Category অন্যযুগ, অক্টোবৰ, ২০২০ (শাৰদীয় সাহিত্য)

গোট মৰা ঘৃণা, গলি যোৱা প্ৰেম

পঞ্চানন হাজৰিকা এইজনেই সেইজন আজাদ নে? ভাগি-ছিগি যোৱা চেহেৰা— ক্লান্ত মুখ-চকুৰ তলত গাঁত আৰু চুলিত অসময়তে ইমান ৰূপালী ৰেখাৰ আঁক-বাক। মই কিছু সময় অবাক হৈ চালোঁ আৰু তাৰ পাছত আজাদক সাবটি ধৰিলোঁগৈ। সি ফেমিলি ক’ৰ্টৰ পৰা উভতি আহিছিল। বিবাহ বিচ্ছেদৰ কাগজ-পত্ৰত…

হৃদয়ালয়

বিশ্বজ্যোতি শৰ্মা অৰূপৰ বাবে মন্দিৰলৈ প্ৰতি সপ্তাহতেই এবাৰ যোৱাটো নিয়ম যদিও আজিৰ ব্ৰহ্মপুৱাৰ এই ক্ষুদ্ৰ মন্দিৰটোৰ পৰিৱেশটো তাৰ বাবে বৰ আচহুৱা। মন্দিৰ এটাৰ ভিতৰত ধূপ-ধূণাৰ ঘ্ৰাণৰ সৈতে এজন পূজাৰীৰ বৈদিক মন্ত্ৰোচ্চাৰণৰ যি প্ৰত্যাহিক পৰম্পৰা সেয়া ইয়াত সি দেখা পোৱা নাই।…

কবিতা

 জয়ন্ত দত্ত   নিউজ চ্ছেনেলবোৰৰ দৰে খবৰ কাকতবোৰৰ দৰে ল’ৰাটো একে ফুটতে উঠিল তুলিকাত তেজ আৰু জুইৰ ৰং সানি ৰৈ থাকে শ্ৰদ্ধাঞ্জলিত শোভা বঢ়াবলৈ বাট চাই থকা ফুলবোৰৰ দৰে   বিনামূলীয়া চাউলত নিগনিৰ গোন্ধ মিহলি হৈ আহিল খদমদম গাঁৱৰ এফাল…

মেডিকেল ক্লাউনিং, পৱিত্ৰ ৰাভা আৰু কিছু অনুভৱ

অনুভৱ মহন্ত নমস্কাৰ৷ মোৰ নাম অনুভৱ মহন্ত৷ বয়স ৩৪ বছৰ৷ ২১ বছৰ বয়সত মই এটা ভয়ানক ৰেল দুঘৰ্টনাত শাৰীৰিকভাৱে আহত হৈছিলোঁ৷ সেই দুঘৰ্টনাত মোৰ ৰাজহাড় আঘাতপ্ৰাপ্ত হোৱাৰ লগতে সোঁহাতখনৰ কিলাকুটিটো প্ৰায় গুৰি হৈ গৈছিল৷ চাৰিদিন গুৱাহাটীৰ জি. এন. আৰ. চি.…

মূল কবিতা: ‘The Fire Sermon’ (The Waste Land)

কবি:  টি.এছ. এলিয়ট অনুবাদ:  ড° দীপশিখা ভাগৱতী অগ্নি  শৰণ   ভগ্ন এই নদীৰ তামীঘৰা, পাতখিলাৰ অন্তিম আঙুলিটোৰ মুঠি দৃঢ়, বুৰ যায় আদ্ৰৰ্ সৈকতত৷ পৰলা মাটিক বিদীৰ্ণ কৰি বৈ যায় নীৰৱ বতাহ, মৰহুম (১) অপ্সৰাৰ জাক৷ প্ৰিয়তম টেম্‌ছ, মোৰ গীত শেষ…

মৌন সময় অৱৰুদ্ধ মন

অংগনা ভট্টাচাৰ্য্য ছাঁ-পোহৰৰ সমান ভিৰ লগা অংশটোত মই থিয় হ’লোঁ৷ ইয়াৰ পৰা পোহৰত উজলি থকা মুখকেইখন ভালকৈয়ে দেখা পায়৷ মই সেইফালে চালোঁ৷ কিন্তু কথন আৰু পৰ্যালোচনাৰ সেই ক্ষুদ্ৰ বৃত্তটোত সোমাব নুখুজিলোঁ৷ মই মুখখন ঘূৰাই দিলোঁ৷ ইটো ফালে ঘনঘোৰ আন্ধাৰ৷ চকুৰে…

শিক্ষাৰ ঊৰ্ধ্বত জ্ঞানৰ পৰিধি

কৰৱী বৰ্মন কলিতা ‘‘Education is not an end in itself, but is only a means of acquiring knowledge.’’ হয়, শিক্ষাৰ কোনো লক্ষ্যস্থান নাই। শিক্ষা হৈছে জ্ঞান, এক উপায়–অৱলম্বন মাত্ৰ৷  শিক্ষা হৈছে মানুহৰ শাৰীৰিক, মানসিক আৰু আত্মিক উৎকৰ্ষ সাধনৰ এক প্ৰক্ৰিয়া৷ …

জন্মদিনৰ গল্প এটা

বিদুৎ বিকাশ শৰ্মা দুটা দিনৰ মাজত আচলতে পাৰ্থক্য থাকে? পৃথিৱীৰ আহ্নিক গতিয়ে সৃষ্টি কৰা আন্ধাৰ-পোহৰ আন্ধাৰৰ খেলখনেই দিন–ৰাতিবোৰৰ সৃষ্টি কৰা নাই জানো? (ষ্টিফেন হকিঙৰ মতে) সেই মহানাদৰ মুহূৰ্তৰ পৰাই আৰম্ভ হোৱা সময় নামৰ অদৃশ্য ৰেখাডাল গঢ়ি তোলা বিন্দু (বিন্দুৰ সমষ্টিয়েই যেতিয়া…

অ-ফলাৰ পদ্য

গীতাঞ্জলি বৰকটকী  ভাগৱতী অ-ই ক’লে অসমৰ অকণ-অকণি আমিআ-ই বোলে ফাকুৱাত আবিৰ লওঁ সানি।ই-এ সোধে ইকৰাৰে ভেলাঘৰ সাজে নে নাসাজেঈ-এ বোলে ঈশ্বৰে লুকাভাকু খেলে নে নেখেলে?উ-এ সোধে উটত উঠি মৰুভূমি চাবা নে নোচোৱাঊ-এ ক’লে ঊষা-অনিৰুদ্ধৰ কাহিনীটো কোৱা।ঋ-এ বোলে ঋষি থাকে আশ্ৰমত…

বানানৰ পদ্য

(কিশোৰৰ কবিতা) সংকল্পজিৎ শইকীয়া       (১) অকণ ভায়েক মদনৰপঢ়াত বৰ চোকা,সি প্ৰায়েই খায় ব্ৰাহ্মী,লাই, লফা, পালেং, চুকা।        (২) অকণে এটা সপোন দেখিলেবিছনাত পৰি পৰি,সপোনত দেখিলে সিএজনী ধুনীয়া পৰী।        (৩) ককায়েকে ৰাখীক পঢ়াইছিলমহানগৰত ৰাখি,ৰাখী…