Category অন্যযুগ, অক্টোবৰ, ২০২০ (শাৰদীয় সাহিত্য)

ন’টবুক

মূল : স্বপ্না ভট্টাচাৰ্য    অনুবাদ : কুমুদ ঘোষ (স্বপ্না ভট্টাচাৰ্যৰ জন্ম ১৯৫২ চনত অসমৰ শিলচৰত। তেখেতৰ প্ৰথম গল্প ‘পয়োধীৰ’ প্ৰকাশিত হৈছিল অধুনালুপ্ত ‘দৈনিক প্ৰান্তজ্যোতি’ত ১৯৬৯ চনত। বেঙ্কৰ বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰা স্বপ্না ভট্টাচাৰ্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বাংলা সাহিত্যৰ স্নাতকোত্তৰ।…

শংখমালা

মূল : ড° হুমায়ূন আহমেদ অনুবাদ : ড° জোনালী পাটোৱাৰী বৰা আনদিনাৰ তুলনাত ৰাতি পলমকৈয়ে খাবলৈ বহিছোঁ, মায়ে চেপা মাত এটাৰে ওচৰতে ৰৈ সুধিলে, ‘‘খবৰটো শুনিছ?’’ ‘‘কি খবৰ?’’ ‘‘পৰী আহিছে।’’ বহুত সময় ধৰি মই নিমাতে ৰ‘লোঁ। মুখ ফুটাই একো ক’ব নোৱাৰিলোঁ। অলপ…

নবীন কবিলৈ চিঠি

Letters to a Young Poet মূল (জাৰ্মান): ৰেইনাৰ মাৰিয়া ৰিল্কে এম্ জি হাৰ্টাৰ নৰ্টনে কৰা ইংৰাজী পাঠৰপৰা অনুবাদ : ৰমানন্দন বৰা দ্বিতীয় পত্ৰ ভিয়োৰিজিঅ’ পিছাৰ কাষত (ইটালি) ৫ এপ্ৰিল, ১৯০৩ আজি তোমাক মই ক’ব খোজা দ্বিতীয় কথাটো হ’ল— মোৰ আটাইবোৰ কিতাপৰ ভিতৰত মাত্ৰ কেইখনমানহে…

বানানৰ পদ্য

প্ৰদীপ পাটগিৰি শোটাৰে সাৰি থাকোঁতে ঘৰৰ চোতাল মইনাৰ নাকেৰে বৈ গ’ল শেঙুনৰ সোঁতা, মিতাৰ লগত কাজিয়া নকৰিবি সমস্যাবোৰ আলোচনাৰে মিটা। প্ৰচণ্ড ৰ’দৰ বাবে ৰদ কৰা হ’ল মাৰাথন দৌৰ প্ৰতিযোগিতা, হুতা সঠিক নহ’লে ভাত নিসিজে চৰুৰ চাউল হৈ ৰয় হুঁটা ।…

সেউজপুৰৰ সাধু

স্মৃতিৰেখা দেৱী সেউজপুৰৰ বৰতলত বহুত দিনৰ মূৰত মহাৰাজ কেশৰীয়ে এখন সভা আহ্বান কৰিছে। খবৰটো পাই প্ৰজাসকল এক প্ৰকাৰ চিন্তাতে পৰিছে। ৰাজ্যখনত একো অথন্তৰ হোৱা নাইতো! নিৰ্দিষ্ট সময়তকৈ আগতেই বৰতলত উপস্থিত হোৱা বাটলুৱে ৰাইজ বহিবৰ বাবে জা–যোগাৰ কৰাত ব্যস্ত হৈ পৰিছে। যোৱা ডেৰ-দুই…

প্ৰকৃতি

দাদুল দেৱকৃষ্ণ বনানি সৰু ছোৱালী। তাই গাঁৱৰে মধ্য ইংৰাজী বিদ্যালয়খনৰ ষষ্ঠ মানৰ ছাত্ৰী। পঢ়াত বৰ বেছি তীখৰো নহয়, বৰ বেছি ওদাও নহয়। মানে মধ্যমীয়া। কিবা এটা নজনা কথা ওলালেই তাই চিধাই গৈ দেউতাকৰ ওচৰ পায়গৈ। দেউতাক কি কামত ব্যস্ত থাকে তালৈ…

ৰন্ধন-কলা

পম্পী শৰ্মা খাউণ্ড বৰ মানিমুনি আৰু সৰু মানিমুনি দি বনোৱা মাছৰ জোল উপকৰণ শ‘ল মাছ ৪/৫ টুকুৰা মানিমুনি ৪/৫ মুঠি (পতাত পিহি লোৱা) আলু ২টা (বইল কৰি লোৱা) আদা, নহৰু পেষ্ট ১ চামুচ  কেঁচা জলকীয়া ১ টা  জালুকৰ গুড়ি‍ ১ চামুচ  নিমখ, হালধি…