sdblogs2011

sdblogs2011

অন্যযুগ, অক্টোবৰ ২০২৫

উপদেষ্টা ড˚  পোনা মহন্ত ডা˚ ধ্ৰুৱজ্যোতি বৰা সম্পাদক মৃদুল শৰ্মা (অবৈতনিক ) কাৰ্যবাহী সম্পাদক ৰঞ্জুমণি মহন্ত (অবৈতনিক) কলা  সম্পাদক ড˚   সঞ্জীৱ বৰা বিভাগীয় পৰামৰ্শদাতা আকাশ দীপ্ত ঠাকুৰ (অবৈতনিক) সিদ্ধাৰ্থ শংকৰ কলিতা প্ৰকাশক অচিন্ত্য কুমাৰ মহন্ত প্ৰকাশন সহযোগী দেৱজিৎ ভঁৰালী প্ৰচ্ছদ ড˚…

অসমৰ শাক্ত আৰু বৈষ্ণৱ পৰম্পৰা : সহাৱস্থান আৰু প্ৰত্যাহ্বান

পঙ্কজ প্ৰতিম বৰদলৈ   অসমৰ ধৰ্মীয় জীৱন হৈছে বৈচিত্ৰ্যপূৰ্ণ পৰম্পৰাৰ এক জটিল প্ৰক্ৰিয়া৷ য’ত শক্তি (শাক্ত) আৰু বিষ্ণু (বৈষ্ণৱ)ৰ সেৱাৰ দ্বাৰা অঞ্চলটোৰ সাংস্কৃতিক আৰু আধ্যাত্মিক পৰিচয় বিশেষভাৱে গঢ় লৈ উঠিছে৷ এফালে নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰ দক্ষিণ এছিয়াৰ অন্যতম বিশিষ্ট শাক্ত…

‎শৰ্বৰী শৰ্মা ৰায়ৰ এমুঠি কবিতা

মূল : বাংলা ‎অনুবাদ : মুনমুন সৰকাৰ‎ ‎ ‎(১) অসুখ ‎ ‎অসুখ ‎অসুখ ভাল নাপায় কোনেও ‎তথাপিও মানুহ অসুখীয়া হয় ‎অসুখ আহে  ‎নিঃশব্দে সিন্ধি খান্দি শৰীৰৰ পাকঘৰলৈ ‎বটুৱা উদং কৰি খাই থৈ যায়, যোৱাৰ আগে আগে ‎গৃহিণীৰ হেঁপাহৰ ফুলৰ গছকেইজোপাত ‎আঙুলি…

গানে কি আনে

চন্দ্ৰাৱলী বৰঠাকুৰ   গানে কি আনে ফুলত প্ৰাণ, প্ৰকৃতিত সাহ সেউজীয়াত আশাৰ বীজ সৃষ্টিশীল নৱ বাসনা।   গানে কি আনে পৰাজয়ত জয়,বেদনাত প্ৰেৰণা অসুখীক নিৰোগ অঘৰীক স্থায়ী নিৰাপত্তাৰ ঠিকনা।।   গানে কি আনে হিলদল ভাঙি আনে অজস্ৰ শ্ৰোতা জীৱনত বাৰে…

হাইঠা মাটিত পৰিল

 অমৃত গোস্বামী কালি ৰাতিপুৱা বিশেষ ধৰণৰ চৰাই এবিধৰ মাত শুনি নামঘৰটোৰ কাষৰ বেছ কিছু ওখ-ডাঙৰ গছজোপাৰ ওপৰ ভাগৰ ডাল-পাত বিলাকলৈ ডিঙি মেলি মেলি চাইছিলোঁ — মাতটোনো কি চৰাইৰ হ’ব পাৰে, তাকে ঠাৱৰ কৰিবলৈ৷ কিন্তু নাই— নোৱাৰিলোঁ! সোধা-পোছা কৰিবলৈও ৰাতিপুৱাৰ সেইখিনি…

অনুকম্পা

মূল (ইং.) :  পল লৰেঞ্চ ডানবাৰ (Paul  Laurence   Dunber)-ৰ Sympathy  অনুবাদ   :  ড° ৰঞ্জিত দত্ত সজাত বন্দী চৰাইজনীয়ে কি  অনুভৱ কৰে সেয়া মই জানো, যেতিয়া  পাহাৰৰ হেলনীয়াখিনিত সূৰ্যৰ প্ৰখৰতা অধিক তীব্ৰতৰ হয়, যেতিয়া বতাহজাকে জোকাৰি যায় বসন্তৰ সেউজীয়া ঘাঁহনিডৰা আৰু …

পৰিধি

 নৃপেন গোস্বামী সূত্ৰ‌ এটিৰ  নাম জুবিন মাটি মানুহ  মমতা সূত্ৰৰ পৰিধিত পখী বৃক্ষ  প্ৰকৃতি মায়া যাৰ  নাই সি সদায় যমৰ‌ প্ৰিয় কিন্তু  যাৰ জনম সিদ্ধিৰ  অন্য, অনন্য  তাৰ মৃত্যু শাশ্বত জগত পোহৰ কৰাৰ যুক্তিৰে…

ৰ’দে বৰষুণে কিমান যে গান

 লোকনাথ গোস্বামী মন দাপোণত-১২               তেজপুৰ আৰু বিষ্ণু ৰাভা দিৱস :  (১)  বিষ্ণু ৰাভাৰ মৃত্যুৰ সময়ত আমি মেট্ৰিক পৰীক্ষা দি উঠি অনাই-বনাই ঘূৰি ফুৰাৰ কথা ইতিমধ্যে উল্লেখ কৰি আহিছোঁ৷ শিল্পীগৰাকীৰ মৃত্যুৰ বছৰত তেজপুৰত তেওঁৰ সোঁৱৰণত কোনেও কিবা অনুষ্ঠান বা…

শাৰদী ৰাণী

অৰুণ গগৈ                       শৰত কালত       সন্ধিয়া পৰত         শেৱালিয়ে মাৰে হাঁহি, ফুলনি মাজত     ৰূপহী সাজত       ফুলবোৰে মেলে পাহি ৷   আকাশ নিৰ্মল    ডাৱৰ কোমল      জোন-তৰাৰ ধেমালি, ফুলিল কঁহুৱা     মন উৰণীয়া      ময়ূৰে ধৰিলে চালি ৷   ডেউকা কোবাই     উৰিছে বেগাই          শৰালি চৰাইজাক, বনৰ মাজত      পাতৰ আঁৰত          বনকুকুৰাৰ…