sdblogs2011

sdblogs2011

অকণিয়ে অঁকা ছবি

   ‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ  আগবঢ়াইছোঁ  হোলী চাইল্ড স্কুল, গুৱাহাটী ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী জাৰ্নভি- ভি কলিতাই অঁকা ছবি     পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT

এক অনন্য ভ্ৰমণ কাহিনী

নৱনীতা ভট্টাচাৰ্য্য (৬) ঘৰটোৰ চাৰিওফালে ঘুৰি ফুৰি মই ভাগৰি পৰিছিলো। তথাপিও মোৰ হেপাহ পলোৱা নাছিল৷ পলাবনো কেনেকৈ? ঘৰখনৰ প্ৰতিপদ বস্তুৱেই যে সুকীয়া৷ চালে চকু ৰোৱা৷ ইয়াৰে কিছুমান বস্তু বহুতো পুৰণি, হ’লেও মোৰ বাবে একেবাৰে নতুন৷ মাজৰ কোঠাটোত ধুনীয়াকৈ সজাই থোৱা পেৰাটোৰ কথাকে ক’লো যেনিবা৷…

কেৰিয়াৰক কেনেকৈ শ্ৰেণীভুক্ত কৰিব পাৰি?

 ড° বুলজিৎ বুঢ়াগোহাঁই                  বিভিন্ন কেৰিয়াৰৰ কৰ্ম প্ৰকৃতি বা বৈশিষ্ট্য অনুসৰি শ্ৰেণীভুক্ত কৰিব পাৰি। যেনে-  বাস্তৱধৰ্মী কেৰিয়াৰ (Realistic Careers), অনুসন্ধানী কেৰিয়াৰ (Investigative Careers), শৈল্পিক কেৰিয়াৰ (Artistic Careers),  সামাজিক  কেৰিয়াৰ (Social Careers), উদ্যমী কেৰিয়াৰ (Enterprising Careers), গতানুগতিক কেৰিয়াৰ  (Conventional Careers) আদি।   বাস্তৱধৰ্মী কেৰিয়াৰ (Realistic Careers):  এইবোৰ সেই কেৰিয়াৰ য’ত মেচিন, কম্পিউটাৰ নেটৱৰ্ক, নিজৰ ভৌতিক শৰীৰৰ সৈতে কাম কৰাটো জড়িত হৈ থাকে। এই কেৰিয়াৰৰ লোকসকলে…

শুদ্ধি

 ময়ূৰী কাকতি   বৰপুখুৰীৰ একোণৰ বাঁহৰ দলঙৰ আগডোখৰৰ সৰু গাঁঠি ঢুকি পোৱা পানীত দৰিকণা মাছবোৰে তাইৰ ভৰিৰ পতাখন খুটুক খুটুককৈ খুটিয়াই….সেই স্পৰ্শ তাইৰ গোটেই শৰীৰত ৰিমৰিমকৈ বিয়পি যায়৷ চকু দুটা মুদি দিলে তাই ৰূপমক দেখে, দৰিকণাৰ দৰে গোন্ধ এটা তাৰ…

মিলান কুন্দেৰা : স্মৰণ

 ড° প্ৰাঞ্জল বৰা বিগত শতিকাৰ অন্তিম দশকত হঠাৎ যেতিয়া মিলান কুন্দেৰাৰ সৈতে মোৰ পৰিচয় ঘটিছিল, সেই সময়ত মই মোৰ কৈশোৰ অতিক্ৰম কৰাই নাছিলোঁ আৰু সেই সময়ছোৱাত মুখামুখি হোৱা জীৱনৰ কেইটামান ভয়ংকৰ দুৰ্ঘটনাই প্ৰকৃতাৰ্থতেই মোক বিভ্ৰান্ত কৰি তুলিছিল৷ মোৰ শেষ টোপাল  জীৱনীশক্তিক…

ভয়ংকৰ উপস্থিতি

মূল : ফেডেৰিকো গাৰ্থিয়া লৰকা অনুবাদ : নীলমণি ফুকন   পানীয়ে তাৰ গতি হেৰুওৱাটো মই বিচাৰো৷ বতাহে তাৰ উপত্যকাবোৰ হেৰুওৱাটো বিচাৰো৷   ৰাতিয়ে তাৰ চকু হেৰুওৱাটো বিচাৰো অৰু মোৰ হৃদয়ে তাৰ স্বৰ্ণ-পুষ্প;   প্ৰকাণ্ড পাতবোৰৰ লগত ষাঁড়টোৱে কথা কোৱাটো বিচাৰো…

ইতিহাস এষণা : মেচ বিতৰ্ক আৰু অসমৰ প্ৰাচীন জনগোষ্ঠী মেচ কছাৰীসকলৰ সম্পৰ্কে কিছু তথ্য

 ড° ৰক্তিম ৰঞ্জন শইকীয়া   কিছুদিনৰ আগতে শীমন্ত শংকৰদেৱৰ কীৰ্তনত “কাটি মাৰি ম্লেচক কৰিবা বুন্দামাৰ” বুলি উল্লেখ থকাক লৈ, ম্লেচেই “মেচ” বুলি অসমৰ এজন জনগোষ্ঠীয় নেতাই অসমৰ সামাজিক তথা বৌদ্ধিক পৰিৱেশ দূষিত কৰি তোলাৰ কথা সকলোৱে এতিয়াও মনত ৰাখিছে৷ উনবিংশ শতিকাত…

বাণী

চয়নিকা ভূঞা           বেলি লহিয়াবৰ হ’ল  কথাষাৰৰ সত্যতা  তেতিয়াও বিচাৰ নহ’ল  অস্তিত্বহীন কথা-বতৰাতে সকলো ব্যস্ত নঘটিবলগীয়া ঘটনা এটাক লৈ ইমান হামৰাও ইমান অতপালি  কথাবোৰক হানি-খুঁচি নতুন ৰূপ তায়ো মানি লয়  মানিবলৈ বাধ্য হয়  কাৰণ এটাই  সেয়া…

দৃশ্যপট

দিলীপ ফুকন কুঁহিপাত যেন কোমল স্নিগ্ধতামণ্ডিত এটা কবিতাৰ আয়োজন কৰোঁতেই বাহিৰত বৰষুণ পৰিল। উৰুলিৰ বৰষুণ। বাহিৰলৈ চালোঁ নাই, গছে কুঁহিপাত মেলা নাই অৰ্কিডে আয়োজন কৰা নাই প্ৰস্ফুটনৰ কেতেকী চৰায়ে কটা নাই সৰুসূতা, অথচ মানুহবোৰৰ মুখত দেখা পালোঁ  সূৰ্যোদয়ৰ শোভা। যাৰ…

পুনঃপঠিতব্য

ফেডেৰিকো গাৰ্থিয়া লৰকা : তেওঁৰ জীৱন, কবিতা আৰু অনুবাদ সম্পৰ্কে এটি টোকা নীলমণি ফুকন   “সেইদিনা আছিল দেওবাৰ, ঠিক ৰাতি নটা, তেওঁ ওলাই গ’ল আৰু নুঘূৰিল। কিন্তু তেওঁৰ হাতত আছিল ৰামধেনু । আৰু সেই ৰামধেনু হ’ল তেজ৷” এই শতিকাৰ স্পেনীছ…