Category অন্যযুগ, মাৰ্চ ২০২৫

গ্ৰন্থবাৰ্তা

ঘাঁহফুলৰ মাজেদি    এই সময়ৰ এক শক্তিশালী কবিকণ্ঠ কিশোৰ মনজিৎ বৰাৰ পঞ্চম কাব্যগ্ৰন্থ ‘ঘাঁহফুলৰ মাজেদি’ অলপতে প্ৰকাশ পাইছে৷ কবিগৰাকীৰ কাব্য পৰিক্ৰমা সন্দৰ্ভত স্বনামধন্য কবি-সমালোচক হৰেকৃষ্ণ ডেকাই কৈছে’- “একৈশ শতিকাৰ অসমীয়া কবিতাত কিশোৰ মনজিৎ বৰা এক শক্তিশালী কবিকণ্ঠ৷ তেওঁ অত্যাধুনিক সমাজ…

বাণিজ্য (Commerce) শাখাত স্নাতক ডিগ্রীধাৰীৰ বাবে উচ্চ শিক্ষা আৰু কেৰিয়াৰ সুযোগ

 ড° বুলজিৎ বুঢ়াগোহাঁই বাণিজ্য (Commerce) শাখাত স্নাতক ডিগ্রীধাৰী হ’লে উচ্চ শিক্ষা আৰু কেৰিয়াৰ সুযোগ লাভৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। স্নাতক ডিগ্রীধাৰীসকলে আগ্ৰহ আৰু লক্ষ্য অনুসৰি বিভিন্ন পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে।   স্নাতকোত্তৰ (M.Com.) : শিক্ষাৰ্থীয়ে স্নাতক বিষয় অনুসৰি এম ক’ম…

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-৯

 (পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)  নিজৰা ৰাজকুমাৰী জ’নছ মহলীয়াৰ ‘দূৰণিৰ ৰঙ’ৰ নিৰ্মাণ বিষয়ক কিছু কথা জানিবলৈ আজিৰ পৰা দুবছৰমান আগেয়ে কথা পাতিছিলোঁ চিনেমাখনৰ অভিনেত্ৰী পূৰ্ণিমা পাঠক আৰু শব্দগ্ৰহণকাৰী ৰাজেন ৰাজখোৱাৰ লগত৷ নাটকৰ কামত তেজপুৰলৈ অহা অভিনেত্ৰী পূৰ্ণিমা পাঠকৰ কেৰিয়াৰত…

সুন্দৰবনৰ সংঘাত

পঙ্কজ প্ৰতিম বৰদলৈ প্ৰকৃতিৰ বিস্ময় আৰু মানৱৰ সেই প্ৰকৃতিৰ লগত সংঘাত আৰু সহযোগৰ কাহিনীয়েই হৈছে সভ্যতাৰো কাহিনী৷ বিশ্ববন্দিত লেখক গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজৰ বিখ্যাত উপন্যাস ‘ৱান হাণ্ড্ৰেড য়েৰ্ছ অৱ ছলিচিউড’ত এখন জলাশয়পূৰ্ণ ঠাইক ‘মেকণ্ড’ নামৰ এখন চহৰলৈ পৰিগণিত কৰাৰ আৰু তাৰ…

কি লিখি থৈ যায়

অৰ্চনা পূজাৰী   বিধাতা বোলাজন কোন কপালত কি লিখে তেওঁ নানা মুনিৰ নানা মত পতিয়ন যায় কিদৰে কপাল চপৰিওৱাজনক দেখি এবাৰ ভাবোঁ  কপালখনকে খান্দি চাওঁ নেকি আঁকুহি-বাকুহি ভিতৰখনকে মেলি চাওঁ কি লিখে কেনেকৈ লিখে সেইজনে কথাবোৰ লিপ্যন্তৰ কৰিব পাৰিনে   বেলি উঠা…

বেংডোবাৰ ঘাট

 জয়ন্ত মাধৱ বৰা  ৷৷ তিনি ৷৷   অলপ দিনৰ পিছতে সিহঁতে অভাৱ কি বুজি পোৱা হ’ল৷ ভোক কি বুজি পোৱা হ’ল৷ উপাই নাপাই সি স্কুল এৰি মণিৰ দোকানত লগুৱা হিচাপে সোমাল৷ ‘‘খাৱা-লোৱা নায়, মাহৰ মূৰত খানেকমান পুইচা দিম আৰো৷’’ মণিয়ে…

ঘৃণা

মৃদুল শৰ্মা মোক চাৰিওফালৰপৰা ঘেৰি ধৰি ঘৃণাৰে চাই থাকাঁ যাতে মই মূৰ তুলি চাব নোৱাৰোঁ কোনো ফালে পশুৰ সৈতে মোৰ তুলনাৰে পশুক অপমান নকৰিবা মানুহ মই কেৱল সিহঁতৰ সৰলতাৰে পাহৰি গৈছিলোঁ যে সিহঁততকৈ বহু তলখাপৰ জীৱ মই দুঠেঙীয়া মনিচ মই…

কবিয়ে পাহাৰৰ সপোন দেখে

  মূল : মেৰি অলিভাৰ (আমেৰিকা, ১০ ছেপ্টেম্বৰ, ১৯৩৯- ১৭ জানুৱাৰি, ২০১৯) অনুবাদ : অলকা মহন্ত      কেতিয়াবা মই সময়ৰ অনিয়মীয়া দুৰ্বাৰ গতিত ভাগৰি পৰোঁ। ধূসৰ স্মৃতিৰ পাহাৰ মই লাহে–ধীৰেহে বগাব বিচাৰোঁ বাকী থকা জীৱন মই কটাব বিচাৰোঁ- প্ৰায়…

আহাঁচোন কান্ধ সলাই লওঁ দুখৰ মোনাবোৰ

কাব্যশ্ৰী মহন্ত      আহাঁচোন কান্ধ সলাই লওঁ দুখৰ মোনাবোৰ এজনৰ সেমেকা কলিজাটো আনজনে চুই চাওঁ বুকুৰ ভিতৰলৈকে টানি লওঁ শুকাই যোৱা চকুপানীৰ গোন্ধ আহাচোন কিছুদূৰ একেলগে খোজ কাঢ়োঁ যাওঁতে বাটত শুনি যাওঁ হিয়াৰ মালিতা বেহানি সামৰি থৈ কিছুপৰ বহোঁ…

পথ কেনি

অৰ্চনা ঠাকুৰীয়া   প্ৰলাপ কিয় বকিছা…  তুমিতো জানাই যিখন নদীয়ে বোৱাই আনে গলিত মৰাশ সেই একেখন নদীয়েই আনিব পাৰে স্ফটিক পানীৰ জীৱন-যমুনা মন গ’লেই তুমি চাব পাৰিবা  মোৰ হাতৰ মুঠিত লুকাই ৰখা অনন্ত আকাশ কিম্বা ক্ষুধাতুৰ পৃথিৱীৰ আঘোণী-পথাৰ  অংকত নিপুণ…