sdblogs2011

sdblogs2011

ব্যাপ্তি আনন্দৰ–ব্যাপ্তি অনুভৱৰ

 সঞ্জীৱ সভাপণ্ডিত   ট্ৰেভৰ নোৱা (Trevor Noah) নামৰ এজন মঞ্চ কৌতুক শিল্পী (stand up comedian)  আছে৷ তেওঁৰ দেউতাক ছুইজাৰলেণ্ডৰ, মাক আফ্ৰিকাৰ, পঢ়িলে ইংলণ্ডত, থাকে আমেৰিকাত আৰু প্ৰগ্ৰেমটো কৰিছে জাৰ্মানীত৷ কথাৰ লাচতে তেওঁ কৈ দিলে যে আমেৰিকাৰ বৰ্তমান সময়ৰ কোনো এজন ৰাষ্ট্ৰপতিয়ে এটাও…

শৰীৰী সজ্ঞানতা আৰু দঞি পঃল’ নাট সমাৰোহ

নীলোৎপল বৰুৱা মানুহৰ শৰীৰ-সজ্জা আৰু তাৰ বিৱৰ্তনক লৈ সময়ানুগ চৰ্চা চলি আহিছে। তাৰ ভিন্ন বিভাগৰ ভিতৰত ‘উত্তৰ উপনিৱেশিক শৰীৰ–সজ্জা’ৰ চৰ্চা অন্যতম। পাৰিৱেশ্য কলাৰ প্ৰেক্ষাপট আৰু তাৰ দৃষ্টিকোণেৰে কৰা এই চৰ্চা একমাত্ৰ বৈজ্ঞানিকেই নহয়, শৈল্পিকো। বহু দ্ৰষ্টাই ইয়াক লৈ নিৰন্তৰ সম্পৰীক্ষা…

গীতাঞ্জলী ছানৰাইজৰ কাব্যগ্ৰন্থ – “ইনফিনিটি”

 ৰুদ্ৰ সিংহ মটক          “ইনফিনিটি” পঢ়ি আছোঁ এই কেইদিন। হাতে পোৱাকৈ শিতানৰ কাষতে থৈছোঁ এই কবিতা পুথিখন। সাম্প্ৰতিক সময়ত আত্মপ্ৰকাশ কৰা এগৰাকী অখ্যাত অথচ প্ৰচুৰ প্ৰতিশ্ৰুতিসম্পন্ন কবি। তেওঁৰ নাম গীতাঞ্জলী ছানৰাইজ। ঘৰ সৰভোগৰ বৰনগৰত। নতুন কবিৰ কবিতা আমি বিশেষ…

এল ডৰাড’

 অব্যক্ত নিৰ্বাণ ৰাজখোৱা (প্ৰাক্‌কথন : পুৰাকথা অনুসৰি দক্ষিণ আমেৰিকাস্থিত এল ডৰাড’ নামৰ এখন সোণৰ চহৰ আছে৷ অজস্ৰ মানুহ এল দৰাদ’ৰ সন্ধানত অভিযানত নামিছে৷ ময়ো তাৰ মাজৰে এজন৷ নাম মোৰ ছাৰ থমাছ ব্ৰাউন৷ সমগ্ৰ ইংলেণ্ডজুৰি এজন সফল অভিযানকাৰী হিচাপে মোৰ সুনাম৷ মই  ৰাণী…

নিজাৰ পৰা জীৱন

 মানসী গোস্বামী   এজাৰ নিজাৰ পৰে পকি পকি সৰে ডালিম তেজা শালিকা হয় তুলা আহে একেই থাকে পাছবাৰীৰ তাঁতশাল একেই থাকে আগবাৰীৰ ইন্দ্ৰজিত মালতী মাথোঁ সূতা ছিগি আউলী– বাউলী ব তোলোঁতে সৰি পৰে ব-চুঙা কেটেলাৰ কাঁইটে খোঁচে ৰাঁচত বুলোৱা তুলাৰ…

মিনহঁতৰ দেশ ইন্দোচীনত

 তপন কুমাৰ শৰ্মা (৪)   এসময়ত এখন দেশত… ২১ বছৰীয়া যুৱক ভান-বা নামৰ যুৱক আছিল। তেওঁ ছাইগন বন্দৰত থকা ফৰাচী জাহাজ এখনৰ ৰান্ধনিশালৰ লগুৱা হিচাপে খাটিবলৈ আৱেদন কৰিলে। জাহাজখনৰ নাম এডমিৰেল-ডে-লাটউচ-ট্ৰেভিলে। জাহাজখনে ১৯১১ চনৰ ৫ জুনত যাত্ৰা আৰম্ভ কৰিলে, এমাহৰ…

নামঘৰ আৰু অসমীয়া

      অসমীয়া জাতীয় জীৱনৰ পিতৃপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে যি সময়ত একশৰণ নামধৰ্মক অৱলম্বন কৰি অসমীয়া জাতিসত্ত্বাৰ বৰভেঁটি বান্ধিব খুজিছিল সেই সময়ৰ অসমীয়া সমাজখন কেনে আছিল অনুমান কৰিব পাৰি৷ সেই সময়ৰ অসমীয়া সমাজখনত শিক্ষিত লোকৰ সংখ্যা আছিল আঙুলিৰ মূৰত লেখিব পৰা৷…

একুৱেৰিয়ামৰ মাছ

 ড° স্মৃতিমালা শৰ্মা     “হেপ্পি ফ্ৰেণ্ডশ্বিপ ডে ৷”  “মইতো তোমাৰ ফ্ৰেণ্ড নহয়। আমি কালিহে চিনাকি হৈছোঁ। মোক কিয় উইছ কৰিছা?”  আৰণ্যকৰ উত্তৰত থতমত খালে সুগন্ধিয়ে। ভদ্ৰতা বুলি কোনো কথাই নাই। এনেকুৱা অদ্ভুত মানুহো থাকেনে? বন্ধু হ’বলৈ কোনে কৈছে? শুভেচ্ছা…

বিমূৰ্ত মোৰ নিশাটি যেন…

অসীম তালুকদাৰ  কিছুমান বস্তুৰ কথা সহজে পাহৰিব নোৱাৰি৷ যেনে জীৱনৰ প্ৰথম ফোনটো৷ মই প্ৰথম ম’বাইল ফোন খুব সম্ভৱ ২০০১ বা ২০০২ চনত লৈছিলোঁ৷ সেই সময়ত মই ইঞ্জিনিয়াৰিং কলেজৰ অন্তিম বৰ্ষৰ ছাত্ৰ আছিলোঁ৷ সেই ন’কিয়া ফোনটো প্ৰথমবাৰ হাতত লৈ যিমান স্ফূৰ্তি…

অৰণ্যাৰ্ত

 ববিতা কলিতা   খবৰ পাইছেনে? মই হেনো মৰিছোঁ!  মোৰ মৃত্যুৰ সংবাদ মই নিজেই পঢ়িছোঁ৷ মৰিবৰ কাল জানো মোৰ হৈছিল? অকাল মৃত্যুৰ কথা দেখোন মোৰ সোঁৱৰণিতো লিখা নাছিল৷ তথাপি মই মৰি থাকিলোঁ৷ মোৰ অপূৰ্ণ আশাৰ অস্থিবোৰ সামৰি-সুতৰি মাটিৰ টেকেলি এটাত সুমুৱাই…