Category অন্যযুগ, এপ্ৰিল, ২০২১

নিষ্প্ৰাণ শব্দবোৰ

অলকেশ কলিতা   তুমি শুনা নাই পাতবোৰে সৰোঁতে মোক কি কৈছিল । পাতবোৰ সেউজীয়া হৈ থাকোঁতে তুমি নাহিলা । চৰাইবোৰৰ বাৰম্বাৰ মৃত্যু হৈছে । ৰাতিপুৱাৰ, গধূলিৰ । মই চাৰিওফালে দেখিছোঁ নিষ্ঠুৰ নিৰ্মোহ সত্যক। জীৱবোৰে উশাহ লোৱা নাই উশাহ ল’লে গম…

কিয় সোঁৱৰণি এপাহ গোলাপ

অমিতাভ ফুকন   কিয় তুলিকাত ওমলে আন্ধাৰে লুকুৱাই থোৱা বিলুপ্ত উশাহ টঙি ৰখা চিত্ৰকৰ গ্লানিৰ নয়ন ধুমকেতুৰ পছোৱা   কিয় সৃজনত বালিচৰ আপোনঘাটী পিৰালিত খৰাং চৌপাশে বিস্তৰ অসুৰ পিছলি পৰে অগৰু নিস্তব্ধ ৰঙ্গস্থলী তন্দ্ৰাতে সৰিল ধঁতুৰা এপাহ   কিয় সোঁৱৰণি…

অভিব্যক্তি নে আত্মপ্ৰত্যয়

 আকাশ দীপ্ত ঠাকুৰ         “ইমান কিয় ভাবনাবিভোৰ মন মৈথিলী ! আমিতো আজি কেৱল মৌনতাক সাক্ষী কৰি এনেকৈ ক্ষণ গণি থাকিম বুলি লগ হোৱা নাছিলোঁ৷ আচৰিত…তোমাৰ নিৰৱতাই যদি এতিয়া মোকো ভাষাহীন কৰি তোলে…? ”         খিলখিলাই হাঁহি দিলে ৰাধাই৷        ক্ষণিকৰ বাবে যেন…

চ্যালুইনৰ পৰা লুইতলৈ

 ড° চন্দ্ৰধৰ চমুৱা (চৈধ্য) ৰাজ্য আৰু ৰাজ–পৰিয়ালৰ ঘটনাৰ ধামখুমীয়াত ৰণুৱা–বনুৱা, হালোৱা-হজোৱা ঘাঁহী-মাউতৰ জীৱনৰ অভ্যন্তৰৰ কথাবোৰ ঢাক খাই থাকে। যাত্রাপথত কোনো এজনে মন্তব্য কৰিলে। সন্ধিয়া গাৰ নোম নেদেখা আন্ধাৰ হৈছে। ৰাজধানীৰ গড়ৰ বাহিৰত ৰাজ–বাটৰ পৰা অলপ নিলগত এখন বাৰীৰ ঢাপৰ কাষতে…

নাম বদল

অভিজিত শর্মা বৰুৱা         ইয়’ৰ অনাৰ, মোৰ নাম সুপ্রিয় চৌধুৰী। … হয়, হয়, ময়ে মোৰ নাম সলনি কৰিবৰ বাবে আবেদন কৰিছিলোঁ। … কি ক’লে? … এডভোকেট? … নাই, মোৰ কোনো উকীল নাই। মানে মই ক’ব খুজিছোঁ যে মই এইটো এটা…

কেইটিমান জাপানী কবিতা

অনুবাদ: ড০ প্ৰাণজিৎ বৰা পখিলা ছুবই শ্বিগেজি (Tsuboi Shigeji; 1897 – 1975) নমুনা সংগ্ৰহকৰা কোঠাটোত শাৰী শাৰীকৈ পৰি থকা আনবোৰৰ দৰে মোৰ শ’টোও পৰি আছিল পিন এটাৰে ক্ষত–বিক্ষত হৈ যেন কোনোবা মৃতকৰ শোক পালনৰ বাবেহে পৰি আছিলোঁ তেনেকৈ, নিৰৱে   শ্ৰান্ত,…

ৰাজনৈতিক শিক্ষা আৰু শিক্ষক হিচাপে সময়ৰ ব্যৰ্থতা

 [ক]         অসমৰ মানুহক সাধাৰণভাৱে অসমীয়া বোলা হয়৷ অৱশ্যে শব্দটোৰ প্ৰকৃত পৰিধি আজিও নিৰ্ধাৰণ নহ’ল৷ আমি লক্ষ্য কৰিছোঁ যে অসম এনে এক ভৌগোলিক অঞ্চল য’লৈ বিভিন্ন স্থানৰ মানুহ বিনা বাধাই আহিব পাৰে, আহি ইয়াত স্থায়ী বসতি স্থাপন কৰিব পাৰে৷…

সেউজপুৰৰ সাধু

স্মৃতিৰেখা দেৱী  [যোৱা সংখ্যাৰ পাছৰ অংশ]  মহাৰাজৰ ইঙ্গিত পাই এইবাৰ মহামন্ত্ৰী বৃকোদৰে মুখ মেলিলে– : মাননীয় অতিথিদ্বয়৷ মই সেউজপুৰৰ মহামন্ত্ৰীয়ে আপোনালোক দুয়োকে সমগ্ৰ সেউজপুৰীয়া ৰাইজৰ হৈ পুনৰ এবাৰ কৃতজ্ঞতা জনাইছোঁ৷ মহাৰাজৰ ইচ্চা অনুসৰি কাইলৈ পুৱা আপোনালোকক বৰতলত অনুষ্ঠিত হ’বলগীয়া ৰাজহুৱা…

গঁড়ৰ খড়্গৰ উদ্ধাৰ আৰু কোষগাৰত জমা দিয়া প্ৰসংগ

 (শ্ৰদ্ধাৰ বন বিষয়া পংকজ কুমাৰ বৰাৰ হাতত) বুবুল শৰ্মা (১) টেবুলত থকা ম’বাইলটো হঠাৎ বাজি উঠিল৷ গোটেই ৰাতি ডি্উটি কৰি বাগৰি ৰেঞ্জৰ ৰেঞ্জ অফিচাৰ বৰাই দহ মিনিটৰ বাবে চকীখনত ভাগৰুৱা শৰীৰটো এৰি দিছিলহে৷ –        হেল্লো। –        ছাৰ মই জগদীশ ডেকাই…

চুবুৰীয়া মহিলা

অনুভৱ তুলসী     যিদিনা উক দিয়ে চুবুৰিৰ এই মহিলাৰ  সেই বিশেষ গুণটো গোটেই দিনটো গান গায়  গানে শেলুৱৈৰো কাণ-সঁতা লৰায় কাল্পনিক কোনো ব্যক্তিৰ সতে কথা পাতে কথা নে কাজিয়া ৰসনাত আখৈৰ বহুভাষিক  ভমক  সামৰিবলৈ হুঁচ নেথাকে সেই অনা তেনেই ডেই…