Category অন্যযুগ, জুন, ২০২২

আঙুৰ ফুলিছে

 মেঘনা চৌধুৰী         দুৰাতি তাইৰ ভালকৈ টোপনি নাই৷ অতদিনে মানুহক ভালকৈ শুবলৈ দিয়া সকলো পৰামৰ্শ, বুজনি, দৰৱ, প্ৰেছক্ৰিপশ্যনবোৰে মিলি যেন তাইক ভ্ৰুকুটিহে কৰিছে৷ ৰোগীৰ সৈতে অন্তৰৰ পৰা একাত্ম হ’লেও কোনোদিন তাই বৃত্তিগত আৰু ব্যক্তিগত জীৱনক একাকাৰ কৰা নাই৷ তাইৰ নিজৰ…

দিছলেক্সিয়া

পম্পি বৰা বৈশ্য “তাৰে জমিন পৰ” চিনেমা খনৰ সেই ঈশান নামৰ সৰু ল’ৰাজনক মনত আছে চাগে নিশ্চয়। সেই যে ঈশানে ভালকৈ পঢ়িব লিখিব নোৱাৰিছিল। বি/ ডি, পি / কিউ খেলিমেলি কৰিছিল, নম্বৰবোৰ ভালদৰে বুজি নাপাইছিল। শেষত শিক্ষক ৰামশংকৰ ৰূপী আমিৰ…

সাহিত্যৰ অধ্যয়নক্ষেত্ৰৰ উদ্বেগজনক পৰিৱেশ

  ভাৰতবৰ্ষৰ দৰে বহুভাষিক দেশ এখনৰ সামগ্ৰিক শিক্ষা ব্যৱস্থাত ঘাইকৈ ভাষিক পাৰ্থক্যৰ কাৰণেই একক ভাষা-সাহিত্যৰ পাঠ্যক্ৰম কল্পনা কৰিব নোৱাৰি৷ পৰিসৰটো কমাই আনিলে অসম নামৰ ৰাজ্যখনতো আমি একেটা অৱস্থা প্ৰত্যক্ষ কৰোঁ ৷ সাধাৰণতে বিদ্যালয় পৰ্যায়ৰ শিক্ষাত একোটা প্ৰাদেশিক ভাষাত বিবিধ বিষয়ৰ…

নৃত্যৰতা পৃথিৱীৰ কবিলৈ

জোনমণি দাস   দুপৰীয়াটোৰ ডেউকা গজিলত মই পানীৰ পোছাকযোৰ খুলি থ‘লোঁ আৰু আৱাহনী মন্ত্ৰৰে বোধন কৰিলোঁ বসন্তক   শিলবোৰ নৈ হৈ বৈ গ‘ল পখিলাৰ পাখিত ৰঙা হৈ ৰৈ গ‘ল ৰ‘দ   মই গানত গা ধোৱা গছবোৰলৈ চালোঁ আৰু দৃষ্টিক দৃষ্টান্ত…

গেণ’ডাৰ্মা লুচিডাম– প্ৰকৃতিৰ এক বিস্ময়

অৰবিন্দ ডেকা   গেণ’ডাৰ্মা লুচিডাম হৈছে ৰঙা ৰঙৰ গেণ’ডাৰ্মা প্ৰজাতিৰ এবিধ কাঠফুলা৷ ইয়াক সাধাৰণতে ইউৰোপ আৰু চীন দেশত পোৱা যায় যদিও পুষ্টিগত গুণৰ উপৰি ইয়াৰ উৎকৃষ্ট ঔষধিযুক্ত গুণ আৰু বাণিজ্যিক চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি পৃথিৱীৰ প্ৰায় সকলো দেশতে ইয়াৰ খেতি…

বৈকল্পিক ৰাজনীতি, বিৰোধিতা আৰু বিৰোধীৰ বিকল্প

ইন্দ্ৰজিৎ বৰা (১)  ৰাজনীতিয়ে তেতিয়াহে উত্তৰণৰ ভাষা বিচাৰি পায়, যেতিয়া মানুহে নিজা মানৱীয় সত্তাটোক বাহ্যিক শক্তিবিলাকৰ ওচৰত সমৰ্পণ নকৰি সামাজিকভাৱে নিজে পৰিচালনা কৰাৰ সংকল্প লয়৷ ৰাজনীতিৰ ভাষা যেনেকৈ সমাজৰ মেহনতী আৰু পদদলিতৰ ভাষা, তেনেকৈ মানৱীয় সত্তাটো সমৰ্পণ কৰি দমনতন্ত্ৰৰ বলপূৰ্বক…

মগনীয়া

মূল হিন্দী (ভিক্ষুক) : সূৰ্যকান্ত ত্ৰিপাঠী নিৰালা  অসমীয়া অনুবাদ: দীপমণি দাস তেওঁ আহে আমাৰ হৃদয় চিৰাচিৰ কৰি দিব পৰা দুৰ্বহ মুখ এখন লৈ ৰাস্তালৈ আহে পেট আৰু পিঠি একাকাৰ কৰি লাখুটি এডালত ভৰ দি এমুঠি খুদকণ বিচাৰি- ভোক পূৰাবলে’ মুখফটা…

নন্দিতা দেৱীৰ ‘বঙল বহু দূৰ’ : এটি আলোচনা

 ভাস্কৰ ভূঞা নন্দিতা দেৱীৰ প্ৰথমখন উপন্যাসেই ঔপন্যাসিকগৰাকীক অসমীয়া সাহিত্যত সবলভাৱে প্ৰতিষ্ঠা কৰালে৷ এগৰাকী কাহিনী কথক হিচাপে লেখিকাৰ এয়া বৃহৎ কৃতকাৰ্যতা৷ ‘বঙল বহু দূৰ’ উপন্যাসখন প্ৰথম প্ৰকাশ পাইছিল ২০১৯ বৰ্ষত৷ গ্ৰন্থখনে ২০২১ বৰ্ষৰ শেষৰ ফালে ‘অসম প্ৰকাশন পৰিষদ’ৰ বঁটা লাভ কৰে৷…

সমুদ্ৰ-মন্থন, কাৰ্বন ফুটপ্ৰিণ্ট, আৰু অনাৱিষ্কৃত জীৱৰ সম্ভাৱ্য অৱলুপ্তি

 ড° ভাৰত বৰুৱা   ১৮৪৯ পৰা ১৮৫৫ চনৰ ভিতৰত কেলিফৰ্নিয়াৰ ছেমুৱেল ব্ৰেনন নামৰ মানুহজন হৈ পৰিছিল মিলিঅ’নিয়াৰ। তাৰ কাৰণ হৈছে কেলিফৰ্নিয়াৰ “গ’ল্ড-ৰাছ”। পিছে এই “গ’ল্ড-ৰাছ”নো কি আছিল? ঘটনাটো আছিল এনেকুৱা- জেমছ মাৰ্শ্বল নামৰ এজন কাঠমিস্ত্ৰীয়ে কেলিফৰ্নিয়াৰ ছেক্ৰেমেণ্ট’ নদীৰ পাৰত জ’ন চাট্টাৰ…

চৰাই চিনো আহক – ২

 হেমন্ত কুমাৰ গগৈ নাম: চাকৈ চকোৱা ইংৰাজী নাম: Ruddy Shelduck, Brahminy Duck বৈজ্ঞানিক নাম: Tadorna ferruginea সংৰক্ষণ স্থিতি: নূন্যতম চিন্তনীয় (Least Concern)  এই চৰাইবিধ শীতকালত অসমৰ নদ নদী আৰু খাল বিল সমূহৰ পাৰত সততে দেখা পোৱা যায়। সাধাৰণতে যোৰ পাতি…