sdblogs2011

sdblogs2011

শংখধ্বনি

প্ৰাঞ্জল কুমাৰ লাহন     মৰা শামুকৰ খোলা এটা কুৰুকি কুৰুকি  সোমাই আছোঁ   শংখ এটাত সোমাব পৰা হ’লে ভাল আছিল তুমি হয়তো দেখিলাহেঁতেন শংখটো!   তোমাৰ হাততে উঠি ভ্ৰমিলোহেঁতেন পৃথিৱী   নতুন দিনৰ প্ৰাৰ্থনাৰে শংখৰ ভিতৰৰ পৰাই হ’লোঁহেঁতেন শংখধ্বনি…

অলপ মেটাফৰিকেল

 চুনা কুমাৰ পাঠৰী   ১.   ফ্লাইঅ’ভাৰ ভাবনাৰ ছলেনয়ড মগজুত যাদৃচ্ছিক পাকঘূৰণি আৰু কিছু জীয়া যন্ত্ৰণাময় শব্দ। বিৰামহীন, ন’ন ষ্টপ ছটফটনি আৰু কেঁচা টোপনি। ন’ন মেটাবলিজম উগাৰ। তাৰ মাজতে ষ্টাৰ্টিং সমস্ত এটা কবিতাৰ কাহিনী। আৰু চিন্তাৰ ভৌগোলিক পৰিধিত পাৰিশ্ৰমিক সম্পাদনা।…

সাত বছৰে বলোৰাম

 স্ৰোতস্বিনী তামুলী            বলোৰাম ! … তেওঁৰ সমুখত বিশাল সেউজীয়া ধাননি৷ কাষতে চাহৰ কেটলিটো হাতত লৈ ৰৈ আছে তেওঁৰ জীয়ৰী ৰীমা৷ তাই একেথৰে চাই ৰৈছে মানুহজনৰ অসহায় কৰুণ মুখখনলৈ৷ তেওঁলোকৰ মূৰৰ ওপৰত প্ৰখৰ ৰ’দৰ তাপ৷ দহ পুৰা মাটিৰ ধান খেতি…

মানুহবোৰ আছেনে ঘৰত

 মানস প্ৰতিম দত্ত   মেঘৰ চুলিৰ মাজেৰে সৰকি অহা এজাক চিপ্ চিপ্ উশাহৰ পাৰ ভাঙি চৰাইবোৰ গুচি গৈছে জন্তুবোৰ গুচি গৈছে   হাতী-মাটি-কেতেকী নাহৰ-সোণাৰু-পলাশৰ সৈতে বসন্তৰ উভালিছে শিপা…   বৰষুণত তিতি তিতি মানুহবোৰে কান্দিছে   চকুপানী বিচাৰি হাবাথুৰি খায় শুকান…

পচিশ জুলাই দুহেজাৰ চৌব্বিশ

হৰেকৃষ্ণ  ডেকা   কলম বিচাৰি আছোঁ। বহীৰ খোলা পাত উকা। প্ৰহৰবোৰ গৈ আছে। দিন বাগৰিব, সময় ৰৈ নাথাকে। খোলা পাতত নেদেখা আখৰেৰে সময়ে লিখিব, বছৰবোৰ যদি খোজ হয় তোমাৰ জীৱনৰ একাশীটা খোজ পাৰ হ’ল; কিন্তু চোৱা, বালিয়ে ঢাকি পেলাইছে তোমাৰ…

এশাৰীৰ কবিতা

 গুণ মৰাণ                  ঠিকনা গ্ৰন্থকীটে হাত দাঙি ক’লে- কবিতা তেজৰ ৰক্ত কণিকা               পোৰণি বেলিক দেখি জ্বলে জোন- জোনক দেখি জ্বলে তৰা              চাৰিটা চকু তাইৰ চাৰিটা চকু- দুটা দুজন দৰ্শক আন দুটা দুজনী  নাচনী              সন্তান সুখতো কন্দুৱায়…

পৃথিৱীলৈ

 মাধুৰ্য্য গোস্বামী   জঁটাত নৈখন বান্ধি নিয়া খামিডাঠ মানুহ এজন আছিল যিয়ে কঢ়িয়াইছিল জীয়া পৃথিৱীৰ সকলো মৰণশীল কথাকবিতা চকুৰ দাবানলত দগ্ধ হৈছিল অজস্ৰ অন্যায়, জ্বলাই দিছিল অসূয়া স্থিৰতাৰে কলুষতা মচিছিল,   প্ৰশ্নৰ পাছত প্ৰশ্নৰ অনেক সাঁকো পাৰ হৈ তেওঁ আমাকেই…

পানীৰ সাধু

 অৰুণ গগৈ                 মেটেকা ভাহি যোৱা কথাবোৰ মেখেলাৰ পাতলিত মেৰিয়াই আয়ে কৈছিল পানীৰ সাধুকথা   পানীকেঁচুৱাৰ কান্দোনত তল যোৱা গাঁওবোৰে পানীৰ পকনীয়াত পাক খাই হেৰুৱাইছিল পিতাইৰ পদূলিৰ বাট হেৰুৱাইছিল মাটি মুখৰ মাত   পানীৰ মালিতাত মানুহবোৰে খাইছিল হাবুডুবু ঘৰ, বাৰী,…

চিন্তন

 অৰ্চনা ঠাকুৰীয়া            এক    ঘৰত থকা ঘড়ীটোৱে সোঁৱৰায় আৰুনো কিমান দিন ? জীৱন, জীৱৰ বিলৈ হাঁহোৱে বা কান্দোৱেই আপোনাৰ ক্ষতি কি?                দুই    তাত এজোপা গছ ময়ো ৰুইছিলোঁ  কিছুদিন যতনাই দিছিলোঁ পানী …