sdblogs2011

sdblogs2011

দেহিনোহস্মিন্

পৰী পাৰবীন এইমাত্ৰ মোৰ মৃত্যু হ’ল। পাল্‌ছ অ’ক্সিমিটাৰ যন্ত্ৰটোৱে মোৰ মৃত হৃদয়ক ধৰা পেলালে। মনিটৰৰ সমান্তৰাল গ্ৰাফডালে‍মোৰ মৃত্যুৰ সংকেত দিলে। সংকেত শুনি মোৰ তত্ত্বাৱধানত থকা ডাক্তৰ-নাৰ্ছসকল ব্যতিব্যস্ত হৈ পৰিল। অক্সিজেন পাম্প কৰি কৰিও তেওঁলোকে মোৰ মৃত হৃদয় জীয়াই তুলিব নোৱাৰিলে।…

নঙলা

নিৰ্মালি সন্দিকৈ —  ‘‘ন–ছোৱালী, চাহপানী এটোপা দে৷ গুৰ এদখও দিবি দেইবা!’’ — ‘‘ন–ছোৱালী, টেঙা অকণ খা। খা না৷ মই নিজে পায়ি আনিছোঁ। পুখুয়ীকাণঅ সেন্দুয়ীয়া আম।’’ — ‘‘ন–ছোৱালী, বৰশী বাওঁগে বৈ! এয়া চা বঅলঅ টোপ।’’  ন–ছোৱালী তিলোৰ মুখৰ আগত সোমেশ্বৰ ৰৈ থাকে। লেলাউটিয়াই থকা মুখখন চোলাৰ হাতেৰে…

সিপাৰে যমুনাৰ…

আকাশ দীপ্ত ঠাকুৰ (যোৱা সংখ্যাৰ পিছৰ পৰা) ঘৰখনলৈ এটা ম’বাইল অহাৰ দিনা সিহঁত দুয়োজনীৰ সময়বোৰ যেন সেইটোতে ৰৈ গৈছিল। অকণমানি ক’লা বৰণৰ এটা যন্ত্ৰ। চুইচ টিপিলে ভিতৰখন হালধীয়া ৰঙৰ পোহৰেৰে উদ্ভাসিত হয়। মাজৰ ঘৰটোত হেঁচা মাৰি দিলে এখন তালিকা ওলায়।…

চ্যালুইনৰ পৰা লুইতলৈ‍

ড˚ চন্দ্ৰধৰ চমুৱা (যোৱা সংখ্যাৰ পিছৰ পৰা) নাও-খেলৰ পাছত ছ্যুৱে উপভোগ কৰিলে সাঁতোৰ প্রতিযোগিতা। কিছু দুৰ দূৰে নদীৰ পাৰৰ দুটা সুকীয়া হেলনীয়া গৰাৰ কাষত ডেকা আৰু গাভৰুসকল গোট খাইছে। ডেকাহঁতৰ আঁঠুৰ ওপৰত পৰা জাঙিয়া, কঁকালৰ পৰা উদং গা। গাভৰুসকলৰ গাত…

নিৰ্মলকক্ষ প্ৰযুক্তি

খনিন্দ্ৰ বৰুৱা প্ৰদীপ কুমাৰ গোস্বামী জীৱন-জীৱিকাৰ বিভিন্ন ক্ষেত্ৰত প্ৰয়োজন পূৰাবৰ উদ্দেশ্যে কেইবাদশকো আগৰে পৰা নিৰ্মলকক্ষ ব্যৱহৃত হৈ আহিছে। প্ৰযুক্তিৰ পৰিৱৰ্তনৰ লগে লগে উন্নত মানৰ পণ্যসামগ্ৰী উৎপাদনৰ চৰ্ত পূৰণৰ বাবে নিৰ্মলকক্ষ এটি অত্যাধুনিক ব্যৱস্থা। নিৰ্মলকক্ষৰ প্ৰযুক্তি, তাৰ আৰ্হি আৰু নিৰ্মাণ নিজেই…

আমাৰ বিদ্যালয়ত শিক্ষা প্ৰদানৰ সমস্যা

ড˚ নলীন বৰঠাকুৰ এটা জাতি আৰু জাতিটোৱে জন্ম দিয়া শিক্ষা-ব্যৱস্থাৰ মাজত এৰাব নোৱৰা সম্পৰ্ক থাকে। জাতিটোৰ চিন্তা-ভাবনা আৰু ইতিহাস ইয়াৰ ভাষাৰ দ্বাৰা প্ৰকাশ কৰা হয়। এই ইতিহাসৰ মাজত থাকে জাতি বা জনগোষ্ঠীটোৰ গীত-মাত, সাধু কথা, ফকৰা-যোজনাৰ দৰে বৈশিষ্ট্যমূলক সাংস্কৃতিক উপাদানসমূহ।…

পঢ়ুৱৈৰ মতামত

‘অন্যযুগ’-ৰ প্ৰতিটো সংখ্যাই ভাল লাগিছে। অনলাইনতো বৰ্তমান এনেদৰে পঢ়িবলৈ পাই ভাল লাগিছে। অন্যযুগৰ তৰফৰ পৰা যুৱ প্ৰজন্মৰ মাজত  বিভিন্ন ধৰণৰ সাহিত্য  প্ৰতিযোগিতা একোটি মাজে মাজে পাতিব পাৰে। স্হানপ্ৰাপ্তসকলৰ লেখা প্ৰকাশ কৰিব পাৰি। প্ৰণৱ গোস্বামী pranab.nayan@gmail.com ‘অন্যযুগ’ আলোচনীখন বহুত ভাল লাগিছে মোৰ। এগৰাকী ফট’গ্ৰাফাৰ হিচাপে মোৰ ভাল …