Category অন্যযুগ, মে’ ২০২৫

সমকালনী শ্বায়েৰী— প্ৰেমৰ পৰা প্ৰতিবাদলৈ

 পঙ্কজ প্ৰতিম বৰদলৈ    শ্বায়েৰী হৈছে হিন্দী আৰু উৰ্দু সংস্কৃতিৰ হৃদস্পন্দন৷  মাত্ৰ কেইটামান শাৰীত বিয়পি পৰে কেঁচা আৱেগ, হৃদয়ৰ অটল তলিত আঘাত কৰি হয়তো ই পুৰণি ক্ষত শুকুৱায়, অথবা ই দি যায় সেই ঘাতে নতুন যাতনা৷ শ্বায়েৰীসমূহ কবিতা হৈও কবিতাৰ…

প্ৰাচীন ভাৰতত বিজ্ঞানমনস্কতাৰ চর্চা : বস্তুবাদী দর্শনৰ আলোকত

ড০ ৰক্তিম ৰঞ্জন শইকীয়া   বিজ্ঞানমনস্কতাৰ ধাৰণাবোৰো একেবাৰে চলমান ধাৰণা৷ আজিলৈকে আহৰণ কৰা জ্ঞানৰ ভিত্তিত আমি দাবী কৰা বিজ্ঞানমনস্কতাৰ ধাৰণাবোৰ দুদিনৰ পাছত অন্ধবিশ্বাস হৈ পৰাৰ সম্ভাৱনা থাকে৷ আজি অন্ধবিশ্বাস বুলি দাবী কৰা পৰিঘটনা এটা পৰৱর্তী সময়ত বৈজ্ঞানিক সত্যও হৈ পৰিব পাৰে৷ আচলতে…

ৰেডিঅ’ তৰংগৰ আঁৰে আঁৰে

 ড০  স্মৃতিমালা শৰ্মা   গুৱাহাটী মহানগৰীৰ মাজ মজিয়াত, ব্যস্ত ৰাজপথ আৰু আকাশলংঘী অট্টালিকাবোৰৰ মাজত এটা সৰু ৰেডিঅ’ ষ্টেচন। ৰেডিঅ’ ষ্টেচনটোৰ চাৰিওফালে কংক্ৰিটৰ সুউচ্চ দেৱালৰ পৰিসীমাৰ ভিতৰত আছে এখন সৰু কিন্তু সজীৱ পৃথিৱী। ইয়াতেই প্ৰতিদিনে সৃষ্টি হয় শব্দৰ  মায়াজাল আৰু ৰেডিঅ’ তৰংগৰ মাজেৰে গতি কৰি সেই শব্দই সন্মোহিত…

শিৱৰাত্ৰি

 অসীম তালুকদাৰ   শিৱৰাত্ৰিৰ দিনা ৰাতিপুৱাৰে পৰা এই মন্দিৰটো লোকে লোকাৰণ্য হৈ পৰে৷ এইবাৰো পৰম্পৰাৰ ব্যতিক্ৰম হোৱা নাই৷ ওচৰৰ মানুহৰ কথা ক’বই নালাগে; দূৰ-দূৰণিৰ পৰাও আজি শিৱৰাত্ৰিৰ পৱিত্ৰ দিনটোত ভগৱান শিৱৰ আশিস বিচাৰি মানুহে ভিৰ কৰিছেহি৷ পূৰ্বতে এই ঠাইত আহোমৰ শাসন…

ইন্সপেক্টৰ লালৰ সেই বিশেষ কে’ছটো

             মূল : (ইংৰাজী) ৰাস্কিন বণ্ড  অনুবাদ : বিদিশা দত্ত     প্ৰায় দুবছৰৰ আগৰ কথা৷ তেতিয়া মই উত্তৰ ভাৰতৰ ভৈয়ামৰ শ্বাহপুৰত আছিলোঁ৷ অতি গৰম আৰু ধূলিময় চহৰ বুলি শ্বাহপুৰৰ নাম আছিল৷ সেই চহৰতে মই…

শুকুলা হাতীৰ দৰে পাহাৰ

    মূল : আৰ্ণেষ্ট হেমিংৱে ভাবানুবাদ : যশোৱন্ত নিপুণ এব্ৰ’ উপত্যকাৰ পাহাৰবোৰ খুব দীঘল আৰু শুকুলা৷ এইফালে ছাঁ পৰা ঠাই  আৰু গছ নাছিল আৰু ষ্টেচনটো দুই ৰে’ল লাইনৰ মাজত ৰ’দত থিয় হৈ আছিল৷ ষ্টেচনটোৰ খুব কাষতেই তাত এটা বিল্ডিং আৰু…

ত্ৰিভূজ নক্ষত্ৰ

মাধুৰ্য্য গোস্বামী দিনটোৰ সমস্ত কোলাহল— বিভিন্ন পোক-পতংগৰ আৰাও, ফোঁ-ফোঁৱাই বলি থকা বতাহত মচ্‌মচ্‌কৈ উঠা চেগুন পাত, ভতুৱা কুকুৰৰ মাত, ছাগলীৰ বেবনি, আধা মাইল দূৰৰ ৰাস্তাৰপৰা পথাৰৰ মাজৰ বতাহখিনিক মহতিয়াই অনা অসংখ্য গাড়ী-মটৰৰ শব্দক আওকাণ কৰি অভ্ৰনীল নিজে এটা স্বয়ংসম্পূৰ্ণ শব্দ হ’ল৷…

মানুহবোৰ তেতিয়া ক’ত আছিল

 নিজৰা ৰাজকুমাৰী                       গছ-মেঘ-বতাহ আৰু ফুলবোৰৰ অধিকাৰৰ কথা ক’বলৈ সদায়েই সাজু আছিল পৃথিৱী ঈশ্বৰে আঙুলিৰ আঁক এটাৰে নৈ এখন গঢ়িছিল আৰু এমোকোৰা সুগন্ধিৰে লিখিছিল মানুহৰ সৌভাগ্য মানুহবোৰ তেতিয়া ক’ত আছিল! যুদ্ধৰ পাছত যুদ্ধৰ সন্ধানত অঘৰী হ’ব খোজা মানুহবোৰে ক’ত পুতি…

ৰ’দে-বৰষুণে ইমান যে গান

     লোকনাথ গোস্ৱামী (মন দাপোনত – ৮) (১)  গাঁৱৰ কাহিনী কৈ অন্ত কৰিব নোৱাৰি৷ জন্মৰ পৰা যৌৱনৰ এছোৱালৈ অৰ্থাৎ কলেজৰ দেওনা পাৰ হৈ তেজপুৰ একাডেমীত কেইবছৰমান চাকৰি কৰালৈকে গাঁৱতে জীৱন অতিবাহিত কৰিছিলোঁ৷ গাঁৱৰ এই জীৱন পৰিক্ৰমা ইমানেই বিচিত্ৰ, বৰ্ণিল…