Category অন্যযুগ, ছেপ্টেম্বৰ, ২০২১

নিজে এটা গাহৰি হৈ ঘূৰি আহিছিলোঁ

নীলাভ সৌৰভ এটা গাহৰি ৰ’দ  কচুতলিত সেমেকি আছে কচুপাতত গজাল বৰষুণ হাত ভৰি মেলি পৰি আছে ফটাকানি পথ ভঁৰালেটা উঁইৰ অট্টালিকা, ছালখন ৰ’দ ৰ’দখিনি আকাশ আকাশ ডাৱৰীয়া ডাৱৰত পানী পানীত লতা লতা নৈ নৈত বেলি বেলিটো গাহৰি গাহৰি কচুতলিত পাঠক,…

নিখুঁত বড়িৰ ৰচনা আৰু ক’ভিড-১৯-ক নিৰ্মূল কৰা সম্ভৱনে?

ড° ভাৰত বৰুৱা চিকিৎসা বিজ্ঞানৰ কুশলীসকলৰ মতে মৌখিক প্ৰতিবিষাণু বা অ’ৰেল এণ্টিভাইৰেল, যিটো তৈয়াৰ কৰা খুবেই কঠিন, সেইটোৱেহে  সম্ভৱত:অনাগত দিনত ক’ভিড-১৯ অতিমাৰীৰ শিখাক নুমুৱাব পাৰিব আৰু ভবিষ্যতে এনে ধৰণৰ ভাইৰাছজনিত ৰোগৰ আবিৰ্ভাৱক প্ৰতিৰোধ কৰিব পাৰিব। যেতিয়াই ক’ভিড-১৯ -য়ে সমগ্ৰ বিশ্ব ছানি ধৰিলে,…

ট’কিঅ’ অ’লিম্পিকত ভাৰতৰ প্ৰদৰ্শন আৰু কিছু আনুষঙ্গিক

         ক’ভিড মহামাৰীৰ মাজতে এবছৰ পলমকৈ অনুষ্ঠিত হোৱা ট’কিঅ’ অ’লিম্পিক শেষ হ’ল৷ প্ৰায় এশ চল্লিছ কোটি মানুহৰ দেশ ভাৰতবৰ্ষৰ ক্ৰীড়াৱিদসকলে এই ক্ৰীড়া প্ৰতিযোগিতাত মিশ্ৰিত প্ৰদৰ্শন কৰিলে৷ এটা সোণ, দুটা ৰূপ আৰু চাৰিটা ব্ৰ’ঞ্জৰ পদক লাভ কৰিলে ভাৰতীয় দলে৷ এইবাৰৰ…

এই দিশে পোহৰ

 পলাশ বৰুৱা   কি কৰোঁ কি নকৰোঁ অৱস্থাৰ মাজত ৰৈ কিৰণ যেন স্থৱিৰ হৈ পৰিছে৷ মনৰ মাজত চলি থকা তাৰ অস্থিৰতাৰ যুদ্ধখনৰ বিষয়ে কোনেও নাজানে৷ সি কাকো ক’বও নোৱাৰে৷ আটাইতকৈ ডাঙৰ কথা এয়ে যে তাৰ মনৰ অস্থিৰতা আজি স্কুলতো ওলাই…

আপোনাৰ বন্ধুজন যেতিয়া কিতাপ হয়

 পল্লৱী শইকীয়া         আত্মাৰ এক শক্তিশালী বন্ধন হ’ল বন্ধুত্ব৷ আমি বন্ধুত্ব বুলি ক’লে সততে দুজন মানুহৰ মাজত গঢ় লৈ উঠা পাৰস্পৰিক সদ্ভাৱ আৰু মিলা–প্রীতিকে বুজোঁ৷ আজি অৱশ্যে অন্য এক বন্ধুত্বৰ বিষয়েহে কিছু কথা অৱগত কৰিবলৈ প্রয়াস কৰা হৈছে৷         আপোনাৰ বন্ধুজন…

অদৃশ্য হোৱাটো অসম্ভৱ নহয়!

অভিজিত শর্মা বৰুৱা প্রখ্যাত লেখক এইছ জি ৱেলছৰ এখন কল্পবিজ্ঞান উপন্যাসৰ নাম আছিল ‘দ্য ইনভিজিবল মেন’, মানে ‘অদৃশ্য মানুহজন’! কাহিনীৰ প্রটাগনিষ্টজনে এক বিশেষ প্রক্রিয়াৰে অদৃশ্য হোৱাৰ ক্ষমতা অর্জন কৰিছিল। তাৰ ফলত কিছুমান অদ্ভুত ঘটনা ঘটিছিল, কিন্তু শেষ পৰিণতি আছিল কৰুণ। পৌৰাণিক গ্রীক কাহিনীত উল্লেখ থকা এথেনা নামৰ দেৱীগৰাকীৰ এটা…

হাত

পৰিস্মিতা বৰদলৈ (১) কঁহুৱা বন… কাগজখিলাৰ ওপৰত হাতখন খুব খৰকৈ চলিছে৷ খচ্ খচ্..খচ্ খচ্… ‘খিৰিকীখন খুলিলেই দেখা যায় হালি-জালি থকা কপাহ কোমল কঁহুৱাৰ শাৰীবোৰ৷ ভাৰাক্ৰান্ত মনবোৰ যেন কঁহুৱাডৰাই ভাৰশূন্য কৰি তোলে পলকতে৷ মিহিকৈ বলি থকা কোমল বতাহজাকে আহি তাইৰ চুলিবোৰ…

শাওণৰ শিৱ

গায়ত্ৰী দেৱী বৰঠাকুৰ   তালৱ্য শ শাওণ   তালৱ্য শ শিৱ   শাওনত শিৱ   অতি ব্যস্ত নে ব্যতিব্যস্ত   বাঘৰ ছালখন খুলি থৈ পানী গামোচাখনেৰে  পোন্ধ মাৰে   শহুৰৰ জীয়েকে যতনাই দিয়া লালচাহটোপা গুৰ অকণেৰে খাই শিৱই নাঙল লয়…

অকথ্য

জুবিলী গগৈ   বৰ ধাৰাল এই তেজৰ টোপাল শিপা হৈ ভেদি যায় পৃথিৱীৰ বুকু   শিলাময় স্পৰ্শ তপত বলুকা ফাটি চিৰাচিৰ হোৱা মাটিৰ মালিতা   শূন্যতাৰ উশাহ সামৰি শিপা বাঢ়ি যায় অতললৈ   চুলি মেলি বহি ৰয় পৃথিৱী উন্মাদ চকুত…

এটি প্ৰেমৰ কবিতা

ৰূপা বৰপূজাৰী         নীলা পাহাৰ এটাৰ বুকুত ৰুই দিলোঁ এটা সপোন আৱেগৰ ছাঁ আৰু চকুৰ পানীৰে জীয়ন দি এদিন মোৰ লতাসেৰীয়া দুহাতেৰে জানোচা ঢুকি পাওঁ তোমাক     সপোনৰো থাকে নেকি মাণিকী মাধুৰী হিয়া প্ৰতিশ্ৰুতি অথবা চৰ্তহীন এক অদৃশ্য বলয়ৰ মাজতো যি দৃশ্যমান…