ডাফ’ডিলবোৰ
মূল: Daffodils (William Wordsworth) ভাবান্তৰ : পাৰ্থপ্ৰতিম ৰাজকোঁৱৰ ডাৱৰৰ দৰে অকলশৰে মই ফুৰিছিলোঁ ভ্ৰমি সুউচ্চ পাহাৰ আৰু উপত্যকাৰ ওপৰেৰে ওপঙি, আৰু তেনেতেই হঠাৎ দেখা পাইছিলোঁ এটা ভিৰ জাকৰুৱা এজাক সোণালী ডাফ’ডিলৰ; হ্ৰদৰ দাঁতিত আৰু ছাঁ দিয়া গছৰ ছায়াত, কঁপি কঁপি নাচিছিল…