sdblogs2011

sdblogs2011

অৰ্থনৈতিক বিকাশ আৰু বিজ্ঞান

ড° প্ৰিয়দেৱ গোস্বামী          মানুহৰ জীৱন মানেই কৰ্ম৷ কৰ্মহীন জীৱন প্ৰকৃত মানৱ জীৱন নহয়৷ কৰ্মই আমাৰ পৰিচয় নিৰ্ণয় কৰে৷ জীৱন যাপন কৰিবলৈ মানুহে বিভিন্ন কৰ্ম কৰিব লাগে৷ কিন্তু আমাৰ কামৰ প্ৰকাৰ বেলেগ বেলেগ হ’ব পাৰে৷ বয়সভেদেও কামবোৰ বেলেগ…

পৰ্যটন আৰু অসমৰ অৰ্থনীতি

 ড° শশীকান্ত শইকীয়া         সাম্প্ৰতিক বিশ্বত পৰ্যটনৰ যোগেদি পৃথিৱীৰ প্ৰায় সকলো দেশে নিজৰ অৰ্থনৈতিক শক্তি টনকিয়াল কৰাৰ প্ৰতিযোগিতাত লিপ্ত হৈছে৷ পৃথিৱীৰ উন্নত দেশসমূহে বহু বছৰৰ পূৰ্বেৰ্ই  পৰ্যটনক অৰ্থনৈতিক প্ৰগতিৰ আহিলা হিচাপে গ্ৰহণ কৰিছে৷ পৰ্যটনে আৰ্থিক প্ৰগতিৰ পথ প্ৰশস্ত কৰাৰ…

অকণিয়ে অঁকা ছবি

 ‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ  আগবঢ়াইছোঁ   অসম জাতীয় বিদ্যালয়, নুনমাটি, গুৱাহাটী,-ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ  সমৃদ্ধ ৰাগ শইকীয়াই  অঁকা ছবি পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT

চ্যালুইনৰ পৰা লুইতলৈ

ড০ চন্দ্ৰধৰ চমুৱা (যোৱা সংখ্যাৰ পিছৰ পৰা) (সোতৰ) বাটকটীয়াই আগে আগে বাটবোৰ চাই গৈছে। এবেঁও দীঘল খামুচীয়া বাঁহ এদালৰ আগত বগা ৰঙৰ এখন ধ্বজ, ধ্বজৰ মাজত গুণ কৰা আছে ঙাও-চেং-বঙ্‌ প্রতীক! ধ্বজাবাহী দলটো বাটকটীয়াবোৰৰ লগে লগে গৈ আছে। ক’ৰবাত বাট-পথ অসুচল…

আইৰিশ্ব নাট্য আন্দোলন : এক চমু আলোকপাত

 মৌচুম বৰুৱা   ঊণবিংশ শতিকাৰ প্ৰায় শেষ দশকলৈকে আয়াৰলেণ্ডত নাট্য সাহিত্যৰ সৃষ্টি হৈছিল যদিও ই চুবুৰীয়া ৰাষ্ট্ৰ ইংলেণ্ডৰ নাট্য সাহিত্যৰ পৰম্পৰাগত পৰিসৰ ভাঙি স্বকীয় মহিমাৰে মহিমামণ্ডিত হ’ব পৰা নাছিল। কিন্তু প্ৰখ্যাত আইৰিশ্ব কবি ডব্লিউ. বি. য়েটছে ১৮৯১ চনত লণ্ডনত প্ৰতিষ্ঠা কৰা…

টিটিৰ দিনলিপি

 নৱনীতা ভট্টাচাৰ্য্য টিটিৰ নিচিনা আচৰিত প্ৰাণী এই পৃথিৱীত আন দুটা আছে বুলি মোৰ মনে নধৰে৷ মোৰ হাতত এনে বহুতো প্রমাণ আছে বাবেই ন দি কৈছোঁ৷ ভগৱানে জানো কি ভাবি তাক স্ৰজিছিল, গোটেইখন খেলিমেলি৷ মন ভাল লাগিলেই গান গাই গাই অলৌ-তলৌকৈ…

বাঘিনীৰ সত্য জীৱন কাহিনী

  ‘বাঘৰাণী খইৰী’ মূল : অখিল মোহন পট্টনায়ক অনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰম প্রায় ১৫০ মিটাৰ দূৰৰ পৰা ‘উহুঁ-উহুঁ’ কৰি দেও দি দি আগবাঢ়ি আহিল খইৰী। কিন্তু আমাৰ লগত ঘৰলৈ ঘূৰি যোৱাত তাইৰ অসন্তোষ অত্যন্ত স্পষ্ট। বৰং আমাকহে তাইৰ লগত আৰু…

গান্ধী ফাগ্লা : এখিনি তেজে ধোৱা সময় আৰু সমাজৰ খতিয়ান

 গীতিকা শইকীয়া   সাহিত্য সময়ৰ প্ৰতিবিম্ব। গল্প-উপন্যাস, কবিতা তথা প্ৰৱন্ধ আদি সকলোতে কাহিনী তথা বিভিন্ন বিষয়ৰ উল্লেখেৰে এখিনি সময়ক তুলি ধৰা হয়। পঠনৰ সময়ত সাহিত্যৰ এই কাহিনী তথা বিষয়বস্তুৱে বিভিন্ন পঢ়ুৱৈক বিভিন্ন ধৰণে ৰেখাপাত কৰি যায়। প্ৰায়েই এনে হয় যে কিছুমান…

কবিতা : আওপুৰণি প্ৰেমৰ পদ্য

চন্দন গোস্বামী   (গীতালি বৰাৰ “গ’ডো আৰু গন্তব্যৰ গল্প”ৰ আধাৰত) গল্প এটাত কবিতাৰ ‘জিন’ বিচাৰি ফুৰোঁতে মেকুৰীজনীৰ নাকত পোৰা মাছৰ কেচেমাকেচেম গোন্ধে ভিৰ কৰেহি ইমান পুৰণি যে গোত্ৰ বিচাৰিও উৱাদিহ হেৰায় ইমান নতুন যে বতাহৰ কাণকো বিশ্বাস কৰিব নোৱাৰি   মুঠতে…

ফুটপাথৰ ঈশ্বৰ

অৰ্চনা পূজাৰী বিষাণু অহাৰ বহু আগৰ কথা বন্ধ নাছিলেই৷ দেওবাৰে ভিৰ বাঢ়েহে ফুটপাথৰ ঈশ্বৰৰ দুৱাৰ চৌবিছ ঘণ্টাই খোলা থাকে সকলোৰে বাবে শ্যেলীয়ে দেওবৰীয়া ফুটপাথত কবিতাৰ সভা পাতে কবিতাৰ সভাত সমাগম বেছি ঈশ্বৰে একাষৰীয়াকৈ বহি ৰেহৰূপ চাই থাকে এজাক ডেকা-ডেকেৰীয়ে আৱেগত…