sdblogs2011

sdblogs2011

সিপাৰে যমুনাৰ…

আকাশ দীপ্ত ঠাকুৰ আৰু সময়বোৰ সঁচাকৈ কেনেকৈ, কোনফালেদি আহি কেনিনো গুচি যায় তৰ্কিবইচোন নোৱাৰি। এদিন নীলাঞ্জনাই মেখেলা-চাদৰ পিন্ধি স্কুললৈ গ’ল। অৰ্চনা অৱশ্যে তেতিয়ালৈ কলেজ পাবগৈ লাগিছিল; কিন্তু দুবাৰকৈ মেট্ৰিক ফেইল কৰি তৃতীয়বাৰৰ বাবে নিজকে সাজু কৰিবলৈ তাই ঘৰতে থাকিবলগীয়া হ’ল।…

গ্ৰন্থ পৰিচিতি: সাধাৰণ ভাষাবিজ্ঞানৰ পাঠ

ড˚ বসন্তকুমাৰ গোস্বামী মূল: ফাৰ্ডিনাণ্ড দ্য চচ্যুৰ অনু: ড˚ পোনা মহন্ত প্ৰকাশক: বান্ধৱ, গুৱাহাটী মূল্য: ২০০.০০     চুইছ ভাষা বিজ্ঞানী Ferdinand De Saussure (১৮৫৭-১৯১৩)–এ নব্য বৈয়াকৰণ (Neo-grammarians) গোষ্ঠীৰ পৰা ভাষাবিজ্ঞানৰ অধ্যয়ন কৰিছিল। নব্য বৈয়াকৰণ গোষ্ঠী বৈজ্ঞানিক দৃষ্টি ভংগীৰ অধিকাৰী হ’লেও সেয়া তুলনামূলক আৰু…

গোলকীয় উষ্ণতা: তুষাৰযুগত

ড˚ কুমুদ চন্দ্ৰ ভট্টাচাৰ্য্য    আজি-কালি গোলকীয় উষ্ণতা আৰু তাৰ পৰা উৎপন্ন হোৱা জলবায়ু পৰিৱৰ্তনৰ বিষয়টো নানা দিশৰ পৰা আলোচিত হৈ আছে। পিছে আমি এই পৃথিৱীৰ বাসিন্দাসকলে এতিয়াও এই বিষয়ত যথোচিত গুৰুত্ব দিব বিচৰা নাই। আনফালে বিজ্ঞানীসকলে অকাট্য আৰু প্ৰামাণিক…

মুকলি মঞ্চ

অসমৰ বসন্ত কালীন উৎসৱ    লোকসংস্কৃতি, লোক-উৎসৱৰ অপূৰ্ব মিলনভূমি এই অসম। অতীজৰে পৰা অসমত অনেক জাতি-উপজাতি আৰু জনজাতিৰ লোকে বসবাস কৰি আহিছে। তেওঁলোকৰ প্ৰত্যেকৰে নিজৰ নিজৰ চহকী কলা-সংস্কৃতি আছে। উৎসৱ-অনুষ্ঠান সংস্কৃতিৰ অপৰিহাৰ্য অংগ। অসমত প্ৰচলিত পৰম্পৰাগত প্ৰতিটো উৎসৱৰ অন্তৰালতেই গভীৰ…

ঔপনিৱেশিক অসমত বুৰঞ্জী চৰ্চাৰ পৰম্পৰা

ভৃগুমণি নাথ    ভাৰতবৰ্ষ বিভিন্ন সভ্যতাৰ প্ৰাণকেন্দ্ৰ। ভিন ভিন সভ্যতাই ইয়াত নিজাববীয়া উত্থান-পতনৰ চাপ ৰাখি থৈ গৈছে। এনে উত্থান-পতনৰ খতিয়ানবোৰকে বাস্তৱিকতে ‘ইতিহাস’ বুলিব পাৰি। বেদ-উপনিষদৰ ৰচনাভূমি ভাৰতত অৱশ্যে বৈজ্ঞানিকভাৱে ইতিহাস অধ্যয়নৰ প্ৰক্ৰিয়াটো বৃটিছসকলৰ আগমনৰ পৰাহে আৰম্ভ হৈছে। সি যি কি…

বিহু: অৰণ্যৰ পৰা কৰ্মশালালৈ

ড˚ অনিল শইকীয়া    আজিৰ প্ৰজন্মই, ধৰা হওক একবিংশ শতিকাৰ প্ৰথম দশকত জন্ম গ্ৰহণ কৰা প্ৰজন্মই বিহুনাম, বিহুনাচ, বিহু-ঢোলৰ চাপৰ, পেঁপাৰ লহৰ, গগনাৰ সুৰীয়া গুঞ্জন ক’ত শিকিব বুলি যদি প্ৰশ্ন কৰা হয়, তাৰ উত্তৰ দুটাই, প্ৰথম বিহুৰ কৰ্মশালা বা আখৰাৰ…

অনলাইন শিক্ষাব্যৱস্থা আৰু আমাৰ ছাত্ৰ-ছাত্ৰী

ৰিপুঞ্জয় বৰদলৈ‍  লকডাউনৰ ফলত বিদ্যালয় বন্ধ হোৱাৰ আগতে ছাত্ৰ-ছাত্ৰীক ম’বাইল কিয় লাগে বুলি অভিভাৱকে ধমক দিছিল। কিন্তু এতিয়া অনলাইন শিক্ষাব্যৱস্থাৰ অজুহাতত শিশুৰ হাতত নিজা ম’বাইল হ’ল। দিনটোত মাত্ৰ দুইৰ পৰা তিনি ঘণ্টা সময়ৰ প্ৰয়োজন হয় অনলাইন পাঠগ্ৰহণৰ বাবে। কিন্তু ছাত্ৰ-ছাত্ৰীয়ে…

চাংমাইশাল

সুৰভি দত্ত কোমল চাউলৰ টাৰ্ট    অসমীয়া সমাজৰ অতি জনপ্ৰিয় জলপান কোমল চাউল আৰু চিৰাৰে এটি সুস্বাদু মিঠা ব্যঞ্জন প্ৰস্তুত কৰিব পাৰে। ইটালিৰ জনপ্ৰিয় মিঠা ব্যঞ্জন টাৰ্ট (tart)-ৰ ৰূপ দিয়া হৈছে। আমাৰ অসমীয়া থলুৱা খাদ্যকো সংমিশ্ৰণ দি অতি সুন্দৰকৈ পৰিৱেশন…