sdblogs2011

sdblogs2011

আমাক সহায় কৰা ওপৰঞ্চি শক্তি

 অভিজিত শর্মা বৰুৱা  আমি সক্রিয়ভাৱে‍ বহু কামেই কৰোঁ। খোজ কাঢ়োঁ, ভাত খাওঁ, খেলা-ধূলা কৰোঁ। এই সকলো কাম আমি সচেতনভাৱে‍ই কৰোঁ। বা আমি ইচ্ছা কৰিলে এইবোৰ কৰিব পাৰোঁ বা নকৰিবও পাৰোঁ। কিন্তু আমি আন কিছুমান কামৰ ক্ষেত্রত তেনেকৈ নিজ ইচ্ছাত কৰা-নকৰাৰ সিদ্ধান্ত ল’ব নোৱাৰোঁ। উদাহৰণ— হাঁওফাঁও বা হৃদযন্ত্রৰ কাম-কাজবোৰ। সেইবোৰ কাম…

যুদ্ধ আৰু শান্তি

ৰচনা পাঠক   মইনাৰ ভাল নাম অনুপম গন্ধীয়া, মনপুতি পঢ়ে-শুনে ৰাতিপুৱা-সন্ধিয়া৷ সিদিনা হঠাতে       বিনা কাৰণতে          মইনা লাগিল থৰ, একোকে নাখায়          পঢ়া-শুনা নাই          গাত তমোময় জ্বৰ৷ ডাক্তৰ আহিল       পেট পিটিকিল          নাড়ীৰ গতিও চালে, মাক-পিতাকক      দৰব-জাতিৰ…

খেৱালি জাল

গজেন মিলি আপুনি মোক সান্নিধ্য দি আহিছে চকু মেলাৰে পৰাসহায়ৰ হাত উজান দিছে দুখৰ ক্ষণতআপোনাৰ পৰাই শিকি দুখৰ দিনত আনলৈসহায়ৰ হাত আগবঢ়াওঁ অন্ততঃ দুজনক  যি বিপদৰ এন্ধাৰত বুৰ গৈছেতেওঁলোকেও শিকক সহায় কৰিবলৈ জীৱনটো খেৱালি জাল যি ক্ৰমান্বয়ে তললৈ বহল হৈ গৈ থাকে সহায়ৰ হাতো…

ঘাণ্টা!

বিনোদ চন্দ্ৰ বড়া ঘাণ্টা বাজলেই সাবধান, ঘাণ্টা বাজলেই বিশ্ৰামপাতাই ঘাণ্টা, ছাতাই ঘাণ্টাবাবু-ছৰ্দাৰেৰ ডাকে ঘাণ্টাঘাণ্টা মানেই চা-পানীঘাণ্টাৰ ঘেঁচাই হামি, হামদেৰ ঘেঁচাই ঘাণ্টা নানা মৰলেই ঘাণ্টাৰ পিছে হামনি এখন কুদিভাত-কাপড়া, ফজিৰ-চানঝে ঘাণ্টাৰ আৱাজকেই শুনিঘাণ্টাই লাগে মাটিৰ পাট্টা, ফজিৰ-চানঝেৰ আটাঘাণ্টাই হামদেৰ বাপ-দাদা একদিন নাকি বাপ-নানা পাগলা…

জোন, পানী তোলা তিৰোতাহঁত আৰু এখন বুকু…

ধ্ৰুৱজ্যোতি দাস বৰষুণ এৰাৰ পাছতজাৰত কঁপি কঁপি জোনটো ওলাইছিলকঁপি থকা জোনৰকঁপা জোনাকবোৰ ফালিকেইজনীমান তিৰোতাএখন বুকুত পানী তুলিবলৈ আহিছিলবুকুখন কাৰতিৰোতাহঁতে জনা নাছিলআৰু বুকুখনেতিৰোতাহঁতৰ মুখবোৰ দেখা নাছিল তিৰোতাহঁতৰ প্রতিজনীয়ে ভৰিতসুখৰ নতুবা দুখৰ নূপুৰ পিন্ধিছিল খোজত নূপুৰবোৰ উকি হৈ বাজি উঠিলেইবুকুখনে তিৰোতাহঁত অহাৰ কথাগম পাইছিল আৰু বুকুখন…

শ্বেত

পংকজ গোবিন্দ মেধি বগলী আৰু বকুলৰ মাজত কোনো সম্পৰ্ক নাইবগলী আৰু গাখীৰৰ মাজত কোনো সম্পৰ্ক নাই মাথোঁ এটা মিলহে আছেবগলী বকুল আৰু গাখীৰ দেখিবলৈ বগা সেই অৰ্থত আমাৰ মাজৰ কিছুমানৰবগলী বকুল আৰু গাখীৰৰ সৈতে অপূৰ্ব সাদৃশ্য আছে পিছে তেওঁলোকৰ সকলোৱে বলুকাৰ বিয়লি বেলাতবগলীৰ পাখিৰ…

এটি দেওলগা সোঁত

গীতুমণি তালুকদাৰ হঠাৎ বিস্ফোৰণ হ’লএটা নিষিদ্ধ বিস্ফোটক উধাতু খাইউজাই আহিলপ্ৰচণ্ড এটা  বিষ পৰিত্ৰাণ নাইপৰিত্ৰাণ নাই  বিস্ফোটকেপোৱা নাইমাত্ৰাৰ পূৰ্ণতা ডাক্তৰ : ইনজেক্‌শ্বনকবিৰাজ : বজ্ৰলেপন,কাঁইটীয়া ফুটন এয়া ৰণচণ্ডী তিৰী নেপূঁজৰ আগ্নেয়গিৰি  নিশ্বাসৰ মাজেৰেনিষিদ্ধ জলঙাৰেপৰম স্বস্তিৰে বৈ গ’ললাভাৰ এটি দেওলগা সোঁত …   ঠিকনা : গাঁও : ডুমুৰীয়া ডাকঘৰ : ভৌকামাৰী ( পাঠশালা) জিলা : বৰপেটা (অসম)…

চ্যালুইনৰ পৰা লুইতলৈ

ড০ চন্দ্ৰধৰ চমুৱা  (পোন্ধৰ) সৈনিক আৰু বণুৱাসকল সাজি-কাচি যাত্ৰা কৰিছে। সৈনিক মানে একেজন মানুহেই সময়ত খেতিয়ক, সময়ত বাঢ়ৈ-খনিকৰ; কেতিয়াবা ভাৰী, কেতিয়াবা চিকাৰী; কেতিয়াবা অশ্বাৰোহী, কেতিয়াবা পদাতিক; কেতিয়াবা নাৱৰীয়া, কেতিয়াবা অস্ত্রচালক। তেওঁলোকে পিন্ধিছে আঁঠুৰ সামান্য তললৈকে পৰা কুন্‌বিন আৰু হাতখঁৰা কুন্খা চোলা;…

পাঠাগাৰ

সদাশয় পঢ়ুৱৈসকললৈ নিৱেদন আপোনাৰ পঠন অভিজ্ঞতাও এইটো শিতানত প্ৰকাশ কৰিব পাৰে। আপুনি পঢ়া গ্ৰন্থখনৰ বিষয়ে সংক্ষিপ্তৰূপত লিখি আমালৈ পঠাওক। লগতে গ্ৰন্থখনৰ প্ৰকাশকৰ নাম, প্ৰকাশৰ স্থান, প্ৰকাশৰ চন-তাৰিখৰ সৈতে প্ৰচ্ছদৰ স্পষ্ট ফট’ এখনো পঠাওক। গ’ডো আৰু গন্তব্যৰ গল্প গীতালি বৰা   পাঞ্চজন্য৷…

অতিমাৰীৰ দ্বিতীয় ঢৌ : আমাৰ শিক্ষা কেতিয়া হ’ব…

বিগত বছৰ (২০২০)-ৰ এনে দিনবোৰত সমগ্ৰ ভাৰতবৰ্ষ আছিল লক্‌ডাউনৰ কবলত৷ দেশ জুৰি হোৱা ক’ৰ’নাভাইৰাছৰ সংক্ৰমণৰপৰা ৰক্ষা পৰিবলৈ প্ৰথমে জনতা কাৰ্ফিউ আৰু পাছত লক্‌ডাউন প্ৰৱৰ্তন কৰা হৈছিল৷ বিভিন্ন স্থানত যুদ্ধকালীন তৎপৰতাৰে অস্থায়ীভাৱে ৰচনা কৰা হৈছিল ক’ভিড হস্পিটেল৷ হাজাৰ হাজাৰ লোক আক্ৰান্ত…