sdblogs2011

sdblogs2011

কবিতাৰ শাও লাগি নাৰীবোৰ নষ্ট হ’ল

পুলেন ৰাজ ডেকা উৰু উলিয়াই বহি থকা নাৰীবোৰ একোটা কবিতা ৷ কবিতা পুৰুষবোৰো এনেকি কাগজ কলম চিঞাহী দোৱাতবোৰো কবিতা নোকোৱা কথাবোৰ অদেখা অজানা মুখবোৰ ধোঁৱাই নুঠা জুইকুৰা কবিতা ভৰি নহা খালৈৰ ভৰুণ শূন্যতাখিনিও পাৰৰ পাখিত  ধপধপাই থকা মাতটো জিকা ফুলা…

কলি যুগৰ গান

কেশৱ চাউ   অলপ আগতে তিনিজন মানুহ মোৰ ভাড়াঘৰৰ কাষেদি যোৱা দেখিছিলোঁ মুখত মৌনতা হাতত সময়ৰ নিচা-নগ্নতা কপালত ৰঙা বেলিৰ ছাঁ   তেওঁলোক বাৰু ক‘লৈ গ‘ল ইয়াত এতিয়া এজাক বৰষুণ মেঘৰ গৰ্জন…   ভাবি আছোঁ তিতিম নে বৰষুণত নাভাবি কি…

এতেকে তেওঁ মোৰ

নীলাভ সৌৰভ   এদিন এজন সাধুবাবাই বাটতে   মোৰ দেউতাক লগ পাই ক’লে— তোমাক মই এপদ সামগ্ৰী দিম তুমি তিনিমাহ তাক কঢ়িয়াই লৈ ফুৰিব লাগিব যদিহে তুমি এই পৰীক্ষাত সফল হোৱাঁ  তেন্তে তুমি সম্পূৰ্ণ নিজৰ সম্পদ এবিধ লাভ কৰিবা নিজৰ ধৰণে…

জলসংকট আৰু আমাৰ পৃথিৱী

পঙ্কজ বৰুৱা  আমি সৰুতে পঢ়িবলৈ পাইছিলোঁ যে পৃথিৱীৰ চাৰিভাগৰ তিনিভাগেই পানীয়ে আগুৰি আছে৷ আমাৰ মনলৈ এই চিন্তা আহে পৃথিৱীত ইমান বেছিকৈ পানী থকাৰ পাছতো পৃথিৱীত জলসংকটে দেখা দিব পাৰেনে? এই কথা বিশ্বাস কৰিবলৈ টান লাগে, যদিও পৃথিৱীৰ ৭১% ভাগ পানী…

শিল্পকলা

শিল্পকলা শিতানত এইবাৰ আগ বঢ়াইছোঁ “অনুপ কুমাৰ শৰ্মাৰ শিল্পকৰ্ম : ব্যক্তিগত বিন্যাসৰ পৰা সামূহিক সংযুতিলৈ”  শীৰ্ষক প্ৰবন্ধৰে সম্পৰ্কিত শিল্পকৰ্মৰ ছবি

অসম আৰু বিদ্যালয়-শিক্ষা : কিছু ব্যক্তিগত অনুভৱ

 পঙ্কজ প্ৰতিম বৰদলৈ সমগ্ৰ বিশ্বৰ ভিতৰতে ফিনলেণ্ডৰ শিক্ষাব্যৱস্থাক এক প্ৰকাৰে সমীহৰ চকুৰে চোৱা হয়৷ ফিনলেণ্ডত শিক্ষাব্যৱস্থাই উৎকৃষ্টতাতকৈও সমতাৰ ওপৰত গুৰুত্ব দিয়ে৷ তাত এক সামগ্ৰিক পাঠদানৰ কাৰ্যসূচী ৰূপায়ণ কৰি শিক্ষণ পৰিৱেশ গঢ় দিয়া হয়৷ আন বহু কাৰণৰ ভিতৰত ফিনলেণ্ডক সৰ্বশ্ৰেষ্ঠ আখ্যা…

প্ৰাৰ্থনা

 নীলোৎপল বৰুৱা   পাত্ৰাছ মুণ্ডা পাপী নহয়। আনমনা। অন্যমনস্ক। তাকো মাত্ৰ প্ৰাৰ্থনাৰ সময়তহে। বাকী-তেওঁ চিকাৰী ঢোৰাসাপ এটাৰ দৰেই প্ৰখৰ আৰু দ্ৰুত। কপাল,  বাহু আৰু তাৰ পাছত নাভীত চুই কাল্পনিক যোগ চিন এডাল আঁকি মুখৰে ‘পিতা পুত্ৰ আৰু পৰমাত্মাৰ নামত’ বুলি…

মিণ্টুল হাজৰিকাৰ হালধিহাট

 ফাৰহান জাৱেদ   কবিতাক কোনোৱে বৌদ্ধিক কছৰৎৰ সংক্ষিপ্তি বুলি কয় আৰু কোনোৱে সৰ্বসাধাৰণৰ হৃদয়ৰ আকূতি বুলিও ক’ব খোজে৷ আমাৰ বাবে কবিতা কেৱল সাময়িক বিলাস নহয়, আমাৰ বাবে কবিতা জীৱন-চৰ্যা৷ আনহাতে কবিতা-পঠনক আমি বুদ্ধিদীপ্ত চিন্তাৰ পৰ্যায়লৈয়ো নিব পৰা নাই৷ অৱশ্যে কবিতা…

হেৰাই যোৱা মন্দিৰৰ যাদু

 মূল:  সুধা মূৰ্তি অনুবাদ:  স্ৰোতস্বিনী তামুলী   নুনি এজনী বাৰ বছৰীয়া ছোৱালী। তাই দৌৰি-ঢাপৰি, গছত উঠি বৰ ভাল পায়। তাই খায়ো ভাল পায়। কিন্তু ৰন্ধা-বঢ়াতহে অলপো চখ নাই। আনকি তাই টিভি চায়ো খুব বেছি ভাল নাপায়। অৱশ্যে তাই কেতিয়াবা চোটা ভীম…