আইতাৰ চশ্মা (শিশু অনুবাদ গল্প)
মূল ৰচনা: ৰাস্কিন বণ্ডে অনুবাদ: স্ৰোতস্বিনী তামুলী অংকন: বৰ্ণিল মহন্ত আইতাকে দূৰৈৰ নৈখনৰ কল্ কল্ শব্দ শুনা পাইছিল, ভৰিৰ তলুৱাত পাইন গছৰ বেজীৰ দৰে পাতবোৰৰ উমান পাইছিল, তেওঁ তেওঁৰ নাতি ল’ৰা মণিৰ উপস্থিতি অনুভৱ কৰিছিল। কিন্তু তেওঁ নদীখন অথবা গছবোৰক দেখা নাপাইছিল, আনকি মণিকো।…