কবিতাৰ দিন
হৰেকৃষ্ণ ডেকা কালি গধূলি পথাৰৰ গছকেইজোপাৰ ডালবোৰ লঠঙা হৈ পৰা দেখিছিলোঁ৷ সৰাপাতে তল ভৰি আছিল৷ চকুত লাগিছিল হেলনীয়া বেলিৰ হালধীয়া পোহৰ৷ দোকমোকালিতে বতাহৰ সতেজ স্পর্শ পালোঁ৷ পথাৰলৈ ওলাই আহিলোঁ৷ দেখিলোঁ, সৰাপাতবোৰ এজাক ভাটৌ হৈ ক’ৰবালৈ উৰি গ’ল! কেৱল কল্পনাহে আছে৷…