Category অন্যযুগ, জুন, ২০২১

উত্তৰ সত্য

দিগন্ত শইকীয়া এই যে আমি কওঁ কাউৰী টেঙৰ বৰ ই সত্য নহয়   অনেক মাধ্যমৰ চিকাৰ কাউৰী চাবলটাৰ্ন কাউৰী খাটিখোৱা কাউৰী জমাদাৰ কাউৰী   কুলিৰ মিঠা মাত শুনিলেই কাউৰীলে’ মনত পৰে যিমান কবিতা যিমান গান যিমান সাধু কুলিক লৈ আছে…

পেইন এণ্ড ফেণ্টাছি‍ ফাগুন

চুনা কুমাৰ পাঠৰী   নৈৰ ঢৌৱে সপোন ভঙা ট্ৰেজিক খেলখন চাই চাই শিলগুটি এটা পানীলৈ দলিয়াই দিছোঁ নিমিষতে পানীত নিশ্চিহ্ন শিলগুটি, স্মৃতি বুৰবুৰণি কোৱাঁ— দুখতকৈও গধুৰ নে শিল ?   বুকুত অহৰহ কঢ়িয়াই ফুৰা এই শূন্যতাৰ নামেই ভালপোৱা!   প্ৰিয় সন্ধিয়া গোসাঁইঘৰত…

নির্ভাৰ

অলকেশ কলিতা   মাটি, আজিৰ পৰা মোক নাম কাঢ়ি নামাতিবা। এইমাত্ৰ এজাক ধাৰাসাৰ বৰষুণত মোৰ নামটো ধোৱা গৈছে। তেনেকৈয়ে মই তোমাত মিহলি হৈ গৈছোঁ। উঁয়ে খোৱা এচটা কামি। পুনৰ পোহৰ হ’বৰ বাবে ঢেৰ বীজ সিঁচি দিয়া হ’ব জানানে! এক পলকতে মই…

ভাব বিতান

ননী বৰদলৈ   বাঁহীৰ মাত এটা ঢপলিয়াই আহিছে বাঁহীত ৰাতিৰ সুৰ বাঁহীটোৰ সুৰত উটি আহিছে দুটি জোনাকী৷              ***  মেঘৰ আঙুলিৰ ফাঁকেৰে কেইটোপালমান বৰষুণ সৰি পৰিছিল পানীপিয়াজনী চিঞৰি চিঞৰি উৰি গ’ল৷             *** বৰষুণৰ পাছত গো-বাটটোৰ গৰুৰ খোজত অগণন জোন আকাশত মাথোঁন…

কবিতা থাকে যুগপৎ…

উদয় কুমাৰ বৰুৱা   যিবোৰ ভাবনাই পৃথক কৰি ৰাখিছিল অত কাল সিয়েইচোন ক্ৰমাৎ ওচৰ চপাই আনিছে   প্ৰশ্ন হয়: অনুভৱ কৰিবলে শিপাৰ অস্তিত্ব, হ’ব লাগে নেকি মাজে মাজে নিজৰ পৰা বিচ্ছিন্ন   একাকি‍ত্বয়ো কেতিয়াবা  দিয়ে নেকি বন্ধ কৰি ৰাজপথলে খোলা দুৱাৰ…

কণ্ঠবোৰ এনেদৰেই হেৰাই যাব নেকি

 দীপিকা শইকীয়া “হাতো নেমেলিবি ফুলো নিছিঙিবি       ক’ৰে নাৱৰীয়া তই’’                কেনেকৈ চেপিছ, খুন্দিছ       তই কোন ক’ৰেনো হয়        চৌদিশ গুঁইমেলাৰ দৰে        ৰহস্যময়!          ৰজাঘৰীয়া জোৰণত        তামোল-পাণ নাই         সাউদৰ বণি‍জ         বৰপথাৰৰ ৰং         তৰা মেলা, বৰজোনৰ আকাশ         জোনাকৰ জোলা         হাঁহিৰ জুনুকা          ছন্দত গন্ধময়           খৰালি,…

ভালপোৱা

অনিন্দিতা কলিতা ভালপোৱাক মই ভাল পালোঁ আইৰ কোঁচৰ পৰা নামি আঁঠু কাঢ়িবলৈ লৈ মই ভাল পালোঁ মাটিক মানুহ মাটিতেই মিলিব বুলি নজনাকৈ নজনাকৈ ভাল পালোঁ তোক চম্পা চাৰিটা যুগ হেন দিন তই নোহোৱাকৈ সুমথিৰাৰ বাগিচা পাৰ হৈ বসন্তলৈ ৰৈ থাকিলোঁ…

সংৰোপণৰ কাৰণে সংশ্লেষিত অংগ আৰু ত্ৰি-মাত্ৰিক জৈৱমুদ্ৰণ

ড° ৰাস্না ৰাজখোৱা উন্নত জীৱন ধাৰণ প্ৰণালীয়ে বৰ্তমান মানুহৰ গড় আয়ুস প্ৰায় দুগুণলৈ বৃদ্ধি কৰিছে যদিও বৃদ্ধ বয়সত আমাৰ শৰীৰৰ অংগবোৰৰ কাৰ্যক্ষমতা কমি আহে৷ বেছিভাগ মানুহৰে বৃদ্ধ বয়সত নতুন অংগৰ প্ৰয়োজন হয়৷ ৰোগ-ব্যাধি অথবা দুৰ্ঘটনাত অংগ বিকল হ’লে আনকি যুৱ অৱস্থাতো…

এক আচৰিত সৌভাগ্য

সঞ্জীৱ সভাপণ্ডিত মোৰ গান হওক … গীতিকাৰ–গায়কজনে গানটো লিখিলে, সুৰ দিলে, গাই দিলে৷ সুন্দৰ গান, ব্যতিক্ৰমী গান৷ নতুন সোৱাদৰ গান৷ বাস্তৱ গান৷ গানটোৰ জন্মৰে পৰা গানটো জীয়াই আছে আৰু সদায়েই তেনেকৈয়ে থাকিব বুলি ধাৰণা হৈছে৷ কাৰণ গানটো কোনো ঘটনাক লৈ লিখা নাই৷…

জীৱন এনেকুৱাই

মূল বাংলা: ৰক্তিম তমাল গাঙ্গুলী অনুবাদ: মনালিছা পাঠক নেওগ ঘৰৰ খিৰিকীয়েদি উৰি ফুৰা বতাহে কেতিয়াও অনুমতি বিচাৰি প্ৰৱেশ নকৰে৷ প্ৰেমেও অনুমতি নিবিচাৰে৷ মৃত্যুৱেও অনুমতি নিবিচাৰে৷ কিছুমান মানুহে তেনেকৈয়ে অনুমতিৰ পৰোৱা নকৰে৷ চিত্ৰাও তাৰ মাজত অন্যতম৷ ব’হাগ মাহৰ দুপৰীয়া৷ বাহিৰত পকা…