Category অন্যযুগ, ছেপ্টেম্বৰ, ২০২১

গুণ্গুণনিৰ সুমথিৰাটো

ধ্ৰুৱকুমাৰ তালুকদাৰ   গুণ্‌গুণাই থাকোঁতে গানটো পকি উঠিল পকি উঠিল পশ্চিম গাৰোপাহাৰৰ এটা সুমথিৰাৰ দৰে    তুমি বুকুত এবুকু মেঘ লৈ উৰি ফুৰিছিলা ঠিক মোৰ মূৰৰ ওপৰৰ আকাশখনত    তুমিও এটা গান গুণগুণাই আছিলা গানটোৰৰ আঙুলিবোৰ লাহে লাহে বৰষুণ হৈ…

ছন্দৰীতি

মূল : মহাদেৱ সাহা (বাংলা) অসমীয়া অনুবাদ : কুমুদ ঘোষ তোমালোকৰ কথাই কথাই ইমান ব্যাকৰণ উঠোঁতে-বহোঁতে তোমালোকৰ ইমান অভিধান, কিন্তু চঞ্চল নিজৰাৰ কোনো ব্যাকৰণ নাই আকাশৰ নাই কোনো অভিধান, নাই সমুদ্ৰৰ। ভালপোৱাই নামানে কেতিয়াও ব্যাকৰণ হৃদয়তকৈ ডাঙৰ কোনো সংবিধান নাই হৃদয়ে যিখিনি পাৰে…

অতিসাম্প্ৰতিক

অংকুৰিতা ফুকন   ফৰকাল হওক বুলিয়েই ফুটা কপালখন উবুৰিয়াই থওঁ বৰষুণৰ বিছনাত   মায়াৰ মোহনাত বহি কাণ পাতি শুনো টোপ গিলা মাছৰ সেমেকা বিলাপ   চকুৰ চন্দুকত ভৰাই আৰুনো কিমান লুকুৱাম ভাবনাৰ অপইতা ফল সময় থাকে মানেহে থাকিব চকুত পোহৰ…

আফ্ৰিকাৰ লোককবিতা

অনুবাদ: ড° প্ৰাণজিৎ বৰা   ১ তেওঁ‌ক ভাল পাবৰ পাছৰে পৰা এনে লাগে নিজে খাবলৈ বুলি যেন চাউলকেইটাত থকা ধান বাচি আছো ৰাতিয়ে-দিনে বাচোতে বাচোতে এখন পথাৰৰ চাউল শেষ হৈ যায় পিছে ক‘ত, শাঁ‌ত নপৰে দেখোন অন্তৰখন   ২  …

বিষাদ বেঙুনীয়া

স্বপ্না নিহাৰ বহুদিন আগতেই আধালিখাকৈ পেলাই থৈ দিয়া গল্প এটাকে অকণমান আগবঢ়াই থওঁ বুলি  বিছনাত পেট পেলাই শুই কলমটো কামুৰি ৰৈ আছিলোঁ। তেনেতে চেঁচা বতাহ এজাক কোঠাটোৰ একমাত্ৰ খিৰিকীখনেৰে সোমাই আহিল। মন-প্ৰাণ জুৰ পেলোৱা বতাহজাকে ৰাধাকৃষ্ণ এপাৰ্টমেণ্টৰ তৃতীয় মহলাত থকা…

স্বাধীনতা

 লক্ষী প্ৰসাদ ৰেগন   দুচকুৰ স্বাধীনতা দৃষ্টি থকালৈকে   দুহাতৰ স্বাধীনতা দুবাহুত বল থকালৈকে   মনৰ স্বাধীনতা সাহস থকালৈকে   স্বাধীনতাকো স্বাধীনতা লাগে। আকাশত চাং পাতিবলৈ পৰৰ মুখত ছাই সানিবলৈ বুৰ যোৱা বেলিটোক পুনৰুদ্ধাৰ কৰিবলৈ

উৎকৃষ্ট গদ্যৰ সন্ধানত

ড০ খগেশ সেন ডেকা প্ৰস্তাৱনা :         মানৱ-সভ্যতাৰ অগ্ৰগতিত ভাষাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ ভাষাৰ বাবেই প্ৰাণী জগতৰ সকলো জীৱৰ ভিতৰত মানুহ নামৰ প্ৰজাতিটোৱে এক সুকীয়া স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে৷ প্ৰকৃতি জগতত নিৰ্দিষ্ট বাচিক ধ্বনি-ৰীতি আৰু তাৰ সৈতে অৰ্থৰ…

সংশ্ৰৱশূন্য

অংকিতা বৰুৱা কাৰ্ভিঙ নাইফখনৰে কাঠৰ টুকুৰাটোক এখন মুখাবয়বলৈ ৰূপান্তৰ কৰাত ব্যস্ত সি । মুখখনৰ প্ৰতিটো অংগকে নিখুতভাবে ফুটাই তুলিবলৈ সি খুব সাৱধানে তাৰ হাতখন চলাই গৈছে । তাৰ বিশেষ ধ্যান থাকে চকুযুৰিত । শব্দতকৈ এযোৰ চকুৰ সংবেদনশীলতাই তাক বেছিকৈ আকৰ্ষিত…

অকণিয়ে অঁকা ছবি‍

অকণিয়ে অঁকা ছবি শিতানত এইবাৰ  আগবঢ়াইছোঁ গুৱাহাটীৰ হ’লী চাইল্ড স্কুলৰ পঞ্চম মানৰ ছাত্ৰী জাৰ্নভি ভি কলিতা, নুনমাটি, গুৱাহাটীৰ অসম জাতীয় বিদ্যালয় প্ৰথম শ্ৰেণীৰ ছাত্ৰ সমৃদ্ধ ৰাগ শইকীয়া আৰু তিনিচুকীয়াৰ কে.জি.ৰ ছাত্ৰ সৌজন্য কাশ্যপ বৰদলৈয়ে অঁকা ছবি—  অংকন: সৌজন্য  কাশ্যপ বৰদলৈ‍ অংকন:…

অব্যাহৃত

শিশুসাহিত্যিক ইন্দ্ৰকান্ত কাৰ্কীদেৱলৈ শ্ৰদ্ধাঞ্জলি ৰঞ্জুমণি মহন্ত সপ্তম শ্ৰেণীত বৃত্তি পাওঁতে ‘মৌচাক’-ত “এওঁলোকে বৃত্তি লাভ কৰিছে” শিতানত মোৰ ফটো ওলোৱাত দেউতাই ‘মৌচাক’-ৰ সেই সংখ্যাটো কিনি আনিছিল আৰু সেইদিনাই মোৰ ‘মৌচাক’-ৰ সৈতে প্ৰথম পৰিচয় ঘটিছিল৷ তাৰ আগলৈকে মই ‘সঁফুৰা’হে পঢ়িছিলোঁ৷ ৰঙীন পৃষ্ঠাৰে…