ইচ্ছা আৰু অনিচ্ছাৰে বাজ ওলাইছে নিষেধাজ্ঞাৰ মাজতো মানুহবোৰ ক’লৈ গৈছে গুণা-গঁথা কৰা মানুহ নাই দেশৰ অৰ্থনীতি মানেনো কি  সেই কথাও ভাবিব পৰা নাই ভেকচিন আছে দৰব নাই ডে’ডব’ডি আছে এণ্টিব’ডি নাই উশাহ আছে ইমিউনিটি…

বচা বকুল

 ৰমানন্দন বৰা আঠাইছ   নতুন চাপৰিত জুই লগা ৰহস্যটো তেনেকৈয়ে থাকিল৷ কোনে এই দুষ্কাৰ্য কৰিলে, সেই বিষয়ে নানা ঋষি নানা মত৷ কাৰোবাৰ মতে, বকুল চাপৰিৰ মোলোকাহঁতৰ কাম, কাৰোবাৰ মতে বছা গাঁৱৰ বিপিনহঁতৰ কাম৷ এটা একেবাৰে আচৰিত যেন লাগিলেও, একেবাৰে পেলাই দিব নোৱাৰা মত হ’ল টেপুৰ…

জীৱন অথবা মৃত্যু

জুৰী বৰা বৰগোহাঞি ৰেজিষ্টাৰখনৰ শেষৰটো ঠিকনা মাকুম পথাৰ, তিনিচুকীয়া৷ বাৰাণ্ডাত বগা প’লিথিনিৰে মেৰ খাই থকা এটা মৃতদেহ৷ ষ্ট্ৰীট লাইটৰ শেঁতা পোহৰ বাৰাণ্ডাত পৰি আছে৷ সেই পোহৰত ৰহস্যময় কাহিনী এটাত বৰ্ণিত অলৌকিক ঘটনা এটাত মৃতদেহটো ওপঙি থকাৰ দৰে লাগিছে৷  প্ৰতিভা মৰাণ…