sdblogs2011

sdblogs2011

চ্যেলুইনৰ পৰা লুইতলৈ‍

ড˚ চন্দ্ৰধৰ চমুৱা (সাত) চাকি-শলিতা। ডাম-লাক বা মজিয়াৰ মূৰৰ ফ’কামৰ খুঁটাৰ কাষত কৰা পূজানুষ্ঠান। ছ্যু কাইলৈ প্রবাসলৈ যাব, জীৱনৰ প্রথম প্ৰবাস-যাত্ৰা। গতিকে যাত্ৰাৰ শুভ কামনাৰে উপৰিপুৰুষ পুলিন-পুথাও, দাম আৰু ফীসকলক সন্মান জনাই জাননী দি যোৱাৰ এটি পৰম্পৰা।  মৃতসকলৰ উদ্দেশ্যে নৈবেদ্য উছৰ্গা কৰি…

কাব্যশিল্প

স্পৰ্শ হৰেকৃষ্ণ ডেকা স্পৰ্শ এক ভাষা আৰু যোগাযোগ হয়। চকুত যি ফুটি উঠে ক্ৰমে আগবাঢ়ে, আৰু স্পৰ্শত আচল হৈ পৰে। এই ৰসায়ন নুবুজাকৈ অনুভৱ হয়। ওচৰৰ পৰা আমি দুয়ো দুয়োলৈ চাই আছিলোঁ, অথচ আমাৰ মাজত বহুত দূৰত্ব। আমাৰ মনত হেঁপাহ,…

জীয়নীয়া জেঠীনেজীয়া

সুপ্ৰকাশ ভূঞা এই যে দিনে-ৰাতিয়ে  লাওখোলাটোৰ ভিতৰত কিবা এটাই  খুন্দিয়াই  থাকে— তেজ, সিৰা, ধমনী— ইয়াৰ ভিতৰত কিবা এটা সন্তৰ্পণে ঘূৰি ফুৰে— কিন্তু এই  কিবাটো কি মিথুৱেও সঠিককৈ নাজানে। নজনাকৈয়ে তাই সপোন দেখে। মাছৰ চকু দুটা, উৰি থকা পখিলা, অপেস্বৰী এজনী,…

অব্যাহৃত

সমস্যাজৰ্জৰ অসম ৰঞ্জুমণি মহন্ত    এমুঠিমান দেশ বাদ দি সমগ্ৰ পৃথিৱী আজি ক’ৰনাত আক্ৰান্ত৷ সৰ্বত্ৰতে মৃত্যুৰ বিভীষিকা৷ আমেৰিকা, ইটালি, স্পেইন আদিৰ দৰে দেশো ক’ৰনাত বিধ্বস্তপ্ৰায়৷ আজিৰ তাৰিখত ভাৰতবৰ্ষই ক’ৰনাক্ৰান্তৰ সংখ্যাৰ ফালৰ পৰা বিশ্বৰ ভিতৰত চতুৰ্থ স্থান অধিকাৰ কৰিলে৷ মৃতকৰ সংখ্যাই এই মুহূৰ্তত প্ৰায় ৯,১৯৫ চুলেগৈ৷ এহাতে…

জীয়া শিলৰ সাধু

নিংকু নিশা নেওগ মই সাধাৰণতে অফিচৰ পৰা আহোঁতেই ঘৰুৱা বজাৰ-সমাৰখিনি কৰি আনো। এইটো মোৰ পুৰণি অভ্যাস। মই বজাৰৰ মোনাখন লৈ যেতিয়া ঘৰ সোমাওঁহি, তেতিয়া কানি-মুনি এন্ধাৰ হয়হি। মোৰ পত্নী মায়াই সেই সময়ত গোসাঁইঘৰত চাকি জ্বলাই ধূনাৰ বাটিলৈ ফুৰাবলৈ বুলি পদূলি…

ৰজাই হুকুম দিছে‍

ৰাজশ্রী ধনদিয়া গা-ভাৰী দেহাৰে ঘৰখনৰ ইটো-সিটো বন কৰি থকাৰ মাজতে ৰজনীয়ে খবৰবোৰ পাই থাকে। আজি–কালি খবৰ পাবলৈ ৰ’ব লাগেনে কিবা? কথা বুলিলেইচোন বতাহ। তাতে এই হেন জ্বলন্ত অগ্নিপিণ্ডৰ ফিৰিঙতি, আঙঠাই জকাইচুকীয়া গাঁৱকো চুবলৈ এৰা নাই, তেনে স্থলত চহৰৰ পৰা সামান্য নিলগত থকা পাহাৰৰ…

ফিনিক্স চৰাইৰ গান

কাৱে‍ৰী কাশ্যপ বৰা আন্ধাৰত ডুব গৈ থকা কোঠাটোত লাহে লাহে সূৰুযৰ প্ৰথম ৰেঙনি কেইডালমান বাঁহৰ বেৰৰ ফাঁকেৰে সৰকি আহিছিল। অলপ পাছত মা আহি খিৰিকীৰ চিটকাণীডাল খুলি খিৰিকীখন মেলি দিয়াত পোহৰ হৈ পৰিছিল কোঠাটো। চকুত ঘপহকৈ চাত মাৰি ধৰা পোহৰত খপজপকৈ…

মৃত্যুপক্ষ

জয়ন্ত মাধৱ বৰা  খবৰটো প্ৰথমতে প্ৰচাৰ হ’ল গধূলিৰ টিভিৰ বাতৰিত। আটাইকেউটা চেনেলে প্ৰথমতে ব্ৰেকিং নিউজ দিলে। বাতৰি এটা দেখুৱাই থাকোঁতে তলত যে চিনেমাৰ ৰীলৰ দৰে আখৰবোৰ গৈ থাকে, তেনেকুৱাকৈ। তাৰ পাছতে বাতৰিটো বিস্তাৰিত ৰূপত প্ৰচাৰ কৰিবলৈ ধৰিলে। বাতৰিটো ছোৱালীজনীয়ে কৈ…

সোণালী চুলি

মূল: (ইটালীয়) এলবাৰ্ট’ ম’ৰাভিয়া অনুবাদ: ড˚ ৰমেশ চন্দ্ৰ গোস্বামী ৰোম দেশত যদি কোনোবাই কাৰোবাৰ বিষয়ে ক’বলগীয়া হয় যে তেওঁ গাঁৱলীয়া, অজ্ঞ, চহা মানুহ, তেন্তে কয়— “তুমি জগুৰগোলাৰ পৰা (Sgurgola) আহিছা· জগুৰগোলালৈকে উভতি যোৱা। জগুৰগোলাৰ নাথাকাগৈ কিয়·” সেয়া দেখদেখকৈ ৰোমানসকলৰ দেখাক। এনে ৰুক্ষতাই…