sdblogs2011

sdblogs2011

ন্যায়!

 ৰৌচন আলি হঠাৎ আদালতৰ কাঠগড়াত ‘আইন’ আৰু ‘ন্যায়’ক হাজিৰ কৰোৱা হ’ল সন্মুখত এদল মানুহৰ মাজত  দুৰ্বাদল কাজিয়া  এটি মৃতদেহক লৈ টনা-আঁজোৰা বিচাৰপতিয়ে  আৰম্ভ কৰিলে বিচাৰ বিচাৰৰ আৰম্ভণিতেই বিচাৰপতিয়ে ‘ন্যায়’ক প্ৰশ্ন কৰিলে- মৃতদেহটোৰ মৃত্যুৰ পূৰ্বে ‘ন্যায়’ ক’ত আছিল? মৃত্যুৰ সময়ত ‘ন্যায়’…

আমি গডোলৈ ৰৈ নাছিলোঁ

 ধীমান বৰ্মন   (কবি-ভাতৃ “প্ৰাঞ্জল তালুকদাৰৰ” হাতত)   ধেমালিতে আন এগৰাকী মাতৃৰ ভাইটোৱে ক’লে   আপোনাৰ কাষেৰেই পাৰ হৈ গ’ল স্বগৌৰৱে উজলি উঠা ভাষণ-বীৰ দিনৰ পোহৰত যি মহান   ইমান ভিৰতো যিজনে খুন্দিয়াই থৈ গ’ল তেৱেঁই বাতৰিতকৈ আগতে বাতৰি ধৰা…

কিম্বদন্তি শিল্পী, তুমি সংগীতৰ পৃথিৱীৰ প্ৰথমজন ঈশ্বৰ

 ৰুদ্ৰ সিংহ মটক   বুকুৰ ভিতৰত ঘননীলা শোকৰ বৃহৎ কলচী এটা বৈ ফুৰা লাখ লাখ মানুহৰ শেষ নোহোৱা উচুপনিবোৰত তোমাক আমি  দেখা পালোঁ , দেখা পালে নক্ষত্ৰমণ্ডলী আৰু মোৰ পৃথিৱীৰ  কোটি কোটি  মানুহে   জুবিন ! আমি জানো যিসকল তোমাৰ…

শিল্পী জুবিন গাৰ্গৰ জীৱন পৰিক্ৰমাৰ এক চমু আলোকপাত

 ৱাহিদ আহমেদ   জুবিন গাৰ্গ আছিল এজন প্ৰখ্যাত ভাৰতীয় সংগীতজ্ঞ, গায়ক, সুৰকাৰ, গীতিকাৰ, বাদ্যযন্ত্ৰবাদক, অভিনেতা, পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, কবি, আৰু দানবীৰ হিচাপে পৰিচিত৷ ১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত জন্মগ্ৰহণ কৰা তেখেতৰ নাম আছিল বিখ্যাত সুৰকাৰ জুবিন মেহতাৰ নামেৰে৷  পিছত…

সূৰ্যকণ্ঠ জুবিন গাৰ্গ : ব্যক্তিত্ব, প্ৰতিভা আৰু অসমীয়া সমাজ জীৱনত তেওঁৰ প্ৰাসংগিকতা

 উৎপল বৰকটকী  জুবিন গাৰ্গ যোৱা শতিকাৰ শেষ দশক আৰু পৰৱৰ্তী অসমীয়া সমাজ জীৱনৰ এক এৰাব নোৱৰা নাম৷ ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ হোৱা অসম আন্দোলনৰ পৰিপেক্ষিত্বত এই সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ত হোৱা হিংসা আৰু সামৰিক ক্ৰুৰতাত জৰ্জৰ অসমীয়া জাতিটোক…

অজগৰ আৰু যুধিষ্ঠিৰ

 নৱনীতা ভট্টাচাৰ্য্য (৬)   সেইদিনাখনো বনীয়ে আহি ভীমৰ সাধু শুনিবলৈ মাকৰ ওচৰলৈ আহিল৷ মাকেও প্ৰতিশ্ৰুতি অনুসৰি ভীমৰ আন এটা সাধু ক’বলৈ আৰম্ভ কৰিলে-  তেতিয়া পাণ্ডৱসকল বিশাখযূপ নামৰ ঠাইখনত আছিল৷ তেওঁলোকে তেতিয়া মৃগয়া কৰি জীৱিকা নিৰ্বাহ কৰি আছিল৷ এই ঠাইখন হ’ল…

“কম্পন কাতৰ” মায়াৰ আকাশ

(জুবিন গাৰ্গক  সুঁৱৰি)   উদয় কুমাৰ বৰুৱা   চৰ্চিত কোনো নেৰেটিভে সামৰিব পৰা নাছিল সাগৰৰ দৰে বিশাল সেই প্ৰতিভাক   দেখা-অদেখাতে সংবেদনৰ তীব্ৰতাই সন্তৰ্পণে লৈ গৈছিল এটা নুশুনা সুৰৰ গৰ্ভমূললৈ   প্ৰচণ্ড আকস্মিকতাত হিম হ’ব খুজিছিল উদ্বেলিত অনুভৱৰ স্বৰবোৰো  …

চোৰ

 মূল: ৰাস্কিন বণ্ড অনুবাদ: পংকজ কুমাৰ নেওগ   ৰ’মিক প্ৰথমবাৰৰ বাবে লগ পাওঁতে মই এটা চোৰ আছিলোঁ। যদিও সেই সময়ত মই আছিলোঁ মাত্ৰ ১৫ বছৰীয়া, চুৰিবিদ্যাত মই আছিলো পাকৈত আৰু সিদ্ধহস্ত। মই ৰ’মিৰ ওচৰ চাপোঁতে তেওঁ কুস্তিখেল এখন মনোযোগেৰে চাই…

‘আটক চাউল’ৰ আঁত ধৰি :

 অমৃত গোস্বামী   মাহঁতৰ মুখত শুনা এটা অদ্ভুত নাম মোৰ আজিও মনত আছে— ‘আটক চাউল’৷ সেই চাউলবিধ  হেনো বৰ মিহি আছিল, আৰু চাউলবিধৰ ভাতো হেনো বৰ ভাল হৈছিল৷ দ্বিতীয় মহাসমৰৰ দিনৰ চাউলৰ নাটনিৰ সময়ত আমাৰ মানুহবোৰে সেই চাউলবিধ ঘৰলৈ ক্ৰয়…